নৱীকৰণযোগ্য অন্যতম শক্তি হৈছে সৌৰশক্তি, ইয়াৰ উৎস হৈছে সূৰ্য।সৌৰশক্তিৰে সমৃদ্ধিশালী হ’ব অসম। বিদ্যুতৰ বিকল্প শক্তি সম্পর্কত গবেষণা-অধ্যয়ন তথা সমীক্ষা চলোৱা আন্তঃৰাষ্ট্রীয় সংস্থা ইণ্টাৰনেচনেল ফ’ৰাম ফৰ এনভায়ৰনমেন্ট, ছাষ্টেইনিবিলিটী এন্ড টেকন’লজি (আই ফৰেষ্ট) নামৰ সংস্থাটোৰ শেহতীয়া প্রতিবেদন অনুসৰি চৰকাৰে অনুমান বা পৰিকল্পনা কৰাতকৈ অধিক মাত্রাত সৌৰশক্তি উৎপাদন কৰাৰ ক্ষমতা অসমৰ আছে। অসমত প্রয়োজনীয় ২,৬২৮ মেগাৱাট বিদ্যুৎ শক্তিৰ চাহিদা পূৰণ কৰিবলৈ অসম চৰকাৰে সৌৰশক্তি প্রকল্প স্থাপনত গুৰুত্ব প্রদান কৰিছে। সেউজ শক্তি উৎপাদনেৰে স্বাৱলম্বী হ’বলৈ ইতিমধ্যে কেইবাখনো নতুন আঁচনি মুকলি কৰিছে ৰাজ্য চৰকাৰে। বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত বিদ্যুতৰ মাচুলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে এই আঁচনি গ্রহণ কৰিছে। যদি এই পৰিমাণৰ বিকল্প শক্তি ৰাজ্যখনে উৎপাদন কৰিব পাৰে, তেন্তে শক্তিৰ নাটনিৰ পৰা বহু পৰিমাণে নিষ্কৃতি পোৱাটো সম্ভৱ। ইফালে নব্য আৰু পুনৰনবীকৰণ শক্তি মন্ত্রালয়ৰ ২০২২-২৩ বৰ্ষৰ প্ৰতিবেদন অনুসৰি ২০২২ চনৰ হিচাপতে অসমৰ ১৪,২৩৫ মেগাৱাট বিকল্প শক্তি উৎপাদনৰ সক্ষমতা আছে। ইয়াৰ ভিতৰত ১৩,৭৬০ মেগাৱাট সৌৰশক্তি, ৫৩ মেগাৱাট বায়ু শক্তি ২১২ মেগাৱাট বায়’মাছ শক্তি, ২০২ মেগাৱাট ক্ষুদ্র জলবিদ্যুৎ শক্তি আৰু ৮ মেগাৱাট আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ সক্ষমতা আছে। কিন্তু এই সক্ষমতা আৰু সম্ভাৱনীয়তাৰ পাছতো জনপ্রতিনিধি তথা চৰকাৰ আৰু নীতি নির্ধাৰণকাৰীসকলে বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। পৰম্পৰাগতভাবে জলবিদ্যুৎ প্রকল্পসমূহৰ পৰা উৎপাদিত নিজাববীয়া বিদ্যুৎ শক্তি আৰু বিভিন্ন কেন্দ্রীয় সংস্থাৰ পৰা ক্ৰয় কৰা বিদ্যুতৰেই ৰাজ্যবাসীৰ ঘৰৱা আৰু ঔদ্যোগিক চাহিদা পূৰণ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। তথ্য অনুসৰি ৰাজ্যখনত সম্প্রতি প্রতিদিনে ২,২০০ মেগাৱাটৰ পৰা ২,৬২৮ মেগাৱাটলৈ বিদ্যুতৰ প্রয়োজন হয়। ইয়াৰ ভিতৰত নিজাববীয়াকৈ মাত্র ৩৫৫ মেগাৱাট শক্তিহে পৰম্পৰাগত জলবিদ্যুৎ আৰু তাপ বিদ্যুৎ প্রকল্পবোৰ পৰা আহৰণ কৰা হয়। তাৰ ভিতৰত কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ পৰা সৰ্বাধিক এশ মেগাৱাট, নামৰূপ পুনঃসংস্থাপিত শক্তি প্রকল্পৰ পৰা ৯৮ আৰু সম্ভাৱনীয়তাৰ পাছতো জনপ্রতিনিধি তথা চৰকাৰ আৰু নীতি নির্ধাৰণকাৰীসকলে বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। পৰম্পৰাগতভাবে জলবিদ্যুৎ প্রকল্পসমূহৰ পৰা উৎপাদিত নিজাববীয়া বিদ্যুৎ শক্তি আৰু বিভিন্ন কেন্দ্রীয় সংস্থাৰ পৰা ক্ৰয় কৰা বিদ্যুতেৰেই ৰাজ্যবাসীৰ ঘৰৱা আৰু ঔদ্যোগিক চাহিদা পূৰণ কৰিবলৈ চেষ্টা চলাই থকা হৈছে।
