Skip to content

বিৰুবালা ৰাভা: কু-সংস্কাৰ ৰোধৰ অগ্ৰণী যোদ্ধা

Janagana Desk
May 13, 20258 second read
Birubala Rabha

ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল অসমৰ এগৰাকী মহীয়সী নাৰী, তেওঁৰ নাম বিৰুবালা ৰাভা। তেওঁ দেখুৱাইছিল পোহৰৰ বাট।অসমত তথাকথিত ‘ডাইনী’ৰ নামত হত্যা-নিৰ্যাতন আদি সামাজিক ব্যাধি তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যুঁজত অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা স্বনামধন্য মহিলা, ‘মিছন বিৰুবালা’ৰ গুৰি ধৰোঁতা তথা মানৱতাবাদী সমাজকৰ্মী আছিল বিৰুবালা ৰাভা। গোৱালপাৰা- মেঘালয়ৰ সীমান্তৱর্তী একেবাৰে ভিতৰুৱা ঠাকুৰভিলা টিল্লাপাৰা গাঁৱৰ এটি দুখীয়া কৃষকৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল এই গৰাকী মহীয়সী নাৰী ।শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল৷ পৰৱৰ্তী সময়ত ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে বিৰুবালা ৰাভাই বিবাহপাশত আৱদ্ধ হয়।

১৯৯৯ চনত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দাদান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সেই অঞ্চলৰ ৫গৰাকী মহিলাক ডাইনী সজাই অভিযুক্ত কৰাত বিৰুবালা ৰাভাই সভাত সেই দুৰ্ভগীয়া মহিলা কেইগৰাকীৰ সমৰ্থনত বীৰদৰ্পে থিয় হৈ সযোৰে প্ৰতিবাদ কৰি কৈছিল- “তেওঁলোক কেতিয়াও ডাইনী হ’ব নোৱাৰে, এয়া অন্ধ বিশ্বাস।” বিৰুবালা ৰাভাৰ আছিল পৰিস্থিতি আৰু পৰিৱেশৰ লগত প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান জনোৱাৰ অপাৰ শক্তি। নানান ঘাট-প্ৰতিঘাট সমাজৰ অশেষ বাধা-বিঘিনি অতিক্ৰম কৰি তেওঁ এনে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই গৈছিল। এনেদৰে ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সফল হোৱাৰ স্বীকৃতি স্বৰূপে ২০০৫ চনত “Project Thousand Women”ৰ মনোনয়নত শান্তিৰ “নোবেল বঁটা”ৰ বাবে তেওঁ প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল।এনেধৰণৰ বিৰল স্বীকৃতিৰ পিছত ২০১২ চনত আনুষ্ঠনিকভাৱে জন্ম হয় “মিছন বিৰুবালা”। এই মিছনৰ বৰ্তমানৰ সদস্যৰ সংখ্যা ৮০০ৰো অধিক। ইতিমধ্যে বিভিন্ন সন্মানেৰে বিভূষিত হোৱা বিৰুবালা ৰাভাই ২০১০ চনত “Reliance Industry L.T.D”ৰ পৰা “Real Hero”ৰ খিতাপ, টাই আহোম যুৱ পৰিসৰ পৰা “বীৰাংগনা মূলা গাভৰু বঁটা”, “জয়মতী বঁটা”, “সমাজ প্ৰাণ সেৱা বঁটা”, হাউলী ৰাস মহোৎসৱৰ “হাউলী বঁটা” আৰু শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যায়ৰ পৰা পি.এইচ.দি ডিগ্ৰী লাভ কৰি নিজকে ধন্য কৰি তুলিছিল।কৰ্মৰাজিৰ বাবে ২০২১ চনত বিৰুবালা ৰাভাৰ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন ২০১৫ প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট । মৃত্যুