Skip to content

১৮২৬ – ২০২৪: অসমৰ অৰ্থনৈতিক পৰিক্ৰমা

Dr Netraranjan
December 10, 202418 second read
Economic History of Assam since 1826

ভাৰতে স্বাধীনতা অর্জন কৰাৰ ৭৬ বছৰ পূৰ্ণ হোৱাৰ পিছত অসমৰ কেনেধৰণৰ উন্নতি হল সেই সম্পৰ্কে পর্যালোচনা কৰিবলৈ হলে চকু ফুৰাব লাগিব ব্ৰিটিছৰ দিনৰ অসমৰ অর্থনীতি। 

আহোম ৰজাৰ শাসনত অসম এখন স্বাধীন দেশ আছিল। আহোম ৰাজত্বত অসম অর্থনৈতিকভাৱে আত্মনির্ভৰশীল আছিল। জনসাধাৰণৰ জীৱন নিৰ্বাহৰ প্রায়খিনি সামগ্রীয়ে আহোম ৰজাই সুপৰিকল্পিতভাবে উৎপাদন কৰাৰ পৰিকল্পনা কৰিছিল। অনেক সামগ্রী ৰপ্তানি কৰিছিল। লোণৰ নিচিনা দুই-এপদ সামগ্রীহে আমদানি কৰি আনিছিল। যদিও ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰত দখলৰ কাম আৰম্ভ ১৬০৮ তে কৰিছিল অসম দখল কৰা কাম আৰম্ভ কৰিছিল ১৮২৬ হে। ব্ৰিটিছে অসম দখল কৰি অসমৰ অর্থনৈতিক উন্নয়নৰ কোনোধৰণৰ আন্তঃগাথনি সৃষ্টি নকৰি মাত্র কেঁচামাল সংগ্রহ তথা উৎপাদনতহে মনোযোগ দিছিল। অসমৰ বনজ সম্পদ, তৈল সম্পদ, কয়লা, চাহ আদি উৎপাদন কৰি ইংলেণ্ডলৈ লৈ যোৱাৰ হে ব্যৱস্থা কৰিছিল। ব্রিটিছে অসমৰ আন্ত: গাঁথনি, যেনে- জনসাধাৰণৰ যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ চিন্তা নকৰি মাত্র অসমৰ পৰা কেঁচামাল ইংলেণ্ডলৈ লৈ যাবলৈ ৰে’লৱে লাইন নির্মাণ কৰিছিল অসমৰ চহৰবোৰ স্পর্শ নকৰাকৈ ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আদিৰ পৰা চিধা চিধিকৈ লামডিং হৈ চট্টগ্রাম বন্দৰলৈ। অসমৰ কেঁচামালৰ ভিত্তিত উদ্যোগীকৰনৰ অলপো কাম নকৰিলে ব্ৰিটিছে।

১৯৪৭ত ভাৰত স্বাধীন হ’ল। অসমৰ জনসাধাৰণে আশা কৰিছিল জাতীয় চৰকাৰখনে অসমৰ উন্নয়নৰ বাবে অর্থনীতিৰ সকলো দিশৰে উন্নতি ঘটাব। পৰিতাপৰ কথা যে ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ কোনো জাতীয় নেতাই তথা অসমৰ চৰকাৰবোৰে অসমৰ অর্থনৈতিক উন্নতিৰ দিশটো বুজি নাপালে তথা অসমৰ অৰ্থনীতিৰ স্থানীয় সম্ভাৱনাবোৰৰ ভিত্তিত এক আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাৰ কোন চেষ্টাই নকৰিলে। কেন্দ্রীয় চৰকাৰখনেও ব্রিটিছ চৰকাৰৰ নিচিনা অসমকে কেঁচামাল সংগ্রহৰ কেন্দ্রত পৰিণত কৰিলে। পৰিতাপৰ কথা যে বিশেষ আর্থিক সুবিধা থকা সত্ত্বেও ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উন্নতি নহ’ল। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কোনো এখন চৰকাৰেই আন্তঃগাঁথনি উন্নয়নকে ধৰি আন সমস্ত ধৰণৰ উন্নয়নতে অগ্রাধিকাৰ দিয়া নাই। এই কার্যৰ পৰাই প্রমাণিত হয় যে ভাৰত স্বাধীন হোৱা দিনৰে পৰা অসমৰ নেতৃত্বৰ দূৰদর্শিতাৰ অভাৱ। সৌ সেইদিনা ২০১৪ত কেন্দ্রত বিজেপি চৰকাৰ শাসন ক্ষমতাত বহিয়েই অসমৰ ‘Special Category State’ৰ মৰ্যাদাও বাতিল কৰিলে।

