Skip to content

বাজেটত অসমে পালে কেৱল আশ্বাস…

Janagana Desk
July 23, 20243 second read

এনডিএ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত আশ্বাসতে সন্তুষ্ট হ’বলৈ বাধ্য হৈছে অসম। চৰকাৰৰ দুই সহযোগী দল অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টী আৰু বিহাৰৰ জেডি(ইউ)ক সন্তুষ্ট কৰি ৰাখিবলৈ এই দুখন ৰাজ্যক বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এইবাৰৰ বাজেটত বাকী ৰাজ্যসমূহে বিশেষকৈ অসম তথা সমগ্ৰ উত্তৰ-পূবক একপ্ৰকাৰ একাষৰীয়া কৰি থোৱাতো পৰিস্ফুট হৈ পৰিছে বুলি মন্তব্য কৰিছে বাজেট বিশ্লেষকসকলে। ২০২৪-২৫ৰ সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই ঘোষণা কৰি কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়।এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই বিশেষ পেকেজ কেনেধৰণৰ হ’ব সেই বিষয়ে কোনো স্পষ্ট উল্লেখ নাই। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উৎস চুবুৰীয়া দেশসমূহত আছে। সেয়ে এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলিও আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে, সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। কিন্তু উক্ত ধনৰাশিৰ কিমান অসমে লাভ কৰিব সেই সম্পৰ্কে বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা নাই। ইফালে, এই বাজেটক গাদী ৰক্ষা কৰাৰ বাজেট আখ্যা দিছে লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ মাইক্ৰ’ব্লগিং ছাইট এক্সত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, ”মোদী ডাঙৰীয়াৰ ২০২৪-২৫ বৰ্ষৰ বাজেট কেৱল গাদী ৰক্ষাৰ বাবে দাখিল কৰা হৈছে। অৱশ্যে তেওঁৰ ঘনিষ্ঠ কোটিপটি বন্ধুসকলক যাতে আৰু ধনী কৰিব পাৰে তাৰবাবে কিছু নতুন নতুন ঘোষণাও শুনিবলৈ পোৱা গৈছে। বাকী সমগ্ৰ দেশে আকৌ সেই পুৰণি কথাবোৰকে শুনিবলগীয়া হৈছে। এই বাজেট অত্যন্ত হতাশাজনক বাজেট।’’ একেদৰে বাজেটত আজি ঘোষণা কৰা এমপ্লইমেণ্ট লিংকড ইনচেনটিভ চমুকৈ ইএলআই কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰৰ পৰা কপি-পেষ্ট কৰা বুলি দাবী কৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে। তেওঁ কয় যে কংগ্ৰেছৰ ইস্তাহাৰৰ ৩০নং পৃষ্ঠা ভালকৈ চালেই এই কথা দেশবাসীয়ে উপলব্ধি কৰিবলৈ সমৰ্থ হ’ব। কংগ্ৰেছৰ ইস্তাহাৰৰ অনুপ্ৰেৰণাৰে কৰা এই ঘোষণাক অৱশ্যে আদৰণি জনাইছে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে এইবাৰৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাকৰিয়ালসকলক কিছু আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। অৱশ্যে ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা হ্ৰাসৰ বাবে কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা দেখা হোৱা নাই। পূৰ্বে প্ৰতিবছৰে ২ কোটি চাকৰিৰ কথা কোৱা মোদী চৰকাৰে এইবাৰৰ বাজেটত ৫ বছৰত ৪.