“পথাৰ আমাৰ, বজাৰ আমাৰ”—শব্দটো শুনিলেই যেন কৃষি, জাতি আৰু গৌৰৱৰ এক সংহত সুৰ বাজি উঠে। ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ যেন নতুন প্ৰজন্মৰ বাবে কৃষি, ভূমিস্বত্ব আৰু আত্মনির্ভৰশীলতাৰ এক দৃঢ় আহ্বান। কিন্তু যেতিয়া পৰিসংখ্যাগত দিশত চালে দেখা যায়। এই শ্ল’গানৰ উচ্ছ্বাস যেন বাস্তৱতাৰ বালিচৰত ডুব গৈছে। বিভিন্ন প্ৰতিষ্ঠানিক অধ্যয়ন স্পষ্টকৈ দেখুৱাউছে যে শ্লোগানৰ গগনভেদী প্ৰতিধ্বনিতকৈ বহু গুণে হ্ৰাস হৈছে কৃষিভূমিৰ। কিন্তু এই শ্ল’গান উচ্চাৰণৰ পিছফালে লুকাই আছে বাস্তৱৰ কৰুণ ছবি। উত্তৰ-পূব পৰিষদৰ অধ্যয়নে দেখুৱাইছে, কেৱল ১৩ বছৰত অসমত হ্ৰাস পাইছে ২.৬২ লাখ হেক্টৰ কৃষিভূমি। যোৱা ৫ বছৰতহে হেৰাল ৫০,০০০ হেক্টৰ খেতি মাটি। এনে সময়তে এই শ্ল’গান কিমান প্ৰাসঙ্গিক?
অসমত কৃষিৰে পথাৰ উপচাই স্বাভিমানী হোৱা মানুহে যুগে যুগে জাতিগত জাতীয়তাবাদৰ প্ৰতীক হৈ উঠিছে। কৃষিয়ে ই হৈছে সেই ভেটি, যিয়ে অসমীয়াৰ অৰ্থনীতি, সংস্কৃতি আৰু স্বভিমান গঢ়ি তুলিব পাৰে। “পথাৰবোৰ যেতিয়া নিজৰ হ’ব, তেতিয়াহে বজাৰবোৰো নিজৰ হ’ব”—এই বাক্যত যেন ধ্বনিত হয় ভূমিস্বত্বৰ পৰা বজাৰস্বত্বলৈ যোৱাৰ সংগ্রাম। ভিন্ন প্রজাতিৰ ধানেৰে শুৱনি হৈ থকা পথাৰখন এদিন অসমৰ আত্মপৰিচয় আৰু গৌৰৱৰ প্ৰতীক আছিল। কৃষকৰ মাটিত পৰা ঘামৰ প্ৰতিটো বিন্দুত অংকুৰিত হৈছিল অসমীয়াৰ জাতিৰ গৌৰৱৰ বীজ। কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত, যেতিয়া কৃষিভূমি বছৰি লাখ লাখ বিঘা হাৰত হ্ৰাস পাইছে, যেতিয়া কৃষিকর্মলৈ যুৱসমাজৰ আগ্ৰহৰ অভাৱ দেখা গৈছে তেতিয়া এই শ্ল’গান কিমানটা মাটিৰ সংলগ্ন? প্ৰশ্ন উঠিছে—কি হ’ল সেই পথাৰ, যাৰ নামত বজাৰৰ অধিকাৰৰ কল্পনা কৰা হৈছে?যুৱ প্ৰজন্ম দৌৰিছে চাকৰিৰ পিচত, পৰিয়ালেও কৃষিক এক অবাঞ্ছিত পেছা বুলি গণ্য কৰিছে। নগৰে-চহৰে মাত্রাধিক চর্চিত শ্ল’গানৰ বিষয়বস্তুক লৈ আজি নতুন প্রজন্ম কিমান সচেতন ? মানুহে পাহৰি গৈছে যে অসমীয়াৰ শিপা হ’ল কৃষি, য’ত নাঙলৰ সীৰলুতেই আছিল স্বভিমানৰ চূড়ান্ত প্ৰতিফলন। কৃষিৰ পৰা অসমৰ অর্থনৈতিক ভেটি যে নির্মাণ হৈছে সেই কথা আজি অসমীয়াই পাহৰিবলৈ আৰম্ভ কৰিছে।
অসমত শ শ ভুৱা কৃষক আছে, তাৰ জ্বলন্ত প্রমাণ পি এম কৃষাণ কল্যাণ নিধি আঁচনিখন। প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ নিধি আঁচনিৰ তদন্তত স্পষ্ট হৈছে যে বহু ভুৱা কৃষকে কোটি কোটি টকাৰ অনুদান আত্মসাৎ কৰিছে। এই ভুৱা কৃষকৰ বাবেই প্রকৃত কৃষক আঁচনিৰ পৰা বঞ্চিত হৈছে। প্রকৃত কৃষকক বঞ্চিত কৰি কল্যাণ নিধিৰ ধন আত্মসাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰা ভুৱা কৃষকসকলে আমাৰ পথাৰ আমাৰ বজাৰ শ্ল’গান বাস্তবায়িত কৰিব পাৰিবনে?