অসম তথা উত্তৰ-পূর্বাঞ্চলৰ অর্থনীতি মুখ্যতঃ কৃষিভিত্তিক। ফলস্বৰূপে ৮৬ শতাংশ লোক গাঁৱত থাকে। সেই কাৰণে ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ মানুহৰ মূল জীৱিকাৰ আহিলা কৃষিখণ্ডৰ উন্নয়ন সাধন কৰাৰ প্রয়োজন আছিল ।অঞ্চলটোৰ ৬৯ শতাংশ লোক কর্মসংস্থান তথা জীৱিকৰ বাবে কৃষিৰ লগত জড়িত হৈ থকা সত্ত্বেও খাদ্যৰ ক্ষেত্রত অসম পৰনিৰ্ভৰশীল। বছৰি প্রায় ৩০ হেজাৰ কোটি টকাৰ খাদ্যপণ্য আমদানি কৰে অসমে। 

ভিন্নধৰণৰ মূল্যবান প্রাকৃতিক সম্পদৰ ক্ষেত্রত অসম অন্যতম ধনী ৰাজ্য। মাটি সাৰুৱা, পানীৰ অভাৱ নাই, ৰাজ্যখন নদ- নদীৰে পৰিপূর্ণ, বৰষুণ নিয়মিতৰূপে হয়। গতিকে অসম তথা উত্তৰ-পূর্বাঞ্চল শস্য উৎপাদন বা কৃষিৰ বাবে অতি উপযুক্ত ঠাই। প্রাকস্বাধীন কালতে, যি সময়ত আন্তঃগাঁথনি বুলিবলৈ একো নাছিল, সেই সময়তেই অসমৰ পৰা বহু সামগ্রী ৰপ্তানি হৈছিল। ১৮২৬ৰ পাছত ব্রিটিছ চৰকাৰ উত্তৰ- পূর্বাঞ্চলৰ বিপুল প্রাকৃতিক সম্পদৰ মালিক হৈ পৰিছিল আৰু অসম কেঁচামাল সংগ্রহৰ কেন্দ্রত পৰিণত হৈছিল। অবিভক্ত অসমত ১৮৭০ চনত ৪,৫৬৫ বর্গমাইল বনাঞ্চল আছিল আৰু এই বনাঞ্চলত মূলাৱান কাঠ, যেনে- শাল, চেণ্ডন, গমাৰী আদি প্ৰচুৰ পৰিমাণে উপলব্ধ আছিল। কাঠৰ বাহিৰেও আন আন মূল্যবান সামগ্রীও আছিল। ১৮৫৩ চনত ১,৮৭৬ একৰ মাটিৰ এখন চাহ বাগিচা খুলি ইংৰাজসকলে অসমত চাহ উৎপাদন আৰম্ভ কৰিছিল। ২০ বছৰৰ ভিতৰত অর্থাৎ ১৮৭১ত ব্রিটিছসকলে ২৯৫খন চাহ বাগিচাৰ সৃষ্টি কৰিছিল। উনৈশ শতিকাৰ পৰা অসমত ৰবৰৰো উৎপাদন আৰম্ভ হৈছিল। ১৮৬৭ৰ ২৬ মার্চৰ দিনাখন মাৰ্ঘেৰিটাৰ ওচৰত তেল আবিষ্কৃত হয় আৰু ব্রিটিছ কোম্পানীয়ে তেল খননকার্য আৰম্ভ কৰে। ১৯০১ত ডিগবৈ শোধনাগাৰে পেট্রলিয়াম উৎপাদন কৰে। বিশ্বৰ প্রথম পেনছিলভেনিয়াত তৈল আৱিষ্কাৰ হোৱাৰ ছবছৰৰ ভিতৰতে অসমত তেল আবিষ্কাৰ হৈছিল।

