Skip to content

অসমৰ কৃষিখণ্ডৰ বাবে আন এক সংকেত: ক্ৰমাৎ হ্ৰাস পাব ধৰিছে অসমৰ কৃষিভূমি

Dr Netraranjan
December 26, 20247 second read
Depleting Agricultural Land in Assam

কৃষি হ’ল অসমৰ অৰ্থনীতিৰ মূল আধাৰ। কৃষিভূমি বা কৃষি উৎপাদন হ্রাস পোৱা মানে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পৰা; কিন্তু এই সময়তে প্রকাশ পাইছে এক উদ্বেগজনক খবৰ। অসমত বিগত ১৩ বছৰত হ্রাস পাইছে ১৯ লাখ বিঘাৰো অধিক কৃষিভূমি। ২০২৪ৰ উত্তৰ-পূব পৰিষদৰ বাৰ্ষিক প্রতিবেদন অনুসৰি অসমত প্রধান শস্য ধান খেতি কৰা মাটিৰ পৰিমাণ যোৱা ১৩ বছৰত দুই লাখ ৬২ হেজাৰ হেক্টৰ হ্রাস পাইছে। বিঘা হিচাপত ধৰিলে এই পৰিমাণ হ’বগৈ ১৯.৬৫ লাখ বিঘা। ২০১০-১১ বর্ষত ধানখেতি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ২৫.৭০ লাখ হেক্টৰ কৃষিভূমি। অন্যান্য কৃষি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল দুই লাখ হেক্টৰ কৃষিভূমি অর্থাৎ মুঠ খাদ্য শস্যৰ খেতি কৰা হৈছিল ২৭.৬৬ লাখ হেক্টৰ ভূমিত। ইয়াৰ বিপৰীতে ২০২৩-২৪ বর্ষত ৰাজ্যত ধান খেতি কৰা হয় ২৩.০৮ লাখ হেক্টৰ ভূমিত আৰু মুঠ খেতিৰ পৰিমাণ হ’ল ২৫.৮৩ লাখ হেক্টৰ ভূমি। অর্থাৎ এই কৃষিভূমি হ্রাসে কঢ়িয়াই আনিছে অসমৰ কৃষিখণ্ডলৈ এক অশনি সংকেত। কিন্তু এনেবোৰ দিশত গুৰুত্বহীন চৰকাৰ ব্যস্ত গৰু, গাহৰি মাংসৰ দৰে টুলুঙা কথাৰে জনসাধাৰণক বিভ্রান্ত কৰাত।

অসমৰ কৃষিভূমি সংকোচনৰ অন্যতম কাৰণ হ’ল কৃষিভূমিত বিভিন্ন উদ্যোগ, কাৰখানা স্থাপন, নগৰীকৰণ, উন্নয়নৰ কামত কৃষিভূমি দখল আদি। দেখা গৈছে বিগত সময়ত অসমত যথেষ্ট কৃষিভূমি উদ্যোগ, কাৰখানা স্থাপনৰ বাবে দখল হৈছে। ইটা ভাটাৰ কথাই ধৰক। ইটাভাতা এটা বহুবালে য’ত ইটাভাটা বহুৱাব সেই মাটি কৃষিৰ বাবে অনুপযোগী বুলি প্রমাণপত্র লাগে। কিন্তু ভুৱা প্ৰমাণপত্ৰৰে অসমৰ খেতিপথাৰত ইটাভাটা বহুবাই থকা হৈছে। এটা ইটাভাটা পথাৰত বহুৱালে কাষৰীয়া মাটি অনুৰ্বৰ হৈ পৰে। ফলত কৃষকে ইটাভাটাৰ মালিকৰ ওচৰত মাটি বিক্রী কৰিব লাগে। এনেদৰে ইটা ভাটাৰ গ্ৰাসত পৰিছে অসমৰ বহু পথাৰ, এয়া উদাহৰণহে। চিমেন্ট কাৰখানাকে ধৰি বিভিন্ন উদ্যোগ কাৰখানা কৃষিভূমিত স্থাপন হৈয়ে আছে। ৰাজনৈতিক আৰু পুঁজিপতিৰ বুজাবুজিত ব্যাপক কৃষিভূমি ঔদ্যোগিক ভূমিলৈ বৰূপান্তৰ হৈছে।

আনহাতে কৃষিখণ্ডৰ বাবে আন এক সংকেত হৈছে কৰ্প’ৰেটক দিয়াৰ ষড়যন্ত্র বিজেপি শাসনত জালুকবাৰীৰ পৰা টিছলৈ আৰু জালুকবাৰীৰ পৰা কুকুৰমাৰালৈ ৰাষ্ট্ৰীয় দুয়োকাষে ঔদ্যোগিক পৰিমণ্ডল ঘোষণা কৰা হ’ল, য’ত নেকি বেছিভাগে কৃষিভূমি। ইয়াৰ উপৰি চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, ৰাস্তাঘাট নির্মাণ আৰু বহল কৰা, ৰেলপথকে ধৰি বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে হেজাৰ হেজাৰ কৃষিভূমি অধিগ্রহণ কৰা হ’ল।

