Skip to content

অসমত চাইবাৰ অপৰাধৰ তাণ্ডৱ: ১৬০ কোটি টকাৰ লুট, উদ্ধাৰ মাত্র ২০ কোটি

Dr Netraranjan
April 10, 20253 second read
Cyber Crime in Assam

বেংকিং ব্যবস্থাপনাত প্ৰযুক্তিৰ ব্যৱহাৰ তথা ডিজিটেল লেনদেনৰ ফলত সংঘটিত বর্ধিত চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাই শংকিত কৰিছে সকলোকে। এটা সময় আছিল গ্রাহকে বেংকত দীঘলীয়া শাৰী পাতি প্ৰ-পত্ৰ পূৰণ কৰি একাউণ্টৰ পৰা জমা ধন উলিয়াব লাগিছিল। সময়ৰ লগে লগে চেক ব্যৱস্থা অসমত চাইবাৰ অপৰাধীয়ে এ টি এম আৰু বর্তমান ইউ পি আই যোগে নিজৰ মোবাইলৰ পৰাই ছেকেণ্ডৰ ভিতৰতে ডিজিটেল লেনদেন কৰিবলৈ সক্ষম হৈছে গ্রাহকে। কিন্তু বেংকিং ব্যৱস্থাপনাত ডিজিটেলাইজেশনৰ ফলত গ্রাহকে সততে প্রবঞ্চক চক্রৰ কবলত পৰি সাচতীয়া জমা ধন হেৰুৱাবলগীয়া হৈছে। বেংকত অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাইবাৰ প্রবঞ্চনাৰ ঘটনা।
অৱশ্যে, গ্ৰাহকৰ পৰা প্ৰৱঞ্চকে লুটি নিয়া ধনৰ নাম মাত্ৰহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা বেংক কর্তৃপক্ষই। আৰক্ষী তথা বেংক কর্তৃপক্ষই চাইবাৰ প্ৰৱঞ্চনাৰ সতর্কতামূলক প্রচাৰ চলালেও প্রৱঞ্চকে ন ন কৌশলেৰে গ্রাহকক প্ৰৱঞ্চনাৰ জালত বন্দি কৰিবলৈ সক্ষম হৈছে। চাইবাৰ প্ৰৱঞ্চনা প্রতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিটিজেন ফাইনেঞ্চিয়েল চাইবাৰ ফুড ৰিপাটিং এণ্ড মেনেজমেন্ট চিষ্টেম শীর্ষক কাৰ্য ব্যৱস্থাৰ অধীনত হেল্প লাইন নম্বৰ ১৯৩০ মুকলি কৰিছে। কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মুকলি কৰা ১৯৩০ হেল্প লাইন নম্বৰত চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগ দিয়াৰ লগে লগে প্ৰৱঞ্চক চক্রই সৰকাই নিয়া ধন উদ্ধাৰৰ পদক্ষেপ গ্রহণ কৰে। কিন্তু এই পদক্ষেপবোৰৰ পিছতো ঘটিয়েই আছে চাইবাৰ অপৰাধ।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া প্রতিবেদন অনুসৰি ২০২১ চনৰ পৰা আৰম্ভ হোৱা নেচনেল চাইবাৰ ক্রাইম ৰিপ’টিং পর্টেলত অসমত বিগত ফেব্ৰুৱাৰী মাহ পর্যন্ত ৩০,৮২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে। বিগত এই ৪ বছৰত সংঘটিত ৩০,৮২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ বিপৰীতে অসমৰ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুট কৰি নিছে সৰ্বমুঠ ১৬০.৬৭ কোটি টকা। উদ্বেগৰ বিষয়টো হৈছে, অসমৰ গ্ৰাহকৰ পৰা ৪ বছৰত লুট কৰি নিয়া ১৬০.৬৭কোটি টকাৰ বিপৰীতে আৰক্ষীয়ে চাইবাৰ প্ৰৱঞ্চকৰ পৰা ফ্রীজ অর্থাৎ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাত্র ২০.১৭ কোটি টকা। এক কথাত প্ৰৱঞ্চকৰ পৰা অধিকাংশ ধনেই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। গৃহ মন্ত্রণালয়ৰ প্ৰতিবেদন অনুসৰি বিগত ৪ টা বছৰত দেশত এনে ধৰণৰ মুঠ ৩৮,২২,৫৫০ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে গ্রাহকে হেৰুৱাবলগীয়া হয় ৩৬ হাজাৰ ৪৪৮ কোটি টকা। অৱশ্যে সৌভাগ্যক্রমে আৰক্ষী তথা বেংক কর্তৃপক্ষই ইয়াৰে মাত্র ৪ হাজাৰ ৩৮০ কোটি টকা উদ্ধাৰ কৰি নিৰ্দিষ্ট গ্রাহকক ঘূৰাই দিবলৈ সক্ষম হৈছে। ২০২৩-২৪ বিত্তীয় বর্ষত সর্বাধিক ২৯,০৮২ টা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে প্রতিটো ঘটনাতে গ্ৰাহকৰ পৰা ন্যূনতম ১ লাখ টকা বা তাতোধিক ধন প্ৰৱঞ্চকে সৰকাই নিছে। উক্ত বৰ্ষটোত এনে বৃহৎ প্ৰৱঞ্চনাৰে মুঠ ১৪৫৭ কোটি টকা লুট কৰে চাইবাৰ প্ৰৱঞ্চকে। একেদৰে চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত ন্যূনতম ১ লাখ টকা বা তাতোধিক ধনৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে ১৩,৩৮৪ টা। এই সমূহ প্ৰৱঞ্চনাত গ্রাহকে হেৰুৱাবলগীয়া হৈছে ৫৩৪ কোটি টকা। ইফালে ভাৰতীয় বিজার্ভ বেংকৰ তথ্য উদ্ধৃতিয়ে গৃহ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি ৰাজহুৱা খণ্ডৰ বেংকৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বেংকত অধিক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা হৈছে। বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষত ব্যক্তিগতখণ্ডৰ বেংকৰ ভিতৰত এইচ ডি এফ চি বেংকৰ গ্ৰাহকৰ পৰা চাইবাৰ প্রৱঞ্চকে সর্বাধিক ৬২৪ কোটি টকা লুট কৰিবলৈ সক্ষম হয়। অৱশ্যে ব্যক্তিগতখণ্ডৰ বেংকৰ ক্ষেত্ৰত এইচ ডি এফ চি বেংকত সর্বাধিক পৰিমাণৰ ধনৰ চাইবাৰ প্ৰৱঞ্চনা সংঘটিত হ’লেও সংখ্যাগত হিচাপত আই চি আই চি আই বেংকতহে সর্বাধিক সংখ্যক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে। অর্থাৎ এইচ ডি এফ চি বেংকত ৫,৪৭৭ টা ঘটনাৰ বিপৰীতে ৬২৪ কোটি টকা চাইবাৰ প্ৰৱঞ্চনা সংঘটিত হৈছে যদিও আই চি আই চি আই বেংকত ৬,৫৮৮ টা প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে গ্ৰাহকৰ একাউণ্টৰ পৰা লুট কৰা হয় ৩২২ কোটি টকা। একেদৰে এক্সিছ বেংকতো ২০২৩-২৪ বিত্তীয় বর্ষত ৪,৫২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে গ্ৰাহকৰ একাউণ্টৰ পৰা লুট কৰি নিয়ে ৩২৪ কোটি টকা। আনহাতে ৰাজহুৱাখণ্ডৰ বেংকৰ ক্ষেত্ৰত ২০২৩-২৪ বিত্তীয় বর্ষত সর্বাধিক প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় স্টেট বেংকত। উক্ত বর্ষটোত এছ বি আইত ২,৪৭৮ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে সৰ্বসাধাৰণ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা লুট কৰি নিয়ে ২২৩ কোটি টকা। আনহাতে, ইউনিয়ন বেংক অব ইণ্ডিয়াত মাত্র ১৭০ টা ঘটনাৰ বিপৰীতেই সর্বাধিক ২২৪ কোটি টকা লুট কৰি নিবলৈ সক্ষম হয় চাইবাৰ প্ৰৱঞ্চকে। ইয়াৰ পাছতেই তালিকাত আছে পঞ্জাৱ নেচলে বেংকত ৩৬৪ টা ঘটনাৰ বিপৰীতে ৮৯.৮০ কোটি টকা, বেংক অৱ বৰোডাত ১৩৪২ টা ঘটনাৰ বিপৰীতে ৮০.৩৯ কোটি টকা আৰু ইউক’ বেংকত ৩০ টা প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে ৬১.২৩ কোটি টকা লুট কৰি নিয়ে চাইবাৰ প্ৰৱঞ্চকে। একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষটোত কানাড়া বেংকৰ পৰা ৩৭.৩৯ কোটি টকা, চেন্ট্রেল বেংক অব ইণ্ডিয়াৰ পৰা ৩৭.৩২ কোটি টকা, বেংক অৱ মহাৰাষ্ট্ৰৰ পৰা ৩০.৯৭ কোটি টকা, বেংক অব ইণ্ডিয়াৰ পৰা ২০.৪৯ কোটি টকা, ইন্ডিয়ান বেংকৰ পৰা ২০.৪৫ কোটি, ইন্ডিয়ান অভাৰচিছ বেংকৰ পৰা ১০.০৩ কোটি টকা আৰু পঞ্জাৱ এণ্ড সিন্ধ বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা চাইবাৰ প্ৰৱঞ্চকে ২.৭১ কোটি টকা লুট কৰি নিবলৈ সক্ষম হয়। লক্ষণীয়ভাবে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পর্যন্ত বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে ৬,০৪৬ জন চাইবাৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে।

দেশৰ পৰিপ্ৰেক্ষিতত চাইবাৰ প্ৰৱঞ্চনাৰ সংকট অধিক বৃহৎ ৰূপ লৈছে। এই ঘটনাসমূহে চাইবাৰ অপৰাধৰ গুৰুত্ব আৰু সতৰ্কতাৰ প্ৰয়োজনীয়তা প্ৰতিফলিত কৰে। লোকসকলে অনলাইন লেনদেনত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top