চৰকাৰী বিদ্যালয়লৈ দিনে দিনে নামি আহিছে নতুন নতুন সমস্যা। চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ বাতৰিয়ে সচেতন মহলক আশাহত কৰিছে। ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ দিনে দিনে যি দুৰবস্থা হৈছে তাৰ বাবে আমাৰ অভিভাৱকসকলৰ সামাজিক দায়িত্ববোধৰ বহু অভাব হৈছে। অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্ত:গাঁথনি নিৰ্মান কৰিবলৈ অসম চৰকাৰৰ ওচৰত ধন নাই। অসমৰ শিক্ষা ব্যৱস্থাটোৰ মান ইয়াৰ সূচকাংকৰ পৰা সহজতে অনুমান কৰিব পাৰি। আন্তঃগাঁথনি বুলিলে বিদ্যালয় এখনৰ লগত জড়িত বহু দিশ সামৰি লোৱা হয়। বিদ্যালয়খনত থকা হাত ধোৱাৰ ব্যৱস্থা,বিদ্যুতৰ সংযোগ,ল’ৰা-ছোৱালীৰ বাবে পৃথক শৌচালয়,বিদ্যালয়ৰ ভিতৰতে থকা খোৱাপানীৰ ব্যৱস্থা,বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচালয়ৰ ব্যৱস্থা,ৰেম্প, পুথিভঁৰাল,কম্পিউটাৰ আৰু ইণ্টাৰনেট, খেলপথাৰ আদি বিভিন্ন দিশ সাঙুৰি আন্তঃগাঁথনিমূলক ব্যৱস্থাত এইকেইটা দিশকে চালিজাৰি চোৱা হয়। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ উক্ত সকলো কেইটা দিশকেই অতি পিছপৰা। ইয়াৰ মান সৰ্বভাৰতীয় স্তৰৰ লগতে আন আন ৰাজ্যসমূহতকৈ বহু পিছ পৰি আছে। চৰকাৰী শিক্ষা ব্যবস্থাৰ কিছু কিছু ক্ষেত্রত কিছু দুৰ্বলতা দেখা পায়ে ইয়াৰ সঠিক সমাধান নিবিচাৰি ব্যক্তিগত শিক্ষা ব্যবস্থাৰ প্ৰতি সহজতে ঢাপলি মেলা, যিটো হয়তো হ’ব নালাগিছিল, হৈ গ’ল। সচেতন মহলৰ অমনোযোগিতা, কিছু শিক্ষকৰ গাফিলতি আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱেই ইয়াৰ মুল কাৰণ বুলি ক’ব পাৰি। বিভিন্ন দিশত চালি জাৰি চালে দেখা পাও যে, যদি চৰকাৰে কিম্বা বৌদ্ধিক মহলে ব্যক্তিগত খণ্ডৰ পাৰ্দুভাৱৰ প্ৰাৰম্ভিক ক্ষণত চৰকাৰী খণ্ডৰ আসোঁৱাহ নাইকিয়া কৰিবলৈ আপ্রাণ প্ৰয়াস কৰিলেহেতেন হয়তো আজি শিক্ষাৰ ব্যক্তিগত কৰণৰ প্ৰক্ৰিয়া নিম্নমুখী হ’লহেতেন। শিক্ষাৰ্থী অনুপাতে শিক্ষক, জনসাধাৰণৰ সজাগতা, শিক্ষকৰ কৰ্তব্য সুচাৰুৰূপে পালন আদি কৰিলে নিশ্চয় চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক দিশ বহুত উন্নত আশা কৰিব পাৰি।
এসময়ত চৰকাৰী খণ্ডৰ এই বিদ্যালয়সমূহৰ জৰিয়তেই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল। কেতিয়াও শিক্ষাৰ্থীৰ অভাৱ হোৱা নাছিল তথা ফলাফলক লৈ আজিৰ দৰে প্ৰশ্ন উত্থাপন হোৱা নাছিল। তেনেস্থলত সেই বিদ্যালয়সমূহত এতিয়া কিয় শিক্ষাৰ্থীৰ সংখ্যা কমি (Decline number of students in govt school) অহাৰ লগতে ফলাফলৰ মান অৱনমিত হৈছে। কিয় অভিভাৱকে পৰাপক্ষত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ প্ৰেৰণ কৰিব নিবিচাৰে। এই সন্দৰ্ভত কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ অধ্যয়ন কৰা হোৱা নাই ।চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ৯০ শতাংশ শিক্ষাৰ্থীৰ অভিভাৱক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ প্ৰতি সচেতন নহয়। আনকি অভিভাৱকৰ সভাত উপস্থিত নাথাকে কোনো অভিভাৱক। ২০১২ চনত অসমৰ ৮০ শতাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়লৈ গৈছিল। কিন্তু বৰ্তমান ৬৮ শতাংশৰ তললৈ নামি গৈছে। এনেদৰে যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাই গৈ থাকে তেন্তে অহা ১০ বছৰৰ পিছত অসমৰ সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকক বাধ্যতামূলক অৱসৰ দিব লাগিব; কাৰণ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়েই নাথাকিব।
