Skip to content
Janagana Desk
September 17, 20241 second read

খিলঞ্জীয়া ভূমিত  বহিৰাগতৰ আগ্ৰাসন কেতিয়াও গ্ৰহণযোগ্য নহয়। বিভিন্ন কাৰণত অন্যান্য স্থানৰ পৰা আহি খোপনি পোতা এই বিদেশী সকলক উচ্ছেদ কৰা হয় ।কিন্তু তাৰ আগত এইটো বিবেচনা কৰিব লাগিব তেওঁলোক কৰ পৰা আহিছে প্ৰবজিত হোৱাৰ কাৰণ সম্পৰ্কে অৰ্থাত তেওঁলোকৰ পৰিচয় সঁচাকৈ সন্দেহযুক্ত নেকি? দেশ, জাতি, মাটি , ভেঁটিৰ স্বাৰ্থত উচ্ছেদ অভিযান চলিছে ঠিকেই আছে কিন্তু উচ্ছেদিত লোকক কোনো ধৰনৰ জাননী নিদিয়াকৈ যধে মধে উচ্ছেদ অভিযানৰ পক্ষপাতী নহয়। উচ্ছেদ কাৰ্য্যৰ লগতে তেওঁলোকক স্ব গৃহলৈ উভতাই দিয়া নতুবা স্থানীয় বেদখল কাৰী হলে সংস্থাপন কৰাটোও চৰকাৰৰে দায়িত্ব। এক নিৰ্দিষ্ট সময় বান্ধি দিব লাগে চৰকাৰে। বুল্ডযাৰৰে ঘৰ দুৱাৰ ভাঙি পেলাই দিয়া টোৱে চৰকাৰৰ কাম নহয়। যি কোনো সময়তে  কোনো বিকল্প সুবিধা বা পুনৰ্সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা কাৰ্য্যই ভুক্তভোগী পৰিয়ালৰ নিদ্ৰা হৰণ কৰে ।

অসমত উচ্ছেদ অভিযান কেৱল এইয়াই নহয়।সোণাপুৰৰ কচুতলি অঞ্চলত উচ্ছেদ অভিযানৰ পূৰ্বেও গৰুখুটি, ধলপুৰ আদি বিভিন্ন ঠাইত। চলোৱা হৈছিল উচ্ছেদ অভিযান। সেই সময়ত ধলপুৰৰ ১৪১৮টা পৰিয়ালক উচ্ছেদ কৰিছিল চৰকাৰে। তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱাতো বন্যপ্ৰাণী অভয়াৰণ্যৰ লাইকা-দোহিয়া অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল ৬০০ টা পৰিয়াল কিন্তু চিন্তনীয় বিষয় তেওঁলোকৰ এতিয়াও পুনৰসংস্থাপন কৰা হোৱা নাই। কিছু ক্ষেত্ৰত উচ্ছেদ অভিযান বোৰ ন্যায়ৰ সপক্ষে নাথাকি ৰাজনৈতিক ষড়যন্ত্ৰৰ কৌশল হৈ পৰিছে । কিয়নো পাটকাই পাহাৰত অবৈধ কয়লা খননৰ ক্ষেত্ৰত আজিও নিমাত চৰকাৰ, কিয় আজিলৈ লোৱা হোৱা নাই উপযুক্ত ব্যৱস্থা।

জাতি মাটি ভেঁটিৰ স্বাৰ্থত সকলো ধৰণৰ বেদখল কাৰীৰ অধিগ্ৰহণ সোনকালে ৰোধ কৰক। ৰাজ্য চৰকাৰৰ আন এক দায়িত্ব হৈছে সীমান্তৰ ৰাজ্যসমূহে বৰ্তমানলৈকে অসমৰ ভূমি বেদখল কৰি থকা ভূমি ঘূৰাই আনক । অবৈধ সকলৰ বিৰুদ্ধে সততে অভিযান চলোৱা চৰকাৰ খনে জ্ঞাত থকাৰ পিছতো কোনো ধৰনৰ ব্যৱস্থা লোৱা নাই কিয়।

উল্লেখনীয় যে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ তথ্য অনুসৰি অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল । ইয়াৰে নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি  অৰ্থাৎ ৫৯,৪৯০.২১ হেক্টৰ।লগতে অৰুণাচল প্রদেশ ত ১৬,১৪৪.০১১৭, মেঘালয়ত  ৩,৪৪১.৮৬০১, মিজোৰামত ৩,৬৭৫.৭৮ হেক্টৰ ভূমি বহিঃ ৰাজ্যৰ কবলত ।

গতিকে চৰকাৰ খনে বহিঃ ৰাজ্যৰ অধিগৃহিত অঞ্চল দখল মুক্ত কৰিলেহে জাতি মাটি ভেঁটিৰ জয়গান গোৱা উচিত। আৰু লগতে এতিয়াও উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰক।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top