অসমীয়াত এষাৰ কথা আছে ‘যাৰ নাই বাঁহ, তাৰ নাই সাহ’। কিন্তু কিমান দিনলৈ অসমীয়াৰ বাবে সাহ হৈ থাকিব বাঁহ সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে। কাৰণ অসমত সম্প্রতি ধ্বংসযজ্ঞ ছলিছে । এমূৰৰ পৰা কাটি তহিলং কৰা হৈছে বাঁহনি বোৰ আৰু সেই বাঁহ নিয়া হৈছে বহিঃৰাজ্যলৈ। উল্লেখ্য যে অসমত দেশৰ চল্লিশ শতাংশ বাঁহ উৎপাদন হয়। অর্থাৎ দেশৰ অন্যতম বাঁহ উৎপাদনকাৰী ৰাজ্য হ’ল অসম। অসমৰ চৌদিশ বাঁহেৰে ভৰা। অসমৰ জনজীৱনৰ লগত বাঁহ অতীজৰে পৰা সংপৃক্ত হৈ আহিছে। এটা সময় আছিল গৃহ নির্মাণৰ পৰা ঘৰুৱা ব্যবহৃত বিভিন্ন সামগ্রীলৈ পথাৰৰ পৰা উৎসৱলৈ বাঁহ নির্ভৰ আছিল অসমৰ জনজীৱন। বাঁহ অবিহনে কল্পনা কৰিব নোৱাৰা সমাজ জীৱনত এতিয়া বাঁহৰ প্ৰয়োজন একেবাৰে কমি আহিছে।
এনে সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যই এতিয়া ঘৰুৱা ব্যৱহাৰ বাঁহৰ ব্যৱহাৰ কমি অহাৰ লগে লগে বাঁহক ঔদ্যোগিক ক্ষেত্রত ব্যৱহাৰৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ফলত ভাৰতৰ কেইবাখনো ৰাজ্যত বর্তমান বাঁহভিত্তিক উদ্যোগে গা কৰি উঠিছে। কিন্তু ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে অসমত। অসমত বাঁহভিত্তিক উদ্যোগ মৃতপ্ৰায় হবলৈ ধৰিছে । অসমৰ ৰাজহুৱা খণ্ডৰ দুটা কাগজ কল আছিল যদিও সেইয়াও এতিয়া বন্ধ হ’ল। ৰাজ্যখনত দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ পাছত বহুতো বাঁহ খেতিয়ক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰাজ্যত প্ৰতিষ্ঠা হ’বলগীয়া ইথান’ল প্ৰকল্পই এই লোকচান হ্ৰাস কৰাৰ লগতে বাঁহ খেতিক উৎসাহিত কৰিব বুলি ভবা হৈছিল। পেট্ৰলিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ ১৯ নৱেম্বৰত অনুষ্ঠিত শিৱসাগৰৰ অসম এনাৰ্জী ইনষ্টিটিউটৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ইথান’ল সম্পৰ্কীয় এই বিশেষ ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীৰ এই ঘোষণা বাস্তৱত ৰূপায়িত হ’বলৈ কিমান দিন লাগিব, সেই বিষয়ে নতুন একো জনা হোৱা নাই। ইফালে অসমৰ বাহিৰত সম্প্রতি বাঁহৰ দ্বাৰা গৃহসজ্জা, চিলিং নির্মাণ আদি উদ্যোগ গঢ়ি উঠিছে। আনকি অসমৰ বাহিৰত বাঁহৰ দ্বাৰা বিমানবন্দৰৰ টার্মিনেল পর্যন্ত নির্মাণ কৰা হৈছে। আজি বাঁহৰ পৰা নির্মিত আচবাব, সজ্জাত সামগ্রী সমগ্র বিশ্বতে সমাদৃত হৈছে। বাঁহৰ অলংকাৰ এটা ক্ষুদ্র উদ্যোগলৈ ৰূপান্তৰ হৈছে। আনকি কাঠৰ প্লাইব’র্ডৰ সলনি বাঁহৰ ‘বেম্বপ্লাই ‘ৰ চাহিদাও বাঢ়িছে। কিন্তু দেশৰ ভিতৰত সর্বাধিক বাঁহ উৎপাদনকাৰী অসমত এনে বাঁহভিত্তিক উদ্যোগ চালুকীয়া অবস্থাতে আছে। অসমত বাহৰ খেতিন প্রসাৰ আৰু ঔদ্যোগিক দিশ মুকলিৰ বাবে ‘ ৰাজ্যিক বাঁহ মিছন’ নামৰ এটা বিভাগ আছে যদিও ধনাত্মক দিশৰ খবৰ লাভ কৰা নাই।অসম চৰকাৰৰো এই ক্ষেত্রত সদিচ্ছাৰ অভাৱ। এই ক্ষেত্রত চৰকাৰে সহজলভ্য প্রশিক্ষণ আৰু উদ্যোগ সৃষ্টিত গুৰুত্ব দিব লাগিছিল যদিও অবহেলা কৰি আহিছে। ফলত প্রচুৰ সম্ভাৱনা থাকা সত্ত্বেও অসমৰ বাঁহ উদ্যোগ ক্ষেত্রত ব্যৱহাৰ হোৱা নাই। চৰকাৰৰ অমনোযুগিতাৰ বাবে অসমৰ বাঁহ আজি এলাগী হৈ পৰিছে।