এই দিশবোৰৰ প্রতি লক্ষ্য ৰাখি শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত বহুকেইটা সৌৰশক্তি প্রকল্প স্থাপনৰ পৰিকল্পনা কৰিছে। তাবে পদক্ষেপ হিচাপে কেইদিনমান পূর্বে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ধলা- শদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেতু সৌৰপ্রকল্প উদ্বোধন কৰে। আনহাতে কেইমাহমান পূর্বে জনতা ভৱনত ২.৫ মেগাৱাট শক্তিসম্পন্ন সৌৰ প্রকল্প উদ্বোধন কৰা হয়। সেইদৰে পৰিকল্পনা অনুসৰি কাৰ্বি আংলং জিলাৰ লাহবিজানত এহাজাৰ মেগাৱাট, ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদি ৭০ মেগাৱাট, গাঁৱত ঢেকীয়াজুলিত ৫০ মেগাৱাট সৌৰশক্তি প্রকল্পকে ধৰি অহা বছৰৰ ভিতৰত দুহাজাৰ মেগাৱাট শক্তি সম্পন্ন সৌৰ প্ৰকল্প স্থাপনৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ডঃ শর্মাই অলপতে ঘোষণা কৰা অনুসৰি ২০২৭ চনৰ ভিতৰত ৰাজ্যখনত তিনি হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰায় দুশ মেগাৱাট চলিত বছৰৰ ভিতৰত উৎপাদন কৰা হ’ব। আনহাতে ২,৮০০ মেগাৱাট দুবছৰ ভিতৰত উৎপাদন কৰা হ’ব। চৰকাৰে কৰা এই পৰিকল্পনা অসম সৌৰশক্তি উৎপাদনৰ অন্যতম সফল এখন বাজ্যত পৰিণত হ’ব সেয়া নিশ্চিত। ইয়াৰ ভিতৰত প্রায় দুশ মেগাৱাট চলিত বছৰৰ ভিতৰত উৎপাদন কৰা হ’ব। আনহাতে ২,৮০০ মেগাৱাট দুবছৰৰ ভিতৰত উৎপাদন কৰা হ’ব। চৰকাৰৰ সুপৰিকল্পনাৰে অসম সৌৰশক্তি উৎপাদনৰ অন্যতম সফল এখন ৰাজ্যত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
বিদ্যুতৰ ক্ৰমবৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যদিও আশানুৰূপ ফলাফল লাভ কৰা নাই। কিন্তু অসমত নিজাকৈ কেৱল ৩৫৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন হয়। অর্থাৎ প্রায় ২,২৯৩ মেগাৱাট বিদ্যুৎ শক্তিৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে অসম। প্রায় ছটা হাইড্ৰ’পাৱাৰ আৰু থার্মেল শক্তি প্ৰকল্পৰ জৰিয়তে উৎপাদন হোৱা মুঠ ৩৫৫ মেগাৱাট বিদ্যুৎ শক্তিৰ ভিতৰত সৰ্বাধিক ১০০ মেগাৱাট শক্তি উৎপাদন কৰা হয় কার্বি লাংপিং হাইড্ৰ’পাৱাৰ প্ৰকল্পৰ পৰা। সেইদৰে নামৰূপ থার্মেল শক্তি প্রকল্পত ২০ মেগাৱাট, লাকুৱা শক্তি প্রকল্পত ৬০ মেগাৱাট, লাকুৱা ৰিপ্লেচমেণ্ট শক্তি প্রকল্পত ৬৯ মেগাৱাট, নামৰূপ ৰিপ্লেচমেন্ট শক্তি প্রকল্পত ৯৮ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ইয়াৰ বিপৰীতে চাহিদাৰ বাকী দুহাজাৰ মেগাৱাটতকৈ অধিক বিদ্যুৎ শক্তিব বাবে কেন্দ্রীয় সংস্থা আৰু বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। স্বাধীনতাৰ পৰৱৰ্তী বিশেষকৈ একবিংশ শতিকাত ৰাজ্যখনত শাসন কৰা চৰকাৰবোৰে পৰিৱৰ্তিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিষয়টোত গুৰুত্ব আৰোপ কৰা হ’লে বিদ্যুতৰ নাটনি হ্রাস পোৱাৰ লগতে ঔদ্যোগিক উন্নয়নো অধিক হ’লহেঁতেন।
