HIV বিশ্বৰ জনস্বাস্থ্যৰ এক ডাঙৰ সমস্যা হৈয়েই আছে, ইয়াৰ ফলত আজিলৈকে প্ৰায় ৪ কোটি ২৩ লাখ লোকৰ মৃত্যু হৈছে। হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ (HIV) হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰা ভাইৰাছ। সংক্ৰমণৰ আটাইতকৈ উন্নত পৰ্যায়ত এক্ৱাইৰড ইমিউন’ডেফিচিয়েন্সি চিনড্ৰম দেখা দিয়ে। এইচ আই ভিয়ে শৰীৰৰ শ্বেত ৰক্তকণিকাক লক্ষ্য কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলায়। ইয়াৰ ফলত যক্ষ্মা, সংক্ৰমণ আৰু কিছুমান কৰ্কট ৰোগৰ দৰে ৰোগত আক্ৰান্ত হোৱাটো সহজ হৈ পৰে। HIV সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পে।
বিশ্বজুৰি সকলো দেশতে সংক্ৰমণ চলি আছে। দেশৰ লগতে ৰাজ্যতো ভয়াৱহভাবে বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা। অসমত HIV সংক্ৰমণৰ গতি যি ভাৱে ঊর্ধ্বমুখী হৈছে, সেয়া জনস্বাস্থ্য ক্ষেত্ৰত এক ডাঙৰ বিপদৰ সংকেত।আনহাতে আক্রান্ত ৰোগীৰ ভিতৰত সম্ভ্রান্ত পৰিয়ালৰ সন্তানৰ ভিৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে। লক্ষণীয়ভাৱে ছিৰিঞ্জেৰে ড্ৰাগছৰ অবাধ সেৱন কৰাৰ ফলত দ্রুতগতিত এইচ আই ভিত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি কৰাৰ তথ্যও পোহৰলৈ আহিছে। আনহাতে আক্ৰান্তৰ তালিকাত শীর্ষস্থানত মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাই স্থান লাভ কৰাৰ পাছত জিলা প্রশাসন উদ্বিগ্ন হৈ পৰিছে। আক্ৰান্তৰ অধিকাংশই যুৱ প্ৰজন্মৰ হোৱাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্ক আৰু ছিৰিঞ্জেৰে ড্ৰাগছ সেৱন কৰাৰ ফলত এই ৰোগৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ পৰিষদে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি অসমত ২০২০-২১ বর্ষত মুঠ ১২৮৮ গৰাকী লোক নতুনকৈ এইচ আই ভিত আক্রান্ত হয়। আনহাতে ২০২১-২২ বৰ্ষত ৰাজ্যত ২৩৩৬ গৰাকী লোক নতুনকৈ এই ভয়াৱহ ৰোগত আক্রান্ত হয়। একেদৰে ২০২২-২৩ বৰ্ষত আক্রান্ত হয় ৪০১৮ গৰাকী লোক। আনহাতে ২০২৩-২৪ বর্ষত নতুনকৈ ৭২৭৪ গৰাকী লোক এইচ আই ভিত আক্রান্ত হয়।২০২৪ বৰ্ষৰ অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত কয় যে ২০০২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৮৯,৮৪,৫১৯ টা পৰীক্ষাৰ ভিতৰত ৰাজ্যত ৩১,৭২৯ টা এইচ আই ভি এইডছ ৰোগী ধৰা পৰিছিল। লগতে কয় যে বিগত দুটা দশকত অসমত মূলতঃ “ড্ৰাগছ বেজী”ৰ বাবে আক্ৰান্তৰ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ অন্যান্য প্ৰান্তৰ পৰা অসমলৈ প্ৰব্ৰজন এই আতংকজনক বৃদ্ধিৰ আঁৰৰ আন এক কাৰণ। ইফালে ২০২৪-২৫ বর্ষত (মার্চ মাহলৈকে) ৰাজ্যত ৬৭৫৮ গৰাকী লোক