২০২৪ লোকসভা নিৰ্বাচনৰ পিছত “INDI Alliance”ক ভাৰতীয় ৰাজনীতিত এক সম্ভাৱনাময় বিৰোধী মঞ্চ হিচাপে উপস্থাপন কৰা হৈছিল। বহু দলৰ এই সমাহাৰে বিজেপি নেতৃত্বাধীন শক্তিৰ বিৰুদ্ধে এক সংহত ৰাজনৈতিক বিকল্প গঢ়াৰ দাবী কৰিছিল। কিন্তু ২০২৬ চনৰ একাধিক বিধানসভা নিৰ্বাচনৰ ফলাফলে এই দাবীৰ ভিতৰত থকা ভঙ্গুৰতা স্পষ্ট কৰি দিলে। INDI Alliance ৰ ভিতৰত ভাঙনিৰ আটাইতকৈ স্পষ্ট উদাহৰণ দেখা গৈছে তামিলনাডুত। কংগ্ৰেছে নিজৰ মিত্র DMK-ক উপেক্ষা কৰি TVK-ৰ সৈতে সমৰ্থনৰ আলোচনা আৰম্ভ কৰাৰ পাছত DMK-এ ইয়াক “Backstabbing” বুলি অভিহিত কৰে।
শেহতীয়া নিৰ্বাচনী ফলাফলত দেখা গ’ল যে জোটৰ ভিতৰত অন্তঃসংঘাত, কৌশলগত অসামঞ্জস্য আৰু নেতৃত্ব সংকট ইমানেই গভীৰ যে “একতা” শব্দটো অধিকাংশ ক্ষেত্ৰতে কাগজত সীমাবদ্ধ থাকিল। বহু ৰাজ্যত জোটৰ অংশীদাৰ দলসমূহে একে লক্ষ্য লৈ আগবাঢ়িব নোৱাৰিলে; কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতাই অধিক স্পষ্ট হৈ উঠিল।
এই ভাঙনিৰ অন্যতম মুখ্য কাৰণ হৈছে বিশ্বাসৰ সংকট। Alliance ৰাজনীতিত পৰস্পৰৰ ওপৰত আস্থা আৰু সমন্বয় অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু সাম্প্ৰতিক ঘটনাবলীয়ে দেখুৱাইছে যে মিত্র দলসমূহৰ মাজত সেই আস্থা ক্ৰমে ক্ষয়িষ্ণু। আঞ্চলিক স্বাৰ্থ, নেতৃত্বৰ প্ৰতিদ্বন্দ্বিতা আৰু ক্ষমতাৰ অংক—এই তিনিটা উপাদানে একেলগে Alliance টোৰ ভিতৰখন দহি পেলালে।
ইয়াৰ লগত জড়িত আছে এক গুৰুত্বপূৰ্ণ কৌশলগত ব্যৰ্থতা। INDI Alliance বহু ক্ষেত্ৰত অঞ্চলভিত্তিক ৰাজনৈতিক বাস্তৱতাক সঠিকভাৱে উপলব্ধি কৰিব নোৱাৰিলে। আসন বণ্টন, প্ৰাৰ্থী নিৰ্বাচন আৰু প্ৰচাৰ কৌশল—এই সকলো দিশত একক দৃষ্টিভংগীৰ অভাৱ স্পষ্ট হৈছিল। ফলস্বৰূপে, জোটটোৱে “সংখ্যাৰ সমীকৰণ” গঢ়িলেও “ভোটৰ সমীকৰণ” গঢ়িবলৈ ব্যৰ্থ হ’ল।
INDI Allianceৰ অন্যতম ডাঙৰ দুৰ্বলতা আছিল একক নেতৃত্বৰ সম্পূৰ্ণ অভাৱ। দেশজুৰি বিৰোধী ৰাজনীতিৰ বাবে এক বিশ্বাসযোগ্য মুখ আগবঢ়াব নোৱাৰাটো এই Alliance ৰ কৌশলগত ব্যৰ্থতা। যেতিয়া ৰাজনীতিত narrative-ই নিৰ্ধাৰণ কৰে জনমত, তেতিয়া এক স্পষ্ট দিশা আৰু নেতৃত্ব নাথাকিলে কোনো জোটেই জনতাৰ বিশ্বাস জিকিব নোৱাৰে। INDI Allianceৰ ক্ষেত্ৰত এই অভাৱ এতিয়াই স্পষ্ট হৈ উঠিছে। এই Allaince ৰ ভিতৰত থকা দলসমূহৰ ৰাজনীতি মূলতঃ আঞ্চলিক স্বাৰ্থত ভিত্তি কৰি গঢ়া। ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত একক কৌশল গঢ়া অসম্ভৱ হৈ পৰে। এটা ৰাজ্যত যি দল মিত্র, আন এটা ৰাজ্যত সেয়াই প্ৰতিদ্বন্দ্বী। এই দ্বৈত ভূমিকা কেৱল বিভ্ৰান্তিৰ সৃষ্টি নকৰে—ই ভোটাৰসকলৰ মাজত জোটটোৰ বিশ্বাসযোগ্যতাকেই প্ৰশ্নবিদ্ধ কৰে।
