উজান বজাৰ কেৱল এখন ঠাই নহয়; ই গুৱাহাটী মহানগৰীৰ হৃদস্পন্দন, এক জীৱন্ত ঐতিহ্য। কামৰূপ অঞ্চলৰ আটাইতকৈ পুৰণি বসতিসমূহৰ ভিতৰত অন্যতম এই উজান বজাৰ। শতিকাৰ পৰা শতিকালৈ এই অঞ্চলটো বাণিজ্য, সংস্কৃতি, ধৰ্ম আৰু নাগৰিক জীৱনৰ মিলনস্থলী হৈ আহিছে। কামৰূপ অঞ্চলৰ আটাইতকৈ পুৰণি বসতিসমূহৰ ভিতৰত অন্যতম এই অঞ্চলখন প্ৰাচীনকালৰ বানিজ্য ঘাট, ধৰ্মীয় কেন্দ্ৰ, আৰু পৰবর্তীকালত গুৱাহাটীৰ ৰাজনৈতিক-নাগৰিক জীৱনৰ প্ৰাণকেন্দ্ৰ হিচাপে বিকশিত হৈছে।
প্ৰাচীন কালত ‘প্ৰাগজ্যোতিষপুৰ’ নামেৰে পৰিচিত গুৱাহাটী কামৰূপ ৰাজ্যৰ সময়ত এক গুৰুত্বপূৰ্ণ বানিজ্য-কেন্দ্ৰ আছিল। ব্ৰহ্মপুত্ৰ নদী পথৰ লগত সংযোগ থকা উজন বজাৰ তেতিয়া হৈ পৰিছিল জলপথ বাণিজ্যৰ মুখ্য স্থলী। আহোম যুগত, বিশেষকৈ ১৭শ শতিকাত, উমানন্দ দেৱালয় গঠনৰ লগে লগে এই অঞ্চল ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱত বিকাশ লাভ কৰে এই অঞ্চলটোৱে।
উমানন্দ দেৱালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী প্লেনেটেৰিয়াম, আৰু লতাশিল খেলপথাৰৰ দৰে প্ৰতিষ্ঠানসমূহে এই অঞ্চলক সাংস্কৃতিক আৰু বৌদ্ধিক অভিজ্ঞানত উজ্বল কৰি ৰাখিছে। এতিয়া বহু প্ৰজন্মৰ পুৰণি অসম টাইপ ঘৰ, মাছ বজাৰ, আৰু নীলকণ্ঠ চাহ ষ্টলৰ দৰে জনপ্ৰিয় স্থানসমূহ উজান বজাৰৰ সজীৱতাৰ প্ৰমাণ বহন কৰি আছে।
উজান বজাৰৰ বিশেষত্ব হ’ল দ্রুত নগৰায়ণৰ মাজতো ই নিজৰ মূল গুণ আৰু পৰিচয় অটুট ৰাখি আহিছে। বিশেষকৈ উজন বজাৰৰ মাছ বজাৰ, যি গুৱাহাটীৰ আটাইতকৈ পুৰণি বজাৰসমূহৰ অন্যতম আজিও প্ৰভাতৰ সময়ত এক সজীৱ প্ৰতিচ্ছবি, য’ত ব্ৰহ্মপুত্ৰৰ তাজা মাছৰে অসমীয়া খাদ্যসংস্কৃতিৰ গৌৰৱ ৰক্ষা হৈছে। আকৌ উজান বজাৰৰ অলিগলিত পুৰণি অসম টাইপ ঘৰৰ স্থাপত্য আজিও দেখিবলৈ পোৱা যায়। ঔপনিৱেশিক যুগৰ বেলকনি থকা কাঠৰ ঘৰসমূহ আৰু আধুনিক ফ্লেটৰ একে সৈতে সহবস্থান, অঞ্চলটোক এক অদ্বিতীয় গৰাকী পৰিচয় দিয়ে। বহু পৰিয়ালে পুৰণি ধাৰা অক্ষুণ্ণ ৰাখি আজিও ইয়াত বাস কৰি আছে।
