Skip to content

ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম…

Dr Netraranjan
November 18, 20241 second read
Unemployment in Assam

বৰ্তমান সমগ্ৰ দেশতে মূৰ দাঙি উঠা মূল সমস্যাটো হ’ল নিবনুৱা সমস্যা। ক্ৰমাগতভাৱে বৃদ্ধি হোৱা নিবনুৱা সংখ্যা তথা শিক্ষিত নিবনুৱা ছবিখন অত্যন্ত দুখজনক। তাৰপিছতো ৰাজ্য চৰকাৰে এইসকল লোকক সংস্থাপনৰ ক্ষেত্ৰত নাই লোৱা কোনো বিশেষ ভূমিকা ৷ মাথোন ডেৰ লাখ লোকক সংস্থাপন প্ৰদান কৰিয়ে সামৰিছে দায়িত্ব, কিন্তু মাত্ৰ ডেৰ লাখ চৰকাৰী চাকৰি সমস্যাৰ সমাধান নহয়। ২০২১ চনত চৰকাৰ গঠনৰ পাছত এবছৰৰ ভিতৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল। কিন্তু প্রায় চাৰি বছৰৰ ভিতৰত প্রায় ৯৮ হেজাৰ নিবনুৱাকহে নিযুক্তি দিবলৈ চৰকাৰ সক্ষম হৈছে। কিন্তু সেইয়া বৰ্দ্ধিত নিবনুৱা সমস্যাৰ সমাধান নহয়। এই বৰ্দ্ধিত সমস্যাক কেৱল চৰকাৰী চাকৰিয়ে সমাধান কৰিব নোৱাৰে বুলি জ্ঞাত হোৱাৰ পিছতো গুৰুত্বহীন এনে জ্বলন্ত সমস্যাৰ প্ৰতি। যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, আদিৰ লগতে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ দিহা কৰি কৰ্মসংস্থাপনত গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে চৰকাৰ ব্যস্ত কেৱল হিতাধিকাৰীৰ মাজত নগদ ধন বিতৰণত হে। উল্লেখযোগ্য যে হিতাধিকাৰীৰ মাজত এই বছৰ প্রায় ১৭ হেজাৰ কোটি টকা বিতৰণ কৰা হ’ব। হিতাধিকাৰীক সন্তুষ্ট কৰাহে প্ৰাধান্যৰ বিষয় চৰকাৰৰ বাবে

উল্লেখ্য যে পূৰ্বৰ পঞ্জীয়নৰ তথ্য মতেই ৰাজ্যত মুঠ জনসংখ্যাৰ প্রায় ১০ শতাংশই হৈছে পঞ্জীয়নভুক্ত নিবনুৱা। অসম চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাৰ প্রতিবেদনতো উল্লখে পাইছে কম সময়ৰ ভিতৰত  ১০ লাখ নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ ভয়ংকৰ তথ্য । বৰ্তমান ৰাজ্যত শিক্ষিত আৰু অর্দ্ধ শিক্ষিত মিলি ৩৩,৫৯,১৭৬ পঞ্জীয়নভুক্ত নিবনুৱা। যোৱা এবছৰৰ ভিতৰত প্রায় ১০ লাখ নিবনুৱাৰ সংখ্যা বাঢ়িছে। মুঠ ৩৩,৫৯,১৭৬ পঞ্জীয়নভুক্ত নিবনুৱাৰ ভিতৰত ১৪,৪৯,৬২৮ গৰাকীয়েই হৈছে মহিলা। মুঠ কোটি ৩৩ লাখ জনসংখ্যাৰ ভিতৰত ৩৩,৫৯,১৭৬গৰাকী নিবনুৱা হ’লে জনসংখ্যাৰ প্রায় ১০ শতাংশই নিবনুৱা। নিবনুৱাসকলৰ ভিতৰত ১২,৮৮,৪৭৩ গৰাকী হৈছে উচ্চতৰ মাধ্যমিক পর্যায়ত উত্তীর্ণ নিবনুৱা। ৰাজ্য চৰকাৰে শেহতীয়াকৈ অনলাইন ব্যৱস্থাৰে নিবনুৱাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও পঞ্জীয়নভুক্ত হোৱা নাই একাংশ অৰ্দ্ধশিক্ষিত নিবনুৱা। ২০২৪ চনৰ ১৩ নৱেম্বৰ পর্যন্ত অনলাইন ব্যৱস্থাৰে পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা ২২ লাখ ২,২২৭। ইয়াৰে ৯,৪৭,০৩৫ গৰাকী মহিলা নিবনুৱা। অনলাইন ব্যৱস্থাৰে পঞ্জীভুক্ত নিবনুৱাৰ ভিতৰত ২১,৮৪,৪১৪ গৰাকীৰহে আধাৰ কাৰ্ড আছে। অনলাইন পদ্ধতিত পুনৰ নাম পঞ্জীয়ন কৰাসকলকহে নিবনুৱা হিচাপে ধৰা হৈছে। তেনে দৃষ্টিকোণৰপৰা ৰাজ্যত নিবনুৱাৰ সংখ্যা ২২ লাখ।

চৰকাৰে এই কথা উপলব্ধি কৰা উচিত যে হিতাধিকাৰী ৰাজনীতি নিবনুৱা সমস্যাৰ সমাধান নহয়। এই সমস্যাৰ প্ৰতিবাদত সৰ্বত্ৰে একত্ৰিত হৈ উপযুক্ত সমাধানৰ বাবে থিয় দিয়া উচিত। সুপৰিকল্পনাৰ যোগেদি  প্ৰতিহত কৰিবই লাগিব এই সমস্যাক। বেংকবোৰেও কম সুতত ঋণ আদিৰ ব্যৱস্থা কৰি নিবনুৱাসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ তেতিয়াহে দেশৰ এনে জলন্ত সমস্যাৰ সমাধান আশা কৰিব পাৰি।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top