এই পটভূমিত ১৯৪৭ত ভাৰত স্বাধীন হৈছিল আৰু সার্বভৌম ভাৰতৰ অসম এখন ৰাজ্য। ভাৰত স্বাধীন হোৱা দিনৰে প্ৰায় যোৱা ৭৭ বছৰে ভাৰত তথা অসম চৰকাৰে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলব আন্তঃগাঁথনি উন্নয়নত কোনো বিশেষ গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলে অসমৰ মূল সমস্যা বানপানী নিয়ন্ত্রণত, নদী নিয়ন্ত্রণত। বর্তমানৰ অর্থনীতিত মুঠ ঘৰুৱা উৎপাদন (GDP) বিকাশৰ হাৰৰে প্রতিফলিত হয় কোনো এখন দেশৰ বা ঠাইৰ অর্থনৈতিক উন্নয়ন বা অৱনতি। এই ক্ষেত্রত অসমে মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ জাতীয় গড়ৰ হাৰতকৈ ১৯৫০ৰ পৰৱৰ্তী কালছোৱাত বহু পিছপৰি আছে – সৰ্বভাৰতীয় হাৰৰ ওচৰ চাপিব পৰা নাই। ঠিক সেইদৰে অসমৰ লোকৰ জনমূৰি আয়ৰ ১৯৫০চনত চলিত মূল্যত আছিল ১,১৭৩ টকা, জনমুৰি আয়ৰ জাতীয় গড় আছিল ১,১২৭ টকা। ১৯৫০ৰ মূল্যত অসমৰ জনমূৰি আয় আছিল ৩৩৪.৬০ টকা, জাতীয় জনমূৰি আয় আছিল ২৩৮.৮০ টকা। সেই সময়ত জনমূৰি আয়ৰ ক্ষেত্রত অসমৰ স্থান আছিল পঞ্চম। বর্তমান ভাৰতৰ জনমুৰি ১,২৬,৪০৬ টকাৰ বিপৰীতে অসমৰ ৭৪,২০৪ টকা।

অসম জল সম্পদতো চহকী। মাটিৰ ওপৰৰ পানী ১,০৬৪.৭৯ বর্গ কিঃমিঃ আৰু ভূতলৰ পানী ১৪.৬১ বর্গ কিঃমিঃ। ইমান প্রচুৰ জলসম্পদ অসমত থকা সত্ত্বেও আজিলৈকে ভাক্রানাংগল প্রকল্পৰ লেখীয়া বৃহৎ জলসিঞ্চন প্রকল্পৰ সৃষ্টি নহ’ল। বর্তমান চৰকাৰী হিচাপ মৃতে ভাৰতবর্ষৰ ৰাজ্যবোৰত গড়ে জলসিঞ্চনৰ ব্যৱস্থা থকা ৭৩.৫ শতাংশ মাটিৰ বিপৰীতে অসমত এই হাৰ ১৯.৭৮ শতাংশ। অসমৰ অর্থনৈতিক জৰীপ (২০১১-১২)ৰ মতে অসমৰ জলসিঞ্চনৰ সুবিধাৰ ২২.৮৪ শতাংশহে ব্যৱহাৰৰ কাৰণে উপযোগী। অৰ্থাৎ মাত্র ৩.৭৭ শতাংশ মাটিতহে জলসিঞ্চন ব্যবস্থা আছে আৰু তাৰ বিপৰীতে দেশত আছে ৪৫.০২ শতাংশ খেতিৰ মাটিত। অর্থাৎ জলসিঞ্চনৰ প্রকল্পসমূহ সম্পূর্ণ হোৱা নাই বা বেছিভাগেই বিকল হৈ পৰি আছে, কোনোধৰণৰ ব্যৱস্থা লোৱা নাই পুনৰুজ্জীৱিত কৰিবলৈ।

অসমে চাহপাতক লৈ গৌৰৱ কৰিব পাৰে। বর্তমান দেশৰ মুঠ চাহ উৎপাদনৰ ৫২ শতাংশ চাহ অসমত উৎপাদন হয়। ডাঙৰ সৰু বাগিচা মিলি অসমত ৮৩,৫৬৬খন বাগিচা আছে। ইয়াৰ ৭৮০খন ডাঙৰ চাহ বাগিচাই ২.৭১,১৩৫ হেক্টৰ মাটিকালি আগুৰি আছে। ২০০০ত চাহৰ উৎপাদনত স্থায়ী আৰু অস্থায়ী শ্রমিক মিলি ১২,১০,০৬৯ জন শ্রমিক জড়িত হৈ আছে। ভাৰত স্বাধীন হোৱাৰ আগতে ব্রিটিছে চাহক কেঁচামাল হিচাপেহে ব্যৱহাৰ কৰিছিল। চাহৰ পৰা লাভ অসমত পুনৰ বিনিয়োগ কৰা নাছিল। স্বাধীন ভাৰততো একেই অৱস্থা।উপযুক্ত মজুৰিৰ পৰা বঞ্চিত বা শোষিত উক্ত শ্রমিকসকল। কর্মসংস্থাপনৰ বাহিৰে চাহে অসমৰ অর্থনীতিত বিশেষ অকণো অৰিহণা যোগাব পৰা নাই। বিভিন্ন ৰাজ সাহায্য তথা ৰেহাই আদিৰ কাৰণে ৰাজ ভঁৰাললৈ চাহৰ কৰ্মসংস্থাপনৰ সৃষ্টিৰ বাহিৰেও ৪৭.৯ জনৰ প্রত্যক্ষ কর্মসংস্থান সৃষ্টি হয়। অসমত পর্যটনে মনুফেকচাৰিং উদ্যোগৰ আৰু উদ্যোগৰ পাঁচৰ পৰা ছয় গুণ কর্মসংস্থান সৃষ্টি কৰিব পাৰে।