আনহাতে শিক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফলৰ আধাৰত অসম চৰকাৰে এখনৰ পাছত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান একত্রীকৰণৰ (amalgamation of Government schools in Assam) নামত বন্ধ কৰিছে। ইতিমধ্যে ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ (Thousands govt schools closed in Assam)কৰাৰ সমান্তৰালকৈ আন বহু বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে শিক্ষা বিভাগে।
প্ৰকৃততে ৰাজ্য চৰকাৰৰ চৰম অবহেলা আৰু সদিচ্ছাৰ অভাৱতে ক্ৰমাৎ জহি-খহি গৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড। চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান সময় সাপেক্ষে উন্নত নকৰাৰ পৰিপ্ৰেক্ষিততে শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগতে ফলাফল অবনমিত হৈছে। কিন্তু চৰকাৰখনে এইক্ষেত্রত অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বৰং চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ক্ৰমাৎ বন্ধ কৰি এই খণ্ডটোকে নোহোৱা কৰিব বিচাৰিছে ।সমান্তৰালকৈ শিক্ষকসকলৰ সমস্যা সমূহক লৈয়ো চৰকাৰ সম্পূৰ্ণ উদাসীন । উল্লেখ্য় যে অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ এনে শোচনীয় অৱস্থাৰ অৱসান ঘটিলেহে প্ৰকৃত অৰ্থত শিক্ষাৰ মান উন্নত হোৱাৰ লগতে বিদ্যালয় সমূহত নামভৰ্তিৰ বাবে অভিভাৱক সকল ইচ্ছুক হ’ব। চৰকাৰে বাস্তৱ ক্ষেত্রত সমস্যসমূহ সমাধান নকৰিলে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহ বিলুপ্ত হোৱাৰ পথ সুগম হ’ব।
মাজতে বৰ্তমান সময়ত শিক্ষকৰ ওপৰত জাপি দিয়া অধিক কৰ্মবোজাই মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে বহু শিক্ষকক। এফালে অনিয়মীয়া বেতন আৰু আনফালে অধিক কামৰ বোজাই বহু শিক্ষকৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ।
৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰ থকা অসমতো আজিৰ সময়ত শিক্ষকৰ অৱস্থা তথৈবচ বুলি দাবী কৰিব খোজে বহুতে। গ্ৰামাঞ্চলৰ বহু বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ বাবে এগৰাকী শিক্ষকেই ৪-৫টা শ্ৰেণীৰ একেলগে পাঠদান কৰিবলগীয়া হৈছে। ৰাজ্যৰ বহু বিদ্যালয়ত এতিয়াও পৰিস্ফুট আন্তঃগাঁথনিৰ অভাৱ। এনে বহু প্ৰত্যাহ্বানৰ মাজতে শেহতীয়াকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক অশৈক্ষিক চৰকাৰী আঁচনিৰ কামত ব্যস্ত ৰখাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই)ৰ শেহতীয়া তথ্য অনুসৰি ২০২০-২১ চনলৈকে অসমত ৪৮,৯১৭খন চৰকাৰী বিদ্যালয়ত ১,০২,২৯৯ গৰাকী শিক্ষক আছে। কিন্তু এই সংখ্যাই এই বিদ্যালয়সমূহত নামভৰ্তি কৰা ৬৫ লাখ ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত হোৱাৰ পৰা বহু দূৰত। অসমত ছাত্ৰ-শিক্ষকৰ অনুপাত (পিটিআৰ) ৩২:১, যিটো ৰাষ্ট্ৰীয় নিয়ম ৩০:১২তকৈ বেছি বুলি ইউডিএছইৰ তথ্যতে পোহৰলৈ আহিছে। তদুপৰি বহু বিদ্যালয়ত বিভিন্ন বিষয় বিশেষকৈ বিজ্ঞান আৰু গণিতৰ বাবে পৰ্যাপ্ত শিক্ষক নোহোৱাৰ বাবে এনে বিষয়সমূহত শিক্ষাৰ্থী গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে।
