অসমীয়া জাতিৰ বুনিয়াদ গঢ়িছিল চাওলুং চুকাফাই। থানবান হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আজিৰ অসমীয়া জাতিৰ সপোন দেখিছিল তেতিয়াই চুকাফাই।সাতৰাজ মাৰি এক ৰাজ কৰা, বৰ অসমৰ ভেটি গঢ়োঁতা, অসমীয়া জাতিৰ গুৰি ধৰোঁতা চ্যুকাফা আছিল টাইজাতীয় প্রথম আহোম ৰজা। এখন সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ এজন লোকৰ যি ধৰণৰ গুণ থাকিব লাগে, সেই সকলোবোৰ গুণেই চুকাফাৰ আছিল। চুকাফা আছিল অত্যন্ত সাহসী, কষ্টসহিষ্ণু আৰু বীৰ যোদ্ধা। তেওঁ নিজ ৰাজ্য এৰি ভাগ্যক সাৰথি কৰি অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ এই প্রবেশে বুৰঞ্জীৰ গোটেই ধাৰাটোকে সলনি কৰি পেলাইছিল। তেওঁ আছিল অনৈক্যৰ মাজত ঐক্য প্রতিষ্ঠা কৰোৱা এজন দূৰদর্শী নেতা।
আহোম যুগৰ আৰম্ভনি আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমনৰ পৰা ।এখন নতুন ৰাজ্য পতাৰ উদ্দেশ্যে প্রবাদপপুৰুষ চুকাফাই চীনৰ য়ুনান প্রদেশৰ ম্যাং মাওৰ পৰা প্রব্রজন কৰিছিল। তিনি বছৰীয়া প্ৰস্তুতিৰ অন্তত টাই ৰাজ্য প্রতিষ্ঠাৰ উদ্দেশ্যে ১২১৫ খ্রীঃত ব্ৰহ্মপুত্র-বৰাক উপত্যকাৰ দিশে অগ্রসৰ হৈছিল ন-হেজাৰ সহযাত্রী,যুদ্ধৰ অস্ত্র-শস্ত্র, অলেখ হাতী-ঘোঁৰা, ম’হ, ৰাজ্য চলাব পৰা বিষয়া, পূজা- পার্বণৰ বাবে পূজাৰী। দলে-বলে অহা চুকাফাক সংগ দিছিল বাটৰ বহুবোৰ নতুন মানুহে। বিশেষকৈ ম্যানমাৰৰ হুকং উপত্যকাত সর্বাধিক টাই লোকে চাওলুং চুকাফাৰ দলত যোগ দিছিল যাৰ ফলত তাত বহুবোৰ গাঁও একপ্রকাৰ খালী হৈ পৰিছিল। এই অঞ্চলত লগ হোৱা লোকসকলৰ সৈতে বৃহৎ সমদল কবি অহা চাওলুং চুকাফা নেতৃত্বাধীন দলটো আহি এটা সময়ত শাৰী শাৰী পর্বতমালাৰ নামনিত উপস্থিত হ’লহি। চুকাফাই প্রথম পর্বতটো পাৰ হৈ খাম য়াং নদীখন পালে।এই নাংয়াং হ্রদ আৰু খাম য়াং বা তুৰুং নদীৰ পাৰত দলটোৱে কিছুদিন অৱস্থান গ্রহণ কৰে। এনেদৰে অৱস্থান গ্রহণ কৰি থকা সময়তে দলটোৱে বৃহৎ অঞ্চল এটা নিজৰ অধীনলৈ আনে। এই অধীকৃত অঞ্চলটো নিজৰ দখলত ৰাখি এখন নতুন ৰাজ্য পাতে আৰু নাম দিলে ‘খামজাং’। চুকাফাই খ্ৰু-মস্তক খামজাং প্রদেশৰ শাসনকর্তা পাতি পুনৰ খাদ্য-সামগ্রী, ৰচদ-পাতি সংগ্রহ কৰি ল’লে। পুনৰ অগ্ৰসৰ হয় চাওলুং চুকাফা। খাম-জাং প্রদেশ এৰি অহা সময়ত তাতো বহুবোৰ নগামূলীয় মানুহ চুকাফাত লগত লগ দিয়ে। গুৰুত্বপূর্ণ যে এই আহোম ৰাজতন্ত্রৰ গৌৰৱোজ্জ্বল ছশবছৰীয়া ৰাজত্ব কালৰ সময়ছোৱাত এই ‘খামজাং’ আহোম ৰাজ্যৰ অন্তর্ভুক্ত আছিল। কালৰ সোঁতত পৰি পৰৱৰ্তী সময়ত খামজাং ম্যানমাৰৰ অন্তর্ভুক্ত হ’ল। খামজাং এৰি সদলবলে পাটকাই পাৰ হৈ আহি দিহিং নদী,আকৌ দিহিঙেদি ভটিয়াই আহি দলটোৱে এটা সময়ত নামৰূপ পায়। নামৰূপৰ পৰা টিপাম, টিপামৰ পৰা অভয়পুৰ, তাৰ পাচত শলগুৰি, শলগুৰিৰ পৰা আকৌ হাবুং পায়গৈ। টিপামত তিনি বছৰ থাকি চুকাফা নেতৃত্বাধীন দলটোৱে টিপামৰ আশে-পাশে কিছুমান গাঁও পাইছিল। সেই গাঁৱৰ লোকসকলক চুকাফাই মৰমেৰে আঁকোৱালি লোৱাত তেওঁলোকেও দলটোক সর্বতোপ্রকাৰে সহায়- সহযোগিতা আগবঢ়ালে। সেই সময়ত চাওলুং চুকাফাই এঘৰ চুতীয়া মানুহ পাই তেওঁক চোমদেউৰ ঘৰত কাম কৰিবলৈ দি চোমচিৰিং পাতিলে। মাইখ্ৰিউৰৎ নামৰ তুলাচনী ধৰা মানুহ এটা পাই তাকো লগত লৈ ৰাজপোছাক তৈয়াৰৰ কামত লগাইছিল। টিপামত থকা সময়তে দলটোৱে এঘৰ মৰাণ মানুহ পাইছিল যি দলটোক বেঙেনা (পাচলি) যোগাইছিল। পিচলৈ তেওঁলোক চেতিয়া ফৈদৰ লানমাখ্ৰু চেতিয়া হৈছিল। মুঠৰ ওপৰত সুদূৰ ম্যাং-মাওৰ পৰা হাবুং পোৱালৈকে এই সুদীর্ঘ সময়ছোৱাত বা বাটছোৱাত বহুবোৰ নতুন মানুহ দলটোৰ লগতে লগ লাগি আহিছিল। ইয়াৰ পৰা এইটো স্পষ্ট যে অভিযানকাৰী পমুৱা দলটো বা আহোমসকল এক নিৰ্দিষ্ট জাতি বৰ্ণৰ মানুহৰে গঠিত হোৱা নাছিল ই আছিল এক মিশ্রিত জনগোষ্ঠী।ম্যাং-মাওৰ পৰা প্ৰব্ৰজন কৰি অহা চুকাফা নেতৃত্বাধীন পমুৱা দলটোৱে কঢ়িয়াই লৈ আহিছিল এক সমন্বয়ৰ বাৰ্তা।অসমৰ সেউজীয়া শুৱনি প্ৰকৃতি, কুঁৱলিৰ আৱৰণত সোণালী ধাননি, পলসুৱা মাটি, ধীৰ গতিত বৈ থকা শীতল পানীৰ জান-জুৰি, নৈবোৰ, নানা তৰফৰ গছ আদি দেখি চুকাফা আপ্লুত হৈছিল এনে ধুনীয়া ঠাই, সুন্দৰ পৰিৱেশ তেওঁ আগেয়ে ক’তো দেখা নাছিল।
