স্বাধীনতাৰ সাতটা দশক পাৰ হল কিন্তু আজিও দুৰ্দশাৰ অন্ত নাই। অসমত মাটি ম্যাদী পট্টাহীন পৰিয়ালে অবর্ণনীয় জীৱন অতিবাহিত কৰিছে। ৰাজ্যৰ লক্ষাধিক পৰিয়াল মুক্ত আকাশৰ তলত, পথৰ দাঁতিত দুখ-যান্ত্রণাৰে দিন কটাবলগীয়া হৈছে। মথাউৰিত ঘৰ হেৰুওৱাই অন্য স্থানলৈ স্থানান্তৰিত হৈছে, একাংশৰ ভেটি উছন হল যাৰ বাবে অবৈধভাৱে চৰকাৰী ভূমি বা বনাঞ্চলৰ মাটিত, পাহাৰ এলেকাত বাস কৰিবলগীয়া হৈছে। যিসকল বহু সময়ত বেদখলকাৰী হিচাপে চিহ্নিত হ’বলগীয়াত পৰিছে। একাংশ ভেটিহাৰা পৰিয়ালে চৰ অঞ্চলত এচাম লোকৰ মাটি ভাৰাত লৈ বাস কৰিব লগা হৈছে। এই সকল লোক কিন্তু পূর্বতে মাটি-ভেটি নাছিল তেনে নহয়। বান- খহনীয়া, উচ্ছেদ আদিৰ বাবেহে তেওঁলোক ভেটি-মাটিহীনলৈ পৰিণত হৈছে। তথ্য অনুসৰি ৰাজ্যৰ ভিতৰতে সর্বাধিক ভেটিহাৰা পৰিয়াল আছে তিনিচুকীয়া জিলাত। নৈৰ খহনীয়া, বানপানীত ভেটি হেৰুৱাই অসংখ্য পৰিয়ালে জিলাখনৰ বিভিন্ন বনাঞ্চল আৰু ৰে’লপথৰ দাঁতিত বাস কৰি আছে। এইসকলৰ অধিক সংখ্যকেই জনজাতীয় লোক। এচামে অসম অৰুলাচল সীমান্তৰ দুর্গম অঞ্চলত বাস কৰিবলৈ লৈছে। ইয়াৰে যিসকলে বনাঞ্চলৰ মাটি দখল কৰি ঘৰ সাজিছে, সেইসকলক প্রশাসনে প্রায়ে উচ্ছেদ কৰে। পুনৰ সেই স্থানত ঘৰ সাজে, আকৌ উচ্ছেদ কৰে। অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, তিনিচুকীয়া জিলাত ৪২,৩৫২টা ভেটিহীন পৰিয়াল আছে। এনেদবে, মাজুলীত আছে ৫,০৪৩টা পৰিয়াল। আন জিলা দূৰৈৰ কথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী তথা সাংসদ সর্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্রী হৈ থকা কালত প্রতিনিধিত্ব কৰা সমষ্টি মাজুলীৰ সহস্রাধিক ভেটিহীন পৰিয়ালক পুনৰ সংস্থাপন দিব পৰা নাই বিজেপি চৰকাৰে।
তথ্য অনুসৰি বানপানী, নৈত খহনীয়া বা আন দুর্যোগত ভেটি হেৰুওৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা আছে। আনহাতে, চৰকাৰৰ ভূমিনীতি ১৯৮৯ অনুসৰি ভূমিহীন লোকক ভূমি আবণ্টন বা পট্রন দিব লাগে। কিন্তু এই ক্ষেত্রত বিজেপি নেতৃত্বাধীন চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰাত সফল হোৱা নাই। যাৰ বাবে ৰাজ্যত ১.২১ লক্ষাধিক ভেটিহীন পৰিয়ালে চৰম দুখ-যান্ত্রণাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। সম্প্রতি উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবলৈ ব্যর্থ হোৱা বিজেপিয়ে নির্বাচনৰ পূর্বে ‘ভেটি ৰক্ষা’ৰ প্রতিশ্রুতি দিছিল। কিন্তু মাটি-ভেটি ৰক্ষাৰ প্রতিশ্রুতি প্রদান কৰা বিজেপিয়ে শাসনলৈ অহাৰ পাছত উচ্ছেদ অভিযানহে তীব্ৰতৰ কৰি তুলিলে। যি উচ্ছেদ অভিযান আশ্ৰয় কাঢ়ি ললে সাধাৰণ ৰাইজৰ পৰা। সেইবোৰ পৰিয়ালে এতিয়া ঘৰ ভেঁটি হেৰুৱাই বাধ্যত পৰি চৰকাৰী ভূমি,বনাঞ্চলৰ মাটিত সাধাৰণভাবে বাস কৰিবলৈ লৈছিল। চৰকাৰৰ পুনৰ সংস্থাপন আঁচনিয়ে স্পর্শ নকৰা এই ভেটিহীন পৰিয়ালসমূহৰ একাংশ সদস্যই ৰাজ্যৰ অন্যান্য প্রান্তলৈ শ্রমিকৰ ৰূপত গৈও বিভিন্ন সময়ত নানা হাৰাশাস্তি, বিপদৰ সম্মুখীন হ’বলগীয়াত পৰিছে। আনকি ঘৰ-ভেটি হেৰুৱাই এনে পৰিয়ালৰ একাংশ সদস্য শ্রমিক হিচাপে ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ ‘বিদেশী’ৰ নামত অত্যাচাৰ , ককৰ্থনাৰ সম্মুখীন হব লগীয়া হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত থকা ভেটিহীন পৰিয়ালৰ সংখ্যা চৰকাৰী তথ্য মতেই ১,২৬,৫৪৩টা। জিলভিত্তিক তথ্য অনুসৰি বঙাইগাঁও জিলাত ২,৮৩০টা, মৰিগাঁওত ৫,০৩০টা, কোকৰাঝাৰত ৩,৮৫৪টা, বিশ্বনাথত ৩,১২২টা, কাছাৰত ২,১৮৭টা, নলবাৰীত ২৯২টা, হোজাইত ১১,৯৪৩টা ,নগাঁওত ৫,৩৯১টা,শোণিতপুৰত ৪,৯৫৫টা , লখিমপুৰত ৪৮২টা,শিৱসাগৰত ১,০৬৭টা, বৰপেটাত ৭,৮৪০টা, তিনিচুকীয়াত ৪২,৩৫২টা, কামৰূপ (ম) ১১,০৯৮টা, মাজুলীত ৫,০৪৩টা, ধুবুৰীত ২৪২৬ টা, ডিব্ৰুগড়ত ১৪,৬৩১ টা পৰিয়ালে পট্টাহীন অস্থায়ী জীৱন কটাই আহিছে।
সম্প্রতি, এনে ভেটিহীন লক্ষাধিক পৰিয়ালে ৰাজ্যখনত বিভিন্ন স্থানত এক অবর্ণনীয় দুখ-যন্ত্রণাৰ মাজেৰে দিন অতিবাহিত কৰিছে। তেওঁলোক ন্যূনতম মৌলিক অধিকাৰত পৰাও বঞ্চিত হৈ আহিছে। ভেটি হেৰুওৱা নিঃস্ব জনতাৰ ভেটি ৰক্ষাত বিজেপি চৰকাৰৰ ব্যর্থতা, পুনঃসংস্থাপন, উপযুক্ত ক্ষতিপূৰণ প্রদানত ব্যর্থতাৰ ফলত এই ‘ভেটিহীন’ পৰিয়ালসমূহ পৰিণত হৈছে ৰাজ্যৰ উদাস্তু নাগৰিকত , যি সৰ্বস্ব হেৰুৱাই অস্থায়ী, নিৰাপত্তহীন জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। চৰকাৰী পক্ষৰ উদাসীনতাৰ বাবেই সামান্য ভেটি মাটিকণো নোহোৱা এই লক্ষাধিক পৰিয়ালৰ জীৱন দুর্দশাৰে অতিবাহিত কৰিছে।
উনৈশ শতিকাতে অসমত চাহপাত আৰু খাৰুৱা তেলৰ উৎপাদনৰ যোগেদি প্রতিষ্ঠিত হোৱা উদ্যোগে আধুনিক বাণিজ্যৰো দুৱাৰ মুকলি কৰিছিল। ২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ শিল্প। এই ২০০ বছৰত লিপিবদ্ধ হৈছে চাহ জনগোষ্ঠীৰো শোষণৰ ইতিহাস। কোম্পানীৰ অধীনত চাহ বাগানত কৰ্মৰত এই চাহ শ্ৰমিকসকলৰ আজিও নাই ভূমিৰ অধিকাৰ। অসমত এই জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদান নকৰি তেওঁলোকক চৰম প্ৰতাৰণাহে কৰি আছে চৰকাৰে। ফলত চাহ শ্ৰমিকসকলে আশ্ৰয়ৰ নিৰাপত্তাত ভুগিছে। ভূমিপট্টাৰ দাবীত আজিও প্ৰতিবাদত নামিব লগা হয় চাহ শ্ৰমিক শ্ৰেণীটো।
সম্প্রতি অসমত যিধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰিছে, আনৰ চতুৰালিৰ বাবেই হওক অথবা আমাৰ উদাসীনতাৰ বাবেই হওক, স্বভূমিতে বৃহৎ সংখ্যক খিলঞ্জীয়া নাগৰিক ভূমিহীন হ’বলৈ ধৰিছে। সহজ-সৰল খলুৱা জনজাতীয় লোকসকল সবাতোকৈ স্বভূমিৰপৰা বিতাড়িত আৰু বঞ্চিত হৈ আছে। বান-খহনীয়াই প্রতি বছৰে বৃহৎ সংখ্যক খিলঞ্জীয়া লোকক ভূমিহাৰা কৰি আহিছে। তেনে দুৰ্ভগীয়াসকলক পুনৰ সংস্থাপিত কৰাৰ ক্ষেত্ৰত অগ্রাধিকাৰ নিদি বণিক গোষ্ঠীক ব্যৱসায় বৃদ্ধিত হে গুৰুত্ব দিছে। ভূমিহীন লোকৰ অধিকাৰ ৰক্ষা কৰিবলৈ ব্যৰ্থ চৰকাৰ।