বিভাজনমুখী বিশ্ব ৰাজনীতি আৰু অস্থিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষক আপাত দৃষ্টিত সুস্থিৰ যেন লাগে। কিন্তু এই সুস্থিৰতাৰ আঁৰত ক্ষমতাৰ কেন্দ্ৰীয়কৰণ আৰু এক গভীৰ প্ৰত্যাহ্বান লুকাই আছে। ২০২৬ বৰ্ষত ভৰি দিয়াৰ সময়ত আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ যুঁজখন কোনো দল বা বিশেষ ব্যক্তিৰ মাজত নহয়, বৰঞ্চ এই যুঁজখন হৈছে কাল্পনিক মোহ আৰু কঠোৰ বাস্তৱৰ মাজত।
আমাৰ ৰাজনীতি এতিয়া এক ‘কল্পনাৰ জগতত’ বাস কৰিছে। সফল ৰাজনীতিৰ বাবে আশা আৰু গৌৰৱৰ কাহিনীৰ প্ৰয়োজন থাকে, কিন্তু বৰ্তমানৰ পৰিৱেশত ই এক ভয়াবহ ৰূপ লৈছে। বাস্তৱক অস্বীকাৰ কৰি কেৱল আবেগিক কাহিনীৰে মানুহক মোহছন্ন কৰি ৰখাৰ এক প্ৰৱণতা গঢ়ি উঠিছে। ধৰ্মীয় আৱেগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সাম্প্ৰদায়িক বিভাজনক উন্নয়নৰ পথ হিচাপে দেখুওৱা হৈছে। এই কাল্পনিক জগতখনে আমাক এনে এক পৰিৱেশলৈ লৈ গৈছে য’ত অনাগত ভৱিষ্যতৰ সপোন দেখুওৱাৰ পৰিৱৰ্তে অতীতৰ গৌৰৱৰ মাজতে সকলো সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা হৈছে।
আনহাতে, অৰ্থনৈতিক ক্ষেত্ৰতো একেই বিভ্ৰান্তি দেখিবলৈ পোৱা গৈছে। বিকাশৰ সংখ্যাবোৰে ব্যক্তিগত বিনিয়োগৰ স্থৱিৰতা আৰু শিক্ষা-গৱেষণাৰ দৰে মৌলিক দিশবোৰৰ দুৰৱস্থাক ঢাকি ৰাখিব বিচাৰিছে। ‘বিকশিত ভাৰত’ বা ‘স্বচ্ছ ভাৰত’ৰ দৰে শ্লোগানবোৰ সঠিক পৰিকল্পনাৰ অভাৱত কেৱল আকাংক্ষাতে সীমাবদ্ধ হৈ ৰৈছে। আমাৰ চহৰসমূহৰ প্ৰদূষণ, নদীৰ দুৰৱস্থা আৰু নিবনুৱা সমস্যাই প্ৰমাণ কৰে যে ‘Incredible India’ৰ দাবী আৰু বাস্তৱৰ মাজত আকাশ পাতাল ব্যৱধান আছে।
গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ বিশ্বাসযোগ্যতাও আজি প্ৰশ্নৰ মুখত। নিৰ্বাচন আয়োগৰ দৰে প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতা হ্ৰাস পোৱাৰ বিপৰীতে কেৱল প্ৰদৰ্শনকেন্দ্ৰিক ৰাজনীতিৰ পয়োভৰ ঘটিছে। আন ৰাজনৈতিক দল সমূহো এই কাল্পনিক জগতৰ চক্ৰবেহুৰ পৰা মুক্ত নহয়; তেওঁলোকেও পুৰণি ধ্যান-ধাৰণাৰ মাজতে আবদ্ধ হৈ নতুন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ব্যৰ্থ হৈছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘বিশ্বগুৰু’ হোৱাৰ যি হেঁপাহ, সি কেৱল ভাষণৰ দ্বাৰা সম্ভৱ নহয়। বৰ্তমানৰ বিশ্ব অৰ্থনীতিত ভাৰতৰ অংশীদাৰিত্ব মাত্ৰ চাৰি শতাংশ। আমেৰিকা বা চীনৰ দৰে শক্তিৰ সৈতে ফেৰ মাৰিবলৈ হ’লে আমাক কেৱল আত্মবিশ্বাস নহয়, বৰঞ্চ প্ৰবল অৰ্থনৈতিক সংস্কাৰ আৰু মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন।
২০২৬ বৰ্ষত ভৰি দি আমি আত্মতুষ্টিৰ পৰা আঁতৰি আহিব লাগিব। কল্পনাৰ জগতত বাস কৰি আমি কেৱল নিজকেহে প্ৰতাৰণা কৰিছোঁ। অৰৱেলৰ ভাষাৰে ক’বলৈ গ’লে, আমি কেৱল এটা ভ্ৰমক সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়ৰ আহ্বান হৈছে ‘Sober Realism’ অৰ্থাৎ বাস্তৱসন্মত চিন্তা। কাল্পনিক মায়াজালত বন্দী হৈ আন এক বছৰ নষ্ট নকৰি, কঠোৰ বাস্তৱক স্বীকাৰ কৰি সমুখলৈ আগুৱাই যোৱাটোৱেই হওঁক আমাৰ একমাত্ৰ লক্ষ্য।