পমুৱা দলটো আহি যেতিয়া হাবুং পাইছিলহি, তেতিয়া দিহিঙৰ উত্তৰে চুতীয়া ৰাজ্য, দিহিং আৰু দিচাঙৰ মাজত মৰাণৰ ৰাজ্য, দিচাং আৰু দিখৌৰ মাজত বৰাহী ৰাজ্য আৰু দিখৌৰ পশ্চিমে কছাৰীসকলে বসবাস কৰিছিল। এটা সময়ত দলটোৱে হাবুং এৰি দিখৌয়েদি দি উজাই গৈ শিমলুগুৰি, চণ্টক আদি ঠাই পালেগৈ। নতুন ঠাইবোৰৰ বিভিন্ন সা-সুবিধা নিৰীক্ষণ কৰি অৱশেষত চৰাইদেউত ৰাজধানী পাতি এখন নতুন ৰাজ্য স্থাপন কৰে। চণ্টক, শিমলুগুৰি, চৰাইদেউ সেই সময়ত বৰাহী ৰাজ্যৰ অন্তর্ভুক্ত আছিল। চাওলুং চুকাফাই বৰাহী আৰু মৰাণ ৰজাক সাক্ষাৎ কৰি উদ্দেশ্যৰ বিষয়ে জনাই ।এই আলোচনাৰ অন্তত তেওঁলোকে এটা শক্তিশালী সম্মিলিত শক্তি স্থাপনৰ বাবে ঐকমত্যত উপনীত হয়। দিখৌৰ পৰা দিচাঙলৈ বসতি কৰা বৰাহীসকলে পশ্চিমে থকা কছাৰীসকলৰ পৰা আৰু মৰাণসকলে তেওঁলোকৰ ৰাজ্যৰ উত্তৰে সিঁচৰতি হৈ থকা চুতীয়াসকলৰ পৰা নানাধৰণৰ দৌৰাত্মাৰ সন্মুখীন হৈ আহিছিল আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে মনে- প্রাণে তেওঁলোকে এক নতুন শক্তিৰ সন্ধানতে আছিল। সেই সময়তে চাওলুং চুকাফাই এই দুই জনগোষ্ঠীৰ সহায় সমর্থন পাই এখন নতুন ৰাজ্য নির্মাণত জঁপিয়াই পৰিছিল।
সমন্বয়ৰ সেতু গঢ়াৰ উদ্দেশ্য বৈবাহিক সম্বন্ধৰ সহায় লৈছিল স্বৰ্গদেউ চাওলুং চুকাফাই। এই সম্বন্ধক স্বীকৃতি দি ভূমিপুত্র এই জনগোষ্ঠী দুটাৰ লগত বুকুৰ আপোন হৈ পৰিছিল। চাওলুং চুকাফাৰ সপোনৰ এখন নতুন ৰাজ্য স্থাপনৰ সময়ত ৰাজকার্য চলাবৰ বাবে বহুতো বিষয়ববীয়া, বিভিন্ন পদবী, সামৰিক বাহিনী আদিত মানুহৰ আৱশ্যক হ’ল। চাওলুং চুকাফা স্বৰ্গদেউৰ প্ৰধান কৃতিত্ব আছিল ৰাজ্যশাসনৰ বাবে কিছুমান পদবী উলিওৱা। তেওঁ বিষয় বাব দি বিষয়া গঠন কৰিছিল। বিষয়াসকলৰ লগত মিলাপ্ৰীতিৰে দিহাপৰামৰ্শৰে কামবোৰ সমাধা কৰিবলৈ চেষ্টা কৰিছিল। চুকাফাই ৰাজ্য গঠনৰ সপোন পূৰাবলৈ বিভেদ, অন্যায়ৰ সহায় লোৱা নাছিল বৰঞ্চ সকলোকে একতাৰ ডোলেৰে বান্ধি একত্ৰিত কৰিছিল ।সকলোকে সমঅধিকাৰ, সমমর্যাদা দি সম্পূর্ণ বৈষম্যহীন এটা প্রশাসন যন্ত্র গঢ়ি তুলিছিল। এই প্রশাসনযন্ত্ৰৰ অধীনত প্ৰজাৰ নিৰাপত্তাকে ধৰি উৎপাদন, বাণিজ্য বিচাৰকে ধৰি সকলো ব্যৱস্থাতে আশ্বস্ত হৈছিল। সেই সূত্রে বৰাহী আৰু মৰাণ জনগোষ্ঠীয় লোকসকলেও চুকাফাকে ধৰি পৰৱৰ্তী আহোম স্বৰ্গদেউসকলৰ ৰাজকার্যত সর্বোচ্চ উজাৰি সহায় কৰিছিল। এই দুই জনগোষ্ঠীৰ মহান ত্যাগৰ বাবে পৰিসৰ বৃদ্ধি হৈ এটা সময়ত আহোম ৰাজ্যৰ সীমা উত্তৰ-পূব প্রান্তত দিহিং নদী, দক্ষিণে নগা পাহাৰ, পশ্চিমে কছাৰী ৰাজ্য হৈছিল। এই ভূখণ্ডত অধিকাৰ সাব্যস্ত কৰি ৰাজ্য স্থাপনলৈকে সমস্ত প্রক্রিয়া চুকাফাই বিনা ৰক্তপাতে সমর্পণ কৰিছিল।