অসমৰ দৰে ৰাজ্যত এই ব্যৰ্থতা অধিক স্পষ্ট। কংগ্ৰেছ নেতৃত্বাধীন মিত্রতাৰ সংগঠনিক দুৰ্বলতা আৰু মাটিৰ স্তৰত সংযোগহীনতাই বিকল্প ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশৰ সম্ভাৱনাক সীমিত কৰি ৰাখিলে। ইয়াৰ ফলত বিৰোধী ৰাজনীতি এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আগবাঢ়িব নোৱাৰিলে।
INDI Alliance এটা মৌলিক ভুল কৰিলে—ই ভাবিলে যে কেৱল “বিজেপি-বিৰোধিতা”ই যথেষ্ট। কিন্তু ৰাজনীতি কেৱল বিৰোধিতাৰ ওপৰত টিকি নাথাকে; ইয়াত প্ৰয়োজন বিকল্প দৃষ্টিভংগী, নীতি আৰু বিশ্বাসযোগ্যতা। যেতিয়া Alliance টোৱে সেই বিকল্প উপস্থাপন কৰিব নোৱাৰিলে, তেতিয়া ভোটাৰে ইয়াক গুৰুত্বসহকাৰে ল’বলৈ অস্বীকাৰ কৰিলে। INDI Alliance কি এক আদৰ্শভিত্তিক ৰাজনৈতিক মঞ্চ আছিল, নে কেৱল ক্ষমতাৰ অংক মেলাবলৈ গঠন কৰা এক সুবিধাবাদী সংমিশ্ৰণ?
এই পৰিস্থিতিৰ পৰা সৰ্বাধিক লাভবান হৈছে বিজেপি। বিভক্ত আৰু দিশাহীন বিৰোধীৰ মুখামুখি হৈ দলটোৱে নিজৰ সংগঠন শক্তি, নেতৃত্বৰ স্পষ্টতা আৰু একক narrative ৰ জৰিয়তে অধিকাংশ ৰাজ্যত নিজৰ আধিপত্য সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। ই কেৱল নিৰ্বাচনী জয় নহয়; ই এক দীৰ্ঘমেয়াদী ৰাজনৈতিক আধিপত্যৰ দিশে আগবঢ়া এক প্ৰক্ৰিয়া।
বৰ্তমান প্ৰশ্নটো কেৱল INDI জোটৰ অস্তিত্বৰ বিষয়ে নহয়; ই ভাৰতৰ বিৰোধী ৰাজনীতিৰ ভৱিষ্যৎ সম্পৰ্কে। যদি বিৰোধী শক্তিসমূহে নিজৰ অন্তৰ্দ্বন্দ্ব অতিক্ৰম কৰি এক স্পষ্ট আদৰ্শ, বিশ্বাসযোগ্য নেতৃত্ব আৰু মাটিৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে, তেন্তে এই ভাঙনি অধিক গভীৰ হ’ব। অন্যথা, ভাৰতীয় ৰাজনীতি ধীৰে ধীৰে একক প্ৰভাৱৰ দিশে ধাবিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। ই হৈছে ভাৰতৰ বিৰোধী ৰাজনীতিৰ অস্তিত্ব সংকট। যদি বিকল্প ৰাজনীতি কেৱল সুবিধাবাদী সমীকৰণত সীমাবদ্ধ থাকে, তেন্তে গণতন্ত্ৰত বাস্তৱ প্ৰতিদ্বন্দ্বিতাই ক্ষয়িষ্ণু হৈ পৰিব।