আমবাৰী, খাৰগুলি, চেনিকুঠী, আৰু দীঘলীপুখুৰী সৈতে উজান বজাৰে এক সাংস্কৃতিক অবিচ্ছেদ্য পৰিসৰ গঢ়ি তোলে। দীঘলীপুখুৰীয়ে ইয়াৰ আইকনিক পেডেল নাও যাত্ৰাৰ সৈতে শান্তি প্ৰদান কৰে আনহাতে আমবাৰীয়ে প্ৰত্নতাত্ত্বিক গভীৰতা আৰু নাগৰিক গতিশীলতা যোগদান কৰে। পাহাৰৰ শিখৰত থকা মনোমোহা ঘৰবোৰৰ সৈতে খাৰগুলীয়ে ব্ৰহ্মপুত্ৰৰ উশাহ লোৱাৰ দৰে দৃশ্য উপলব্ধ কৰে আৰু সাহিত্যিক আৰু বৌদ্ধিক উত্তৰাধিকাৰেৰে সমৃদ্ধ চেনিকুঠীত প্ৰয়াত মামনি ৰাইছম গোস্বামীৰ পিতৃ-মাতৃৰ ঘৰ। জুবিন গাৰ্গ আৰু দ্বীপেন বৰুৱাৰ দৰে সাংস্কৃতিক ব্যক্তিও ইয়াত বসবাস কৰি অঞ্চলটোৰ প্ৰাধান্য আৰু অধিক বৃদ্ধি কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান (ভিকেআইচি), ৰাজ্যপাল গৃহ, হেণ্ডিক বালিকা মহাবিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানসমূহে এক শৈক্ষিক, সামাজিক ক্ষেত্ৰত পৰিসৰৰ অন্তৰ্ভুক্ত হৈছে।
কিন্তু এই ঐতিহ্য এতিয়া সংকটত। দ্ৰুত নগৰায়নৰ ফলত পথ-বিতৰণৰ সমস্যা, বানিজ্যিকীকৰণ আৰু অপৰিকল্পিত পৰিকল্পনাই অঞ্চলখনৰ ঐতিহাসিক গৰিমা ক্ৰমান্বয়ে ক্ষয় কৰি আহিছে। বহু পুৰণি ঘৰ আজিও আনুষ্ঠানিকভাৱে সংৰক্ষিত ঐতিহ্যৰ স্বীকৃতি নোপোৱাকৈ ভঙাৰ আশংকাৰ সন্মুখীন। ইয়াৰ লগে লগে, ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু পৰিবেশগত ক্ষয় তীব্ৰ হ’ব ধৰিছে।
এই পৰিস্থিতিৰ প্ৰতি চৰকাৰ, নাগৰিক, আৰু পৌৰ সংস্থাৰ একেলগীয়া দায়িত্ববোধৰ প্ৰয়োজন। চৰকাৰে নীতিগতভাৱে ঐতিহাসিক অঞ্চলসমূহক সংৰক্ষণৰ আওতাত আনি নৱ নির্মাণৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰয়োগ কৰিব লাগিব। নাগৰিকে স্থানীয় পৰিৱেশ, ঘাট, আৰু পুৰণি ঘৰসমূহৰ সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব।
উজান বজাৰ গুৱাহাটী মহানগৰীৰ এটি জীৱন্ত পৰিচয় — এনে পৰিচয় যি অতীতৰ ঐতিহ্য আৰু বৰ্তমানৰ গতি দুয়োকে একেলগে বহন কৰে। এই স্থানৰ সংৰক্ষণ মানেই হ’ল গুৱাহাটীৰ আত্মাৰ সংৰক্ষণ। উন্নয়নৰ নামত এনে এক ঐতিহাসিক অঞ্চলক বিস্মৃত কৰাটো এক অপূৰণীয় ক্ষতি হ’ব।