কেৱল প্রীতি বান্ধোন, উদাৰ, সহনশীল, মানৱদৰদী দৃষ্টিভংগীৰে সম্ভৱ কৰি তুলিছিল। কিছুদিনৰ পাচত কছাৰীৰ লগত হোৱা বুজাবুজিৰ অন্তত আহোম ৰাজ্যৰ পশ্চিমৰ সীমা সম্প্ৰসাৰণ হৈ দিখৌ নদীৰ পৰিৱর্তে নামদাং নদী হ’লগৈ।
চুকাফাই ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল। তেওঁ বুজিছিল কাৰোবক দমন কৰাতকৈ মিত্ৰতাৰে তেওঁলোকক স-সন্মানেৰে বুকুৰ মাজত আকোৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি। সেইটোকে কৰিছিল চুকাফাই। যুদ্ধৰ সলনি মন জয় কৰিবলৈ চেষ্টা কৰিছিল চুকাফাই ।আহোমসকলে অসমত প্রৱেশ কৰাৰ প্রায় ২৮৫ বছৰ পাচত প্ৰথমবাৰৰ বাবে ১৫১৩ চনত বৃহৎ ৰক্তাক্ত সংঘাতত লিপ্ত হৈছিল।এই সংঘাতত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তর্ভুক্ত হ’ল। যুদ্ধৰত সময়তে আহোম-চুতীয়াৰ উভয়পক্ষৰে যি সৈন্য, বিষয়া, সেনাপতি, ৰজা আদি নিহত হ’ল বাকী থকা প্রজাসকলক আহোম ৰাজতন্ত্রই বিশেষ ক্ষতি নকৰি তেওঁলোকক আহোম ৰাজতন্ত্রৰ অন্তর্গত বিভিন্ন ঠাইত মাটি-ভেটি দি সংস্থাপিত কৰিছিল। চুতীয়াৰ সৈতে হোৱা সংঘাতৰ পূৰ্বে আহোমসকলৰ মাজে-সময়ে নগা, কছাৰী, কমতাপুৰী, ভূঞাসকলৰ লগত সৰু-সুৰা সংঘাত হৈছিল। য’তেই যুদ্ধ জয় কৰিছিল, তাৰ পৰাই মানুহ লৈ আহি ৰাজ্যৰ বিভিন্ন ঠাইত সংস্থাপন কৰি ৰজাঘৰৰ বিভিন্ন দায়-দায়িত্ব প্রদান কৰিছিল। বামুণীকোঁৱৰৰ আলম লৈ সাত ঘৰ বামুণ পৰিয়ালক হাবুঙৰ পৰা আনি ৰাজধানীৰ আশে-পাশে সংস্থাপিত কৰিছিল। এটা সময়ত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তর্ভুক্ত হোৱাৰ দৰে কছাৰী ৰাজ্য, ভূঞা ৰাজ্য, দৰঙীয়া ৰাজ্য আৰু শেষত কোচ ৰাজ্য ‘কমতাপুৰ’ আহোম ৰাজ্যৰ অন্তর্ভুক্ত হৈছিল। কছাৰীসকলৰ এটা ডাঙৰ ফৈদক সোণ উৎপাদনৰ বাবে সোৱণশিৰি আৰু দিহিং নদীৰ আশে-পাশে সংস্থাপিত কৰিছিল। সেই সময়ত আহোম ৰাজতন্ত্রত বিষয়বাৱ, কৰ্মৰ দায়িত্ব বা কর্মস্থাপনৰ অনুপাতে উপাধি প্রদান কৰা হৈছিল। গতিকে সোণ উৎপাদনৰ লগত জড়িত কাৰণে সোনোৱাল। আহোম- কোচৰ সংঘাতৰ সময়ত যুদ্ধত বন্দী হোৱা নামনিৰ বহু কোচ ৰাজবংশী মানুহক উজনি অসমৰ বিভিন্ন ঠাইত মাটি-ভেটি দি সংস্থাপিত কৰিছিল। ব্রহ্মপুত্রৰ উত্তৰ পাৰে বাজ্য পাতি বসবাস কৰা ভূঞাসকলকো একেই পন্থাৰ আনি আহোম ৰাজ্যৰ বিভিন্ন ঠাইত সংস্থাপিত কৰিছিল। আহোম ৰজতন্ত্রই কোনো এখন ৰাজ্য জয় কৰি সেই ৰাজ্য বা প্রজাগণক অতি দূৰদর্শিতা আৰু সচেতনতাৰে নিজ ৰাজ্যত চামিল কৰিছিল। কোনো এটা সম্প্রদায় বা জনগোষ্ঠীক কোনো এডোখৰ ভূখণ্ডত একেলগে বসবাস কৰিবলৈ সুযোগ দিয়া নাছিল ।কোনো এডোখৰ ঠাইত যদি এখন মৰাণ, এখন কছাৰী, এখন চুতীয়া, এখন ভূঞা গাঁৱৰ মাজত দুখন আহোম গাঁও। এটা ভৌগোলিক আৰু ৰাজনৈতিক আবেষ্টনীৰ মাজত একাধিক জনগোষ্ঠীয়ে দীর্ঘকাল ধৰি ওচৰা-উচৰিকৈ বসবাস কৰি অহাৰ পাচত সেই নৃগোষ্ঠীসমূহৰ গাইগুটীয়া ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস ইত্যাদিৰ সংমিশ্রণ ঘটি এটি উমৈহতীয়া ভাষা-সংস্কৃতিৰে জাতিৰ সৃষ্টি হয়। আহোম ৰাজতন্ত্ৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত বহু জনগোষ্ঠীৰ সম্মিলিত জাতিসত্ত্বাই হৈছে আজিৰ অসমীয়া জাতি।
আহোম ৰাজতন্ত্রৰ সময়ৰ এটা উল্লেখযোগ্য ঘটনাটো হ’ল মোগলৰ সোতৰবাৰ অসম আক্রমণ। মোগলে অসমক বিশাল ভাৰতবর্ষৰ ৰাজনৈতিক ধাৰণাৰ লগত সাঙুৰি লোৱাৰ উদ্দেশ্যেৰে অসমক সোতৰ বাৰ আক্ৰমণ কৰিছিল যদিও তেনে কোনো প্রচেষ্টাই সম্ভব হৈ নুঠিল। গুৰুত্বপূর্ণ যে মোগলে কৰা সোতৰবাৰ অসম আক্রমণৰ সময়ত হেজাৰ হেজাৰ মোগল সৈন্য আহোমৰ সম্মিলিত বাহিনীৰ হাতত বন্দী হৈছিল। এই যুদ্ধ বন্দীসকলক আহোম ৰাজযন্ত্রই এক মানবীয় দৃষ্টিভংগীৰে যুদ্ধবন্দীৰ মর্যাদা দি ঘৰ-সংসাৰ চলাব পৰাকৈ সংস্থাপন কৰিছিল, এই আদৰ্শ পৃথিৱীৰ ইতিহাসত বিৰল। যুদ্ধবন্দীসকলে মানবীয় সাহায্য পাব পৰাকৈ কোনো আন্তর্জাতিক আইন-কানুন নথকাৰ সময়তে তৎসত্ত্বেও আহোম ৰাজতন্ত্রই যুদ্ধবন্দীসকলক মানবীয় ব্যৱহাৰ প্রদান কৰিছিল।