আমাক উন্নয়নৰ প্ৰয়োজন ঠিকেই, কিন্তু পৰিৱেশ ধ্বংস কৰি নহয় !
ক্ৰমান্বয়ে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা গুৰুতৰ হৈ পৰিছে। একপ্ৰকাৰ মানৱ জাতি প্রত্যাহ্বানৰ সন্মুখীন হৈছে। মানৱসৃষ্ট কাৰকৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে। মানৱসৃষ্ট কেইবাটাও কাৰণৰ ভিতৰত অন্যতম বনাঞ্চল ধ্বংস। অর্থাৎ গছ কটা। জধে-মধে গছ কটা, উন্নয়নৰ নামত গছ কটা কার্যই প্রকৃতি-পৰিৱেশৰ ভাৰসাম্যত প্রচণ্ড আঘাত হানিছে । পৃথিৱীৰ দুখ বুজি নোপোৱা শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা বিষয়াৰ পৰিকল্পনাবোৰৰ সিদ্ধান্তৰ ফল এইয়া।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উন্নয়নমূলক প্ৰকল্পৰ নামত ধ্বংস কৰা হৈছে পৰিৱেশৰ মুলধাৰা — গছ। পথ নিৰ্মাণ, উৰণ সেতু, জলাশয় উন্নয়ন আদিৰ নামত শতকৰা গৰকা গছৰ সৈতে বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ গছ কাটি পেলোৱাৰ ঘটনা ৰাজ্যৰ বহু স্থানত প্ৰত্যক্ষ হৈছে । এনে ধৰণৰ ঘটনাৰ পূৰ্ণ প্ৰতিবাদ নকৰিলে ভৱিষ্যত ধ্বংসৰ গৰাহত সোমাই পৰিব । বিশেষকৈ শতবৰ্ষ গৰকা, বট, অশ্বত্থ, আৰু সেগুনৰ দৰে দীৰ্ঘজীৱী আৰু পৰিৱেশগত দৃষ্টিৰে অতি গুৰুত্বপূর্ণ গছবোৰ বিনাশ কৰা হৈছে যাৰ ফলত স্থানীয় পৰিৱেশত উল্লেখযোগ্য প্ৰভাৱ পৰিছে। এই ধৰণৰ গছ কটাৰ ফলত কেৱল মাত্ৰ অক্সিজেন উৎপাদনেই হ্ৰাস নহয়, উষ্ণতা বৃদ্ধি, মাটিৰ ক্ষয়, আৰু প্ৰাণী-বৈচিত্ৰ্যৰ হ্ৰাসো প্ৰত্যক্ষভাৱে সম্পৃক্ত।
পদ্মশ্ৰী যাদৱ পায়েঙে কৈছিল ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সঠিক সময়ত গছ-গছনি ৰোপণ কৰা নাই, অদৰকাৰী সময়ত গছ-গছনি ৰোপণ কৰি ধন পইচা অপচয় কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে। তেওঁ লগতে ৰাইজক অনুৰোধ জনায় যেন কোনেও গছ নাকাটে। লগতে তেওঁ কৈছিল অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল নাকাটিলে হ’ল। কাৰণ গছ-গছনি নিজে নিজেই হয়।
উন্নয়নৰ নামত গছ কটা কার্যক লৈ বিভিন্ন সময়ত বিশ্বৰ প্রান্তে প্রান্তে তীব্র প্রতিবাদৰ অনেক উদাহৰণ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ নামত চৰকাৰী পক্ষই পুৰণি গছ কটাক লৈ প্রতিবাদ হৈছে আৰু প্রকৃতিপ্ৰেমীৰ প্ৰতিবাদত শাসক পক্ষই তেনে গর্হিত কাম বন্ধ কৰিবলৈ বাধ্য হৈছে। তাৰ মাজতো বৈধ আৰু অবৈধ ৰূপত গছ কটা প্রক্রিয়া চলিয়েই আছে। ব্যক্তিগত খণ্ডৰ স্বাৰ্থত শাসক পক্ষই কেতিয়াবা সংৰক্ষিত বনাঞ্চলত গছ কাটিবলৈ অনুমতি দিয়াও দেখা যায়। সচেতন পৰিৱেশকৰ্মীৰ প্রতিবাদক আওকাণ কৰি শাসক পক্ষই গছ কাটিবলৈ অনুমতি দিয়ে।
