প্ৰণৱ কুমাৰ বৰ্মন
জাতীয় দাদাগিৰি। কাৰো চাউলৰ ভাত খাই থকা নাই। পাঞ্জাব-হাৰিয়ানাৰ চাউল আমি খাওঁ।আমাৰ ক’লা উপেন্দ্ৰ চাউল,নেমু,ভোটজলকীয়া পৃথিৱীয়ে খায়। এসময়ত আমাৰ খাৰুৱা তেল সকলোৱেই খাইছিল(?),কয়লা নিছিল,আমাৰ চাহেৰেই পৃথিৱীৰ বহু ঠাইত ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল। আমাৰ গুল্ম লতিকাৰে ঔষধ নিৰ্মাণ হৈছিল। সাঁচি গছৰ গৌৰৱ পৃথিৱী জুৰি। এইবোৰ অৰ্থনৈতিক বিনিময়। দেশ এনেকৈয়ে চলে। তাকে লৈ হীনমন্যতাত ভোগাৰ কথাও নাই,গৌৰৱ কৰাৰ কথাও নাই।অৰ্থনৈতিক বিনিময় বন্ধ হ’লেই সকলো ৰাজ্যই ভুগিব।
বহুতে কয় কোম্পানীবোৰ দেখোন বাহিৰৰ। তেওঁলোকে নকয় সেই কোম্পানীৰ বজাৰ খনৰ ক্ৰেতা আমি,পানীৰ দৰত ভূমিদাতা আমি- তাৰ বিনিময়ত আমি কেইটামান চাকৰি পাওঁ- দয়াত নহয়- যোগ্য সকলেহে পায়।আৰু বজাৰ নাথাকিলে,কমদামৰ ভূমি নাপালে, ৰাজসাহায্য নাপালে কোন কোম্পানী আহিব?? কিমান কোম্পানী চৰকাৰী সাহায্যৰ চাবচিডি খাই দেউলীয়া ঘোষণা কৰি গুচি গ’ল – RTI কৰিলেই গম পাব। কিন্তু যাৰ যি নাখাও- আত্মসন্মান নথকাকৈ কুত্তাৰ দৰে খাই থাকি মনে মনে হীনমন্যতাত ভুগি থাকিলেও নহ’ব। পাঞ্জাব- হাৰিয়ানাৰ চাউল মধ্যবিত্ত অসমীয়াই কিনি খায়- বিনামূল্যে নাখায়। অসমৰ উৎপাদিত সামগ্ৰীসমূহো আনে কিনিয়েই খায়।
তেন্তে ইমান হীনমন্যতা কিয়? দেশত উৎপাদিত মোবাইল ফোন ব্যৱহাৰ নকৰোঁ- চীনৰ উৎপাদিত মোবাইল বা অন্য সামগ্ৰী কিয় কৰোঁ? ই আন্তৰ্জাতিক অৰ্থনীতি। পৃথিৱী এনেকৈয়ে চলে। উন্নত দেশৰ শ্ৰমিকৰ অধিকাংশই বাংলাদেশৰ। অসমৰ ল’ৰা ছোৱালী আকৌ উন্নত দেশৰ বিজ্ঞানী,ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ,গৱেষক,ব্যৱসায়ী। এটা দুটা সন্তান জন্ম দিয়া অসমীয়াৰ ল’ৰা ছোৱালীয়ে মিস্ত্ৰী শ্ৰমিক হোৱাৰ সপোন নেদেখে- শিক্ষক, প্ৰশাসক, পিয়ন হোৱাৰ সপোন দেখে। সন্মান সহকাৰে কওঁ অসমীয়া খিলঞ্জীয়াৰ সন্তানে হৰিজনৰ কাম কৰিবলৈ মুঠেও নাযায়। কিন্তু অসমীয়া খিলঞ্জীয়া ইমান কৰ্মহীনো হোৱা নাই।
আজি ভীমকল, বাহুবলী কণী, ভোগালী জলপান, নীৰুজ- তাঁতৰ কাপোৰৰ আন্তৰ্জাতিক ব্যৱসায়, আজি পূব নলবাৰীৰ মাছৰ কোটি টকীয়া ব্যৱসায়, গাহৰিৰ বাণিজ্য, ৰিজ’ৰ্টৰ ব্যৱসায়, ঠিকা- ঠুকলি, ভ্ৰাম্যামাণ থিয়েটাৰৰ ব্যৱসায়, ইটাৰ ভাটা, বাছৰ ব্যৱসায়, বিশাল গেলামালৰ ব্যৱসায়, গোৱালপাৰাৰ কলৰ আন্তৰ্জাতিক ব্যৱসায়, বিটিআৰৰ তামোলৰ ব্যৱসায়, জাগীৰোডৰ শুকান মাছৰ ব্যৱসায়, সীতাজখলাৰ-বজালীৰ গাখীৰৰ ব্যৱসায়, ছাগলী-হাঁহ-পাৰ, পাচলি – এইবোৰ এতিয়াও খিলঞ্জীয়া অসমীয়াই দোপতদোপে কৰি আছে আৰু অলেখ উদাহৰণ আছে। অসমীয়াই ক’ত ক’ত কাম কৰি আছে বহুতে দেখাই নাই।
গতিকে ইমানো হীনমন্যতাত নুভুগিব- যে বেলেগৰ খাই জীয়াই থকা জাতি আমি! গতিকে আত্মসন্মান যদি নিজৰ ঠাইত ৰক্ষা কৰি চলিব নোৱাৰো-আন ঠাইৰ পৰা অহা চাউল- পিয়াজ-নিমখৰ কথা কৈ কৈ নিজকে দুৰ্বল কৰি, সুবিধাজনক স্থানত লুকাই থাকি সামাজিক মাধ্যমত আনক বিভ্ৰান্ত কৰাও উচিত নহয়। দেশৰ সকলো প্ৰান্ততে থলুৱা-খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুন্ন আছে। অসমতো থাকিব লাগিব- এয়া ভাষা সংস্কৃতি অৰ্থনীতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবিধানৰ নিয়ম আছে। বহিৰাগতই উৎপাত- উদ্ভণ্ডালি কৰিলেই সহ্য কৰাটো হীনমন্যতা- কাপুৰুষালিৰ পৰিচয়। সকলো থাকিব, সকলো ঠাইতে – কিন্তু য’ত থাকিব সেই জাতি- মাটিক সন্মান কৰিহে থাকিব।
লগতে অসমীয়াইয়ো হিংসাৰ সলনি গণতান্ত্ৰিক প্ৰতিবাদ আৰু প্ৰতিৰোধেৰে বহিৰাগতৰ দাদাগিৰি- দপদপনি স্তব্ধ কৰিবই লাগিব। খিলঞ্জীয়াৰ ভাষা- সংস্কৃতি- অৰ্থনীতি সুৰক্ষাৰ কাৰ্যসূচী- সংগ্ৰাম কোনো অপৰাধ নহয়। ই সাংবিধানিক অধিকাৰ। (জাতীয়তাবাদী নেতাবোৰে দালালি / আপোচৰ অংক, নাটক এৰিবৰ হ’ল!