বহু ক্ষেত্ৰত স্থানীয় বুদ্ধিজীৱী, বণিক, উদ্যোগপতি অথবা কৃষকসকলৰ স্থান লৈছে বহিঃৰাজ্যৰ ব্যৱসায়ীক গোট। এই পৰিস্থিতিৰ মূল কাৰণ হৈছে অসমীয়া জাতিৰ হ্ৰাস পোৱা কৰ্মর্স্পৃহা, ৰাজনৈতিক ষড়যন্ত্ৰ। প্রায় সত্তৰ শতাংশ লোক পৰোক্ষ আৰু প্রত্যক্ষভাবে কৃষিৰ ওপৰত নির্ভৰশীল। সত্তৰ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পাছতো ৰাজ্যত বিগত সময়ছোৱাত কৃষি ভূমি হ্রাস পালে ১৬ লাখ বিঘা ভূমি। এটা সময়ত অসমৰ কৃষি ভূমিত বিভিন্ন শস্যৰে জয়জয়-ময়ময় হৈ আছিল সেই ভূমিও কৃষকৰ স্পর্শহীন হৈ শ শ ভূমি ছন পৰি ৰৈছে। বিগত ২০ ২৪ বর্ষত উত্তৰ-পূৱ পৰিষদে আঠ ৰাজ্যৰ পাঁচটা বৰ্ষৰ খাদ্য-শস্য ৰোপণ কৰা কৃষিভূমিৰ ওপৰত চলোবা অধ্যয়নত উদ্বেগজনক তথ্য পোহৰলৈ আনিছিল। আঠ ৰাজ্যৰ ভিতৰত অসমখন অন্তর্ভুক্তি কৰি উত্তৰ-পূব পৰিষদে অসমৰ প্রধান শস্য ধান খেতিৰ ওপৰত চলোৱা অধ্যয়নত ১৩ বছৰত ২.৬২ লাখ হেক্টৰ কৃষি ভূমি হ্রাস পোৱাৰ উদ্বেগজনক তথ্য উন্মোচন কৰিছিল। বিঘাৰ হিচাপতে কৃষিভূমি হ্রাস পাইছে ১৯.৬৫ লাখ বিঘা। এই বৃহৎ পৰিসংখ্যা কৃষিভূমি শস্যব উপভোগী ভূমি হোবা সত্ত্বেও কৃষিকর্মৰ প্রতি অনীহা হোৱাৰ পৰিণতিত হ্রাস পাইছে। কৃষিকর্ম লাভজনক বুলি জনাব পাছতো অসমত কৃষি ভূমি হ্রাস পোৱাতো অত্যন্ত চিন্তনীয় বিষয়। আমাৰ পথাৰ আমাৰ বজাৰ বুলি একাংশয়ে শ্ল’গান দি অহাত সন্ধিক্ষণতেই ৰাজ্যত ১.৮৩ লাখ হেক্টৰ অর্থাৎ ১৩.৭২ লাখ বিঘা কৃষিভূমি হ্রাস পাইছে। এয়া অসমৰ কৃষি ক্ষেত্ৰৰ বাবে এক উদ্বেগজনক বিষয়। ৰাজ্যখনত ২০১০-১১ বর্ষত ধান খেতি কৰিবলৈ কৃষকে ব্যৱহাৰ কৰিছিল ২৫.৭০ লাখ হেক্টৰ কৃষিভূমি। আন খেতিৰ বাবে ব্যৱহাৰ কৰিছিল ২ লাখ হেক্টৰ কৃষিভূমি। উক্ত বর্ষত কৃষকে খাদ্য-শস্য ৰোপণ কৰিবলৈ ব্যৱহাৰ কৰাত ভূমিৰ পৰিমাণ আছিল ২৭.৬৬ লাখ হেক্টৰ ভূমি। ইয়াৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত অসমৰ কৃষকে ধান খেতিৰ বাবে ভূমি ব্যৱহাৰ কৰিছিল ২৩.০৮ লাখ হেক্টৰ ভূমি। মুঠতে উক্ত বছৰত খেতি মাটিৰ পৰিমাণ হয়গৈ ২৫.৮৩ হেক্টৰ ভূমি। অতি আশ্চর্যকৰ বিষয় যে ২০১০-১১ বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষত ধান খেতিৰ বাবে ব্যৱহাৰ কৰা ভূমি হ্রাস পায়। যিটো সময়ত অসমত কৃষিভূমি হ্রাস পাবলৈ আৰম্ভ কৰিলে। ঠিক একে সময়তে ছিকিমক বাদ দি আন ৰাজ্যত কৃষিভূমি বৃদ্ধি পাব ধৰে। প্রাপ্ত তথ্য অনুসৰি ২০১৬-১৭ চনত অসমত মুঠ খেতি মাটিৰ পৰিমাণ আছিল ২৭,৭৪০০০ হেক্টৰ আৰু ২০২০-২১ চনত এই ভূমিৰ পৰিমাণ হয় ২৭,২৪০০০ হেক্টৰ। পাঁচটা বর্ষতেই অসমত কৃষিভূমিৰ পৰিমাণ হ্রাস পাইছে ৫০,০০০ হেক্টৰ।
উৎসাহ আৰু আঁচনিৰ মাজত বিভ্ৰান্তি ঘটিছে। কৃষি বিভাগৰো গুৰুত্বহীন মনোভাৱ, কাৰ্য্যকৰী দিশত ব্যৰ্থতা আদিৰ বাবেই কৃষিভূমি ক্ৰমে হ্ৰাস পাব ধৰিছে। এই পৰিস্থিতি কেৱল অৱহেলাৰ নহয়, এটা সামাজিক-অর্থনৈতিক সংকটৰ লক্ষণ।
এতিয়াও সময় এতিয়াও আছে শ্ল’গানক কর্মত ৰূপান্তৰ কৰাৰ। ” পথাৰ আমাৰ, বজাৰ আমাৰ ” শ্ল’গানটো তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া কৃষকৰ পথাৰ হাঁহিৰে উজলি উঠিব আৰু তেওঁলোকে নিজৰ উৎপাদনৰ ওপৰত সাৰ্বভৌম অধিকাৰ লাভ কৰিব।