২০২৪ৰ মহাৰণ মানে লোকসভা নিৰ্বাচনৰ সামৰণি পৰিছে। দেশৰ এই সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে আপোনালোক সকলো জ্ঞাত। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে এনডিএৰ নেতৃত্বত শপত লৈছে। বিজেপি পূৰ্বৰ ৩০৩খন আসনৰ পৰা তললৈ নামি আহি ২৪০ আসনতে সন্তুষ্ট হৈ থাকিবলগীয়া হৈছে। অন্যহাতে কংগ্ৰেছে পূৰ্বৰ ৫২ খন আসনৰ পৰা উৰ্ধগামী হৈ ৯৯খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে সন্মিলিতভাৱে বিজেপি নেতৃত্বাধীন এনডিএ দলবোৰে ২৯৩খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এইবাৰ একাধিক আঞ্চলিক দলে চমকপ্ৰদ উত্থানৰ প্ৰমাণ দি সন্মিলিতভাৱে বিৰোধী ঐক্য মঞ্চ হিচাপে ২৩৮খন আসন লাভ কৰিছে। ২০২৪ লোকসভা নিৰ্বাচনটো পৰ্যৱেক্ষকৰ দৃষ্টিত কোনো এটা দলৰে জয় বা পৰাজয়ৰ নিৰ্বাচন হোৱাৰ পৰিৱৰ্তে সন্মান ৰক্ষাৰ হে যুঁজ আছিল বুলি অভিহিত হৈ পৰিছে।
এইবাৰৰ লোকসভা নিৰ্বাচন বিভিন্ন দিশৰ পৰা আকৰ্ষণীয় আছিল। নিজৰ নিৰ্বাচনী সভাত ভিন্ন বক্তব্যৰে নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমত খলকনি তুলিছিল। কেতিয়াবা সকলোৰে বাবে বিকাশৰ কথা কোৱা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নৰেন্দ্ৰ মোদীয়ে কেতিয়াবা আকৌ দেশৰ সম্পত্তি ইছলামধৰ্মীয়ে অধিগ্ৰহণ কৰা, হিন্দু নাৰীৰ বিবাহৰ সাক্ষী মংগলসূত্ৰডাল (অলংকাৰ) মুছলমান লোকে কাঢ়ি লৈ যোৱাৰ দৰে ভয়ংকৰ মন্তব্য দিছিল। ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰীয়ে বহিঃৰাজ্যত ইছলামধৰ্মীৰ বিৰুদ্ধাচৰণ কৰিছিল যদিও ৰাজ্যত তেওঁৰ অন্য মন্তব্যহে শুনিবলৈ পোৱা গৈছিল। অৱশ্যে বিৰোধী দল হিচাপে কংগ্ৰেছ নেতৃত্বই বিজেপিৰ বিগত দহ বছৰৰ কামকাজৰ পৰ্যালোচনা কৰাৰ লগতে মূল্যবৃদ্ধি, নিয়োগ বৃদ্ধি আদি সম্পৰ্কত ভাষণ ৰাখিছিল। উল্লেখ কৰাৰ প্ৰয়োজন আছে যে, “নফৰট কে বাজাৰ মে মোহব্বত কা দোকান” অৰ্থাৎ ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিব বিচৰা শীৰ্ষক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্যই নিৰ্বাচনী বতৰত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।
লোকসভা নিৰ্বাচন অসমৰ বেলিকাও আকৰ্ষণীয় আছিল। ১৪খন আসন থকা অসমত বিজেপিয়ে এককভাৱে ৯ খন আসনত জয়ী হোৱাৰ বিপৰীতে এনডিএ হিচাপে ১১খন আসনত জয়ী হৈছে। আনহাতে বিৰোধী ঐক্যমঞ্চ প্ৰকৃতাৰ্থত একলগ নহ’লেও কংগ্ৰেছ দলটোৱে একক ভাৱে ৩খন আসনত জয়ী হ’বলৈ সক্ষম হয়। কংগ্ৰেছে বিজেপিৰ ৯খন আসনৰ তুলনাত মাথোঁ তিনিখন আসনত জয়লাভ কৰিলেও এইবাৰৰ নিৰ্বাচনটোৰ ফলাফলত কংগ্ৰেছ যথেষ্ট উৎসাহী হৈ পৰিছে। কিয়নো কংগ্ৰেছ দলটোৱে সন্মানীয় যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰিছে আৰু ধুবুৰী লোকসভা সমষ্টিত ইমানদিনে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দি অহা বুলি প্ৰচাৰ হোৱা এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমলক যথেষ্ট ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে। যোৰহাট লোকসভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী তৰুণ গগৈৰ পুত্ৰ দুবাৰৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা হোৱাৰ পাছৰে পৰা সমষ্টিটোক লৈ বিজেপিয়ে বিশেষ গুৰুত্ব দিয়া দেখা গৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপি দলটোৰ বাঘা বাঘা নেতাই সমষ্টিটোত গৈ প্ৰচাৰ অভিযানত অংশ লৈছিল। তথাপি সমষ্টিটোৰ পৰা শেষ হাঁহি মাৰিলে কংগ্ৰেছ দলৰ গৌৰৱ গগৈয়ে, এয়া সাংসদ হিচাপে নতুন দিল্লীলৈ তেওঁৰ তৃতীয় যাত্ৰা। গৌৰৱ গগৈৰ বিজয়ে বিজেপিৰ বাবে সন্মানৰ পৰাজয় বাৰ্তা কঢ়িয়াই অনাৰ বিপৰীতে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলটোক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিলে।
অন্যহাতে নগাঁও আৰু ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ বিজয়ে অন্য এক বাৰ্তা দিয়া বুলি বিজেপি নেতৃত্বই এতিয়া চৰ্চা চলাইছে। সেয়া হৈছে ২০২৪ৰ লোকসভা নিৰ্বাচনত মুছলমান মানে ইছলামধৰ্মী ভোটাৰৰ প্ৰভাৱ। সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বৰপেটাক সলনি কৰি ধুবুৰীক আৰু বৰ্তমানৰ নগাঁৱক সম্পূৰ্ণৰূপে সংখ্যালঘু অধ্যুষিত লোকসভাৰ আসন কৰি তোলা বুলি স্বয়ং নীতি প্ৰণয়নকাৰীসকলে চৰ্চা কৰাৰ সময়তে স্বয়ং একাংশ বিজেপি নেতৃত্বই (মুখ্যমন্ত্ৰী নিজেই) কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয়ত সংখ্যালঘুৰ হাত আছে বুলি মুকলিকৈ অভিযোগ কৰিছে। ধুবুৰীৰ দৰে আসনত সংখ্যালঘুকেন্দ্ৰিক ৰাজনীতিত জনপ্ৰিয় বদৰুদ্দিন আজমলৰ শোচনীয় পৰাজয় তথা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ অভিলেখ ভোটত জয়লাভে বিজেপিৰ অভিযোগটোৰ বিস্তৃতি প্ৰদান কৰিছে চৰ্চা লাভ কৰিছে। পৰিসংখ্যা অনুসৰি এইবাৰ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলটোৱে মুছলমানভোট ৫৪ শতাংশ লাভ কৰিছে। নিৰ্বাচনী ফলাফলৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ কৈছে যে নগাঁও লোকসভা সমষ্টিৰ ধিং, ৰূপহীহাট, লাহৰীঘাট, চাম’গুৰি আদি বিধানসভা সমষ্টি মুছলিম অধ্যুষিত হোৱাৰ বাবেই কংগ্ৰেছৰ সহায়ক হৈছে। তেওঁ লগতে এয়াও অভিযোগ কৰিছে যে ধুবুৰী আৰু নগাঁও সমণ্বিতে নামনি অসমৰ জনগাঁথনিত ব্যাপক পৰিৱৰ্তন অহাৰ বাবেই আগন্তুক এশ বছৰলৈ অসমত কংগ্ৰেছৰ অস্তিত্ব থাকিব।
এতিয়া প্ৰশ্ন হয়, যোৰহাটত গৌৰৱ বা কংগ্ৰেছৰ বিজয়ত মুছলমানৰ পৰা সংকট নেদেখা বিজেপি নেতৃত্বই মধ্য অসমত বৰদলৈৰ নগাঁও বিজয়ত ইছলামধৰ্মীৰ পৰা সংকট দেখিছে। আনহাতে অসমৰ পৰা একমাত্ৰ সংখ্যালঘু প্ৰাৰ্থী হিচাপে ধুবুৰীৰ পৰা বিজয়ী ৰকিবুল হুছেইনৰ বিজয়ত তথা এআইইউডিফৰ বিপৰ্যত যেন ক’ৰবাত অধিক শংকিত হৈ পৰিছে বিজেপি নেতৃত্ব। কিন্তু এই সকলো কথা নস্যাৎ কৰি জনতাৰ সৰ্বাগীন বিকাশৰ কথা কোৱা, জনতাৰ জীৱনৰ মান উন্নত কৰা কথাহে চৰ্চিত হোৱা দেখা পোৱা হোৱা নাই। স্বাধীনোত্তৰ কালৰ পৰা অধিকংশ সময় সময় শাসনত থকা দলটোক পুনৰাই ইছলামধৰ্মীয়ে (বিজেপি কৰা অভিযোগ অনুসৰি) যদিহে আকোৱালি লৈছে তেন্তে এয়া কংগ্ৰেছৰ বাবে শুভ ক্ষণ কিয়নো ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলাৰ বাৰ্তা দিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী সমণ্বিতে সকলো কংগ্ৰেছীয়ে এতিয়া বাকী থকা হিন্দু ভোটাৰকো (লগতে অন্যান্য) আকৰ্ষিত কৰি নিজৰ ফলীয়া কৰাৰ কুচকাৱাজ তীব্ৰতৰ কৰি তুলিব লাগে।






