Skip to content

জলত আশ-বনত বাস…

Janagana Desk
August 26, 20247 second read

শোণিত কুমাৰ গোস্বামী

আমাৰ ৰাজ্য মানে অসমত পানীৰ অভাৱ নাই। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ-উপনৈৰ সমাহাৰে এই পলসুৱা ৰাজ্যক নদীময় কৰি তুলিছে। কিন্তু বিখ্যাত ইংৰাজী পদ্যৰ অংশ “Water, water everywhere, nor any drop to drink”ৰ সদৃশ অসমতো পানীয়েই পানী কিন্তু এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অসমীয়াই হাহাকাৰ কৰিবলগীয়া হৈ অহিছে। বাৰিষাৰ কালত বানপানীৰ তাণ্ডৱ আৰু তাৰ পাছৰ খৰালিৰ সময়ছোৱাত ফ্ল’ৰাইড-আৰ্ছেনিকযুক্ত দূষিত খোৱাপানীৰ সৈতে সংগ্ৰাম। মুঠতে অসম-অসমীয়াৰ পানীক লৈ হোৱা সমস্যাক ‘জলত আশ-পৰত বাস’ বা অৰণ্যত বাস কৰাৰ দৰে এটা পৰিস্থিতিৰ সৈতে তুলনা কৰিব পাৰি।

শিৰোনামত ব্যৱহৃত শব্দযুগল নিশ্চিতভাৱে আপোনালোকে নতুনকৈ শুনিছে। এনে হোৱাৰ কাৰণ এটাই, কিয়নো সৰুৰে পৰা আপোনালোকে জ্যেষ্ঠজনৰ পৰা ‘পৰত আশ-বনত বাস’ শব্দাংশহে শুনি আহিছে। অন্যৰ ওপৰত ভৰষা কৰি চলিলে বনত বাস কৰি থকাৰ দৰে হয়, সেয়েহে এই পৰত আশ-বনত বাস ডাকৰ বচনৰ জৰিয়তে অন্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজে হাতে-কামে লাগিব লাগে বুলি অভিজ্ঞতাসম্পন্ন ব্যক্তিসকলে কয়।

অৱশ্যে এতিয়াৰ পৰা আপোনালোকে এই জলত আশ-বনত বাস শব্দাংশ শুনিবলৈ বা বুজিবলৈ চেষ্টা কৰিব লাগিব। এনে হোৱাৰ কাৰণ হৈছে আমাৰ চৰকাৰে প্ৰবৰ্তন কৰা জল জীৱন মিছন নামৰ অভিলাষী প্ৰকল্প। জনপ্ৰিয় তথা তিনিবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব বহন কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিৰ নাম হৈছে জল জীৱন আঁচনি। অৰ্থাৎ ঘৰে ঘৰে নলেৰে (বিশুদ্ধ খোৱাপানী পাইপেৰে বিতৰণ) পানী যোগান ধৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নক বাস্তৱায়িত কৰাৰ প্ৰচেষ্টাৰে সমগ্ৰ দেশত চলিছে জল জীৱন আঁচনি। ইমানলৈ ঠিক আছে কিন্তু মূল কথাটো হৈছে যে এই জল জীৱন আঁচনিৰ পৰা কিদৰে জলত আশ-পৰত আশ নামৰ ওপৰোক্ত শিৰোনাম গ্ৰহণ কৰা হ’ল।

দেশৰ অন্য ৰাজ্যবোৰৰ কথা নকওঁ কিয়নো সেয়া আমাৰ অসমীয়াভাষিক লোকৰ চিন্তাৰ কাৰণ নহয়, কিন্তু অসমত জল জীৱনৰ নামত প্ৰকৃততে কি হৈছে সেয়া আমি প্ৰথমে বুজিব লাগিব। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিবোৰত ইতিমধ্যে প্ৰকাশ পোৱা তথা প্ৰচাৰিত হোৱা জল জীৱনৰ দুৰ্নীতি বিষয়ক শিৰোনামবোৰৰ লগতে বিগত ১৯ আগষ্ট তাৰিখে প্ৰকাশিত দৈনিক অগ্ৰদূতৰ উদ্ধৃতি দি এই কথা স্পষ্টকৈ ক’ব পাৰি যে ৰাজ্যৰ ২৪,১৫১ খনৰ গাঁৱৰ ভিতৰত আনুষ্ঠানিকভাৱে ৩,৬৯৮ খন গাঁৱলৈহে পানী যোগান সম্ভৱ হৈ পৰিছে। ২০১৯ চনত আৰম্ভ হোৱা কেন্দ্ৰীয় চৰকাৰৰ ঘৰ ঘৰ জল আঁচনিখন অসমত ২০২৪ বৰ্ষৰ মাৰ্চ মাহতেই শেষ হোৱাৰ কথা আছিল।