শেহতীয়াকৈ এক তথ্যত প্রকাশ পোৱামতে সম্প্রতি অসমত প্রায় ২,২০০ মেগাৱাটৰ পৰা ২,৬২৮ মেগাৱাটলৈ দৈনিক বিদ্যুতৰ প্ৰয়োজন হয়।
অসম চৰকাৰে বিদ্যুতৰ নাটনি দূৰ কৰিবৰ বাবে কেইবাখনো নতুন আঁচনি গ্রহণ কৰিছে। ইয়াৰ অধীনত কার্বি আংলঙৰ লাহৰিজানত প্রায় ১,০০০ মেগাৱাটৰ সৌৰশক্তি প্রকল্প স্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে। এই প্ৰকল্পৰ বাবে প্রায় ৪,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰে ৩,২০০ কোটি টকা এছিয়ান ডেভেলপমেন্ট বেংকে বিনিয়োগ কৰাৰ লগতে ৮০০ কোটি টকা বিনিয়োগ কৰিব অসম চৰকাৰে। সেইদৰে ধুবুৰীৰ বিলাসীপাৰাৰ খুদি গাঁৱত প্রায় ৭০ মেগাৱাট সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ এছ জে ভি এন এনার্জি লিমিটেডৰ সৈতে সহযোগিতা স্থাপন কৰা হৈছে। ২০২৫ চনৰ ৭ আগষ্টত এই প্রকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।
এছ জে ভি এনৰ সৈতে কেইবাটাও প্রকল্প ৰূপায়ণ কৰিবলৈ সহযোগিতা স্থাপন কৰিছে অসম চৰকাৰে। ইয়াৰ ভিতৰত ঢেকীয়াজুলিৰ ৫০ মেগাৱাটৰ সৌৰ প্রকল্প, ২০০ মেগাৱাটৰ সৌৰ প্ৰকল্প অন্যতম। আনহাতে এ পিডিচি এল আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত ১,০০০ মেগাৱাটৰ আন এটা সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত অসম চৰকাৰে সৌৰশক্তিৰ উৎপাদন বৃদ্ধিৰ আঁচনি গ্রহণ কৰিছে। ইয়াৰ দ্বাৰা প্রায় ২,৩২০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ২০২৫ চনৰ শেষলৈ এই সৌৰ প্ৰকল্প কার্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।
অসম সৌৰ শক্তি নীতি,২০১৭ সৌৰ শক্তিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ যদিও এইক্ষেত্ৰত এটা প্ৰধান অসুবিধা হৈছে গোৱালপাৰাত বাহিৰে আন কোনো জিলাই ইয়াৰ বাবে ভূমি আবন্টণ কৰিব পৰা নাই। সেয়েহে, এই সময়লৈ ৰাজ্যত বিকল্প শক্তিৰ উৎস হিচাপে সৌৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা নাই। যদি লক্ষ্য অনুযায়ী ৩০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয় তেন্তে ২০২৬ চনতেই অসম বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হব। কিয়নো জলবিদ্যুতকে ধৰি আন উৎসৰ পৰাও অসমে কিছু পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰি আহিছে। কিন্তু এই পর্যন্ত সৌৰ বিদ্যুৎ উৎপাদনৰ যি ধৰণৰ প্ৰক্ৰিয়া চলি আছে৷ সেই প্ৰক্ৰিয়া ত্বৰান্বিত নহলে কোনো কাৰণতে ২০২৬ চনৰ ভিতৰত অসমত ৩,০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন সম্ভৱ হৈ নুঠিব।