গৃহহীন লোকৰ সমস্যাটো এটা গভীৰ সামাজিক আৰু নৈতিক সমস্যা। এই বিষয়টো কেবল সামাজিক ন্যায়ৰ ক্ষেত্ৰতেই নহয়, মানুহৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ প্রশ্ন। গৃহহীন লোকে সর্বস্ব হেৰুৱাই যেতিয়া ৰাজপথৰ কাষত আশ্ৰয় লয় তথাকথিত আমাৰ সমাজ খনে, আমাৰ চৰকাৰে চহৰৰ সৌন্দৰ্য্য ম্লান কৰাৰ বাবেই উচ্ছেদ কৰা কৰে। কিন্তু নাভাবে পুনঃস্থাপনৰ কথা। যিখন ৰাজ্য বা চহৰ উন্নয়নৰে গর্ব কৰে, সেই উন্নয়নৰ ছাঁতকৈও গভীৰ অন্ধকাৰত ডুবি আছে গৃহহীনসকলৰ জীৱন।
নগৰ উন্নয়নৰ নামত, ৰাজপথ পৰিষ্কাৰৰ নামত, উন্নত নগৰ দৰ্শনৰ নামত গৃহহীনসকলক উচ্ছেদ কৰা হয় । ই এটা সাময়িক ব্যৱস্থা। কিন্তু এবাৰলৈ ভাৱি নাচাই যে যিবিলাক মানুহৰ নিজৰ কোনো আশ্ৰয় নাই , তেওঁলোকে ক’লৈ যাব? ৰাজপথৰ পৰা ও শেষ আশ্ৰয় কাঢ়ি
তেওঁলোকৰ জীৱন অসুৰক্ষিত কৰি তোলা নাই নে ? চৰকাৰে এফালে সংস্থাপনৰ কথা কয়, “সকলোৱে ঘৰ পাব লাগে”, “সকলোৱে সন্মানজনক জীৱন যাপন কৰিব লাগে” বুলি ঘোষণা কৰে। কিন্তু প্ৰকৃত অৱস্থাত নগৰৰ সৌন্দৰ্য্য সংৰক্ষণ (beautification), উন্নয়নমূলক প্ৰকল্প (infrastructure projects), বাণিজ্যিক স্বার্থ (commercial interests) ইত্যাদিৰ বাবে গৃহহীন কৰি উচ্ছেদ কৰে বহু লোকক।
বুলডজাৰ এতিয়া ক্ষমতাৰ প্ৰতীক। ২০২৪ চনত জুলাইত প্ৰকাশিত বাতৰি অনুসৰি ভাৰতৰ বুলডজাৰ ৰাজে দুবছৰত ১,৫০,০০০ৰো অধিক ঘৰ ভাঙি পেলাইছিল আৰু গৃহহীন হোৱা ঘৰেৰ সংখ্যা ৭,৩৮,০০০। G-20 ৰ সময়ত দিল্লীত চলিছিল বলপূৰ্বক উচ্ছেদ। ভাৰতৰ চহৰ আৰু গ্ৰাম্য অঞ্চলত বলপূৰ্বক উচ্ছেদ বিয়পি পৰিছিল। যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল ১৬০০টা ঘৰ আৰু ২০২২ আৰু ২০২৩ চনৰ ভিতৰত উন্নয়ন প্ৰকল্পই দুই লাখ লোকক প্ৰভাৱিত কৰিছিল । হাউছ এণ্ড লেণ্ড ৰাইটছ নেটৱৰ্কৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতত পাঁচ লাখৰো অধিক ব্যক্তিক ঘৰৰ পৰা বলপূৰ্বকভাৱে উচ্ছেদ কৰা হৈছিল লগতে এক লাখ ঘৰ ভাঙি পেলোৱা হৈছিল অৰ্থাৎ প্ৰতিদিনে প্ৰায় ২৯৪টা ঘৰ ধ্বংস হৈছিল আৰু প্ৰতি ঘণ্টাত ৫৮ জন লোকক গৃহহীন কৰি তুলিছিল।
অধিকাংশ ক্ষেত্ৰত উচ্ছেদৰ পূৰ্বে পুনঃস্থাপনৰ (rehabilitation) কোনো সুসংগঠিত পৰিকল্পনা নাথাকে। বহু ক্ষেত্ৰত পুনঃস্থাপনৰ বাবে যি কোৱা হয়, সেয়া কাগজতহে সীমাবদ্ধ থাকে। যিহেতু চৰকাৰে তৎকালীন সমাধান (short-term solution) বিচাৰে , স্থায়ী সমাধানৰ বাবে ব্যয়বহুল আৰু উদ্যোগ ল’ব লগা হয় যাৰ ফলত তেনে গৃহহীনসকলৰ অধিকাৰক উপেক্ষা কৰা হয়। গৃহহীনসকলৰ সমস্যাবোৰ আমি কেতিয়াও বুজিব নোৱাৰোঁ। উচ্ছেদৰ পিছত তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হয় যেনে খাদ্য, আশ্ৰয়, বিভিন্ন বেমাৰ আজাৰ, সামাজিক অসম্মান আৰু অপমান, আৰক্ষীৰ অত্যাচাৰ , নাগৰিকসকলৰ অবজ্ঞা ইত্যাদি। তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ লগতে মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। ৰাজপথৰ পৰা উচ্ছেদ কৰি দিলে তেওঁলোক নতুনকৈ দৰিদ্ৰতাৰ চক্ৰত পৰি যায়। এয়া সামাজিক ন্যায়ৰ পৰিপন্থী।
উন্নয়ন মানে কেৱল ৰাস্তাঘাট, আকাশচুম্বী অট্টালিকা অথবা বৃহৎ শপিং মল নহয়। উন্নয়ন মানে সমাজৰ সকলো স্তৰৰ মানুহে সন্মানজনক জীৱন যাপন কৰিব পৰা ব্যৱস্থা। গৃহহীনসকলক মাথোঁ “উচ্ছেদ” নকৰি, “সংস্থাপন” কৰা আজিৰ চৰকাৰৰ অন্যতম দায়িত্ব। ইয়াৰ অৰ্থ এইটো নহয় যে বিদেশী বা অবৈধ লোকক আশ্ৰয় দিয়া আৰু বিদেশী বা অবৈধৰ বেদখল কৰা হয় তেন্তে আগতীয়াকৈ জাননী আৰু পুনঃ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰখা উচিত যাতে আনৰ জীয়াই থকাৰ অধিকাৰত ব্যাঘাত নজন্মে।