১ কোটি নিয়োগ সৃষ্টিৰ কথাহে কৈছে। আনহাতে এইবাৰৰ বাজেটত একাধিক সামগ্ৰীক কৰমুক্ত তথা কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। এই অনুযায়ী কৰ্কট ৰোগৰ ঔষধ সম্পূৰ্ণ শুল্কমুক্ত কৰা হৈছে। ফলত কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস পাব বুলি আশা কৰা হৈছে। মোবাইল ফোন, মোবাইল চাৰ্জাৰ তথা অন্যান্য মোবাইল সম্পৰ্কিত সামগ্ৰীৰো দাম হ্ৰাস পাব। এই সামগ্ৰীসমূহৰ ওপৰতো সাধাৰণ শুল্ক ১৫ শতাংশলৈকে হ্ৰাস কৰা হৈছে। সোণ আৰু ৰূপতো আমদানি শুল্ক ৬ শতাংশ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত সোণ-ৰূপৰ দামো হ্ৰাস পাব। সোণ-ৰূপৰ লগতে প্লেটিনাম, নিকেল আৰু তামসহ মুঠ ২৫ বিধ ধাতুৰ ওপৰত থকা সাধাৰণ কৰো উঠাই দিয়া হৈছে। সামুদ্ৰিক মাছ আৰু আন সামুদ্ৰিক খাদ্য সামগ্ৰীৰ ওপৰত থকা কৰো ৫ শতাংশ হ্ৰাস কৰা হৈছে। বিপৰীতে টেলি কমিউনিকেশ্যনৰ সৰঞ্জামৰ ওপৰত পূৰ্বৰ ১০ শতাংশৰ পৰিৱৰ্তে এইবাৰ ১৫ শতাংশ কৰ আৰোপ কৰা হৈছে। প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰতো কৰ অধিক আৰোপ কৰা হৈছে। ইয়াৰ লগতে, এমনিয়াম নাইট্ৰেটৰ ওপৰত কৰ ৭ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। তাৎপৰ্যপূৰ্ণ যে এইবাৰৰ বাজেটক লৈ শ্বেয়াৰ মাৰ্কেটত হতাশা দেখা গৈছে। বাজেট ভাষণ শেষ হোৱাৰ লগে লগে ছেনছেক্স ১০০০ পইণ্টতকৈয়ো অধিক নিম্নগামী হৈ পৰে। অৱশ্যে কিছুসময় পিছত পুনৰ ছেনছেক্সে মূৰ দাঙি উঠে যদিও বহুসময়লৈকে ৬০০ পইণ্টতকৈয়ো অধিক নিম্নগামী হৈয়ে আছে। নিফটিতো ২০০ পইণ্টতকৈয়ো অধিক পতন দেখা গৈছে। শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িতসকলে আশা কৰিছিল চৰকাৰে বাজেটত উদ্যোগিক ক্ষেত্ৰৰ বাবে বিশেষ ৰেহাই আদি ঘোষণা কৰিব। বিশেষকৈ জিএছটি ৰেহাই পাব বুলি আশা কৰা হৈছিল। কিন্তু সেই ৰেহাই কেৱল সোণ-ৰূপ আৰু দুই-এবিধ ঔষধতে সীমাৱদ্ধ হৈ থাকিল। ইয়াৰ লগতে আয়কৰৰ ক্ষেত্ৰতো কোনো বিশেষ ৰেহাই দিয়া পৰিলক্ষিত হোৱা নাই। ফলত মধ্যবিত্তসকলৰ হাতত বেছি ধন জমা হোৱাৰ সম্ভাৱনাও তেনেই ক্ষীণ। চৰকাৰে বাজেটত ৰাজহুৱা খণ্ডক পূৰ্বৰ তুলনাত কিছু প্ৰাধান্য দিছে যদিও ৰেলৱে আৰু প্ৰতিৰক্ষাক লৈ কোনো বৃহৎ ঘোষণাও বাজেটত দেখা পোৱা নগ’ল। উল্লেখ্য যে বাজেটত এইবাৰ কৃষি খণ্ডৰ বাবে ১.৫২ লাখ কোটি ঘোষণা কৰা হৈছে। কৃষকৰ বাবে একাধিক ঘোষণা কৰা হৈছে যদিও এইসমূহ কিমানদূৰ কাৰ্যকৰী হ’ব সেয়া সময়তহে জানিব পৰা যাব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top