অসমত চৰকাৰী হিচাপ মতে ২৬,৮৩২ বর্গ কিলোমিটাৰ মাটি অৰণ্যৰ আবৃত। ইয়াৰে ১৭,৮৬৪ বর্গকিলোমিটাৰ মাটি  সংৰক্ষিত। ৮,৯৬৮ বর্গকিলোমিটাৰ অসংৰক্ষিত। বনাঞ্চলৰ পৰ ৰাজহ সংগ্রহ কৰা হৈছে ১৯১.৬৮ কোটি টকা। অসমৰ বনাঞ্চল দিনে দিনে হ্রাস পাই আহিবলৈ ধৰিছে। বনাঞ্চলৰ কাঠ অপৰিকল্পিতভাৱে কটাৰ বাবে অসমৰ প্লাইউড বা হার্ডবোর্ড উদ্যোগসমূহ বন্ধ হৈ গৈছে। বর্তমানে মোদী চৰকাৰে EIA আইন বলবৎ কৰি অসমৰ বনাঞ্চল নির্বিবাদে ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। অসমত বাঁহ উভৈনদী। পৃথিৱীৰ ভিতৰতে উত্তৰ-পূর্বাঞ্চলত সর্বাধিক বাঁহ আছে। বর্তমান পৃথিৱীত বাঁহৰ বিভিন্ন সামগ্রীৰ চাহিদা বৃদ্ধি পাইছে। চীন দেশ আটাইতকৈ লাভবান হৈছে বাঁহৰ সামগ্রী ৰপ্তানিৰ দ্বাৰা। অসমৰ বাঁহ উদ্যোগ উন্নয়নৰ বাবে একো নকৰিলে যোৱা ৭৭ বছৰে। ইয়াৰ বাহিৰেও অসমৰ বিভিন্ন কুটীৰ শিল্প পৰিকল্পিত ভাৱে বিকশিত কৰি সেইসমূহৰ বজাৰৰ ব্যৱস্থা পৰিকল্পিতভাৱে সংগঠিত কৰিলে ভালেসংখ্যক লোৰ কর্মসংস্থাপন হ’লহেঁতেন। বজাৰৰ ব্যৱস্থা পৰিকল্পিতভাৱে সংগঠিত কৰিলে পৃথিবীজুৰি বজাৰ পোৱা গলহেঁতেন। বৰ্তমান বিশ্বায়নৰ যুগ টোত প্ৰতিযোগিতাৰে বজাৰ দখল কৰিবলৈ Resesrch আৰু Innovation ৰ দ্বাৰা বজাৰৰ চাহিদা পূৰণ কৰিব পৰা উপযুক্ততা লাভ কৰিব পৰা গলহেঁতেন ।

বিশ্ব বিখ্যাত আন্ত:গাঁথনি উন্নয়ণত ভাৰতৰ জাতীয় চৰকাৰখনে কেনেধৰণে মাহী আইৰ স্থিতি লৈছিল সেইটো এটা উদাহৰণতেই প্রতিফলিত হয়। আমি উল্লেখ কৰিছোঁ যে ব্ৰিটিছে অসমৰ কেঁচামাল পৰিবহনৰ বাবে ৰেলৱে লাইনৰ নিৰ্মাণ কৰিছিল, কিন্তু জাতীয় চৰকাৰখনে সেই ৰে’লৱে লাইনটোৰ বাহিৰে অসমৰ চহৰবোৰ পুনপতীয়াকৈ স্পৰ্শ কৰাই কোনো ৰে’লৱে লাইন নিৰ্মান নকৰিলে। দেশৰ সকলো ৰাজ্যতে ৰেলেৰে যোগাযোগৰ বৈপ্লৱিক পৰিবৰ্তন সাধন কৰিলে, কিন্তু পৰিতাপৰ বিষয় যে অসমত সেই ব্রিটিছে নির্মাণ কৰা ৰে’লৱে লাইনো‌ দ্বৈত লাইনে নির্মাণ নকৰিলে। আজিৰ ইলেক্ট্রনিক যুগত ৰে’লৱেৰ দ্বৈত লাইন অবহিনে ৰে’লগাড়ী চলাচলৰ কথা কল্পনাই কৰিব নোৱাৰি। এক লাইনৰ শামুকীয়া গতিৰ ৰেলৱে তথা পৰিবহণ ব্যৱস্থাৰে। অসমৰ চৰকাৰবোৰেও অসমৰ জাতীয় নেতাবোৰেও অসমৰ অর্থনীতিৰ ব্যাপক সম্ভাৱনাবোৰৰ সুসংহত অধ্যয়ন নকৰিলে আৰু অসমখনক ভাৰতৰ আন ৰাজ্যৰ। উৎপাদিত পণ্যৰ অসম এখন বৃহৎ বজাৰত পৰিণত হয়। যেনে অসমৰ তাঁত উদ্যোগ। অসমৰ তাঁত উদ্যোগৰ আধুনিকীকৰণৰে উন্নতি নঘটাই আন ৰাজ্যত উৎপাদিত কাপোৰৰ  ওপৰত নিৰ্ভৰশীল কৰিলে অসমক।

