“১৬ মে’ কে বাদ আসাম মে এক হি বাংলাদেশী নেহি ৰহেংগে…. সব কোচ সামান লেকৰ যানা পৰেগা… য়ে লিখ কৰ ৰখিয়ে…”
এয়া আছিল ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ এটা অংশ। য’ত তেওঁ উল্লেখ কৰিছিল ১৬ মে’ৰ পাছত অসমত এজনো বাংলাদেশী নাথাকে, সকলোৱে টালি-টোপোলা লৈ যাব লাগিব এই কথা লিখি ৰাখক। তেতিয়াৰ পৰাই অসমৰ এক জলন্ত সমস্যা বুলি গণ্য কৰা বিদেশী সমস্যা কেন্দ্ৰত মোদী চৰকাৰ আহিলেই দূৰ হ’ব বুলি ভাবিয়েই ঐতিহাসিক দিন হিচাপে ডায়েৰিত লিপিৱদ্ধ কৰি ৰাখিছিল। এনেকৈয়ে পাৰ হল ১১ টা বসন্ত। সকলোৱে এই দিনটোত আশাৰে বাট চাই ৰৈ আছিল কিন্তু বাস্তৱত এক শূণ্য প্ৰতিচ্ছবি।
মোদীৰ সেই ঘোষণাই অসমবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল সঁচা কিন্তু প্ৰকৃততে, এই ১১ বছৰত কিমানজন বাংলাদেশীয়ে সঁচাকৈয়ে অসম তথা ভাৰতৰ আন ৰাজ্যসমূহ এৰি দেশৰ পৰা ওলাই গ’ল? এইটো আজি এক লাখটকীয়া প্ৰশ্ন।
অসাৰ অসম চুক্তি, অসাৰ ‘বাংলাদেশীৰ টালি-টোপোলা বন্ধা দিৱস’। অসম চুক্তি ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাক্ষৰিত হৈছিল, যাৰ মূল উদ্দেশ্য আছিল অসমলৈ অবৈধভাৱে প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰা। চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ বছৰ অতিক্ৰম কৰাৰ পিছতো, ইয়াৰ সম্পূৰ্ণ ৰূপায়ণ সন্দৰ্ভত বিভিন্ন বিতৰ্ক আৰু মতভেদ বিদ্যমান। বিদেশী নাগৰিকৰ প্ৰব্ৰজনে সৃষ্টি কৰা সমস্যাই শতবর্ষ গৰকি গ’ল। যোৱা প্রায় ৪০টা বছৰত মুঠ ৮খন চৰকাৰে অসম শাসন কৰিলে। কিন্তু পূৰণ নহল এই চুক্তিৰ সেই উদ্দেশ্যে।
২০২৫ চনৰ ৩ মাৰ্চৰ বিধানসভাৰ তথ্য মতে, চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈকে অসম চুক্তিৰ আধাৰত ৰাজ্যত ১,৬৫,৯৯২জন বিদেশীক চিনাক্ত কৰা হৈছিল। ৩০,১১৫জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা মুঠ গোচৰৰ সংখ্যা ৪,৩৬,০৪৬টা। ইয়াৰে নিষ্পত্তি হোৱা গোচৰ হ’ল ৩,৪৮,০১৪টা। ৮৫,০২৪জন ঘোষিত বিদেশী পলাতক হৈ আছে।
অসমলৈ অবৈধভাবে অহা বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা চুক্তিৰ ৪০টা বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত ইয়াৰ স্থিতিক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰৰ শেহতীয়া তথ্য মতে, যোৱা ৪০টা বছৰত ১.৬৫,৯৯২জন বিদেশীক চিনাক্ত কৰা হ’ল। ৩০,১১৫জন বিদেশীক বহিষ্কাৰ কৰা হ’ল। বিদেশী হিচাপে চিনাক্ত হোৱা ৮৫,০২৪জন বর্তমান পলাতক। ২০১৭ চনৰ ৪ ছেপ্টেম্বৰৰ বিধানসভাত প্রকাশিত তথ্য মতে, ২০১২-১৩ বর্ষব পৰা ২০১৬-১৭ বর্ষলৈ ৫টা বছৰত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ নামত ব্যয় কৰা হৈছে ৮৩,৩০,৯৫,০১৪ টকা। ৮৩ কোটি ৩১ লাখ টকা ৫ বছৰত ব্যয় কৰা হ’ল। তথাপিও অসাৰ হৈ ৰল এই চুক্তি। বিদেশী চিনাক্তকৰণৰ নীতি আৰু ৰাজনৈতিক সদিচ্ছাৰ অভাৱ দেখা পোৱা গল , ১৯৭১ৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি অস্পষ্ট। বাংলাদেশৰ সৈতে ১০০% সীমান্ত সুৰক্ষাৰ ব্যৱস্থা নথকাৰ ফলত এতিয়াও অবৈধ অনুপ্ৰৱেশ অব্যাহত।
অসম চুক্তিৰ মূল বিষয়টোৱেই হ’ল অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু অসমৰ পৰা বহিষ্কাৰ কৰা কিন্তু সেইয়া কাৰ্য্যত দেখা পোৱা নগল। কিন্তু এক নিশ্চিত ব্যৱস্থা গ্রহণ কৰাৰ সময় আহি পৰিছে। অন্যথা এই গুৰুত্বপূর্ণ বিষয়টো ক্ষমতাকেন্দ্রিক ৰাজনৈতিক ব্যক্তিৰ এক ৰাজনৈতিক অস্ত্র হৈয়েই থাকিব। ক্ষতি হ’ব অসমৰ সমাজ জীৱনৰ, ভবিষৎ প্ৰজন্মৰ। অসমৰ ওপৰত বিদেশী নাগৰিকৰ প্ৰব্ৰজনে সৃষ্টি কৰা সমস্যাই শতবৰ্ষ গৰকি গ’ল। অবৈধ প্ৰব্ৰজনৰ বিষয়টোক ৰাজনৈতিক, সাংবিধানিক তথা প্ৰশাসনিকভাবে গুৰুত্ব প্ৰকাশ কৰাৰো ৭৫ বছৰ অতিক্ৰম কৰিলে। সমস্যা সমাধানৰ বাবে কৰা দাবীত হ’ৱা অতি শক্তিশাক্তি অসম আন্দোলনৰ আৰম্ভণিৰ পৰা ৪৬ বছৰ অতিবাহিত হ’ল। এতিয়া সময় নিৰ্ধাৰিত ব্যবস্থা গ্ৰহণ কৰা প্ৰয়োজন।
সঁচাকৈয়ে অসাৰ হৈ থাকিল অসম চুক্তি, অসাৰ হৈ থাকিল ‘বাংলাদেশীৰ টালি-টোপোলা বন্ধা দিৱস’।