কিন্তু কাৰ্যত তেনে হোৱা পৰিলক্ষিত হোৱা নাই। দৈনিক বাতৰি কাকতখনৰ তথ্যৰ আধাৰত এই কথা উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ বৰপেটাত (১০.৮৯ শতাংশ), কাছাৰত (১৮.৭৬ শতাংশ), কামৰূপ মহানগৰত (৪ শতাংশ), কাৰ্বি আংলঙত (১৬.৯২ শতাংশ) আৰু পশ্চিম কাৰ্বি আংলঙত (১৬.৯২ শতাংশ) পানী যোগান তথৈৱচ অৱস্থাত আছে। আনহাতে, বাগছা (৫৩.১৩ শতাংশ), ধেমাজি (৫৫.৭৬ শতাংশ), ধুবুৰী (৪২.৪৬ শতাংশ), ডিব্ৰুগড়ত (২৮.৬২ শতাংশ), ডিমা হাচাওত (৩১.৮৪ শতাংশ) আৰু হোজাইত (৪৫.৪৫ শতাংশ) সামান্য উন্নত প্ৰদৰ্শনৰ বিপৰীতে একমাত্ৰ দক্ষিণ শালমৰা-মানকাচৰ জিলাতহে এশ শতাংশ পানী যোগান আঁচনি সম্পূৰ্ণ হোৱা বুলি চৰকাৰীভাৱে দাবী কৰা হৈছে।

বিভাগীয় তথ্যমতে কেন্দ্ৰৰ জল জীৱন আঁচনিয়ে সামৰিবলগীয়া ৰাজ্যৰ ৭১,৫৫,১৭৩ টা পৰিয়ালৰ ভিতৰত ৫৭,৫২,৫৮১ টা পৰিয়াললৈ পানী যোগান দিয়া হৈছে বুলি কোৱা হৈছে। মন কৰিবলগীয়া কথা এয়াই যে, জল জীৱন মিছনৰ বিভাগীয় তথ্যমতে পানীৰ পাইপ সংস্থাপনৰ ক্ষেত্ৰত এক ৰেকৰ্ড স্থাপন কৰা হৈছে যদিও সংবাদ মাধ্যমৰ বাতৰিবোৰৰ আধাৰত তথা ৰাইজৰ অভিযোগৰ ভিত্তিত এই কথাৰ গুণাগাঁথা চলিছে যে পাইপেৰে পানী নাহে। পানীৰ পাইপ বেয়া হোৱা, পানী যোগান মেছিন বিকল হোৱা, জল মিত্ৰৰ অভাৱ ঘটা আদি একুৰি সমস্যাই বাস্তৱ ক্ষেত্ৰত জল-জীৱন মিছনক ক্ষতিগ্ৰস্ত কৰিছে। কামবোৰৰ অপৰিপক্কতাৰ বাবে কাক দোষ দিম নাজানো কিন্তু ৰাইজৰ বাবে ফ্ল’ৰাইড-আৰ্ছেনিকৰ পৰা মুক্তি লভি বিশুদ্ধ খোৱাপানীৰ বাট সদ্যহতে জলত আশ-বনত বাস হৈয়ে আছে।

উত্তৰ পূব ভাৰতৰ একমাত্ৰ বৃহৎ মহানগৰ (জনসংখ্যাৰ দিশেৰে) গুৱাহাটীত পানী যোগানৰ কি ব্যৱস্থা সেয়া কেৱল এই মহানগৰত বাস কৰা লোকেহে বুজে। ৰাজপথত পানীৰ পাইপ ফুটি জল-বিস্ফোৰণ হোৱাৰ পৰা আৰম্ভ কৰি ছমাহ-বছৰকাল ৰাজপথত পানীৰ পাইপ লীক হৈ পানী বৈ থাকে সঁচা কিন্তু ৰাইজৰ ঘৰবোৰলৈহে বিশুদ্ধ খোৱাপানী অনিয়মীয়া। এনে হোৱাৰ ফলত গুৱাহাটীত ব’ৰিং বৃদ্ধি হৈ ভূগৰ্ভৰ পানী শেষ হৈ আহিছে আৰু ব্যক্তিগত উদ্যোগত খোৱাপানী যোগানৰ নামত অসাধু ব্যৱসায়ীৰ দপদপনি বাঢ়িছে। অৱশ্যে এইবোৰৰ ক্ষেত্ৰত কওতা নাই, বুজোতা নাই।

অসমৰ ভূগৰ্ভৰ পানীত কিমান আৰ্ছেনিক কিম্বা ফ্ল’ৰাইড আছে সেয়া বিশেষজ্ঞসকলে সময়ে সময়ে সকীয়াই আহিছে। এই ক্ষেত্ৰত অধিক গৱেষণাও চলি আছে। সেয়েহে পৰিশোধিত খোৱাপানী যোগানৰ দিশটোত প্ৰশাসনে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মনৰ কথা উপলব্ধি কৰি জল জীৱনৰ দৰে মহান আঁচনি গ্ৰহণ কৰিছে তথাপি যেন বিশেষ বিশেষ কাৰণ মূলত ব্যক্তিগত লালসাৰ বাবে ঘৰে ঘৰে পানী যোগান আঁচনি অসমৰ বেলিকা জলত আশ-বনত বাস সদৃশ হৈ আছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top