বর্তমান ভাৰতবৰ্ষৰ অর্থনৈতিকভাৱে পশ্চাদপদ ৰাজ্য হ’ল অসম। দাৰিদ্ৰ্য সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিতৰতেই অসমত সর্বাধিক। অসমতেই অধিক কর্মসংস্থানহীন লোক আছে। অসমৰ জনমুৰি ঘৰুৱা উৎপাদনৰ পৰিমাণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ন্যূনতম। সেইবাবেই মানৱ উন্নয়নৰ বিভিন্ন সূচক, যেনে শিশুৰ মৃত্যুৰ হাৰ, পুষ্টিহীন নাগৰিকৰ সংখ্যা, প্রাপ্তবয়স্কৰ শিক্ষাৰ হাৰ, জনসাধাৰণৰ গড় আয়ুস আদিৰ ক্ষেত্ৰত অসম পিছপৰা। অসমৰ আন্তঃগাঁথনি ইমান অনুন্নত যে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত স্থান ১৭ আৰু উত্তৰ – পূর্বাঞ্চলৰ আন ছয়খন ৰাজ্যৰ স্থানো ভাৰতৰ অন্যান্য সৰু সৰু ৰাজ্যসমূহৰ একেবাৰে তলত।

মুল্যবান প্রাকৃতিক সম্পদত অসম চহকী হোৱা সত্ত্বেও উদ্যোগৰ ক্ষেত্রত আটাইতকৈ পিছপৰা ৰাজ্য আছিল। চাহ, কয়লা, তেলক বাদ দি কোনো উদ্যোগ গঢ়ি উঠা নাছিল, ১৮৯৯ত  ব্রহ্মপুত্র উপত্যকাত মাত্র ১১টা কাৰখানা আছিল। সেইয়া কেৱল কাঠৰ মিল। অসমৰ মুঠ বাণিজ্যৰ ৬০ শতাংশ আছিল কেঁচামাল ৰপ্তানি। ১৯০১ৰ লোকগণনা মতে দুই শতাংশ লোকে মাত্র নগৰত বাস কৰিছিল। সম্পদৰ ভিত্তিত উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সুযোগ থকা সত্ত্বেও ব্রিটিছ চৰকাৰে ৰাজ্যৰ ভিতৰত কোনো উদ্যোগ গঢ়ি তোলা নাছিল। প্রকৃততে অসমত চাহ, কয়লা, তেল উদ্যোগ স্থাপন হোৱাৰ পাছতো এই উদ্যোগসমূহে ৰাজ্যখনৰ অর্থনৈতিক বিকাশ তথা উদ্যোগীকৰণত কোনোধৰণৰ অৰিহণা যোগাব পৰা নাছিল। উক্ত উদ্যোগসমূহত নিযুক্ত কর্মচাৰীসকলক দৰমহা দিয়াৰ বাহিৰে কোনো পুঁজিয়েই ইয়াত বিনিয়োগ কৰা হোৱা নাছিল। ৰাজ্যখনৰ স্থানীয় লোকেও পুঁজি বিনিয়োগৰ ক্ষমতা অর্জন কৰা নাছিল। ব্রিটিছসকলেও নিবিচাৰিছিল স্থানীয় লোকে পুঁজি বিনিয়োগ কৰক। পুঁজি বিনিয়োগ কৰিবলৈ গৈ অর্থাৎ চাহ বাগান খুলিবলৈ গৈ মণিৰাম দেৱানে ব্রিটিছ ষড়যন্ত্রৰ বলি হৈ ফাঁচীকাঠত ওলমিবলগীয়া হৈছিল। ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন, যেনে- বাট-পথ, ৰে’লৱে, বিদ্যুৎ আদিৰ উন্নতিত চাহ, কয়লা আৰু তেলৰ প্রয়োজনত যি ঠাইলৈ দৰকাৰ সেইখিনিহে উন্নত কৰিছিল।