আনকি বন্দী হোৱা মোগল সৈন্যসকলক থলুৱা ছোৱালী বিয়া-বাৰু পাতি সংসাৰ চলোৱাৰ সুযোগো দিছিল। এনেকৈয়ে তেওঁলোকৰ মনত বিদ্বেষৰ মনোভাৱ সৃষ্টি নকৰাকৈ এদিন হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল। যাৰ বাবে পূর্বে বন্দী হোৱা মোগল সৈন্যবোৰে পৰৱৰ্তী মোগল আক্রমণবোৰত আহোম সৈন্যৰ সপক্ষে প্রতিৰোধ সংগ্ৰামত অৱতীর্ণ হৈছিল।এটা শক্তিশালী জাতি গঢ়াৰ স্বার্থত আহোমসকলে নিজৰ ভাষা, ধর্ম, সংস্কৃতি, কলা-কৃষ্টি বিসর্জন দি জনগোষ্ঠীবোৰৰ সমন্বয়ত গঢ়ি উঠা উমৈহতীয়া ভাষা, ধর্ম, সংস্কৃতি গ্রহণ কৰিছিল। ই জাতি গঠন প্রক্রিয়াৰ বৃহৎ নিদর্শন। ছশবছৰীয়া আহোম সাম্রাজ্যৰ মূল প্রাণকেন্দ্র আছিল আহোম ৰাজতন্ত্রৰ বর্তমান শিৱসাগৰ জিলা। বর্তমান এই জিলাখনত সময়তে সংস্থাপিত হোৱা কেইবাখনো নগা, মণিপুৰী আৰু গাৰো জনগোষ্ঠীৰ গাঁও আছে। কালক্রমত তেওঁলোকেও নিজৰ ভাষা- ধর্ম-সংস্কৃতি বিসর্জন দি অসমীয়াৰ মূলসুঁতিটোৰ সৈতে চামিল হৈছিল। বিশ্বৰ অন্যান্য শক্তিবোৰ বিশ্লেষণ কৰিলে পাওঁ যে ভাৰতবৰ্ষত গঢ়ি উঠা মোগল সাম্রাজ্যৰ সময়ত প্রতাপী ৰজা বাবৰে অনা ইছলামধর্মী লোকসকলৰ ওপৰত জিজীয়া কৰ লগাইছিল। মুঠৰ ওপৰত ইছলাম ধৰ্মৰ বাহিৰে বাকী ধর্মাৱলম্বী লোকসকলে ৰজাঘৰক অধিক কৰ-কাটল দিবলগা হৈছিল। ই ৰজাঘৰীয়াৰ ধৰ্মলৈ প্রজাক ধৰ্মান্তৰিত কৰা প্ৰক্ৰিয়াৰে অংশবিশেষ আছিল। আনহাতে শিল্প-বিপ্লৱৰে সমগ্র বিশ্বত এক নতুন ধাৰা প্ৰস্তুত কৰা, আধুনিকতাবাদী ব্রিটিছসকলে এদিন সমগ্র ভাৰতবৰ্ষ শাসন কৰিছিল দমনমূলক , হত্যা – হিংসা জৰ্জৰিত কাৰ্য্যকলাপৰ জৰিয়তে।শাসনৰ সময়ছোৱাত তেওঁলোকে তেওঁলোকৰ নিজা ধর্ম আৰু ভাষাক অত্যন্ত গুৰুত্ব দিছিল। ইংৰাজী ভাষা ব্যাপক সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বহু হিন্দু,ইছলামধর্মী লোকক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰ কৰিছিল। আনকি ব্রিটিছে ভাৰতবৰ্ষক ক্ষমতা হস্তান্তৰ কৰিছিল কেইটামান চৰ্তৰ বিনিময়তে। মুঠৰ ওপৰত ভাৰতবৰ্ষৰ সাতচল্লিশৰ স্বাধীনতা আছিল এক চর্তসাপেক্ষ স্বাধীনতা। স্বাধীনতা প্রদানৰ চৰ্তবোৰৰ ভিতৰত অন্যতম হ’ল ক্ষমতা হস্তান্তৰ কৰা চৰকাৰখনে বা ভাৰত চৰকাৰে ইংৰাজী ভাষা সম্প্ৰসাৰণ আৰু খ্রীষ্টান ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা প্রদান কৰিব