মানৱ জাতিৰ ইতিহাস মানেই প্রব্রজনৰ ইতিহাস। বিশ্বৰ প্ৰায়বোৰ অঞ্চলৰ জনগাঁথনি বৈধ বা অবৈধ প্রব্রজিত লোকৰ জনগাঁথনি। ভাৰতবৰ্ষত প্ৰব্ৰজন হৈছে এটি গুৰুত্বপূর্ণ সামাজিক, আৰ্থিক, আৰু ৰাজনৈতিক বিষয়। ভাৰত, বিশ্বৰ ভিতৰত প্ৰব্ৰজনৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰি আছে। ভাৰতত অভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন দুয়োটা বেছি লক্ষ্যণীয়।
ভাৰতবর্ষৰ স্বাধীনতাৰ পাছৰে পৰা প্রতিবেশী ৰাষ্ট্র পাকিস্তান, ম্যানমাৰ, নেপাল, ভুটান আৰু তিব্বতৰ পৰা লাখে লাখে লোক বৈধ-অবৈধভারে প্রৱেশ কৰি জনসংখ্যা বৃদ্ধি কৰি সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ অসম আৰু ত্রিপুৰাত প্রভাব পেলাইছে। জনজাতীয় ৰাজ্য ত্রিপুৰাত বর্তমান অজনজাতীয় ৰাজ্যলৈ পৰিণত হৈছে। ১৬৫ শতাংশ লোক অজনজাতীয় হোৱাৰ লগতে সৰহসংখ্যক বিদেশী প্রব্রজনকাৰী বুলি তথ্য প্রকাশ পাইছে।
বাংলাদেশৰ স্বাধীনতাৰ সময়ত দেশখনৰ বহু ভগনীয়া লোকে উত্তৰ পূর্বাঞ্চলত প্রৱেশ কৰে। প্রায় ১০ নিযুত বাংলাদেশৰ ভগনীয়া ভাৰতত প্রবেশ কৰিছিল। পূব-পাকিস্তানৰ পৰা বাংলাদেশ জন্ম হোৱাৰ পিছত মাত্র ১.৫ নিযুত ভগনীয়াহে নিজৰ দেশলৈ উভতি গৈছিল। ইয়াত থাকি যোৱা এক বৃহৎ অংশৰ বোজা উত্তৰ- পূর্বাঞ্চলে বহন কৰি আহিছে। তাৰ ভিতৰত অসমেই অধিক বোজা বহন কৰি আছে। বাংলাদেশৰ স্বাধীনতাৰ ৫২ বছৰৰ পাছতো দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অর্থনৈতিক অস্থিৰতাৰ বাবে বহু নাগৰিকে ভাৰতত প্রবেশ কৰিবলৈ সুবিধা বিচাৰি থাকে। উত্তৰ-পূর্বাঞ্চলৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰসমূহৰ পৰাও প্রব্রজন বিৰামহীনভাবে চলি আছে। ম্যানমাৰ, ভুটান আৰু নেপালৰ পৰাও এই অঞ্চললৈ প্রব্রজন ঘটিছে। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত ম্যানমাৰৰ পৰা বহু লোক মণিপুৰত প্রবেশ কৰি পাহাৰীয়া অঞ্চলত বসতি কৰিবলৈ লৈছিল। ১৯৫১ চনত মণিপুৰী আৰু প্ৰব্ৰজনকাৰী লোকৰ সংখ্যাৰ অনুপাত আছিল ৯০১১০ আৰু বর্তমান সেই অনুপাত ৫৫১৪৫ হৈছে। মণিপুৰৰ ডাঙৰ ব্যৱসায়িক ক্ষেত্রখনত সেই সকলৰ প্রভুত্ব বেছি। ২০০৬ চনত মণিপুৰৰ গৃহ মন্ত্রীয়ে বিধানসভাত কৰা ঘোষনা অনুসৰি সেই সময়ত ২৫০০০ প্রব্রজনকাৰীৰ বোজা ৰাজ্য চৰকাৰে বহন কৰি আছে। ১৯৯১ চনত ভূটানত হোৱা জাতিগত হিংসাত্মক ঘটনাৱলীৰ বাবে যথেষ্ট পৰিমাণে নেপালী জনগোষ্ঠীৰ লোকসকল উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে।