কৃষিৰ উন্নয়ন কৰিবলৈ বর্তমান যুগত জলসিঞ্চন হ’ল কৃষিৰ বাবে মুখ্য আন্ত: গাঁথনি। অসম তথা উত্তক পূর্বাঞ্চলত কৃষি প্রকৃতিৰ ওপৰত নির্ভৰশীল। অসমত বৰষুণ বেছি হ’লে বানপানী হয় আৰু কৰষুণ কম হলে খৰাং বতৰ হয়। সেই বাবেই ভাৰত স্বাধীন হোৱাৰ ৭৭ বছৰ পাছতো অসমৰ মাটি ভাৰতৰ ভিতৰতে সাৰুৱা হোৱাসত্ত্বেও কৃষি উৎপাদনৰ ক্ষেত্ৰত অসম পিছপৰি আছে। অসমৰ জলসিঞ্চন ব্যৱস্থাত নিম্নতম বিনিয়োগৰ কাৰন দেখুৱাই অসমত যথেষ্ট পৰিমানে বৰষুণ হয়, জলসিঞ্চনৰ প্রয়োজন নাই। কিন্তু বৃষ্টিপাত হোৱাৰ ধৰণৰ পৰা বিশেষজ্ঞসকলে কয় যে অসমত মুঠ খেতিৰ মাটিৰ ১.৫৭ নিযুত হেক্টৰ খৰাংপ্ৰৱণ। ১৯৬৭চনৰ পৰা বর্তমানলৈ বতৰৰ পর্যালোচনাৰ পৰা বতৰবিজ্ঞান কেন্দ্রৰ মতে অসমৰ অধিকাংশ
ঠাইত বৰষুণৰ ঘাটি পৰিলক্ষিত হৈছে। পৃথিৱীৰ সাম্প্রতিক ইতিহাস বিশেষকৈ দ্বিতীয় মহাসমৰৰ পিছত বিভিন্ন দেশ আৰু অঞ্চলৰ অর্থনীতিত Integrated Water Resource Development ৰ দ্বাৰা অভূতপূর্ব পৰিৱৰ্তন ঘটাব পৰা হৈছে। আমি সকলোৱে শুনিছিলো হোৱাংহো নদী চীন দেশৰ অভিশাপ। কিন্তু বর্তমান সময়ত হোৱাংহো নদীক চীন দেশে আশীর্বাদত পৰিণত কৰিছে। পূর্বৰ ছোভিয়েট ইউনিয়নে অনগ্রসত ছাইবেৰীয়া অঞ্চলত জলসিঞ্চনৰ দ্বাৰা অর্থনীতিৰ অভূতপূর্ব পৰিবর্তন ঘটাইছিল। ভাৰততো ভাক্রানাংগল প্ৰকল্পৰ দ্বাৰা পঞ্জাৱ আৰু হাৰিয়ানাত সেউজ বিপ্লৱ সম্পন্ন কৰিছে। অসমত প্ৰচুৰ পৰিমাণে পানী আছে।

যোৱা বছৰবোৰত বছৰি কফি ৩৩ মেট্ৰিক টন আৰু ৰবৰ ১৫,৩৪২ মেট্ৰিক টন উৎপাদন হৈ আছে কিন্তু ৰবৰ ভিত্তিক উদ্যোগ অসমত সৃষ্টি হোৱা নাই । বিষ্ণুৰাম মেধিয়ে বিত্তমন্ত্ৰী হিচাপে ১৯৫০-৫১ ৰ বাজেট উত্থাপনত উল্লেখ কৰিছিল যে ব্ৰিটিছ চাহ পুঁজিপতিসকলক বিভিন্ন ৰেহাই ব্যৱস্থাৰে সংস্থাপিত কৰিবলৈ গৈ অসমে উনবিংশ শতিকাত পঁচিশ কোটিৰো অধিক ৰাজহ হেৰুৱাব লগা হৈছিল। বৰ্তমানে অসম চৰকাৰে চাহ বাগানৰ মালিকসকলক বিভিন্ন ৰেহাই আৰু সাহাৰ্য দিয়ে।

