Skip to content

সামাজিক মাধ্যমৰ “ডাষ্টিং” ট্ৰেণ্ড , এক মৃত্যুৰ খেল !

Janagana Desk
June 17, 20259 second read
Dusting Stand

প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সামাজিক মাধ্যম এতিয়া কেবল আশীৰ্বাদৰ বাবেই নহয়, এক অভিশাপৰ ৰূপততো পৰিগণিত হ’ব ধৰিছে। চমকপ্ৰদ ভিডিঅ’, ভাইৰেল চেলেঞ্জ আৰু ‘ট্ৰেণ্ড’ৰ নামত বহু কিশোৰ-কিশোৰীয়ে নিজৰ জীৱন লৈ খেলিবলৈ আৰম্ভ কৰিছে। ইয়াৰেই এখন ভয়ংকৰ উদাহৰণ হৈছে আমেৰিকাৰ ১৯ বছৰীয়া ৰেনা অ’ৰ’ৰ্কৰ অকাল মৃত্যু – সোচিয়েল মিডিয়াত ভাইৰেল “ডাষ্টিং” নামৰ চেলেঞ্জত অংশগ্ৰহণ কৰি।

ডাষ্টিং/হাফিং ধাৰা হৈছে সোচিয়েল মিডিয়াৰ এখন অতি বিপজ্জনক ধাৰা। দ্ৰুত গতিত  প্ৰচলিত হোৱা ধাৰা (trend) ৰ কেন্দ্ৰস্থলত আছে ঘৰুৱা ৰাসায়নিক পদাৰ্থ — বিশেষকৈ এৰ’ছল টাইপ ক্লিনাৰ বা স্প্ৰে। এই ধাৰাৰ মূল উদ্দেশ্য: চমুকৈ “high” অনুভৱ কৰা আৰু সেই অনুভূতিক ভিডিঅ’ বা ৰিঙলৰূপে অনলাইনত আপলোড কৰি ভাইৰেল হোৱাটো।“ডাষ্টিং”, যাক “হাফিং” বা “ক্ৰ’মিং” বুলিও কোৱা হয়, এটা মাৰাত্মক ধাৰা য’ত সাধাৰণ চাফাই স্প্রে (যেনে এৰ’চল টাইপ কিবৰ্ড ক্লিনাৰ) উশাহ লৈ চমুকৈ আনন্দ বা “high” অনুভৱ কৰা হয়। এই ধৰণৰ পদাৰ্থত থকা ৰাসায়নিক, বিশেষকৈ butane, propane, বা difluoroethane, শৰীৰত প্ৰবেশ কৰিলে মগজুতে কিছু সময়লৈ উত্তেজনা অনুভৱ কৰে। কিন্তু এই অনুভৱ ক্ষণস্থায়ী আৰু বিপজ্জনক — ইয়াৰ ফলত হৃদযন্ত্ৰ বিকল, মগজুৰ কোষৰ ক্ষয়, আৰু অচেতন অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

“Dusting” শব্দটো আহিছে “dust remover” বা এৰ’ছল টাইপ কিবৰ্ড ক্লিনাৰৰ পৰা, যি সাধাৰণতে ইলেকট্ৰনিক চাফাইৰ বাবে ব্যৱহাৰ কৰা হয়।“Huffing” বা “Chroming” শব্দেও একে কাৰ্য্যক বোলে — য’ত ৰাসায়নিকযুক্ত ধোঁৱা বা স্প্ৰে ইচ্ছাকৃতভাৱে উশাহ লৈ উত্তেজনাৰ অনুভূতি লাভ কৰা হয়। এই চাফাই স্প্ৰে’বোৰ গন্ধহীন, সহজে উপলব্ধ আৰু দ্ৰাগ টেষ্টত দেখা নাযায়। ফলত, কিশোৰ-কিশোৰীয়ে ইয়াক গোপনে ব্যৱহাৰ কৰিবলৈ উৎসাহিত হয়।

আন্তর্জাতিক পৰিসংখ্যা (উল্লেখযোগ্য) SAMHSA (Substance Abuse and Mental Health Services Administration)-ৰ মতে, ২০১৫-২০২২ সময়ছোৱাত হাফিংৰ ক্ষেত্ৰত সামান্য হ্ৰাস দেখা গৈছে, কিন্তু সোচিয়েল মিডিয়া ভিত্তিক কেছ অগণনভাৱে বৃদ্ধি পাইছে। ২০২৪ চনত ব্রিটেইনত ১১ বছৰীয়া কিশোৰ এজনৰ মৃত্যু ঘটিছিল TikTok ৰ ভাইৰেল “ডাষ্টিং” চেলেঞ্জ অনুসৰণ কৰি।

ডাষ্টিং/হাফিং এটা খেলা নহয় — ই আত্মহননলৈ লৈ যোৱাৰ এক সহজ পথ। সামাজিক মাধ্যমৰ চকচকীয়া প্ৰলোভন আৰু ভাইৰেল হোৱাৰ হেঁপাহত বহু উদীয়মান জীৱন অকালতে নিঃশেষ হৈ গৈছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top