Skip to content

লোকচানত ভৰি থকা অসম চাহ নিগমৰ বাগিচা এতিয়া ব্যক্তিগত খণ্ডৰ দিশে

Dr Netraranjan
May 2, 20251 second read
Plight of Assam Tea Industry

দুশবছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসমৰ চাহশিল্প তথা চাহ উদ্যোগটোৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। তাৰ প্ৰমাণ অসম চাহ নিগমৰ লাওলোৱা অৱস্থা। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ পূর্তিৰ উপলক্ষে অসম চৰকাৰে গুৱাহাটীত আয়োজিত ঝুমুৰ নৃত্যৰে অভিলেখ সৃষ্টি কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’লেও লোকচানত ভৰি থকা অসম চাহ নিগমৰ (ASTC) বাগিচাসমূহ উদ্ধাৰৰ ক্ষেত্ৰত কোনো গঠনমূলক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। অসম চাহ নিগম (ATCL) হৈছে ৰাজ্য চৰকাৰৰ অধীনস্থ চাহ উৎপাদক সংস্থা।

অসম চাহ নিগমে বৰ্তমানে প্ৰায় ২৯৮ কোটি টকাৰ লোকচান ভুগি আছে। এই পৰিপ্ৰেক্ষিতত, নিগমে নগাঁও জিলাৰ আমলখি চাহ বাগিচা ব্যক্তিগত খণ্ডলৈ লীজত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা মে’ মাহৰ ভিতৰত এক ব্যক্তিগত কোম্পানীক এই বাগিচা লীজত দিয়াৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে।

নিগমৰ অধীনত থকা ১৫খন বাগিচাৰ ভিতৰত অধিকাংশই লোকচানত ভূগিছে। ফলস্বৰূপে, ইতিমধ্যে বহু বাগিচা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হৈছে। কিন্তু বাগিছাসমূহৰ পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। বৰ্তমানে নিগমৰ হাতত মাত্ৰ ছয়খন বাগিচা চিনামৰা চাহ বাগিছা, চৈকটা আছে, আমলখি চাহ বাগিছা, ভোলগুৰি চাহ বাগিছা, লংগাই চাহ বাগিছা আৰু ইছাবিল চাহ বাগিছাই লোকচানত চলি আছে। এই পৰিস্থিতিত নিগমে বাগিচাসমূহ ভালদৰে পৰিচালনা কৰাত গুৰুত্ব আৰোপ কৰাতকৈ ব্যক্তিগত খণ্ডৰ হাতলৈ দিছে বা দিয়াৰ প্ৰস্তুতি কৰিছে।

ইফালে, ভোটৰ অংকত চৰকাৰে একাধিক জনপ্ৰিয় আঁচনি ঘোষণা কৰি অহাৰ দৰে দেখুওৱা গৈছে। অসম চাহ নিগম লোকচানত ডুব, চৰকাৰ ব্যস্ত উৎসৱ আৰু ভোটত। ২০২৫-২৬ বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে ৬.৮ লাখ চাহ শ্রমিকৰ প্ৰতিজনক এককালীন ৫,০০০ টকাৰ নগদ সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে, যাৰ বাবে মুঠ ব্যয় হ’ব ৩৪২ কোটি টকা।

তথাপিও, চৰকাৰে এতিয়ালৈকে নিগমৰ অধীনৰ বাগিচাসমূহৰ স্থায়ী-অস্থায়ী কৰ্মচাৰী তথা শ্রমিকসকলৰ ২৯৮ কোটি টকাৰ বকেয়া মজুৰি পৰিশোধ কৰা নাই। তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ে গঠন কৰা এজনীয়া আয়োগৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৩১ অক্টোবৰলৈকে শ্রমিক আৰু কৰ্মচাৰীসকলে পাবলগীয়া ধনৰ পৰিমাণ আছিল ৬৩০.৭৭ কোটি টকা। ইয়াৰে ভিতৰত অসম চৰকাৰে এতিয়ালৈকে বিভিন্ন শিতানত ৩৩৯.৬৭ কোটি টকা মোকলাই দিছে। কিন্তু আশ্চর্যজনকভাৱে উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পাছতো একমাত্র শ্রমিকসকলে পাবলগীয়া বাকী ২৯৮ কোটি টকা যোৱা তিনি বছৰে ৰাজ্য চৰকাৰখনে মোকলাই দিয়া নাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলেও এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে নীৰৱ।

আনহাতে, ইতিমধ্যে নিগমে বোকাহোলা টি কোম্পানী প্রাইভেট লিমিটেডক নেঘেৰিটিং, ৰঙামাটি, মিচামৰা, ডিজুভেলী চাহ বাগিচা, চাপানলা টি ই এল পি নামৰ কোম্পানীটোক লুং চুং আৰু জালিংগা টিকে (ইণ্ডিয়া) প্রাইভেট লিমিটেডক নাগিনীজান চাহ বাগিচা লিজত দিছে। কিন্তু লীজত দিয়া চাহ বাগিচাকেইখনৰ শ্ৰমিকসকলেও চৰকাৰৰ পৰা পাবলগীয়া ধনৰাশি আজিলৈকে পোৱা নাই।

এই সমগ্ৰ ঘটনাক্ৰমে এটা কথা স্পষ্ট কৰে যে অসম চৰকাৰ চাহ উদ্যোগৰ দীঘলীয়া উন্নয়ন নীতিত নহয়, বৰং ভোটৰ অংকত অধিক মনোনিবেশ কৰিছে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top