নোৱাৰিব। তাৰ পৰিবৰ্তে আহোম ৰাষ্ট্ৰযন্ত্রই তেওঁলোকৰ নিজৰ ভাষা, ধর্ম, সংস্কৃতি প্ৰজাৰ ওপৰত জোৰ-জুলুমকৈ জাপি দিয়াৰ পৰিবৰ্তে নিজৰ সাতামপুৰুষীয়া ভাষা-ধর্ম, সংস্কৃতি জলাঞ্জলি দি এটা শক্তিশালী জাতি গঢ়া কামত মনোনিবেশ কৰিছিল। এনে উদাৰতাৰ বাবেই হয়তো আহোমসকলে অসমত দীঘলীয়াকৈ প্রায় ছশ বছৰ শাসনত বর্তি থাকিবলৈ সক্ষম হৈছিল। এটা জাতি গঢ়াৰ স্বার্থত আহোম ৰাষ্ট্ৰযন্ত্ৰৰ শাসকবর্গই যি মহানতা প্রদর্শন কৰি গ’ল, সেয়া সঁচাই আদৰণীয়।
এটা শক্তিশালী জাতি গঢ়াৰ স্বার্থত আহোমসকলে নিজৰ ভাষা, ধর্ম, সংস্কৃতি, কলা-কৃষ্টি বিসর্জন দি জনগোষ্ঠীবোৰৰ সমন্বয়ত গঢ়ি উঠা উমৈহতীয়া ভাষা, ধর্ম, সংস্কৃতি গ্রহণ কৰিছিল। চুকাফাই সকলো ধৰ্মকে ভক্তি কৰিছিল। থলুৱা ভাষা,কৃষ্টি,সংস্কৃতিৰ সমন্বয় ঘটাই তেওঁ অসমীয়া জাতিৰ বৰভেটি নিৰ্মান কৰিলে ।তেওঁৰ অধীনত থকা ৰাজ্যক, মানুহবোৰ সকলোৱে নিজৰ নিজৰ ধৰ্মমতে চলাত বাধা পোৱা নাছিল। জোৰ-জুলুম তেওঁ সকলোকে আহোম মানুহ কৰি পেলাবলৈ একেবাৰে যোৱা নাছিল।অকল সেয়ে নহয়, নিজৰ নিজৰ ভাষা, নিজৰ নিজৰ নিয়ম নীতি সংস্কৃতি আদি মানুহবোৰে নিৰ্ভয়ে মানিব পাৰিছিল।সেয়েহে তেওঁৰ বৃহৎ ৰাজ্যখনত থকা মৰাণ বৰাহী চিংফু, কছাৰী, চুতীয়া, ডফলা, মিৰি মানুহবিলাকে স্বাধীনভাৱে থাকিবলৈ পায়-ৰজাক অসীম ভাল পাইছিল। মানুহবিলাকৰ মাজতো একতা আৰু মৰম চেনেহ অপৰিসীম আছিল।ই জাতি গঠন প্রক্রিয়াৰ বৃহৎ নিদর্শন। কছাৰী, চুতীয়া, মটক, বৰাহী, নগা, কমতেশ্বৰ ৰাজ্য জয় কৰা চুকাফা ৰজাই তেওঁলোকক নিজ নিজ ৰাজ্য চলাবলৈ দি যি কৰ আদায় কৰিছিল তাৰ সহায়ত ৰাজধন বৃদ্ধি কৰি ৰাজ্যখনৰ উন্নতিৰ কামত খটুৱাইছিল।আলি-পদূলি বন্ধোৱা, আলিৰ কাষত বাটৰুৱাৰ সুবিধাৰ কাৰণে গছ ৰুই দিয়া, পুখুৰী খন্দোৱা আদি মহৎ কামবোৰ কৰি মানৱতাৰ পৰিচয় দিছিল।বহু মটক, মৰাণ লোকে নিজৰ ইচ্ছাত স্বৰ্গদেউ চুকাফাৰ লগত থাকিবলৈ মন কৰাত তেওঁ ৰাখি থৈ কামত নিয়োগ কৰিছিল।
চুকাফা স্বৰ্গদেউৱে ৩৯ বছৰ নিয়াৰিকৈ ৰাজ্য চলায়। এই সময়ছোৱাত তেওঁ ৰাজ্যখনি জাকত জিলিকা কৰি তোলে। জীয়াই থকা দিনবোৰ অতি পৰাক্ৰমেৰে নিজৰ চিনাকি অটুট ৰাখি তেওঁ ১৮৬৮ চনত স্বৰ্গগামী হয়।