Skip to content

ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত লাখ লাখ লোক !

Dr Netraranjan
March 4, 20253 second read
Ration Card

ৰাজ্যত আঁচনি আছে , কিন্তু সুবিধাহে লাভ কৰা নাই একাংশই। ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে এতিয়াও ৰাজ্যৰ বহু লাখ লোক। ৫৫ লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰাটো ড৹ শৰ্মা চৰকাৰৰ সফলতা ঠিকেই কিন্তু লাখ লাখ লোক এতিয়াও ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ থকাটোহে অত্যন্ত দুখৰ কথা। ২০১১ চনৰ লোকপিয়লত নাম নথকা অৰ্থাৎ ২০১১ ৰ পাছত জন্মলোৱা এজনৰো নাম ৰেচন কাৰ্ডত সোমাবলৈ দিয়া নাই। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা ৩.১২ কোটি। ২০২১ চনত লোকপিয়ল নহল। প্ৰক্ষেপিত পৰিসংখ্যা মতে ২০২৫ ত অসমৰ জনসংখ্যা ৩.৭২ কোটি। প্ৰতি এহেজাৰ জনসংখ্যাৰ বিপৰীতে অসমত জন্মৰ হাৰ প্ৰায় ২২ শতাংশ। গতিকে ২০১১-২০২৫ ৰ জনসংখ্যাৰ পাৰ্থক্য প্ৰায় ৬০.৪৫ লাখ। বৰ্তমান প্ৰবৰ্তন কৰি থকা ৰেচন কাৰ্ড ২০১১ লোকপিয়লৰ জনসংখ্যাৰ আধাৰত। গতিকে ৰাজ্যৰ বহু লাখ বঞ্চিত হৈছে ৰেচন কাৰ্ডৰ পৰা। ৰেচন কাৰ্ড নথকা কাৰণে তেওঁলোক পুনৰ বঞ্চিত হৈ আছে আয়ুষ্মান চিকিৎসা কাৰ্ডৰ পৰাও।

লাখ লাখ লোকে চৰকাৰে প্ৰৱৰ্তন কৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া খাদ্য সামগ্রী আহৰণৰ লগতে আয়ুষ্মান চিকিৎসা কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণৰ সুযোগ ল’ব পৰা নাই। প্রণিধানযোগ্য এয়ে যে চৰকাৰে চলিত বাজেট অধিৱেশনত কেইবাজনো বিধায়কৰ প্ৰশ্নৰ উত্তৰত বৰ্তমান বেচন কাৰ্ডৰ পৰিসংখ্যা দাঙি ধৰিছে। সমান্তৰালভাৱে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া খাদ্য সামগ্রী লাভ কৰা হিতাধিকাৰীৰ পৰিসংখ্যাও উল্লেখ কৰিছে। কিন্তু কোনো এজন জনপ্রতিনিধি বা চৰকাৰী পক্ষই ৰাজ্যত বঞ্চিত হৈ থকা ৬০ লক্ষাধিক নাগৰিকৰ তথ্য দাঙি ধৰা নাই। খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে ৰেচন কার্ড লাভ কৰা পৰিয়ালৰ সংখ্যা ৭০,৬৮,৫১৫ বুলি উল্লেখ কৰিছে। এই ৰেচন কাৰ্ডৰ দ্বাৰা সামৰি লোৱা হিতাধিকাৰীৰ সংখ্যা ২,৪৫,৬৮,০৪০ গৰাকী বুলিও উল্লেখ কৰিছে। চলিত ফেব্ৰুৱাৰী মাহত উক্ত পৰিসংখ্যাৰ হিতাধিকাৰীৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মাধ্যমেৰে সুলভমূল্যৰ বিপণীসমূহৰ জৰিয়তে বিনামূলীয়া খাদ্য সামগ্রী বিতৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যত বিনামূলীয়া খাদ্য সামগ্ৰীৰ সুযোগ লাভ কৰিব লগা হিতাধিকাৰীৰ নিৰ্ধাৰিত লক্ষ্য হৈছে ২,৫১,৮৯,৭৭৫জন। বৰ্তমান তিনি ধৰণৰ ৰেচন কার্ড প্ৰৱৰ্তিত হৈ আছে। অন্ত্যোদয়া অন্ন যোজনা, পৰিয়াল ভিত্তিত অগ্ৰাধিকাৰ অৰ্থাৎ পি এইচ এইচ ৰেচন কার্ড আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি। কিন্তু এই আটাইবোৰ আঁচনিয়ে সামৰি ল’ব পৰা নাই ৬০ লক্ষাধিক নাগৰিকক। উল্লেখ্য যে ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত ৩,১২,০৫,৫৭৬গৰাকী নাগৰিক আছে বুলি কোৱা হৈছে। তেতিয়াৰ পৰা বৰ্তমানলৈকে অর্থাৎ ডেৰ দশক ধৰি ৰাজ্যত লোকগণনা কৰা হোৱা নাই। পূর্বে প্রতি এক দশকৰ ব্যৱধানত লোকগণনা কৰা হৈছিল আৰু জনসংখ্যাৰ নতুন তথ্যৰ ভিত্তিত পৰৱৰ্তী এক দশকৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে কেৱল অসম বুলিয়ে নহয়, সমগ্র দেশতে কোভিডজনিত কাৰণত ২০২১ চনৰ লোকগণনা স্থগিত ৰাখিছে। অৱশ্যে প্রক্ষেপিত জনসংখ্যাৰ ভিত্তিত অসমৰ বৰ্তমানৰ সম্ভাব্য জনসংখ্যাৰ তথ্য বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী মহলে প্রকাশ কৰি আহিছে। সেই প্রক্ষেপিত তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে ৰাজ্যত জনসংখ্যাৰ মুঠ পৰিমাণ ৩,৭২,৫০,০০০গৰাকী বুলি ধাৰণা কৰিছে। এই তথ্যৰ ভিত্তিতে উল্লেখ কৰিব পাৰি যে ২০১১ চনৰ তুলনাত বৰ্তমানৰ জনসংখ্যা ৬০,৪৪,৪২৪ গৰাকী অধিক হৈছেগৈ। ৰাজ্যত প্রতি এহেজাৰজনৰ বিপৰীতে জন্মৰ হাৰ ২২ শতাংশ আৰু মৃত্যুৰ হাৰ ৬.২ শতাংশ বুলিও কোৱা হৈছে। খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে বর্তমানলৈ অন্তর্ভুক্ত কৰা ২.৪৫ কোটি হিতাধিকাৰী বাছনি কৰা হৈছে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত ৩.১২ কোটি জনসংখ্যাৰ মাজৰ পৰা। বেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ’লে কোনো পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ অধিক হ’ব নোৱাৰিব। যিসকল ব্যৱসায়ী, উদ্যোগপতিয়ে আয়কৰ প্ৰদান কৰে, তেওঁলোকেও ৰেচন কার্ড লাভ নকৰে। বিশ্ববিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয়লৈকে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক-অধ্যাপকেও ৰেচন কার্ড লাভ নকৰে। চিকিৎসক, অভিযন্তা, আর্কিটেক, চার্টার্ড একাউন্টেন্ট, অধিবক্তা, বেংক বিষয়া আদিয়েও ৰেচন কার্ড পাব নোৱাৰে। বৃহৎ ভূ-খণ্ডৰ গৰাকীয়েও লাভ নকৰে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া খাদ্য সামগ্রী। আনহাতে বৰ্তমানৰ আৰু প্রাক্তন কোনো সাংসদ, বিধায়কে আবেদন কৰিব নোৱাৰে ৰেচন কাৰ্ডৰ বাবে। যিসকল চৰকাৰী বিষয়া-আমোলাই ৪ লাখ টকাতকৈ অধিক পেন্সন বছৰি লাভ কৰে, তেওঁলোকৰ বাবেও ৰেচন কাৰ্ডৰ সুবিধা নাই। বর্তমান এই চর্তাৱলীৰ সৈতে সংযোজিত হৈছে ২০১১ চনৰ পাছত জন্মলাভ কৰাসকলৰ বাবে। যিকোনো খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰেচন কার্ড শিতানলৈ গ’লেই কথাটো স্পষ্ট হৈ পৰে। জিলা পৰ্যায়ৰ যুটীয়া সঞ্চালকসকলে ৰেচন কাৰ্ডৰ বাবে নতুন নামভৰ্তিৰ চূড়ান্ত সিদ্ধান্ত লয় প্রতিবছৰে। একাংশ বঞ্চিত লোকক প্ৰতিবছৰে ৰেচন কার্ড প্রদান বা পূৰ্বৰ ৰেচন কাৰ্ডৰ পৰা নাম বাদ পৰি গ’লে তেওঁলোকৰ নাম অন্তর্ভুক্ত কৰি আহিছে। অৱশ্যে ইয়াৰে যদিহে কোনোবাই ২০১১ চন বা তাৰ পাছত জন্ম হৈছে, তেনেহ’লে তেওঁলোকে বর্তমানলৈকে ৰেচন কাৰ্ডত নাম অন্তর্ভুক্তি কৰিব পৰা নাই। অন্তর্ভুক্তিৰ সিদ্ধান্ত সংশ্লিষ্ট বিভাগে ল’ব যদিও আবেদন কৰিব পৰা যোগ্যতাই লাভ কৰা নাই ৬০ লক্ষাধিক লোকে। ৰেচন কার্ডত নাম নাথাকিলে চৰকাৰৰ আন আন হিতাধিকাৰীমূলক আঁচনিৰ পৰাও বঞ্চিত হয়। বিশেষকৈ বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান চিকিৎসা কাৰ্ডৰ তালিকাত ৰেচন কাৰ্ডৰ নাম নথকাসকল অন্তর্ভুক্ত হ’ব নোৱাৰে। অৱশ্যে ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰিলে নিশ্চিতভাবে বঞ্চিতসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন জনাব পাৰিব আৰু পাছৰ পৰ্যায়ত যোগ্যতা অর্জন কৰি ৰেচন কাৰ্ডত নাম অন্তর্ভুক্তিৰ বাবে সংশ্লিষ্ট মহলে বিবেচনা কৰাৰ সুযোগ পাব। গতিকে ৰেচন কার্ড বঞ্চিত হোৱাৰ বাবেই আয়ুষ্মান কার্ডকে ধৰি আন আন হিতাধিকাৰীমূলক আঁচনিৰ পৰা বঞ্চিত হৈ থকাসকলৰ ক্ষেত্ৰত অসম চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে তাৰ প্ৰতি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বঞ্চিত লক্ষাধিক যোগ্য নাগৰিকে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top