Skip to content

প্লাষ্টিক নিষিদ্ধকৰণত অসমৰ ব্যৰ্থতা !

Dr Netraranjan
March 13, 202512 second read
Plastic Ban failure inn Assam

পাঁচ বছৰে অস্তিত্বহীন হৈ থাকিল টাস্ক ফ’ৰ্টৰ কাম-কাজ। অধিসূচনাতে আবদ্ধ থাকিল নিষিদ্ধকৰণ। অথলে গ’ল নেকি ২০১৬ চনত প্ৰস্তুত কৰা চৰকাৰী নীতি ? ব্যাপক ঢাক-ঢোল বজালে ঠিকেই কিন্তু প্লাষ্টিক নিষিদ্ধকৰণ সফল নহল। ‘ছিংগল ইউজ’ প্লাষ্টিকৰ ব্যৱহাৰ প্রস্তুত আমদানি-ৰপ্তানি, জমাকৰণ বিতৰণ বিক্ৰীৰ ধোঁৱাচাঙত প্লাষ্টিক নিষিদ্ধকৰণৰ পৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰে ২০১৯ চনতে চৰকাৰী অধিসূচনা জাৰি কৰি নিষিদ্ধ ঘোষণা কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হ’ল। ‘The Plastic Waste Management Rules, 2016’ৰ অধীনত দেশৰ ১৯ খন ৰাজ্যই পর্যায়ক্রমে ‘এবাৰ ব্যৱহাৰযোগ্য’ প্লাষ্টিকৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছিল যদিও অসমৰ ক্ষেত্ৰত সেয়া কাগজ-কলমতেই আবদ্ধ থাকিল। দেশৰ অন্য ১৮ খন ৰাজ্যই এনে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ-প্রস্তুত-বিক্রী সম্পূর্ণৰূপে নিষিদ্ধ কৰা বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰেও কাগজে-কলমে বন্ধ ৰখা বুলি কৈছে যদিও বাস্তৱত সেয়া ৫ বছৰে হৈ নুঠিল। বিশেষভাবে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, নগৰ উন্নয়ন বিভাগ আৰু গাঁও পঞ্চায়তসমূহে উপৰিউক্ত নীতিৰ অধীনত ‘ছিংগল ইউজ’ প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধকৰণৰ সজাগতা, কাৰ্য ব্যৱস্থা গ্ৰহণৰ দায়িত্ব পালন কৰিব লাগিছিল যদিও অসমৰ ক্ষেত্ৰত সেয়া প্রযোজ্য নহ’ল। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত এখন টাস্ক ফ’র্চ গঠন কৰা হৈছিল। কিন্তু সেই ফ’ৰ্চৰ বৈঠক অথবা অভিযান কোনোদিনে ৰাজ্যৰ কোনো এটা স্থানতে নহ’ল। কেন্দ্রীয় চৰকাৰে এনে প্লাষ্টিক ব্যৱহাৰ নকৰাৰ বাবে স্বচ্ছ ভাৰত অভিযানৰ অধীনত শ শ কোটি টকা মোকলাই দিছে দিও তাৰো সঠিক ব্যয় নহ’ল। উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০১৯ চনৰ ১০ জুলাইত এক অধিসূচনাযোগে (No. ENG. 1/2019/36) প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰৰ দ্বাৰা স্বাক্ষৰিত অধিসূচনাত কোৱা হৈছিল যে ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰে পৰিবেশ দূষিত কৰাৰ লগতে মানৱ জীৱনৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। বিশেষকৈ প্লাষ্টিকৰ কেৰিবেগ, বেনাৰ, ফ্লেক্স, প্লাষ্টিক ফ্রেগ, প্লাস্টিক সামগ্ৰীৰ মানৱ জীৱনৰ দৰে পশুধনৰ স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিকতাতো ক্ষতি কৰে। সেয়ে পৰিবেশ বিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মর্মে অসম চৰকাৰেও এই নিষিদ্ধকৰণৰ অধিসূচনা প্রকাশ কৰিছিল। যদি কোনো কোম্পানীয়ে এনে প্লাষ্টিকৰ সামগ্রী উৎপাদন বা প্রস্তুত কৰে, বিক্ৰী বা ব্যৱহাৰ কৰে, তেন্তে পৰিবেশ (নিয়ন্ত্রণ) আইন, ১৯৮৬ ৰ অধীনত জৰিমনা ভৰিব লাগিব। উল্লেখ্য যে দেশৰ ১৯ খন ৰাজ্যই ২০০৮ চনৰ পৰা পৰ্যায়ক্রমে এই সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। ২০১৮ চনত চণ্ডীগড়ে পোনপ্ৰথমবাৰৰ বাবে ‘ছিংগল ইউজ’ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিছিল। ২০১০ চনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জই নিষিদ্ধ ঘোষণা কৰিছিল। ইয়াকে দেখি অসম চৰকাৰেও ২০১৯ চনত ‘ছিংগল ইউজ প্লাষ্টিক’ৰ ব্যবহাৰ-প্রস্তুত-বিক্রী নিষিদ্ধ কৰে। কিন্তু অসম চৰকাৰৰ ঘোষণা, টাস্ক ফ’ৰ্চৰ অভিযান কেৱল কাগজতে আবদ্ধ থাকিল। অভিযোগ মতে ৰাজ্য চৰকাৰে এই সামগ্রী নিষিদ্ধ কৰি থোৱাৰ পিচতো ছিংগল ইউজ প্লাষ্টিকৰ বিভিন্ন সামগ্রী প্রস্তুত কৰা ক্ষুদ্র উদ্যোগৰ অনুমতি প্ৰৱৰ্তন কৰি আহিছে। এই উদ্যোগে অবশ্যেই প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ পৰা কোনো অনুমতি নলয় আৰু ব’র্ডেও ইয়াৰ বিৰুদ্ধে কোনোদিনে অভিযান নচলায়। আনহাতে কেন্দ্রীয় চৰকাৰেও ২০২২ চনৰ ৩১ জুলাইত এনে প্লাষ্টিকৰ সামগ্ৰীত নিষিদ্ধ আৰোপ কৰি থৈছে। এনেবোৰ নিষিদ্ধ ঘোষণাৰ জাননী জাৰি হোৱাৰ পিচতো ছিংগল ইউজ প্লাষ্টিকৰ সামগ্রী প্রস্তুত-ব্যবহাৰ-বিক্রী, আনকি আমদানিও বাজ্যত অবাধে অব্যাহত আছে অথচ ইয়াৰ বিৰুদ্ধে ব্যবস্থা ল’বলৈ কোনোরে নাই। তাৎপর্যপূর্ণ কথা যে এই টাস্ক ফ’ৰ্চৰ অধ্যক্ষৰ উপৰি সস্যই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰাৰ পিছতো নতুন গঠন হোৱা নাই সেই টাস্ক ফর্ট। প্লাষ্টিক নিষিদ্ধকৰণৰ অধিসূচনা জাৰি কৰা হলে যদিও, প্ৰয়োগৰ ক্ষেত্ৰত কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নহ’ল , ইয়াৰ বাবে দায়ী কোন ?

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top