ড০ নেত্ৰৰঞ্জন
বিভাজনৰ ৰাজনীতি সৰ্বত্ৰে কিমান ভয়াবহভাৱে শিপাইছে সেয়া সহজে অনুমেয়৷ অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মুখ্য হোতাগৰাকীয়ে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যসমূহৰ পৰাই সমাজ অস্থিৰ আৰু বিভাজিত হোৱাৰ পূৰামাত্ৰাই আশংকা কৰিব পাৰিব৷ সামাজিক অস্থিৰতাৰ স্বাৰ্থতে প্ৰতিটো কথাতে এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহক টানি অনা হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে শাক-পাচলি ব্যৱসায়ী, শিক্ষাবিদ কাকোকে এৰা নাই৷
ইমান নিৰ্লজ্জভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে যে সেয়া দেখি সুস্থ মগজুৰ লোকসকল হায়ৰাণ হৈ পৰিছে৷ শেহতীয়াকৈ এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকজনৰ ধৰ্মটোক টানি আনি কটুক্তি কৰিছে৷এয়া সাংবাদিক সমাজৰ প্ৰতি অপমান৷ এগৰাকী মুখ্যমন্ত্ৰী ইমান লঘূ আৰু তৰল হ’ব পাৰে কেনেকৈ? সেয়া সভ্য সমাজে বিচাৰ-বিবেচনা কৰাৰ সময় আহি পৰিছে৷ সংবিধানৰ নামত শপত খাই জনপ্ৰতিনিধিয়ে কয় যে মই জাতি, ধৰ্ম, বৰ্ণক লৈ কেতিয়াও বৈষম্য নকৰো৷ কিন্তু সেই শপত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ভংগ কৰিছে৷
প্ৰকৃততে সংবিধান উলংঘা কৰা লোক এজনে মুখ্যমন্ত্ৰীৰ চকীখনত বহি থকাৰ যোগ্য নহয়৷ সমাজখনৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিসকল৷ ৰ’দ-বৰষুণ কাটি কৰি সমাজখনৰ সেৱা কৰি অহা সাংবাদিকসকলৰ বাবেই জনমত গঠনত সহায়ক হয়৷ তাৰেই মাজৰ এজন সাংবাদিক শ্বাহ আলম৷ শুনা মতে, বাতৰি যুগুত কৰিবলৈ আলমে যথেষ্ট কষ্ট কৰে৷ সাংবাদিকতাৰ ভয়াৱহ নৈতিক স্খলনৰ সময়ত দুই এজন সাংবাদিকে প্ৰশ্ন কৰিবলৈ এৰা নাই৷ শ্বাহ আলমো হয়তো তাৰ মাজৰ এজন৷ মুখ্যমন্ত্ৰীৰ সমষ্টিত পাহাৰ ধ্বংস কৰি থকা হৈছে৷ আন কাৰোৰে সুধিবলৈ সাহস নহ’ল৷
শ্বাহ আলমে সুধিলে৷ যাৰ বাবে সহ্য কৰিব নোৱাৰি সাংবাদিক শ্বাহ আলমৰ ধৰ্মটোক টানি আনি ইতিকিং কৰিলে৷ এগৰাকী মুখ্যমন্ত্ৰীয়ে এনে কৰিবলৈ সাহস ক’ত পালে৷ সাহস চাগেই একাংশ সাংবাদিকেই দিছে৷ প্ৰথম কথা হ’ল সংবাদ গোষ্ঠীৰ মালিক হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা৷ নেতাৰ তলত কাম কৰা সাংবাদিকে নেতাৰ হুকুম মতেই সংবাদ পৰিৱেশন কৰিব লাগিব৷ আজি কেৱল অসমতে নহয়৷ সমগ্ৰ দেশত সংবাদৰ নামত অশুভ পৰম্পৰা আৰম্ভ হৈছে৷
বেছিভাগ সাংবাদিকেই শাসক পক্ষৰ বহতীয়া হৈ সাংবাদিকতা কৰি আহিছে৷ এয়া এতিয়া চৰ্চাৰ বিষয়বস্তু৷ বহু সাংবাদিকে চৰকাৰক প্ৰশ্ন সোধাৰ পৰিৱৰ্তে বিৰোধী পক্ষক প্ৰশ্ন কৰে৷ শাসক পক্ষয়ো সংবাদিক আৰু সংবাদ মাধ্যমক সকলো ক্ষেত্ৰতে শিকলিৰে বান্ধি ৰাখিবলৈ চেষ্টা চলাই গৈছে। সংবাদ মাধ্যমে নিজেও চৰকাৰী পক্ষৰ নাগপাশত নিজে নিজেই ধৰা দি বন্দী হৈ পৰিছে। যাৰ বাবে শেহতীয়া বছৰবোৰত ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস পাইছে৷
ফলত ৱল্ড প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতৰ মান বছৰে বছৰে অৱনমিত হৈ গৈ আছে। ২০০৮ চনত এই ইনডেক্সত ভাৰতৰ স্থান আছিল ১১৮। কিন্তু ২০১৪ বৰ্ষৰে পৰা সেই স্থানৰ দ্ৰুত গতিত অৱনতি ঘটে। ২০২৩ বৰ্ষত ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্সত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান হয়গৈ ১৬১৷ গণতান্ত্ৰিক দেশ এখনৰ বাবে এয়া সঁচাকৈয়ে উদ্বেগৰ বিষয়৷ কিয়নো গণতন্ত্ৰত সংবাদ মাধ্যম হৈছে চতুৰ্থ স্তম্ভ। এই চতুৰ্থ স্তম্ভৰ সৈতে জড়িত সাংবাদিকসকল সমাজখনৰ অতন্দ্ৰ প্ৰহৰী৷ ৰ’দ-বৰষুণ কাটি কৰি সমাজখনৰ সেৱা কৰি অহা সাংবাদিকসকলৰ বাবেই জনমত গঠনত সহায়ক হয়৷
