Skip to content

বীৰ লাচিত বৰফুকনক আহোম বীৰৰ পৰা হিন্দু বীৰ সজোৱাৰ গেৰুৱা ৰাজনীতি…

Dr Netraranjan
November 24, 20246 second read
Lachit Diwas

অসমীয়া জাতিৰ সাহস, বীৰত্ব, স্বদেশপ্ৰেমৰ প্ৰতীক মহান আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জন্মজয়ন্তীত বীৰ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। বীৰ লাচিত বৰফুকন মাথোঁ এজন বিখ্যাত সেনাপতিয়েই নহয়, তেখেত অসমীয়াৰ জাতীয় স্বাভিমানৰ প্ৰতীক, এক সত্বা।

পিছে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ মহান ঐতিহ্যত সাম্প্ৰদায়িক ৰাজনীতিত ভাবুকিৰ সৃষ্টি হৈছে। আঞ্চলিক আৰু জনগোষ্ঠীয় সভাৰ স্বাধীনতা আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে মৰণপণ সংগ্রাম কৰা সংগ্রামী যোদ্ধা আছিল লাচিত বৰফুকন। লাচিত এক সত্বা হৈ আমাৰ সাহস আৰু বীৰত্বৰ প্ৰতীক হৈ উজ্বলি আছে। কিন্তু এই সত্ত্বাক লৈও আৰম্ভ হৈছে ৰাজনীতি। লাচিত বৰফুকনক অসম তথা উত্তৰ-পূবৰ ঐতিহাসিক পৰিস্থিতি আৰু পটভূমিৰ পৰা টানি-আজুৰি আঁতৰাই নি ‘ভাৰতীয় হিন্দু’ সজাই অসমত হিন্দুত্বৰ ৰাজনীতি নতুন ৰূপ দিবলৈ জোৰদাৰ চেষ্টা চলোৱা হৈছে। লাচিতক হিন্দু বীৰ সজাই নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছে এচাম সুবিধাবাদী চতুৰ ৰাজনীতিকে।

২০১৬ চনত বিজেপি চৰকাৰ অসমত শাসনলৈ অহাৰ পিছতেই আহোমৰ সম্ভ্ৰমৰ প্ৰতীক কাৰেংঘৰত হাত দিছিল এটা বিশেষ শক্তিয়ে। পতাকা লগাই নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচৰা সংগঠনক অৱশ্যে কাৰেংঘৰটো পিছদিনাই গাখীৰেৰে ধুই পবিত্ৰ কৰি উচিত প্ৰত্যুত্তৰো দিয়া হৈছিল। আনকি জাতিৰ স্বাভিমান, অসমীয়াৰ আহোম গৌৰৱ, ৰংঘৰত চিহ্ন লেজাৰ শ্ব’ৰ প্ৰক্ষেপণৰে “ধৰ্মীয় চিহ্ন” প্ৰদৰ্শন কৰি ঐতিহ্যক বিকৃত কৰিব বিচাৰিছিল।