কেন্দ্রীয় জল আৰু শক্তি আয়োগৰ হিচাপ মতে উত্তৰ-পূর্বাঞ্চলত ৯০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৩০,৭৩০ মেগাৱাফ উৎপাদন কৰিবৰ বাবে জলবিদ্যুৎ প্রকল্পৰ পৰীক্ষা আৰু অনুসন্ধান সম্পূর্ণ হৈছে। এই জলবিদ্যুৎ উৎস বেছিভাগ ব্ৰহ্মপুত্র অৱবাহিকাত উপলব্ধ। ইয়াৰ বাহিৰেও যোৱা ২৭ জুলাইত,২০২২ ৰাজ্যসভাত প্রকাশ কৰা তথ্যত কৈছে, অসমৰ ভূগর্ভত ১৪,৪৩০ কোটি কিউৰিক লিটাৰ গেছ (বর্তমান বজাৰমূল্য ৩.৫ লাখ কোটি টকা) জমা হৈ আছে, ১২৮ নিযুত টন কয়লাৰ উৎপাদনৰ সম্ভাবনা অসমত আছে। পৰিতাপৰ কথা যে কেন্দ্রীয় চৰকাৰে অসমৰ বান নিয়ন্ত্রণকে ধৰি বিদ্যুৎ উৎপাদনৰ বাবে বহুমুখী প্রকল্প নির্মাণ কৰাব পৰিবৰ্তে অবৈজ্ঞানিকভাৱে অকল বিদ্যুৎ উৎপাদনৰ বাবে বৃহৎ প্রকল্প নির্মাণ কৰিব ধৰিছে, যিয়ে নামনিৰ অৰ্থাৎ অসম উপত্যকাত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি কৰিব।

বিদ্যুৎ উৎপাদনৰ ইমান সম্ভাৱনীয়তা থকা স্বত্তেও অসমত ভাৰতৰ মুঠ বিদ্যুৎ উৎপাদনৰ ০.১৬ শতাংশ হে উৎপাদন হয় আৰু জনে প্ৰতি বিদ্যুৎ খৰচ হয় ভাৰতৰ গড়ে জনমূৰি ১,০৭৬ ৰ বিপৰীতে অসমত ২০৪.৮০ ইউনিট। হাৰিয়ানাত জনমূৰি ১,২২১.২১ , পঞ্জাৱত ১,৫২৬.৮৬ আৰু গুজৰাটত ১,৬১৬ ইউনিট।

পর্যটন উদ্যোগৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূর্বাঞ্চল আটাইতকৈ সম্ভাৱনাপূৰ্ণ অঞ্চল। পৰিতাপৰ কথা যে অসমলৈ ভাৰতৰ মুঠ পর্যটনৰ মাত্র ০.২২ শতাংশহে আছে। চীন দেশৰ গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ স্থাপিত হৈছে। চীন দেশে দেশৰ যুৱশক্তিক সকলো দিশত দক্ষতা বৃদ্ধি কৰিবলৈ আৰু বহুসংখ্যক উদ্যোগীয়ে পাঁচ লাখ উদ্যোগীয়ে প্রশিক্ষণ কেন্দ্র (ITI) তথা ভোকেচনেল কেন্দ্ৰ মুকলি কৰিছে আৰু প্রতি বছৰে ছয় কোটি যুৱক-যুৱতীক বিভিন্ন বিষয়ত   আৰু বহুসংখ্যক উদ্যোগীয়ে প্রশিক্ষণ কেন্দ্র মুকলি কৰা অতি জৰুৰী। পৰিতাপৰ কথা যে ভাৰত তথা অসম চৰকাৰে অসমৰ খিলঞ্জীয়া প্ৰাকৃতিক সম্পদবোৰৰ উন্নয়ন কৰাৰ বিপৰীতে অসম চৰকাৰে ১৮খন জিলাত এক নিযুত হেক্টৰ মাটিত পামতেলৰ গছৰ খেতি কৰিবলৈ চাৰিটা পুঁজিপতিৰ কোম্পানীক অনুজ্ঞা দিছে। এই পাম খেতিয়ে কৃষিভূমি, বনাঞ্চল ধ্বংস কৰি ৰাজ্যখনলৈ সর্বনাশ মাতি আনিব আৰু জৈৱবৈচিত্রতা ধ্বংস কৰি কেৱল পামবৃক্ষৰ সেউজ মৰুভুমিত পৰিণত কৰিব।এই অঞ্চলৰ প্রতি প্রকৃতি ইমান উদাৰ যদিও অনগ্রসতাৰ পৰা অঞ্চলটো মুক্ত হ’ব পৰা নাই। প্রাকৃতিক সম্পদত প্রাচুর্য এই অঞ্চলবোৰৰ বিকাশৰ যাবে এতিয়ালৈকে সবল জনমত গঢ়ি উঠা নাই। বৃহৎ ৰাজনৈতিক শক্তিবোৰে আৰু আনকি জাতীয়তাবাদী শক্তিবোৰে  তেওঁলোকৰ ন্যস্তস্বার্থ লক্ষ্যৰ বাবে অঞ্চলটোৰ বিকাশৰ দিশত বিশেষ ব্যৱস্থা নল’লে। প্রচুর্য থকা সত্ত্বেও অঞ্চলটটো প্রকৃত ৰাজনৈতিক শক্তিৰ অভাৱত অর্থনৈতিকভাবে আটাইতকৈ অনগ্রসৰ হৈয়ে ৰ’ল।

