ৰাজ্যত চৰকাৰী হেমাহিৰ বাবে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ দৰে অভিলাষী আঁচনিখন ব্যর্থ হৈছে। গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে আৰ্থিক সেৱা আৰু গাওঁৰ আন্ত:গাঁথনি উন্নয়নৰ উদ্দেশ্যৰে ৰূপায়ন কৰা আঁচনি খনে চৰম ব্যৰ্থতালৈ পৰ্যবসিত হৈছে। চৰকাৰৰ শেষৰ চাৰিটা বিত্তীয় বর্ষতে অচিনিখনৰ সুবিধা লাভ কৰা লোকৰ সংখ্যা ব্যাপক হ্ৰাস পাবলৈ ধৰিছে।
আঁচনীখনৰ জৰিয়তে নূন্যতম নিয়ম অনুসৰি এনৰেগাৰ অধীনত এটা বিত্তীয় বর্ষত গ্রামাঞ্চলৰ প্ৰতিটো জবকার্ডধাৰী পৰিয়ালে ১০০ দিনৰ নিশ্চিত কর্মদিন লাভ কৰিব লাগে। বিভাগীয় পৰিসংখ্যা অনুসৰি অসমত জবকাৰ্ডধাৰী পৰিয়ালৰ সংখ্যা হৈছে ৬০,৮৬,৮৩২ টা। কিন্ত মাত্র ১,৯১৮ টা পৰিয়ালেহে ১০০ দিনৰ কৰ্মদিন লাভ কৰিবলৈ সক্ষম হৈছে। বছৰৰ পিছত ক্ৰমে হ্ৰাস পাবলৈ ধৰিল কাম কৰা পৰিয়ালৰ সংখ্যা। মাত্র ১,৯১৮ টা পৰিয়ালেহে ১০০ দিনৰ কৰ্মদিন লাভ কৰিবলৈ সক্ষম হৈছে।
জিলাভিত্তিক পৰিসংখ্যাই কাম আবণ্টনত দুৰৱস্থাৰ ছবি খন স্পষ্ট কৰে। প্রসংগক্রমে উল্লেখ্য যে অসমত সক্রিয় হৈ থকা জব কার্ডৰ সংখ্যা হ’ল ৩৮.৪৮ লাখ খন। ইয়াৰ বিপৰীতে শ্রমিকৰ সংখ্যা হ’ল ৫৮.২৭ লাখ। প্রাপ্ত তথ্য অনুসৰি বজালীত ৪ টা, বাক্সাত ১৬ টা, বৰপেটাত ৩১ টা, বিশ্বনাথত ৭৮ টা, বঙাইগাঁৱত ৫ টা, কাছাৰত ১ টা, চৰাইদেউত ৫৩ টা, চিৰাঙত ৮ টা, দৰঙত ৮৮ টা, ধেমাজিত ২২৭ টা, ধুবুৰীত ২৩ টা, ডিব্ৰুগড়ত ১৩২ টা, ডিমা হাচাওত ৫ টা, গোৱালপাৰাত ১৯ টা, গোলাঘাটত ১৪১ টা, হাইলাকান্দিত ১৪ টা, হোজাইত ৬ টা, যোৰহাটত ৯৬ টা, কামৰূপত ১৩৮ টা, কামৰূপ (মহানগৰ)ত ৩ টা, কার্বি আংলঙত ৫১ টা, কৰিমগঞ্জত ৯৪ টা, কোকৰাঝাৰত ১৫১ টা, লখিমপুৰত ৫৮ টা, মাজুলীত ২৪ টা, মৰিগাঁৱত ১৪ টা, নগাঁৱত ১৪৮ টা, নলবাৰীত ৩৭ টা, শিৱসাগৰত ৭৭ টা, শোণিতপুৰত ২১ টা, দক্ষিণ শালমাৰা-মানকাচৰত ১ টা, তামুলপুৰত ১ টা, তিনিচুকীয়াত ১২ টা, ওদালগুৰিত ১২৮ টা আৰু পশ্চিম কাৰ্বি আংলঙত ১৩ টা, অর্থাৎ মুঠ ১,৯১৮ টা পৰিয়ালে ১০০ দিনৰ কাম পাবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে লক্ষ লক্ষ জবকার্ডধাৰী পৰিয়ালৰ বিপৰীতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে যোৱা ৫ টা বিত্তীয় বৰ্ষত ১ লাখ পৰিয়ালকো ১০০ দিনৰ কর্মদিন দিবলৈ সক্ষম হোৱা নাই। বৰঞ্চ বছৰি বছৰি ১০০ দিনৰ কৰ্মদিন লাভ কৰা পৰিয়ালৰ সংখ্যা হ্রাসহে পাইছে।
ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তথ্য অনুসৰি, ২০২০-২১ত আঁচনিখনৰ জৰিয়তে কাম লাভ কৰা পৰিয়ালৰ সংখ্যা আছিল ৭১.২৬৮ টা। ২০২১-২২ত সেই সংখ্যা হ্রাস হয় ৫১,৯৫৪ টালৈ। ২০২২-২৩ত সংখ্যা অবনমিত হয় ২১,৪৭৮ টালৈ। আনহাতে, যোৱা বিত্তীয় বর্ষটোত অর্থাৎ ২০২৩-২৪ত সেই সংখ্যা হয়গৈ ১৯,৬৬৫টা। এই বিত্তীয় বর্ষটোত ৩,৮২,৫৩৪টা কামৰ আৰম্ভণি হোৱাৰ বিপৰীতে মাত্র ১০,৫৫৩টা কামহে সম্পূর্ণ হয়। কাম সম্পূর্ণ হোৱাৰ হাৰ হ’ল মাত্র ২৩.৬৭ শতাংশ। এনে পৰিসংখ্যাই উদঙাই দিছে কার্যতঃ অসমত ফ্লপ শ্ব’ত পৰিণত হৈছে মহামানৱ মহাত্মা গান্ধীৰ নামেৰে নামাংকিত এনৰেগা আঁচনি।