এই সময়ছোৱাত মুক্ত, স্বতন্ত্ৰ, সংবেদনশীল সাংবাদিকতাৰ অতি জৰুৰী৷ এইখিনিতে পুনৰ সাংবাদিক মুখ্যমন্ত্ৰীৰ অপমানজনক মন্তব্যৰ প্ৰসংগলৈ আহিছো। যি সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰা সাংবাদিকৰ ধৰ্ম সম্পৰ্কে অপমানজনক মন্তব্য কৰিছিল সেই সময়ত তাত উপস্থিত থকা জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকসকলে মুখ্যমন্ত্ৰীক তলৱ কৰিব পাৰিব লাগিছিল৷ ইপিনে এই বিষয়টোক লৈ সংবাদ গোষ্ঠীসমূহত কৰ্মৰত সাংবাদিকে যেনেদৰে প্ৰতিক্ৰিয়া দিব লাগিছিল তেনেদৰে নিদিলে৷ এই বাবেই সাংবাদিকৰ ৰাজহুৱা যি আত্মসন্মান আছিল তাত কেনেবাকৈ ক্ষতি হ’ল নেকি বুলিও প্ৰশ্ন উঠিছে? মুখ্যমন্ত্ৰীৰ এনে আচৰণৰ বিৰোধ নকৰি তাৰ পৰা পলায়ন কৰি অহাৰ দৰে হ’ল নেকি? এজন সাংবাদিকৰ ব্যক্তিগত পৰিচয়ক পেছাদাৰী আলোচনাৰ সৈতে জড়িত কৰিব নোৱাৰি।
প্ৰকৃততে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা নাজানে নেকি? কেৱল এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও একাধিকবাৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক অপমান কৰি আহিছে। কেতিয়াবা যদি মালিকক কৈ চাকৰিৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিছে কেতিয়াবা আকৌ সংবাদ গোষ্ঠী এটাৰ বিৰুদ্ধেই কটু মন্তব্য আগবঢ়াই আহিছে। এনে পৰম্পৰাৰ বিৰূপ প্ৰভাৱ পৰিব সমাজত। মানুহৰ প্ৰকৃত সমস্যা গৌণ হৈ পৰিব৷ সমস্যাসমূহৰ চৰ্চা নহ’ব৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ চৰ্চা নহ’ব৷ তেতিয়া শাসকে কষ্ট নকৰাকৈ ভোট আদায় কৰিব পাৰিব৷ শাসকে তেনে হোৱাটোৱে বিচাৰে৷ আৰু বিচৰা মতেই হৈয়ে থকা দেখা গৈছে৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক বাৰে বাৰে কৰি অহা অপমানৰ ফলত জনসাধাৰণৰ মাজত সাংবাদিকৰ ভাৱমূৰ্তিক লৈ ভুল বাৰ্তা যাব৷ অৱশ্যে কথাটো বিপৰীত হোৱাৰো সম্ভাৱনা আছে। আজিৰ পৰা দুবছৰ আগলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতেই দক্ষ মুখ্যমন্ত্ৰী বুলি দাবী কৰি আহিছিল। পিছে এতিয়া একালত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই দিয়া লোকসকলৰ অধিকাংশই তেওঁৰ শেহতীয়া কাম-কাজত অতিষ্ঠ হৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। সাধাৰণ ৰাইজৰো মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা ধাৰণা সলনি হোৱাতো স্পষ্ট হৈ পৰিছে।
বহুতেই সেয়ে জনতাৰ সেৱকৰ পৰিৱৰ্তে হিন্দুত্ববাদী মুখ্যমন্ত্ৰী হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীক গীতাখন ভালকৈ হৃদয়ংগম কৰি পঢ়িবলৈকো আহ্বান জনাইছে৷ গীতা পঢ়িলে সমাজৰ প্ৰতিগৰাকী লোকক সন্মান কৰিবলৈ শিকাত সহজ হ’ব৷ শেষত গীতাৰ বাণী সাৰোগত কৰি ইয়াকে ক’ব পাৰি যে কৰ্মই হৈছে ধৰ্ম, আৰু সাংবাদিকৰ ধৰ্ম হৈছে নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতা। চৰকাৰী ব্যৱস্থাই সাংবাদিক তথা সংবাদ মাধ্যমক যিমানেই নিজৰ বহতীয়া কৰিবলৈ চেষ্টা নকৰক কিয় যুগে যুগে এজন হ’লেও নিৰ্ভীক সাংবাদিকে ৰাইজৰ পক্ষত মাত মাতি যাবই।






