পশ্চিমবঙ্গ আৰু অসমৰ সাম্প্ৰতিক নিৰ্বাচনী ফলাফল কেৱল চৰকাৰ সলনি বা দলীয় বিজয়ৰ ৰাজনৈতিক কাহিনী নহয়; ই পূব ভাৰতৰ সমাজ-মনস্তত্ত্ব, জাতীয় পৰিচয় আৰু ভাৰতীয় গণতন্ত্ৰৰ ধৰ্মনিৰপেক্ষ ভিত্তিৰ এক গভীৰ পুনর্গঠনৰ ইঙ্গিত বহন কৰে। একসময়ত ভাষাভিত্তিক আঞ্চলিক চেতনা, বামপন্থী ৰাজনীতি আৰু বহুসাংস্কৃতিক সহাবস্থানৰ বাবে পৰিচিত এই অঞ্চল দুটাত এতিয়া হিন্দুত্ববাদী ৰাজনীতিৰ ব্যাপক বিস্তাৰ দেখা গৈছে।
এই পৰিবর্তনৰ তাৎপর্য কেৱল নিৰ্বাচনী পৰিসংখ্যাৰে মাপিব নোৱাৰি; ইয়াৰ ভিতৰত লুকাই আছে ভাৰতৰ “ধাৰণা”ক পুনৰ সংজ্ঞায়িত কৰাৰ এক বৃহৎ ৰাজনৈতিক প্ৰকল্প।
পশ্চিমবঙ্গত বিজেপিৰ ঐতিহাসিক সাফল্য আৰু অসমত তৃতীয়বাৰৰ বাবে ক্ষমতা পুনৰ দখল কৰাটোৱে স্পষ্টকৈ দেখুৱাইছে যে পূব ভাৰত এতিয়া হিন্দুত্ববাদী ৰাজনীতিৰ নতুন কেন্দ্ৰবিন্দু হৈ উঠিছে। বহু বিশ্লেষকৰ মতে, পশ্চিমবঙ্গত হিন্দু ভোটৰ যি পৰিমাণ মেৰুীকৰণ ঘটিছে, সেয়া গুজৰাট বা উত্তৰপ্ৰদেশৰ দৰে বিজেপিৰ পৰম্পৰাগত শক্তিক্ষেত্ৰসমূহৰ তুলনাতো অধিক গভীৰ। CSDS-Lokniti-ৰ বিভিন্ন সমীক্ষাই বহু আগতেই ইংগিত দিছিল যে পশ্চিমবঙ্গত হিন্দু ভোটাৰৰ এক বৃহৎ অংশ ধীৰে ধীৰে বিজেপিৰ ফালে সৰি আহিছে।
এই নিৰ্বাচনৰ আটাইতকৈ তাৎপর্যপূর্ণ আৰু উদ্বেগজনক দিশ হৈছে — অসম আৰু পশ্চিমবঙ্গ দুয়োখন ৰাজ্যতেই শাসক পক্ষত এজনো মুছলমান বিধায়কৰ উপস্থিতি নাই। আনহাতে বিৰোধী ৰাজনীতি ধীৰে ধীৰে এক বিশেষ ধৰ্মীয় আৰু ভাষিক গোটৰ মাজত সীমাবদ্ধ হৈ পৰিছে।
অসমত বিৰোধী পক্ষৰ অধিকাংশ মুছলমান বিধায়ক নিম্ন অসম আৰু বৰাক উপত্যকাৰ বঙালী-মূলৰ মিঞা মুছলমান অধ্যুষিত অঞ্চলৰ পৰা নিৰ্বাচিত হৈছে। পশ্চিমবঙ্গতো মুৰ্শিদাবাদ, মালদা, দক্ষিণ ২৪ পৰগণাৰ দৰে অঞ্চলৰ বঙালীভাষী মুছলমান নেতাসকলেই বিৰোধী ৰাজনীতিৰ মুখ্য প্ৰতিনিধি। ফলত “বিৰোধী” শব্দটোৱেই এতিয়া ধীৰে ধীৰে “মুছলমান” বা “বাংলাদেশী উৎসৰ” ৰাজনীতিৰ সৈতে সমার্থক কৰি তোলা হৈছে। এইটোৱেই হিন্দুত্ববাদী ৰাজনীতিৰ মূল সাফল্য — ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক “জাতীয় শত্রু” বা “বাহিৰৰ অনুপ্ৰৱেশকাৰী” হিচাপে ৰূপান্তৰিত কৰা।
অসমত বহু দশক ধৰি চলি অহা “বাংলাদেশী অনুপ্ৰৱেশ”ৰ ৰাজনীতি এতিয়া সমগ্ৰ পূব ভাৰতত ৰপ্তানি কৰা হৈছে। NRC আৰু CAA-ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই ৰাজনৈতিক বয়ানে “নাগৰিক” আৰু “অনুপ্ৰৱেশকাৰী”ৰ মাজত এক সাংস্কৃতিক-ধৰ্মীয় বিভাজন সৃষ্টি কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে ২০১৯ চনত পশ্চিমবঙ্গত “আপ chronology বুজক” বুলি কৈ যি ৰাজনৈতিক সংকেত দিছিল, তাৰ মূল বাৰ্তা স্পষ্ট আছিল — NRC-এ “ঘুসপেটিয়া” বহিষ্কাৰ কৰিব আৰু CAA-এ হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিব।
