বিচিত্ৰ অসম, বিচিত্ৰ জাতি জনজাতি লোকেৰে ভৰপূৰ। অসমত বিভিন্ন ধৰ্ম, ভাষা, বৰ্ণ, সম্প্ৰদায়ৰ লোক থাকিলেও পৰ্বত ভৈয়াম উভয়ৰে সকলোৱে নিজকে অসমীয়াৰ পৰিচয়ৰে পৰিচয় দি আহিছে। অসমৰ মুঠ জনসংখ্যা ৩.৪২ কৌটি ( আনুমানিক) ৰ মুঠ ৩৩ লাখ অৰ্থাৎ ১২.৪ শতাংশ জনজাতীয় লোক।অসমত বড়ো কছাৰী, ৰাভা কছাৰী, তিৱা বা লালুং, মিৰি বা মিচিং, ডিমাছা আৰু কাৰ্বিকে ধৰি বহুটো সৰু বৰ জনজাতি লোক বসবাস কৰি আছে।ছয়টা জনগোষ্ঠী যথাক্ৰমে; টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠী – অসমৰ এই কেইটা খিলঞ্জীয়া জন গোষ্ঠীয়ে আজি বহু দিন ধৰি তেখেত সকলক জনজাতি শিতানত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে আৰু বিভিন্ন চৰকাৰ বিৰোধী আন্দোলন কৰি চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে। অসম চুক্তিৰ ছয় নং দফাৰ ‘অসমীয়াৰ ৰাজনৈতিক সুৰক্ষা ‘ ৰ সামৰ্থক এই ছয় জনগোষ্ঠীৰ জনাজাতিকৰণ। এই সমস্যা আজিৰ নহয় । দীৰ্ঘদিন ধৰি কৰি অহা এটা দাবী জনজাতিকৰণ ।অসমৰ ছয়টা খিলঞ্জীয়া জনগোষ্ঠী– টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীয়ে জনজাতিকৰনৰ অন্তৰ্ভুক্তিৰ বাবে অহৰহ পোষকতা কৰি আহিছে।আনকি এই জন গোষ্ঠী কেইটাই লগ লাগি এখন যৌথ মঞ্চ তৈয়াৰ কৰি চৰকাৰক নানা ধৰণেৰে হেঁচা প্ৰয়োগ কৰি আহিছে।
সোপাধিলা নীতিৰ বাবেই বঞ্চিত নেকি অসমৰ ছয়টা জনজাতি।২০১৯ চনৰ ৮ জানুৱাৰীত ৰাজ্যসভাত উত্থাপন কৰা অনুসূচিত জনজাতি সংশোধনী বিধেয়ক অনুসৰি অনুসূচিত জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ বিষয়ে কোৱা হৈছিল যদিওঁ আজি লৈকে কাৰ্য্যকৰী হোৱাৰ বিপৰীতে প্ৰতিশ্ৰুতি হৈয়ে থাকিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সন্মতি মৰ্মেও সকলো পৰ্য্যবেক্ষণৰ পিছতো চৰকাৰে পিঠি দিলে বিধেয়ক খন আইনলৈ পৰিবৰ্তন কৰাত। জনগোষ্ঠীৰ দাবী দাবী হৈয়েই ৰ’ল।কেৱল ৰাজনীতিৰ সময়তেই উত্তাল হৈ পৰা বিষয়টো আন সময়ত প্ৰায় স্থবিৰ হৈ পৰে ।প্ৰতিবাদ কৰবাতে ৰৈ যায়, কোনো ব্যৱস্থাই লৰচৰ কৰিব পৰা নাই এই সিদ্ধান্ত ।অসমৰ ছয় জনগোষ্ঠীক লৈ দীর্ঘদিন ধৰি নিকৃষ্ট ৰাজনীতি কৰি অহাৰো অভিযোগ উত্থাপন কৰে জনগোষ্ঠীয় ঐক্যমঞ্চই। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি বিজেপি চৰকাৰে সীমাহীন বঞ্চনা তথা প্ৰতাৰণা কৰি অহা বুলি উল্লেখ কৰে। নেতৃত্বাধীন গেৰুৱা দলৰ চৰকাৰৰ ভুৱা প্রতিশ্রুতিৰে ৰাজনীতি হে কৰি আছে।