Skip to content

হর্ণবিল উৎসৱ

Janagana Desk
December 11, 20245 second read
Hornbil Festival

ভাৰতীয় ধনেশ পক্ষী অৰ্থাৎ ‘হর্ণবিল’ নামৰ এবিধ আপুৰুগীয়া চৰাইৰ নাম অনুসৰি অনুষ্ঠিত হোৱা ‘হৰ্ণবিল উৎসৱ’ উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম উল্লেখযোগ্য পর্যটন উৎসৱ। উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্গত নাগালেণ্ড ৰাজ্যত উদযাপন কৰা হয় এই উৎসৱ।কোহিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত থকা নাগা ঐতিহ্য গাঁও কিচামাত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। ধনেশ পক্ষীৰ স্থান নগা জনজাতিসমূহৰ সংস্কৃতি আৰু লোকসাহিত্যত অতি গুৰুত্বপূৰ্ণ৷ ২০০০ চনৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা এই উৎসৱটো মূলতঃ নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত, অন্যান্য বেচৰকাৰী সংগঠন আৰু স্থানীয় সম্প্রদায়বোৰৰ সহযোগত অনুষ্ঠিত কৰি আহিছে। নাগালেণ্ড পূর্ণাঙ্গ ৰাজ্যত পৰিণত হোৱা বার্ষিকী উপলক্ষে এই উৎসৱ অনুষ্ঠিত হয়। নাগালেণ্ড ৰাজ্যখন ১৯৬৩ চনৰ পহিলা ডিচেম্বৰত ভাৰত গণৰাজ্যৰ ষষ্ঠদশ ৰাজ্যত পৰিণত হয়। ইয়াৰ আগতে ই অসমৰ অন্তৰ্গত আছিল। সপ্তাহজুৰি অনুষ্ঠিত হোৱা এই উৎসৱত নাগালেণ্ডৰ সকলো জনসাধাৰণ একত্ৰিত হৈ এক মেলামুখৰ পৰিৱেশ সৃষ্টি কৰে; য’ত চুবুৰীয়া ৰাজ্যকেইখনৰ লগতে দেশ-বিদেশৰ পৰ্যটকসকল সমবেত হয় আৰু নাগালেণ্ডৰ জনগোষ্ঠীসমূহৰ বাৰে-ৰহণীয়া সংস্কৃতি, হস্তশিল্প, স্থানীয় খেল-ধেমালি আদি উপভোগ কৰে। এই মেলাত নাগালেণ্ডৰ পৰম্পৰাগত থলুৱা শিল্পকলাৰ বিভিন্ন ধৰণৰ মনোমোহা সামগ্রীও প্রদর্শন কৰা হয়। এইবোৰৰ উপৰি উৎসৱৰ দিনকেইটাত বিভিন্ন ধৰণৰ পুষ্পসজ্জা, সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত নৃত্য-গীত, ফেশ্বন শ্ব’, সৌন্দৰ্য প্রতিযোগিতা, পৰম্পৰাগত ধনুর্বিদ্যা, নাগা মালযুঁজ, সংগীতানুষ্ঠান আদিৰো আয়োজন কৰা হয়। উৎসৱ উপলক্ষে সচৰাচৰ নেদেখা কিছুমান আকর্ষণীয় খেল, যেনে- তেল ঘঁহি পিছল কৰি থোৱা বাঁহত বগোৱা খেল, ভোট জলকীয়া ভোজন আদিৰ দৰে আকৰ্ষণীয় খেলে পর্যটকসকলক যথেষ্ট আকৰ্ষিত কৰে। আনহাতে মেলা উপলক্ষে দিয়া বিপণীসমূহত স্থানীয় বনৌষধি পোৱা যায় আৰু সেইবোৰে সকলো লোককে আকর্ষণ কৰে। পৰ্যটকসকলে মেলাৰ বিপণীসমূহৰ পৰা অতি মিহি মিহি নগা হস্তশিল্পজাত সামগ্রী, নাগা সাজ-পাৰ, অলংকাৰ আদি ক্ৰয় কৰাৰ সুবিধা আছে।

নাগালেণ্ডত মুঠতে ১৬ টা প্রধান জনগোষ্ঠী আৰু অন্যান্য বহুতো উপ- জনগোষ্ঠী আছে। তেওঁলোক সকলোৱে নিজা নিজা সাংস্কৃতিক পৰম্পৰা আৰু ৰীতি- নীতিসমূহ বিভিন্ন ধৰণৰ স্বকীয় কলা প্ৰদৰ্শনেৰে উজ্জীৱিত কৰি ৰাখিবলৈ হৰ্ণবিল উৎসৱৰ জৰিয়তে সক্ষম হৈছে বুলি ক’ব পাৰি। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে এই উৎসৱত অংশ গ্রহণ কৰা যিকোনো এখন গাঁৱে পুনৰ প্ৰায় ৪০-৫০ বছৰৰ পাছতহে পুনৰ উৎসৱত অংশ গ্ৰহণৰ সুযোগ লাভ কৰে। কিয়নো, প্রতিবছৰে একো একোটা বিশেষ জনজাতি বসতিপূর্ণ এখন গাঁৱহে এই উৎসৱত যোগদান কৰাৰ সুবিধা পায়। সি যি নহওক, হর্ণবিল উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ এক বর্ণাঢ্য পর্যটন উৎসৱ আৰু বহিঃ ৰাজ্যৰ পৰ্যটকক এই উৎসৱে আকৰ্ষিত কৰিবলৈ হৈছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top