গ্ল’বেল ফৰেষ্ট ৱাচৰ এক প্রতিবেদনে ভাৰতত ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চলৰ ক্ষতিৰ হাৰ বৃদ্ধি পোৱাৰ ওপৰত আলোকপাত কৰিছে, য’ত অসমত সর্বাধিক ৩২৪, ০০০ হেক্টৰ সেউজীয়া আৱৰণৰ ক্ষতি হৈছে, যিটোৱে ৰাষ্ট্ৰীয় গড় ৬৬, ৬০০ হেক্টৰ অতিক্রম কৰিছে। কেবল ২০২৩-২০২৪ চনত অসমে প্রায় ১৬, ৯০০-১৮, ৯০০ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল। আনহাতে কামৰূপ মহানগৰত ২০২৪ চনত ১০৪ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল। অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে বিগত চাৰি বছৰত প্ৰায় ৯৪ হাজাৰ গছ কাটিবলগীয়া হৈছিল। সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত এই উদ্দেশ্যে বিগত চাৰি বছৰত ৪.২০ লাখ গছ কটাৰ সাক্ষী হৈছিল।
ব্যক্তিগত খণ্ডৰ স্বাৰ্থত শাসক পক্ষই কেতিয়াবা সংৰক্ষিত বনাঞ্চলত গছ কাটিবলৈ অনুমতি দিয়াও দেখা যায়। সচেতন পৰিৱেশকৰ্মীৰ প্রতিবাদক আওকাণ কৰি শাসক পক্ষই গছ কাটিবলৈ অনুমতি দিয়ে। তেনে পৰিপ্ৰেক্ষিতত শাসক পক্ষ কিম্বা পুঁজিপতিৰ কাৰ্যৰ বিৰুদ্ধে প্রতিবাদীয়ে আইনৰ আশ্রয় লয়।
গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ জটিল সমস্যাৰ প্ৰেক্ষাপটত গছ কটা বিষয়টো পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। বিশেষকৈ উন্নয়নৰ নামত চৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা গছ কটা কাৰ্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া, প্ৰতিবাদ আৰু আইনী প্ৰক্রিয়া তীব্ৰ ৰূপ লৈছে কিন্তু সমস্যাৰ সমাধান উলিয়াব পাৰিছে জানো ? উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন অঞ্চলত উন্নয়নমূলক পৰিয়ালৰ আৱৰণত গছ কাটাৰ বিৰুদ্ধে স্থানীয় ৰাইজ, পৰিৱেশপ্ৰেমী আৰু নাগৰিক সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ভাৰততো এনে বহু উদাহৰণ আছে য’ত জনচাপৰ প্ৰতি সঁহাৰি জনাই শাসক পক্ষই গছ কটা কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে। তথাপিও, অনেক ক্ষেত্ৰত গোপনে বা আইনী অনুমতিৰ আৱৰণত সংৰক্ষিত বনাঞ্চলতো গছ কটা চলি থাকিবলৈ দেখা যায়।