জনজাতিকৰণৰ বিষয়টোক লৈ বছৰ বছৰ ধৰি চৰকাৰে ৰাজনীতি কৰি অহাৰ অভিযোগ আছে। কিন্তু ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ হুংকাৰ শুনা নাই আজিলৈকে চৰকাৰে। নিৰ্বাচনত সময়ত নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছত ছয় জনগোষ্ঠীৰ বিষয়টো শক্তিশালী ৰূপত প্রতিফলিত হোৱা নাছিল। কিন্তু বিধানসভাৰ নির্বাচন প্রায় চমু চাপি অহাৰ সময়ত সংগঠনসমূহে জনজাতিকৰণৰ বিষয়টো পুনৰ উত্থাপন কৰিছে। ঠিক সেইদৰে পূৰ্বৰ আন্দোলনসমূহলৈ চালে দেখা যায় যে ২০১৪ চনৰ লোকসভা নির্বাচন, ২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচন, ২০২১ চনৰ বিধানসভা নির্বাচন আদিৰ সময়ত ছয় জনগোষ্ঠীৰ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰিছিল। সেই নির্বাচনকেইটাৰ পূৰ্বে চৰকাৰ আৰু সংগঠনসমূহৰ মাজত আলোচনাৰে স্থগিত কৰিছিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসঙ্গ ওলালেই বিষয়টো সমাধান কৰাৰ সলনি গাপ দিব বিচাৰে নেতৃত্বাধীন চৰকাৰে। নিজৰ ভুল আনলৈ ঠেলি দিয়াৰ স্বভাৱত সিদ্ধ এইখন চৰকাৰ।নিজৰ ব্যৰ্থতাৰ বাবে জগৰীয়া কৰিলে আকৌ বিৰোধী পক্ষক। তেওঁ হয়তো পাহৰি গৈছিল দোষী সাব্যস্ত কৰা দলৰে মুখ্যমন্ত্ৰীৰ সোঁহাত স্বৰূপ আছিল।সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এই বিষয়টো নিষ্পত্তি কৰাৰ বাবে দীৰ্ঘ সময় ধৰি আলোচনা হৈছিল।
অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ জনতাৰ হাতত এপাত আমোঘ অস্ত্ৰ। অৰ্থাৎ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিলে যিদৰে অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষা নিশ্চিত হ’ব, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলেও খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষা নিশ্চিত হ’ব। ছয় নং দফা কাৰ্যকৰী কৰিবলৈ হ’লে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি ল’ব লাগিব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ শাসকীয় দল নাইবা ৰাজনৈতিক দৃষ্টিভংগীৰে শংকিত বিষয়। গাদী , ক্ষমতা হেৰাই যোৱাৰ আশংকাত বিষয়টোৰ পৰা ফালৰি কাটি আহিছে।দীর্ঘদিনে উত্থাপিত দাবীৰ ভিত্তিত অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰ মর্যাদা লাভ কৰিলে অসমখন ৫১ শতাংশ সংখ্যাগৰিষ্ঠতা বিশিষ্ট জনজাতি প্রধান ৰাজ্য হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ব। সেয়ে হ’লে অসমেও উত্তৰ পূৰ্বাঞ্চলত আন আন ৰাজ্যৰ দৰে ইনাৰ লাইন পার্মিট ব্যৱস্থা বলবৎ কৰাৰ বাবে সাংবিধানিক যোগ্যতা অর্জন কৰিব। এই ক্ষেত্রত বর্তমানৰ ভাৰত আৰু অসম চৰকাৰৰ তীব্র আপত্তি পূর্বতেও আছিল আৰু এতিয়াও আছে। কিয়নো সেয়ে হ’লেই অসমৰ ৰাজনীতিত জনজাতীয় লোকৰ আধিপত্য চিৰদিনলৈ প্রতিষ্ঠা হ’ব। অদূৰ ভবিষ্যতে কোনো উচ্চবংশ্যৰ সাধাৰণ অভিজাত সম্প্রদায়ৰ লোক মুখ্যমন্ত্রীৰ আসন অধিষ্ঠিত কৰিব নোৱাৰিব। অসমৰ ভূমিত কেৱল খিলঞ্জীয়া জনজাতীয় লোকৰহে প্রভুত্ব থাকিব, বহিৰাগতৰ অনুপ্রৱেশ আৰু আধিপত্য চিৰদিনলৈ বন্ধ হৈ পৰিব, ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়া লোকৰ হাতত থাকিব। জনজাতীয় লোকৰ এলেকাত