ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ সংহাৰী ৰূপ। আহাৰমহীয়া বানত এতিয়ালৈকে বিস্তৰ ক্ষতি হৈছে মানুহ, পশুধন, ৰাস্তা-ঘাটৰ। প্ৰলয়ংকৰী বানত এতিয়ালৈকে বুৰ গৈছে ২৮খনকৈ জিলা। চিগিছে মথাউৰি, উটি গৈছে দলং-ৰাস্তা। বুধবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে সদৰি কৰা তথ্য অনুসৰি আহাৰৰ বানে ৰাজ্যত ৪০ টাকৈ মথাউৰি ভাঙিছে। ইয়াৰ লগতে ৯২২টা পথ, ৫২ খন দলং উটুৱাই নিছে। বানৰ ফলত মৃত্যু হৈছে ৩৮জনকৈ লোকৰ। কেবিনেট বৈঠক আয়োজন কৰি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক নিৰ্দিষ্ট জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰীসকলে নিৰ্দিষ্ট জিলাত তিনিদিনীয়াকৈ বাহৰ পাতি ক্ষয়ক্ষতিৰ খতিয়ানো প্ৰস্তুত কৰিব লাগিব।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে সকলো বিজেপি বিধায়কক বানপানীৰ সময়ত নিজ নিজ সমষ্টিত উপস্থিত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু বঢ়হমপুৰৰ বিধায়ক জিতু গোস্বামীৰ দৰে নেতাই সমষ্টিবাসীৰ সমস্যালৈ পিঠি দি থাইলেণ্ডৰ পাটায়াত নিজৰ পুত্ৰৰ উপনয়ন পাতিবলৈ উৰা মৰাহে দেখিবলৈ পোৱা গ’ল। ইয়াকে লৈ সমষ্টিবাসী তীব্ৰ ক্ষোভত ফাটি পৰে। আনফালে নিজ ভাতৃৰ প্ৰতিষ্ঠানক ঠিকা প্ৰদান কৰি ক্ষোভৰ সন্মুখীন হৈছে মন্ত্ৰী কেশৱ মহন্ত। নিৰ্মাণৰ কেইটামান মাহৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিলে কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই নিৰ্মাণ কৰা হাতীমূৰা মথাউৰি। একেটা মথাউৰি ২০১৭ চনৰ বানেও উটুৱাই নিছিল। সেইবাৰো মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মন্ত্ৰীৰ ভাতৃয়েই। ২০১৭ চনত মথাউৰি ভাঙোতে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল, সেইসকল লোকে আজিও লাভ কৰা নাই ক্ষতিপূৰণ। যাৰ বাবে নিজ সমষ্টিতেই বন্যাৰ্তৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় মন্ত্ৰী কেশৱ মহন্তৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, প্ৰতিবাদ কৰা লোকসকলৰ ক্ষোভ থকাটো স্বাভাৱিক। তেওঁলোকে ২০১৭ চনৰ বানৰ ক্ষতিপূৰণ পোৱা নাছিল। মুখ্যমন্ত্ৰীয়ে লগতে তেওঁলোকে কিয় ক্ষতিপূৰণ লাভ নকৰিলে সেই সন্দৰ্ভত তদন্তৰ লগতে এইবাৰৰ বানসহ দুয়োটা ক্ষতিপূৰণেই লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
আনফালে ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে ৰাইজৰ ৰোষত পৰিছে জলসম্পদ বিভাগৰ অভিযন্তা। বানপানীৰ ফলত যোৰহাটৰ নহতীয়াত মথাউৰিৰ ওপৰত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত জলসম্পদ বিভাগে সেই গাঁতটো পোতাৰ ব্যৱস্থা কৰে। এই কামৰ বুজ ল’বলৈ উপস্থিত হোৱা সময়তে ৰাইজে জবাবদিহি কৰে বিভাগটোৰ অভিযন্তাগৰাকীক। ৰাইজৰ অভিযোগ যে ঠিকাদাৰে নিম্নমানৰ কাম কৰা বাবেই এনে ঘটনাবোৰ সংঘটিত হৈছে। ঠিকাদাৰৰ এনে নিম্নমানৰ কামৰ প্ৰতি জলসম্পদ বিভাগেও নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে। সেয়ে ৰাইজে কাষতে পাই এজাউৰি দিলে বিভাগটোৰ কাৰ্যবাহী অভিযন্তাগৰাকীক।
বানপানীত ৰাজ্যখন ককবকাই থকা সময়ত কেন্দ্ৰ চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ আভিযোগ উত্থাপন হৈছে। মঙলবাৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সেইদিনাই অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ NDRFৰ এটা দল অসমলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছিল। লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীকো অসমলৈ আহি পৰিস্থিতিৰ বুজ লোৱাৰ দাবী জনাইছিল। কিন্তু এতিয়ালৈকে কেন্দ্ৰই NDRFৰ দলো প্ৰেৰণ কৰা নাই আৰু জলশক্তি মন্ত্ৰীয়েও অসমলৈ আহি বান পৰিস্থিতিৰ বুজ লোৱা নাই। কেন্দ্ৰৰ এনে অনিহাৰ মাজতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুচেইনে সংবাদমেল সম্বোধন কৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰই পৰ্যাপ্ত ধন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে। নেতাগৰাকীয়ে কয় যে, ২০১৭ চনৰ প্ৰলয়ংকৰী বানৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ আহি ১.২৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। প্রধানমন্ত্রী মোদীৰ এই পেকেজৰ কিমান টকা অসমে লাভ কৰিলে সেয়া ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক আহ্বান জনায় ৰাছেল হুছেইনে। নেতাগৰাকীৰ মতে , এনডিআৰএফৰ ধনো অসমে বিচৰা মতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এটা বছৰেও মোকোলাই দিয়া নাই।