শেহতীয়া দীঘলীপুখুৰীৰ পাৰ গুৱাহাটী নগৰৰ হৃদয়স্থলত অৱস্থিত , বহু পুৰণি বটবৃক্ষ আৰু ছাঁয়াযুক্ত গছৰে শোভিত কিন্তু সেই গছবোৰ হাজাৰ প্ৰতিবাদৰ পিছতো নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কাটি পেলোৱা হল। কিন্তু মুখ্যমন্ত্ৰীৰ ভাষাত সেইয়া “গছ স্থানান্তৰ” হে। আমবাৰীৰ ৰবীন্দ্ৰ ভৱন আৰু টেক্সটাইল ইনষ্টিটিউটৰ সন্মুখৰ গছবোৰো গুৱাহাটী মহানগৰৰ পৰিৱেশগত আৰু নান্দনিক ঐতিহ্যৰ অমুল্য অংশ। এই গছসমূহ কাটি পেলোৱা হয় “স্থানান্তৰ”ৰ অজুহাতত। যিটো বাস্তৱত প্ৰকৃত স্থানান্তৰ নহয় কাৰণ এজোপা পূৰঠ গছ আধাতে ডাল-পাত নোহোৱাকৈ কাটি দিলে, নতুনকৈ পোখা মেলাৰ পৰিৱৰ্তে মৰি যোৱাৰ আশংকা অধিক থাকে বুলিও উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে। তেনেস্থলত আধাতে ডাল-পাত কাটি পেলোৱাৰ পাছত স্থানান্তৰ কৰিলে মৰি যোৱাৰ আশংকাই অধিক বুলিয়েই সচেতন উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে । তেনেই সচেতন উদ্ভিদ বিজ্ঞানীসকলে স্পষ্টকৈ দাবী কৰিছে যে এনে অপবৈজ্ঞানিক ভাৱে গছ স্থানান্তৰ কৰিলে সিহঁতৰ জীয়াই থকাৰ সম্ভাৱনা একেবাৰে কম।
আনহাতে ডেৰাডুনস্থিত বন গৱেষণা প্ৰতিষ্ঠানে দাখিল কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰ ১০ শতাংশতকৈও কম। দিল্লী, পঞ্জাব, ঝাৰখণ্ড আদিত এই হাৰ ১.৭%–২%লৈকে নামি আহে। অসমত এইক্ষেত্ৰত কোনো গৱেষণা বা নীতিগত ধাৰণাই অনুপস্থিত। সেয়েহে বটগছ, শিমলু আদিৰ দৰে শতাধিক বছৰৰ গছ সঁচাকৈয়ে জীয়াই থাকিব নেকি—সেই সন্দেহ স্বাভাবিক।
উচ্চতম ন্যায়ালয়ৰ মতে গছ কটা এক অপৰাধ । ই মানুহ হত্যাতকৈ অধিক গুৰুতৰ অপৰাধ হিচাপে আখ্যা দিয়ে। বিশ্ব প্রসিদ্ধ তাজমহলক প্ৰদূষণৰ কবলৰ পৰা ৰক্ষা কৰা অঞ্চলটোৰ সমীপত থকা ৪৫৪ ডাল গছ কাটিছিল ব্যক্তিজনে শিৱশংকৰ অগ্ৰৱাল নামৰ এজন ব্যক্তিয়ে, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ব্যক্তিজনক দোষী সাব্যস্ত কৰি বৃহৎ জৰিমনা বিহিলে। ঠিকেই আছে কিন্তু যেতিয়া প্ৰশাসনে তেনে কাৰ্য্য কৰে তাৰ শাস্তি কি হব ? নে শাসকৰ গাদীত বহাৰ বাবে সেই অপৰাধ অপৰাধ হিচাপে গণ্য কৰা নহব। বিশেষজ্ঞসকলৰ মতে, গছ কটাৰ ফলত কাৰ্বন শোষণ ক্ষমতা হ্ৰাস পায়, ভূমি ক্ষয় আৰু জৈৱবৈচিত্র্যৰ ক্ষতি হয়, যি জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ সমস্যা অধিক গভীৰ কৰে। এই প্ৰেক্ষাপটত ন্যায়ালয়ৰ ৰায়টোৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুটি ৰূপে বিবেচিত হৈছে।
উন্নয়ন আমাৰ প্ৰয়োজন, এই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু সেই উন্নয়নে যদি আমাৰ মৌলিক পৰিৱেশ বিনাশ কৰে, তেনেহলে সেই উন্নয়ন “উন্নয়ন” নহয়। উন্নয়নৰ পৰিকল্পনাই যদি পৰিৱেশক উপেক্ষা কৰে, তেনেহলে সেই উন্নয়ন অনৈতিক, অদূৰদৰ্শী আৰু ভবিষ্যত প্ৰজন্মৰ বিৰুদ্ধে এক অপৰাধ।