অসমত বাঁহ খেতিয়কক উৎসাহিত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰা দেখা যায়। কিন্তু সেই আঁচনিবোৰ সফল হোৱা দূৰৰে কথা, কামৰ নমুনা বিচাৰিলেও দেখা নাযায়। তেনে এক বাঁহ খেতিৰ আঁচনি ৰূপায়ণৰ নাম-গোন্ধই নাই।
অসমৰ মাটিত বাঁহনি মোকলাই সেই মাটিত অন্য উৎপাদনী কাম কৰাৰ যো জা চলিচে। ইয়াৰ সুযোগ লৈছে পুঁজিপতি ব্যবসায়ী। এই ব্যৱসায়ী গোষ্ঠীয়ে অসমৰ গ্রামাঞ্চলৰ পৰা পানীৰ দামত বাঁহ ক্ৰয় কৰি প্রতিদিনে ট্রাক, ৰে’লৰে অসমৰ বাহিৰলৈ নি আছে। ফলত দ্রুত হাৰত নিশ্চিহ্ন হৈছে অসমৰ বাঁহনি। এনে অৱস্থা অব্যাহত থাকিলে অচিৰেই অসমত পঞ্চাশ শতাংশৰো অধিক বাঁহনি নিশ্চিহ্ন হ’ব। নতুনকৈ বাঁহভিত্তিক উদ্যোগ গঢ় লৈ নুঠিল। আনহাতে কমি আহিছে নতুনকৈ বাঁহ ৰোপণৰ প্রৱণতা। এইদৰে দ্রুত হাৰত বাঁহনিবোৰ ধ্বংসপ্রাপ্ত হোৱাত পৰিবেশৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিছে। সেয়ে এতিয়া প্রশ্ন হৈছে অসমৰ বাঁহ হৈ সাহ হৈ থাকিবনে ?
অসমৰ বাঁহৰ বাণিজ্যিক মূল্য নিৰূপণৰ বাবে থকা দুটা কাগজ কল ইতিমধ্যে অসমৰ পৰা হেৰাই গৈছে। কিন্তু বাঁহৰ পৰা কাগজৰ মণ্ড প্ৰস্তুত কৰিব পৰা বহু ক্ষুদ্ৰ উদ্যোগ অসমত গঢ়ি তুলিব পৰা যায়। এই বিষয়ে চৰকাৰে দৃষ্টি দিলেই কৰিব পাৰে। তাৰ জৰিয়তে এনে ক্ষুদ্ৰ উদ্যোগীয়ে কাগজৰ মণ্ড ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পৰাৰ অনেক সম্ভাৱনা আছে,— যেনেদৰে অসমৰ ক্ষুদ্ৰ পৰ্যায়ৰ ৰবৰ খেতিয়ক দেশৰ টায়াৰ উৎপাদন কৰা উদ্যোগৰ লগত জড়িত হৈ লাভাৱান্বিত হৈছে। তদুপৰি ঘৰুৱা আচবাব তৈয়াৰ কৰা উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজ্যৰ অপৰিকল্পিত উদ্যোগ নীতিৰ বাবে এনে উদ্যোগে ঠন ধৰি উঠিব পৰা নাই। অসমত প্ৰায় ডেৰকুৰিমান বাঁহৰ প্ৰজাতি আছে, কিন্তু ইয়াৰ বাণিজ্যিক মূল্যায়ন কৰিব নোৱৰাটো অসমৰ অৰ্থনীতিৰ বাবেই অতি পৰিতাপৰ বিষয়। বাঁহৰ পৰা ইথান’ল উৎপাদন হওক, লগতে কাগজৰ মণ্ড, ঘৰুৱা আচবাব— এই সকলোবোৰ সামৰি এক কৃষিভিত্তিক উদ্যোগৰূপে গঢ় দিয়াৰ প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা এই বাঁহে চৰকাৰৰ গুৰুত্ব লাভ কৰাটো উচিত আছিল। তাৰ বিপৰীতে আন ঠাইত মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে সেউজ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা বুলি খেতি কৰিবলৈ বাদ দিয়া পাম খেতি কৰিবলৈ বহিৰাগত প্ৰতিষ্ঠানক বৰপীৰা পাৰি দিয়া অসম চৰকাৰৰ সদিচ্ছা বাঁহে লাভ কৰিলে অসমৰ অৰ্থনৈতিক আৰু প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য বৰ্তি থকাত সহায়ক হ’ব বুলি আশা কৰিব পাৰি।