Skip to content

টোলগেটেৰে কেঁকোৰাচেপা জনতাক

Dr Netraranjan
December 23, 20246 second read
Toll Tax

কৰ সংগ্ৰহৰ লক্ষ্যৰে অসমত এখনৰ পাছত আনখনকৈ টোলগেট স্থাপন কৰিছে চৰকাৰে। লক্ষণীয় বিষয় যে টোলগেটক কেন্দ্ৰ কৰি অসমত বিতৰ্ক আৰু ব্যাপক প্ৰতিবাদ চলিয়েই আছে ।টোল কৰৰ নামত চিন্দিকেত চলাই জনতাৰ ওপৰত মাধমাৰ চৰকাৰৰ ।কৰ সংগ্ৰহৰ লক্ষ্যৰে অসমত এখনৰ পাছত আনখনকৈ টোলগেট স্থাপন কৰিছে চৰকাৰে। যাতায়ত ব্যৱস্থা সুচল কৰাৰ আঁৰ লৈ ৰাজহ সংগ্ৰহত হে অধিক লক্ষ্য আৰোপ কৰিছে। কিন্তু ৰাজ্যত যেন ৰাজহ সংগ্ৰহৰ বাবে উঠি পৰি নামিছে তাৰ উদাহৰণস্বৰূপে দেখা গৈছে ৬০ কি. মি ব্যৱধানত নিৰ্মান কৰা ৩ খনকৈ টোলগেট। টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ টোল কৰ আদায় দিবলগীয়া হৈ আছে। যাৰ ফলত দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত আর্থিক বোজা বৃদ্ধি পাবলৈ ধৰিছে । টোল কৰ প্ৰতিবছৰে সংশোধন হৈ আছে। ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয়ও বৃদ্ধি পাবলৈ ধৰিছে। ফলত সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত বোজা পৰি আছে।বৰ্তমান দেশত মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য প্রায় ১,৪৬,০০ কিলোমিটাৰ। ২০১৮-১৯ বৰ্ষত প্ৰায় ২৫ হাজাৰ কোটি টকা টোল কৰ সংগ্রহ হয়। ২০২২-২৩ বৰ্ষত এই পৰিমাণ বৃদ্ধি হৈ ৫৪ হাজাৰ কোটি টকা হয়। ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ৭০ হাজাৰ কোটি টকাৰ ঘৰ স্পৰ্শ কৰাৰো সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাৰ বাবে প্ৰাধিকৰণে প্রতি কিলোমিটাৰত টোল মাচুল ১.৪৭ টকাৰ পৰা ৯.৪৮ টকা পর্যন্ত সংগ্ৰহ কৰে । কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰীয়ে সদৰি কৰা তথ্য মতে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নির্দিষ্ট নিয়মৰ মাজেৰে টোল মাচুল সংগ্ৰহ কৰে। এখন টোল গেটৰ পৰা আন এখন টোল গেটৰ মাজত ব্যৱধান থাকে। তদুপৰি নিৰ্দিষ্ট হাৰতহে টোল মাচুল সংগ্ৰহ কৰে। প্রতি কিলোমিটাৰত ধাৰ্য কৰা মতেহে মাচুল লোৱা হয়। সেই মতে, টোল গেটসমূহত নির্দিষ্ট পৰিমাণৰ মাচুল গাড়ী অনুসৰি সংগ্ৰহ কৰা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা তথ্য মতে, ২০২৪-২৫ বর্ষত প্রতি কিলোমিটাৰত নিৰ্ধাৰণ কৰা মাচুল মাতেহে টোল গেটসমূহত মাচুল সংগ্ৰহ কৰি থকা হৈছে। প্রতি কিলোমিটাৰত কাৰ, জীপ, ভান (লাইট মটৰ) আদিৰ পৰা ১.৪৭ টকাকৈ সংগ্ৰহ কৰা হয়। লঘু ব্যাৱসায়িক বাহন, লঘু সামগ্রী কঢ়িওৱা গাড়ী আৰু মিনি বাছৰ পৰা প্ৰতি কিলোমিটাৰত ২.৩৭ টকাকৈ, বাছ আৰু টাকৰ পৰা প্ৰতি কিলোমিটাৰত ৪.৯৬ টকাকৈ, খ্রী এক্সেল ব্যাৱসায়িক (Three axle commercial vehicles) গাড়ীৰ পৰা প্ৰতি কিলোমিটাৰত ৫.৪২ টকাকৈ, গধুৰ যান-বাহনৰ পৰা প্ৰতি কিলোমিটাৰত ৭.৭৮ টকাকৈ সংগ্ৰহ কৰা হয়। টোল গেটসমূহে অতি গধুৰ আৰু কেইবাচকীয়া গাড়ীৰ পৰা প্রতি কিলোমিটাৰত ৯.৪৮ টকাকৈ টোল কৰ সংগ্ৰহ কৰে। লক্ষ্যণীয় যে ব্যক্তিগত গাড়ীৰ বাহিৰে যিকোনো গধুৰ ট্রাক বা অন্য গাড়ীৰ কৰ যিমানে টোল মাচুল সংগ্ৰহ কৰে তাৰ ওজন প্ৰত্যেকজন লোকৰ মূৰৰ ওপৰত পৰে।

কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি দুখন টোলগেটৰ মাজত অতি কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে । কিন্তু অসমত গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্র ৫০ কিলোমিটাৰৰ মাজত দুখন টোলগেট চলি আছে ।অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যবাসীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আহৰণ কৰিলে ৪৫২.২২ কোটি টকা টোল কৰ । অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা মুঠ ৯ খন টোল গে’টৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বৃহৎ অংকৰ টোল কৰ সংগ্ৰহ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনৰ জুন মাহৰ পৰা কাৰ্যক্ষম হোৱা মদনপুৰ টোলগে’টৰ জৰিয়তে সৰ্বাধিক ১১৭.৬৮ কোটি টকা টোল কৰ সংগ্ৰহ কৰা হৈছে। ইয়াৰ পাছতেই ২০২০ চনৰ মে’ মাহত স্থাপন কৰা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাট টোল প্লাজাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৯১.১৩ টকা কৰ । ২০২০ চনৰ মাৰ্চ মাহত কাৰ্যক্ষম হোৱা ৰহা টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৫৮.৪৩ কোটি টকা কৰ ।তদুপৰি ২০২১ চনৰ নৱেম্বৰৰ পৰা কাৰ্যক্ষম হোৱা গলীয়া টোলগেটৰ পৰা ২৪.০১ কোটি টকা টোল কৰ, ২০২০ চনত স্থাপন হোৱা মান্দেদিছা টোলগেটৰ জৰিয়তে ৩.৭৭ কোটি টকা আৰু ২০২১ চনত কাৰ্যক্ষম কৰা বালাচেৰা টোলগেটৰ পৰা ৮৮ লাখ টকা টোল কৰ সংগ্ৰহ কৰা হৈছে। কাৰ্যক্ষম হোৱাৰ দিনাৰ পৰা বিগত বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত এই কৰ সংগ্ৰহ কৰা হৈছে। যাতায়াত ব্যৱস্থা সুচল কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগে’ট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত বৰ্ষটোত একমাত্র টোলগে’টৰ পৰাই ৪৫২.২২ কোটি টকা টোল কৰ সংগ্ৰহ কৰা চৰকাৰখনে আনকি আগন্তুক বিত্তীয় বৰ্ষত পুনৰ টোল মাচুল বৃদ্ধি কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছে । উল্লেখ্য যে সম্প্ৰতি ৰাজ্যখনত ৯খনকৈ টোলগে’ট কাৰ্যকৰী হৈ আছে। কিন্তু ইয়াৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুনৰ তিনিখন টোলগে’ট অচিৰেই মুকলি কৰাৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

লক্ষণীয় বিষয় যে মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিশেষকৈ উজনিৰ ফ’ৰলেনযুক্ত পথৰ কাম আজিলৈকে সম্পূর্ণ নোহোৱাত ডিব্ৰুগড় আৰু যোৰহাটৰ মাজৰ পথছোৱা যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে সোনকালে ফ’ৰলেনৰ কাম সম্পূৰ্ণ কৰাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আনকি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাছতো পথসমূহ মেৰামতি কৰা হোৱা নাই ।বৃহৎ পৰিমাণৰ টোল কৰ সংগ্ৰহ কৰাৰ পাছতো পথসমূহ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব দিয়া নাই।

যাৰ ফলত ৰাজ্যত প্ৰতিদিনেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। লক্ষণীয় বিষয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তিনিখন টোলগে’ট মুকলি কৰাৰ বাবে সাজু হোৱাৰ লগতে ৰাজ্যত আন ১৬খন টোলগে’ট নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মুঠ ২৭ খন টোলগেটেৰে জনতাক কেঁকোৰাচেপা দিয়াৰ বাবে সাজু হৈছে।

অসমত নিয়ম ভংগ কৰি স্থাপন কৰা হৈছে টোলগেট। উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নিয়ম অনুসৰি এখন টোলগেট পৰা আন এখন টোলগেটৰ দূৰত্ব কমেও ৬০ কিলোমিটাৰ হ’ব লাগে। কিন্তু অসমত একমাত্র ৰাজহ সংগ্ৰহৰ বাবেই এই নিয়ম ভংগ কৰি চাৰিখনকৈ টোলগেট ৬০ কিলোমিটাৰৰ কম ব্যৱধানত স্থাপন কৰা হৈছে। মেৰামতিৰ অভাৱত ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্রতিদিনেই বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ সংখ্যা। ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা টোলগেটসমূহত ৰাইজে বৰ্ধিত হাৰত টোল দি আহিছে। ২০২৩ বৰ্ষত ৰাজ্যত পুনৰ ১৮খন কৈ টোলগেট স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল চৰকাৰে। অসমৰ অবৈধ টোলগেটত আদায় ৬৫৫ কোটি টকা। জৰাজীৰ্ণ পথত টোল আদায় কৰি জনতাক মহালুণ্ঠন চৰকাৰৰ। লক্ষ্য কেৱল টোলগেট নিৰ্মাণৰহে, জৰাজীৰ্ণ পথৰ প্ৰতি আওকাণ চৰকাৰৰ।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top