শৰাইঘাটৰ যুদ্ধ ৰাজনৈতিক যুদ্ধহে আছিল, হিন্দু-মুছলমানৰ মাজৰ ‘ধর্মযুদ্ধ’ নাছিল। অথচ বর্তমানৰ শাসক দল আৰু আন হিন্দুত্ববাদী সংগঠনে শৰাইঘাটৰ যুদ্ধক বলপূর্বকভাৱে ধর্মযুদ্ধৰূপে চিহ্নিত কৰিব খুজিছে। আহোম ৰাজ্য বনাম দিল্লীৰ কেন্দ্রীয় সাম্রাজ্যবাদী শাসক ঔৰংজেৱৰ সেনাৰ মাজত হোৱা যুদ্ধ সাম্প্রদায়িক তথা হিন্দু- মুছলমানৰ যুঁজ নাছিল এইয়া আছিল আগ্ৰাসন বিৰোধী যুঁজ, ভাৰতৰ আগ্রাসী সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে অসমৰ ঐক্যৱদ্ধ আঞ্চলিক শক্তিৰ স্বাধীনতা আৰু সার্বভৌমত্ব ৰক্ষাৰ যুঁজ। এই যুদ্ধত লাচিত বৰফুকনৰ সেনাবাহিনী গঠিত হৈছিল অসমৰ জাতি- জনজাতি-জনগোষ্ঠীৰ যোদ্ধাৰে, য’ত ইতিমধ্যে থলুৱা হৈ পৰা মুছলমান লোকো আছিল। পার্বত্য ৰাজ্য জনজাতিৰ লোকৰ লগতে জয়ন্তীয়া ৰজায়ো এই যুদ্ধলৈ সেনাৰ যোগান ধৰিছিল। লাচিত বৰফুকনৰ বাহিনীৰ সবাতোকৈ শক্তিশালী দিশ আছিল নৌ বাহিনী। এই বাহিনীত মিচিং আৰু কৈবর্ত সম্প্রদায়ৰ সেনাৰ প্রাধান্য আছিল। কাৰণ নৈপৰীয়া এই লোকসকলে নৈ আৰু পানীৰ সৈতে অভ্যস্ত। সেইফালৰ পৰা মোগল বাহিনীত হিন্দুধর্মী সেনাৰ প্রাধান্যৰ বিপৰীতে লাচিতৰ বাহিনী আছিল অসমৰ জনগোষ্ঠীয় সেনাৰ দ্বাৰা গঠিত আছিল। লাচিত বৰফুকনে আঞ্চলিক শক্তিৰ স্বাধীনতা ৰক্ষাৰ বাবে “বাহিৰাগত শাসকৰ” বিৰুদ্ধে যুঁজিছিল।

লাচিত বৰফুকনৰ মৃত্যুৰ পিচত লাচিতৰ পৰিয়ালৰ প্রতি কৃতজ্ঞতাবশতঃ তেওঁৰ জ্যেষ্ঠ ভাতৃ লালুকসোলাকে গুৱাহাটীসহ নামনি খণ্ডৰ বৰফুকন পতা হৈছিল। কিন্তু এই লালুকসোলাই  নিজৰ ন্যক্তস্বার্থ পুৰণৰ বাবে গোপনে মোগল বিষয়া- সেনাপতিৰ লগত বুজাবুজি কৰি গুৱাহাটীসহ নামনি খণ্ড পুনৰ মোগলৰ হাতত শোধাই দিয়ে। শৰাইঘাটৰ ঐতিহাসিক বিজয়ক স্নান কৰি পেলায়। ল’ৰা ৰজাক ৰাজপাটত বহুৱাই লালুকে স্বেচ্ছাচাৰিতাৰে অসমত অৰাজকতা আৰু সন্ত্রাসৰ ৰাজত্ব চলায়। আজিৰ যিসকল ৰাজনীতিকে অসমৰ সম্পদ, আনকি চিৰিয়াখানাৰ জন্তুও শক্তিশালী পুঁজিপতিক বিনাচর্তে সমর্পণ কৰিছে, দেশত দমন-নিপীড়ন-সন্ত্রাসৰ ৰাজত্বৰ পথ মুকলি কৰিছে, তেনে ৰাজনীতিকৰ তুলনা লাচিতৰ জ্যেষ্ঠ ভ্রাতৃ লালুকসোলাৰ লগতহে কৰিব পাৰি। জাতি মাটি ভেটি ৰক্ষা কৰাৰ অংগীকাৰ কৰা চৰকাৰে অসমৰ ভূমি, উদ্যোগ, প্ৰাকৃতিক সম্পদ আৰু আন আন সুবিধা বাহিৰাগত ব্যক্তিৰ হাতত তুলি দিলে।

‘হিন্দু লাচিত’ৰ নামত কৰা নিকৃষ্ট ৰাজনীতি দেখি  আমি অসমীয়াই বীৰ লাচিতৰ সত্ত্বাক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগিব। অসমীয়া জাতিৰ আৱেগক পুনৰ বাৰ ভৰিৰে মোহাৰি পেলোৱাৰ অপচেষ্টাৰ পৰা আমি ৰক্ষা কৰিবই লাগিব। বাহিৰাগত বিজতৰীয়া শক্তিক বীৰ লাচিত বৰফুকনে যিদৰে পৰাস্ত কৰিছিল আমিও তেনেদৰে নিজৰ সংস্কৃতি, সম্পদ আৰু স্বকীয়তা ৰক্ষা কৰিবই লাগিব…

জয় আই অসম !

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top