এই ৰাজনীতিৰ কেন্দ্ৰত আছে এক গভীৰ সাংস্কৃতিক ভয় — “বাংলাদেশী”ৰ আতংক। এই আতংক কেৱল সীমান্ত বা নাগৰিকত্বৰ ইস্যু নহয়; ই ভাষা, ধৰ্ম, সংস্কৃতি আৰু জনসংখ্যাগত পৰিবর্তনৰ আশংকাৰ সৈতে জড়িত।
অসমত এই ৰাজনীতি প্ৰথম অৱস্থাত এক ডাঙৰ বাধাৰ সন্মুখীন হৈছিল। ঐতিহাসিকভাৱে অসমীয়া জাতীয়তাবাদ বঙালী ভাষিক আধিপত্যৰ বিপৰীতে গঢ় লৈ উঠিছিল। সেই কাৰণেই বাংলাদেশৰ বঙালী হিন্দুক CAA-ৰ মাধ্যমে ভাৰতীয় পৰিচয়ৰ অংশ হিচাপে অন্তর্ভুক্ত কৰাটো বহু অসমীয়াৰ বাবে অগ্ৰহণযোগ্য আছিল। কিন্তু শেহতীয়া বছৰসমূহত সেই অসমীয়া জাতীয়তাবাদক ধীৰে ধীৰে বৃহত্তৰ “হিন্দু জাতীয়তাবাদ”ৰ ভিতৰত আত্মসাৎ কৰা হৈছে।
ফলস্বৰূপে, বঙালী হিন্দু, অসমীয়া হিন্দু, বড়ো, ৰাভা, ডিমাছা, মিছিং আদি বিভিন্ন জনগোষ্ঠীক এক “হিন্দু ৰাজনৈতিক পৰিচয়”ৰ তলত একত্ৰিত কৰা হৈছে। ভাষা বা আঞ্চলিক চেতনাৰ স্থান দখল কৰিছে ধৰ্মীয় মেৰুীকৰণে।
পশ্চিমবঙ্গত এই পৰিবর্তন আৰু অধিক তাৎপর্যপূর্ণ। কাৰণ বামপন্থী ৰাজনীতি, সংস্কৃতিক বহুত্ববাদ আৰু বুদ্ধিবৃত্তিক ঐতিহ্যৰ বাবে পৰিচিত এই ৰাজ্যখনত “জয় বাংলা” শ্লোগানক এতিয়া “জয় শ্ৰী ৰাম” শ্লোগানে কার্যতঃ প্ৰতিস্থাপন কৰিছে।
এই পৰিবর্তন কেৱল বিজেপিৰ সাংগঠনিক সাফল্য নহয়; ই ভাৰতীয় সমাজৰ গভীৰ মানসিক পৰিবর্তনৰ প্ৰতিফলন। সামাজিক মাধ্যম, ঘৃণামূলক প্ৰচাৰ, WhatsApp-ভিত্তিক Misinformation আৰু সীমান্তকেন্দ্ৰিক ভয়ৰ ৰাজনীতিয়ে এই মেৰুীকৰণক অধিক তীব্ৰ কৰিছে।
বিপদ কেৱল ভাৰতৰ ভিতৰত সীমাবদ্ধ নহয়। ইয়াৰ ভূ-ৰাজনৈতিক প্ৰভাৱো গভীৰ হ’ব পাৰে।
বাংলাদেশত ইতিমধ্যে দক্ষিণপন্থী ইছলামি শক্তিসমূহ অধিক সক্ৰিয় হৈ উঠিছে। ভাৰতত “বাংলাদেশী”বিৰোধী ঘৃণাৰ ৰাজনীতি আৰু বাংলাদেশত ভাৰত-বিৰোধী ইছলামপন্থী মনোভাৱ — এই দুয়োটা একে সময়তে বৃদ্ধি পালে সীমান্তৰ দুয়োপাৰে নতুন সংঘাতৰ মানসিকতা সৃষ্টি হ’ব পাৰে।
ইতিহাসৰ এক নির্মম বিদ্ৰূপ হৈছে — যি পূব ভাৰত একসময়ত ভাষা, সংস্কৃতি আৰু ধৰ্মীয় সহাবস্থানৰ এক অনন্য উদাহৰণ আছিল, সেয়াই এতিয়া পুনৰ “পূব পাকিস্তান” ধৰণৰ সংঘাতমূলক কল্পনাৰ দিশে আগবাঢ়িছে।
স্বল্পম্যাদীত এই মেৰুীকৰণমূলক ৰাজনীতিয়ে নিৰ্বাচনী লাভ দিব পাৰে। “জাতীয়তাবাদ” আৰু “সুৰক্ষা”ৰ ভাষণে ভোট সংগ্ৰহ কৰিব পাৰে। কিন্তু দীঘলীয়া সময়ত ইয়াৰ পৰিণতি হ’ব পাৰে সামাজিক বিভাজন, সীমান্ত উত্তেজনা, আঞ্চলিক অস্থিৰতা আৰু ভাৰত-বাংলাদেশ সম্পৰ্কৰ গভীৰ অবনতি।
বিশ্বৰ বৃহৎ শক্তি আমেৰিকা আৰু চীনে দক্ষিণ এছিয়াত প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতা চলাই থকা এই সময়ত, পূব ভাৰত আৰু বাংলাদেশত সাম্প্ৰদায়িক মেৰুীকৰণ বৃদ্ধি পালে তাৰ পৰিণতি কেৱল আঞ্চলিক নহয়, সমগ্ৰ উপমহাদেশৰ স্থিতিশীলতাৰ আৰু ভৱিষ্যৎ শান্তিৰ বাবেও বিপজ্জনক হৈ উঠিব পাৰে।