অসমলৈ বিভিন্ন কাৰণত মানুহ প্ৰব্ৰজিত হৈছিল। যেনে ইয়াৰ সাৰুৱা ভূমিৰ প্ৰতি আকৰ্ষণ, ইয়াৰ ভৌগোলিক অৱস্থিতি, প্ৰাকৃতিক সম্পদৰ সহজলভ্যতা আদি। অসমত প্ৰায় ২০০০ খ্ৰী:পূ:ৰ পৰাই প্ৰব্ৰজন আৰম্ভ হয়। তেতিয়াৰ অসম আৰু এতিয়াৰ অসমৰ মাজত বৃহৎ তফাৎ আছে।সেই সময়ৰ অসমত অষ্ট্ৰেলীয়, মঙ্গোলীয় তথা ককেছীয় প্ৰজাতিৰ লোকে বসবাস কৰিছিল।
অসমৰ দৰে ভৌগোলিকভাৱে অকলশৰীয়া আৰু তুলনামুলকভাৱে কম সচেতন লোকেৰে গঠিত অসম নামৰ প্ৰদেশখনক কেন্দ্ৰীয় চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে। অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ হাততহে আছে। এই সমস্যাৰ দীৰ্ঘস্থায়িতাৰ সম্ভেদ পায় প্ৰাক্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে তদানীন্তন প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুক অনুৰোধ জনাইছিল। কিন্তু তেওঁ বৰদলৈক ঠেক মনোবৃত্তিৰ বুলি তিৰষ্কাৰ কৰি পঠাই দিছিল। বৰ্তমানলৈকে অসমৰ সীমান্ত চীল কৰা নহ’ল। ১৭৮৯ চনত ঔপেনিৱেশিকতা স্থাপন, ১৮২৫ চনৰ ইয়াণ্ডাবু সন্ধি, ১৯০৫ চনৰ বংগ ভংগ তথা ভাসানীৰ আন্দোলনৰ সময়ত ইনাৰ লাইন পাৰমিট উঠাই দিয়া-এই সকলোবোৰ পৰোক্ষভাৱে অসমৰ অনুপ্ৰৱশ সমস্যাৰ বাবে দায়ী। সেয়ে,বৰ্তমান উন্মুক্ত সীমান্তৰ কাইটিয়া তাঁৰ পাৰ হৈ নিতৌ বিদেশীৰ অহা-যোৱা চলে ৰাজ্যখনলৈ। অসমলৈ হোৱা বৃহৎ অনুপ্ৰৱেশকেইটা হৈছে-দেশ বিভাজনৰ পাছত হোৱা ধৰ্মীয়-সাম্প্ৰদায়িক হিন্দু বঙালী, বৌদ্ধৰ অনুপ্ৰৱেশ, ১৯৫০ চনত ইন্দো নেপাল সন্ধিৰ ফলত হোৱা নেপালীৰ প্ৰব্ৰজন, ১৯৫০ চনত নেহৰু-লিয়াকৰ প্ৰব্ৰজনৰ পাছত হোৱা প্ৰব্ৰজন,১৯৭১-৭৩ চনলৈকে হোৱা হিন্দু-মুছলমান অনুপ্ৰৱেশ ইত্যাদি। অনুপ্ৰৱেশৰ ফলত অসমত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।তাৰে ভিতৰত জনগাঁথনিৰ সমস্যা,আৰ্থ-সামাজিক সন্ত্রাসবাদ, দৰিদ্ৰতা, সংস্থাপনহীনতা আদি প্ৰধান। অসমত বৰ্তমানেও প্ৰসূতিৰ মৃত্যুত প্ৰথম আৰু নৱজাতকৰ মৃত্যুত দ্বিতীয়। তেনেস্থলত আমি অনুপ্ৰৱেশকাৰীৰ বোজা ল’বলৈ সক্ষমনে ?
এন.আৰ.চি.ৰ শেহতীয়া তথ্য মতে অসমৰ ৩৩ মিলিয়ন মানুহৰ ভিতৰত ১.৯ মিলিয়ন মানুহৰ অৱস্থিতি অবৈধ। কিন্তু বিষয়ৰ গভীৰতালৈ চিন্তা কৰিলে দেখা পাম, প্ৰকৃততে এই ১.৯ মিলিয়ন লোকক স্বগৃহলৈ ঘূৰাই পঠিওৱাওটো সম্ভৱ হ’বনে? বা চৰকাৰে ভোট বেংকৰ স্বাৰ্থত তেওঁলোকক ঘূৰাই পঠিয়াবনে ? জাতি মাটি ভেটি ৰক্ষা কৰাৰ অংগীকাৰ কৰা চৰকাৰে সকলো বিদেশী অনুপ্ৰৱেশকাৰীক টালি টোপোলা সহ বহিষ্কাৰ কৰা আশ্বাস দিঠকত পৰিণত হব নে ?