অসমৰ শিক্ষাৰ মানদণ্ডও চিন্তাৰ বিষয়। ২০১৭ চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে চলোৱা ৰাষ্ট্ৰীয় কৃতিত্ব সমীক্ষা অনুসৰি তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ ফলাফলৰ ক্ষেত্ৰত অসমে তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। এই সমীক্ষাত মূল্যায়ন কৰা হৈছিল মাতৃভাষা (এমআইএল), গণিত, পৰিৱেশ অধ্যয়ন আৰু সমাজ বিজ্ঞানত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন। ফলাফলত দেখা যায় যে অসমৰ ছাত্ৰ-ছাত্ৰীসকল সকলো বিষয় আৰু স্তৰতে ৰাষ্ট্ৰীয় গড়ৰ তুলনাত পিছ পৰি আছে।
অসমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু সা-সুবিধাও অপৰ্যাপ্ত আৰু নিৰাশাজনক। ইউডিআইএছইৰ তথ্য অনুসৰি মাত্ৰ ৬৫.৬ শতাংশ বিদ্যালয়ত বিদ্যুৎ, ৭৭.৪ শতাংশ বিদ্যালয়ত খোৱাপানী, ৫৮.৯ শতাংশ বিদ্যালয়ত শৌচাগাৰ, আৰু ২৮.৮ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ ব্যৱস্থা আছে। বহু বিদ্যালয়ত উপযুক্ত আৱাস, শ্ৰেণীকোঠা, আচবাব, পৰীক্ষাগাৰ, পুথিভঁৰাল বা খেলপথাৰ নাই। মৌলিক সুবিধাৰ অভাৱে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, ছাত্ৰ-ছাত্ৰীক ধৰি ৰখা আৰু শিক্ষণৰ ফলাফলত প্ৰভাৱ পেলাই আহিছে।
অসমৰ শিক্ষা ব্যৱস্থাৰ জবাবদিহিতা আৰু স্বচ্ছতাও দুৰ্বল আৰু অকাৰ্যকৰী। শিক্ষকৰ নিযুক্তি, বদলি আৰু পদোন্নতিৰ ক্ষেত্ৰত দুৰ্নীতি, নেপ’টিজিম, অনিয়ম আৰু কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। ছাত্ৰ-ছাত্ৰীৰ তথ্যত হেতালি খেলা, প্ৰশ্নকাকত ফাদিল হোৱা, পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগো উত্থাপন হৈ আহিছে।
অসমৰ শিক্ষাখণ্ডক প্ৰভাৱিত কৰা আন এটা ডাঙৰ বিষয় হ’ল চৰকাৰী বিদ্যালয়ত এতিয়াও পূৰ নোহোৱা শিক্ষকৰ খালী পদ। ইউডিআইএছইৰ তথ্য অনুসৰি ২০২০-২১ চনলৈকে নিম্ন প্ৰাথমিক (এলপি) আৰু উচ্চ প্ৰাথমিক (ইউপি) বিদ্যালয়ত ১০,২৯৯টা শিক্ষকৰ পদ খালী হৈ আছে। ইয়াৰে ৩৮৮৭টা এল পি শিক্ষকৰ আৰু ৬৪১২টা ইউ পি শিক্ষকৰ। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু বিদ্যালয়ত শিক্ষাৰ্থী অনুসৰি শিক্ষকৰ অভাৱৰ ফলত এজন-দুজন শিক্ষকৰ ওপৰতে বিদ্যালয়ৰ পাঠদানৰ দায়িত্ব নিৰ্ভৰ কৰে। যাৰ ফলত শিক্ষকসকলৰ ওপৰত অতিৰিক্ত বোজা আৰু বহু কামৰ সৃষ্টি হৈছে। পৰিণাম স্বৰূপে ইয়াৰ পৰিছে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা গুণগত মানসম্পন্ন শিক্ষা আৰু বৈচিত্ৰ্যত। বিশ্লেষকসকলৰ মতে ইয়ে পাঠ্যক্ৰম আৰু শিক্ষাবিজ্ঞানৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা থকা নতুন শিক্ষা নীতি (এন ই পি) ৰূপায়ণতো বাধাৰ সৃষ্টি কৰিছে।
অসমত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে কেতবোৰ ব্যৱস্থা চৰকাৰে ঘোষণা কৰিছে। ২০২৩ চনত অনুষ্ঠিত হোৱা বিশেষ টেট-সম-নিযুক্তি পৰীক্ষাৰ জৰিয়তে ১০,২৯৯ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। তদুপৰি শিক্ষক পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ যোগ্যতাৰ মাপকাঠী আৰু ভাষাৰ বাধা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। শিক্ষক-ছাত্ৰৰ অনুপাত যুক্তিসংগত কৰিবলৈ কম নামভৰ্তি বা শূন্য ফলাফল থকা কিছুমান বিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।