এইচ আই ভিত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্রণিধানযোগ্য যে জিলা ভিত্তিত HIV ত আক্রান্ত লোকৰ তালিকাত শীর্ষস্থান লাভ কৰিছে নগাঁও জিলাই। জিলাখনত সম্প্রতি এই ৰোগত আক্রান্ত লোকৰ সংখ্যা ৪৬১৫ গৰাকী। দ্বিতীয় স্থানত থকা কামৰূপ মহানগৰ জিলাত ৩৯৯৮ গৰাকী আক্রান্ত লোক আছে। তালিকাত তৃতীয় স্থান লাভকৰা কাছাৰ জিলাত আছে ৩৬৩৭ গৰাকী আক্রান্ত লোক। লক্ষণীয়ভাৱে কৰিমগঞ্জ জিলাত ২৫৯৪ গৰাকী, কামৰূপ জিলাত ১৭৭৫ গৰাকী, শোণিতপুৰ জিলাত ১১৩৪ গৰাকী ভয়াৱহ HIV ত আক্রান্ত লোক আছে। প্রণিধানযোগ্য যে ২০২৪-২৫ বর্ষত মার্চ মাহ পর্যন্ত আক্রান্ত লোকসকলৰ ভিতৰত ৬৪.৪ শতাংশ আক্রান্তই ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত আক্রান্ত হোৱাটো নিশ্চিত হৈছে। কিন্তু ২০২০-২১ বর্ষত এই প্রক্রিয়াৰে সংক্ৰমণৰ হাৰ আছিল মাত্র ৮.৫ শতাংশ।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ অৱস্থান আৰু উচ্চ প্ৰাদুৰ্ভাৱৰ ৰাজ্যসমূহৰ ওচৰত থকাৰ বাবে HIV সংক্ৰমণৰ বাবে দুৰ্বল কৰি তুলিছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ বৃহৎ ব্যক্তিগত স্বাস্থ্য খণ্ড, যিয়ে অঞ্চলটোৰ প্ৰতি লক্ষ্য ৰাখি, আৰু যুৱক-যুৱতী আৰু প্ৰব্ৰজিত শ্ৰমিকৰ চলাচলে বিপদ বৃদ্ধিত অৰিহণা যোগাব পাৰে। লক্ষণীয় যে ড্রাগছ আসক্তই একেটা ছিৰিঞ্জেৰেই কেইবাজনেও ড্রাগছ গ্ৰহণ কৰাৰ ফলত এই ৰোগ বিয়পে। আনহাতে ২০২০-২১ বৰ্ষত এই ৰোগত আক্রান্ত লোকসকলৰ ভিতৰত ৭৭.৩ শতাংশ আছিল যৌনকর্মী। অসুৰক্ষিত যৌন সম্পৰ্ক কৰাৰ ফলত তেওঁলোক এই ভয়াৱহ ৰোগৰ চিকাৰ হৈছিল। কিন্তু সজাগতা সৃষ্টিৰ ফলত ক্ৰমাৎ এই ধৰণে সংক্ৰমণৰ হাৰ হ্রাস পাই ২০২৪-২৫ বর্ষত ২৫.৫ শতাংশ হয়। ইফালে ৰাজ্যৰ কাৰাগাৰসমূহতো এই ৰোগত আক্রান্ত ৰোগী থকাত সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। এইডছ নিয়ন্ত্ৰণ পৰিষদে চলোৱা সমীক্ষাত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৩১ খন কাৰাগাৰৰ লগতে এটা ডিটেনশ্যন কেম্পত সম্প্রতি ১৩১ জন এইচ আই ভিত আক্রান্ত লোক থকাৰ তথ্য পোহৰলৈ আহিছে। এই লোকসকলক কাৰাগাৰতে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে।
এইচ আই ভি প্ৰতিৰোধ আৰু এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) দ্বাৰা চিকিৎসা কৰিব পাৰি। মানুহৰ মাজত সজাগতা সৃষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ। চিন্তনীয় বিষয়টো হ’ল এই পৰ্যন্ত HIV সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা ঔষধ চিকিৎসা বিজ্ঞানে আবিস্কাৰ কৰিব পৰা নাই৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ হলে সজাগতাই হৈছে একমাত্ৰ উপায়৷