অসম তথা উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণে প্রকৃত আক সবল দেশপ্রেমী দূৰদৰ্শী নিকা ভাবমূৰ্তিৰ ৰাজনৈতিক শক্তি শাসন ক্ষমতাত অধিষ্ঠিও কৰিব পাৰিলে এই অঞ্চলটোৰ বিকাশ কৰাৰ ক্ষেত্রত নিশ্চিতভাৱে আগবাঢ়ি আহিলহেঁতেন আৰু উল্লেখযোগ্য এখন উন্নত ৰাজ্যত পৰিণত হ’লহেঁতেন। অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সন্ত্রাসবাদী সমস্যা নিৰাময়ৰ একমাত্র পথেই হ’ল অর্থনৈতিক উন্নয়ন। কিন্তু দুর্ভাগ্যজনক আৰু পৰিতাপৰ কথা যে কেন্দ্র তথা ৰাজ্য চৰকাৰসমূহে এই দিশত যোৱা ৭৭ বছৰে উদাসীন হৈ থাকিল।

সম্পদ থাকিলে অপর্যাপ্ত ধন পালেও উন্নয়নৰ দিশত সর্বতোপ্রকাৰে আগবাঢ়িব নোৱাৰিব যদিহে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ভাগ্যত এখন দক্ষ,দুর্নীতিমুক্ত, নিষ্ঠাৱান, অসমৰ অর্থনীতি বুজি পোৱা, Vision থকা জনসাধাৰণৰ প্ৰতি দায়বদ্ধ, অনিসন্ধিৎসু চৰকাৰ নিমিলে। অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ বিকাশৰ স্বার্থত এই অঞ্চলৰ প্রগতিকামী জাতিপ্রেমী গণতান্ত্রিক অংশই সংঘবদ্ধভাৱে আগবাঢ়ি অহাৰ সময় সমাগত।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and ex Civil Servant with over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
📌অৱশেষত NRC ৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হল গোচৰ...📌309/25 নং গোচৰটো পঞ্জীয়ন কৰিলে দিশপুৰ থানাই হাজেলাৰ বিৰুদ্ধে...দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে দুর্নীতি আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই...📌দুৰ্নীতিগ্রস্ত হাজেলা এখন COACHING ACADEMY ৰো স্বত্বাধিকাৰী , মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত Hajela's IAS UPSC MPPSC COACHING ACADEMY...📌দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ নিছিল ১৬ শ কোটি টকা ? ... See MoreSee Less
View on Facebook
📌উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে....📌আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতিটোৰ...... ... See MoreSee Less
View on Facebook

6 days ago

জনগণ বাৰ্তা
📌wariors ৰ শিৱসাগৰ জিলা নগৰ আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বিয়া নাম কৰ্মশালাৰ সম্পন্ন ....📌শিৱসাগৰৰ পৰা অপৰ্না ভৰালী ৰিপৰ্ট ৷ ... See MoreSee Less
View on Facebook
📌গৌৰীপুৰত ইটা ভাটাত উত্ত্তাপ্ত পৰিস্থিতি ,মালিক পক্ষক মাৰপিট কৰি কাৰ্য্যলয় ভাংচুৰ কৰাৰ লগতে নগত ধনলৈ উধাও.... ... See MoreSee Less
View on Facebook
📌 অসমীয়া গহনাই ভৌগোলিক সংকেত অৰ্থাৎ GI টেগ লাভ কৰাৰ পিছতেই আনন্দ মুখৰ হৈ পৰিছে অসমীয়া গহনাৰ ব্যৱসায়ী সকল....📌এই স্বীকৃতিয়ে অসমীয়া গহনাক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত এক বিশেষ স্থান দিব আৰু ইয়াৰ জালিয়াতি ৰোধ কৰিব 📌 ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে সু-খবৰ অসমবাসীৰ বাবে এক আনন্দৰ বাতৰি।📌স্বৰ্ণশিল্পীসকলে GI টেগ লাভৰ আনন্দ প্ৰকাশ কৰি কয়, "এয়া আমাৰ পৰম্পৰাগত কলাকৌশলক ৰক্ষা কৰিবলৈ এটা অন্যতম পদক্ষেপ।" ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top