অৱশ্যে এই ব্যৱস্থাসমূহে প্ৰত্যাহ্বান আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। একাংশ প্ৰাৰ্থীয়ে নতুন টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি বছৰ বছৰ ধৰি চাকৰিৰ বাবে অপেক্ষা কৰি থকা টেট অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বৰ্তমানৰ পুলৰ পৰা শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে। একাংশ শিক্ষকে আকৌ বিদ্যালয় একত্ৰীকৰণ বা বন্ধ কৰাৰ বিৰোধিতা কৰি চৰকাৰক ইয়াৰ পৰিৱৰ্তে এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু সা-সুবিধা উন্নত কৰিবলৈ দাবী জনাইছে।
শিক্ষকতাক এৰি শিক্ষক ব্যস্ত থাকিব লগে অন্যান্য কাম কাজত। এতিয়া সমগ্ৰ দেশত দিৱস আৰু চৰকাৰী অভিযান উদযাপনৰ যুগ চলিছে। কেতিয়াবা যদি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ অভিযান চলিছে আন কেতিয়াবা আকৌ অমৃত বৃক্ষ আন্দোলনেৰে সেউজ অসম গঢ়াৰ সপোন দেখুৱাইছে চৰকাৰে। এতিয়া আকৌ চলি আছে ‘মোৰ মাটি, মোৰ দেশ’ অভিযানৰ অধীনত অমৃত কলহ যাত্ৰা। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা ৪০ দিনত শিক্ষা বিভাগে শিক্ষকসকললৈ অনাশৈক্ষিক কামত নিয়োজিত হ’বৰ বাবে অতিকমেও ২১খন নিৰ্দেশনা প্ৰেৰণ কৰিছে। চৰকাৰী দিৱস আৰু অভিযানৰ কামত নিয়োজিত কৰা হৈছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলকো। তদুপৰি শিক্ষকসকলৰ ওপৰত বিভিন্ন জৰীপ, তথ্য সংগ্ৰহ, পৰীক্ষণ, নামভৰ্তি, লোকপিয়লৰ কৰ্তব্য, আধাৰ লিংক আদি দায়িত্বতো আছেই। এনে বিভিন্ন অশিক্ষণীয় কামত ব্যস্ত হৈ থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদানৰ বাবে সময় নাইকীয়া হৈছে শিক্ষকৰ। পৰিণতিত ইয়াৰ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত। সেয়ে এতিয়া ছ’চিয়েল মিডিয়াতো শিক্ষক সমাজে ‘আমাক পঢ়াবলৈ দিয়ক’ শ্লগানেৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে।
গভৰ্নেন্স একাউণ্টেবিলিটি (চিবিজিএ) আৰু চাইল্ড ৰাইটছ এণ্ড ইউ (চি আৰ ৱাই)ৰ ২০১৯ চনৰ এক অধ্যয়ন অনুসৰি দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত অসমত সৰ্বাধিক শতকৰা ৪২.৬ শতাংশ শিক্ষকে প্ৰতি সপ্তাহত ১০ ঘণ্টাৰো অধিক সময় অশৈক্ষিক কামত ব্যয় কৰিবলগীয়া হয়। ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ওপৰত।
এনে বেবেৰিবাং চৰকাৰী অভিযান আৰু দিৱস পালনতে সমস্ত মানসিক আৰু শাৰীৰিক শক্তি ব্যয় কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা প্ৰদান কৰাৰ সামৰ্থ হেৰুৱাই পেলায় শিক্ষকে। যাৰ পৰিণতিস্বৰূপে বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল আশানুৰূপ নহয়। তেতিয়া এনে অভিযান-দিৱসৰ দায়িত্ব জাপি দিয়া চৰকাৰেই আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়ৰ শিক্ষকক মাতি নি কটু সমালোচনা কৰে বুলিও অভিযোগ উত্থাপন হৈছে। এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিক্ষাখণ্ডৰ বিকাশত বাধাৰ প্ৰাচীৰ হৈ আছে নানান সমস্যা। এনেকৈ হৈ থাকিলে চৰকাৰী বিদ্যালয় এদিন নাইকীয়া হবগৈ।