আনহাতে, ৰাজ্যত কৃষিভূমি হ্রাস পোৱাৰ অন্যতম কাৰণ হ’ল গৰাখহনীয়া। ৰাজ্যত চিনাক্ত কৰা ২১৭টা খহনীয়া আক্রান্ত অঞ্চলেই কৃষিভূমিলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। নিশাৰ ভিতৰতে একোখন সোণগুটি গজা পথাৰ নদীৰ বুকুত নিশ্চিহ্ন হৈছে। চৰকাৰী তথ্যমতে ৰাজ্যত মাত্র পাঁচ বছৰত ন হেজাৰৰো অধিক পৰিয়ালে ঘৰ-মাটি হেৰুৱাই সর্বস্বান্ত হ’ব লগা হৈছে। ৰাজ্যৰ ১৬খন জিলাত খহনীয়াৰ দ্রুতসংহাৰ অব্যাহত আছে।

কৃষিভূমি হ্রাস পোৱাৰ বিপৰীতে ৰাজ্যত উৎপাদন কমিব। যিহেতু ধান অসমৰ মূল অৰ্থকৰী শস্য সেয়ে ধানৰ উৎপাদন কমি যোৱাৰ লগে লগে অসমৰ স্বাৱলম্বী অর্থনীতি ভাঙি পৰিব। অসমৰ গ্রামাঞ্চলৰ আজিও মূল কৃষি ভিত্তি হ’ল ধান খেতি। যদি ধান খেতি কৰা মাটি নোহোৱা হয় তেনেহ’লে গ্রাম্য অর্থনীতিৰ ভেটি তচনচ হৈ যাব। ইতিমধ্যে যোৱা দুটা বছৰত ধানৰ উৎপাদন হ্রাস হোবা পৰিলক্ষিত হৈছে চৰকাৰে ন্যূনতন সমর্থন মূল্যত ধান ক্রয়ৰ ব্যবস্থা কবি কেইটামান সংস্থাক ধান ক্রয়ৰ দায়িত্ব দিছিল যদিও চৰকাৰে নির্ধাৰণ কৰা পৰিমাণৰ ধান ক্রয় কেন্দ্রলৈ নাহিল। য’ত লাখ লাখ বিঘা ধান খেতিৰ মাটিয়ে নোহোৱা হ’ল তাত ধানৰ উৎপাদন বাঢ়িব কৰ পৰা।

আনহাতে, আন কিছু কাৰণত বহু কৃষিভূমি অনাকৃষিভূমিলৈ ৰূপান্তৰ হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমান বাঢ়িছে বৰষুণ কমিছে, অথচ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে অসমত খেতি কৰিব লগা হয়। বৰষুণৰ পৰিমাণ কমি যোৱা আৰু চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ দুৰৱস্থাৰ বাবে বহু কৃষিভূমি কৃষি অনুপযোগী হৈ পৰিছে।

আচলতে যদি অসমত কেবল মাত্র ধান খেতিৰ মাটিত পর্যপ্ত জলসিঞ্চনকে ধৰি অন্যান্য সুবিধা প্রদান আৰু ধান খেতিৰ মাটি সুৰক্ষিত কৰা হ’ল হয় তেনেহ’লে অসমৰ কৃষি অর্থনীতি অকল ধানে ধৰি ৰাখিব পাৰিলে হয়। কিন্তু কোনো এখন চৰকাৰে সেই দিশত গুৰুত্ব নিদিলে। বৰঞ্চ ১৩ বছৰত ১১ লাখ বিঘা ধান খেতিৰ মাটি বিলুপ্ত হ’ল যিটো অতি ভয়ংকৰ কথা। চৰকাৰে যদি কৃষিভূমি বণিয়াক গতোৱা আৰু বিকাশৰ নামত অধিগ্রহণ তথা অকৃষিজাত কামত ব্যৱহাৰ প্ৰতিৰোধ কৰিব নোৱাৰে আগন্তুক সময়ত আৰু হয়তো পৰিৱেশ ভয়ংকৰ হ’ব। আচলতে জনতাৰ চৰকাৰে গুৰুত্ব দিব লাগিছিল এনেবোৰ বিষয়ত; কিন্তু চৰকাৰ ব্যস্ত আছে সস্তীয়া কিছুমান কাম-কাজত। এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্রহণ নকৰিলে। ফলত অনাগত দিনত আৰু বহু কৃষিভূমি যে নিঃশেষ হ’ব সেয়া নিশ্চিত।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top