স্থানীয় স্বায়ত্ত শাসন ৱলৱৎ হোৱাৰ বাট সুগম হ’ব। দিল্লী আৰু দিছপুৰৰ ৰাজনীতিত এচাম লোকৰ সান্দহ খোৱা বালি তল যোৱাৰ আশংকা কৰিয়েই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোক ইমান দিনে ওলমাই ৰখা হৈছে। ১৯৭৮ চনৰ পৰা আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী জনাই অহা ৰাজ্যৰ অন্যতম প্রধান জাতীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হোৱাৰ পূর্বেই অসম আন্দোলনৰ অন্তত প্রথমবাৰৰ বাবে ক্ষমতালৈ অহা আঞ্চলিক দলৰ চৰকাৰৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক অসমত পূর্ণ স্বায়ত্তশাসন, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্রৱর্তন কৰিবলৈ স্মাৰকপত্র প্রদান কবি দাবী সন্দর্ভত যুক্তি দর্শাই ব্যাখ্যা কৰিছিল। মুখ্যমন্ত্রীয়ে সেই দাবীক মান্যতা প্রদান কৰিবলৈ সন্মত হোৱা নাছিল। মুখ্যমন্ত্রী মহন্তৰ মতে কোনো কাৰণতেই অসমত এই দাবী বলবৎ কৰা সম্ভৱ নহয়। কিয়নো সেয়ে হ’লেই ছয় জনগোষ্ঠীৰ প্রভাৱ থকা এলেকা-সমষ্টি সংশ্লিষ্ট জনগোষ্ঠীৰ বাবে সংৰক্ষিত হ’ব। সেইবাবে এইটো নিশ্চিত যে কোনো ৰাজনৈতিক দলেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ইয়াৰ লগত জড়িত আন্তঃৰাজ্যিক পাৰপত্র ব্যবস্থাক সমর্থন নকৰে। আনহাতে সংৰক্ষণৰ ক্ষেত্ৰত চাবলৈ গলে সকলো সামৰি ৭+১০+৫+২৭+১০+৪=৬৩ শতাংশ আসনেই সংৰক্ষণৰ আওতাভুক্ত। আকৌ নতুনকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অ’বিচি অন্তর্ভুক্ত ২৭ শতাংশ আসন জনগোষ্ঠীকেইটাৰ লগত মাজত সংৰক্ষণৰ ব্যৱস্থা কৰিবলগীয়া হ’ব। সেয়ে হ’লে সাধাৰণ জাতিৰ বাবে ৩৭ শতাংশ আসন অ-সংৰক্ষিত হৈ থাকিব।সম্প্রতি হিন্দু ভোটৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰে জনমতৰ বিপৰীতে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯-২০ ‘কা’খন উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পার্মিট ব্যৱস্থাৰে সমৃদ্ধ ৰাজ্য চাৰিখনৰ লগতে বি টি আৰ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বলবৎ নহয় বুলি কোৱা হৈছে।
জনজাতিৰ বৈশিষ্ট্য আৰু পৰম্পৰালৈ লক্ষ্য কৰিলে উপেক্ষিত ছয় জনগোষ্ঠী কেইটাক জনজাতিৰ স্বীকৃতি দিব পৰা যায়। ইয়াৰে প্ৰতিটো জন গোষ্ঠীৰেই নিজস্ব ভাষা, ৰীতি নীতি, নিজস্ব পৰম্পৰা আৰু উৎসৱ আছে, যিবোৰক এক সুকীয়া সাংস্কৃতিক সত্তা বুলি চিহ্নিত কৰা হয় । জনজাতিকৰণে এই সকল জন গোষ্ঠীক তেওঁলোকৰ অনন্য এই ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সহায়ক হব বুলি মত প্ৰকাশ কৰি তেখেত সকলে এই জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে।যুক্তি আৰু তথ্যৰ আধাৰত ছয় জনগোষ্ঠীয়ে নিচ্ছিন্নভাবে নিষ্পত্তিৰ বাবে সৰৱ ভূমিকা গ্রহণ নকৰিলে বিষয়টো সদায় ৰাজনৈতিক আধাৰ হৈয়ে ৰ’ব।






