Skip to content

জনগণ বাৰ্তাৰ মুখ্য সম্পাদক হিচাবে যোগদান দিৱস ফুকনৰ

Janagana Desk
December 29, 20240 second read
Diwas Phukan

আমাৰ দৰ্শকসকলক জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসমৰ‌ ইলেকট্ৰনিক আৰু প্ৰিন্ট মাধ্যমৰ সৈতে আশীৰ দশকৰ পৰা জড়িত দিৱস ফুকনে আপোনাৰ আপোন জনগণ বাৰ্তাৰ এডিটৰ-ইন-চিফ ৰূপে যোগদান কৰিছে। দা চেন্টিনেল গ্ৰুপৰ অসমীয়া কাকত আজিৰ অসমত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা ফুকনে পৰবৰ্ত্তী কালত নতুন দৈনিক, সূত্ৰধাৰ, অগ্ৰদূত কাকতৰ ক্ৰমে ৰিপোৰ্টাৰ,‌ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে সুদীৰ্ঘ সাত বছৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। পাছলৈ তেখেতে ইণ্ডিয়ান টি এচোছিয়েশ্যন, মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট, বিশ্ব স্বাস্থ্য সংস্থাৰ আৰ. চি. এইছ. আঁচনি‌আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগকে ধৰি বিভিন্ন জেষ্ঠ্য পদত কাৰ্যনিৰ্বাহ কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা অভিজ্ঞতা অৰ্জন কৰে। জনগণ বাৰ্তাত তেখেতৰ যোগদানে এই সংবাদ মাধ্যমক এক নতুন গতি আৰু শক্তি প্ৰদান কৰিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top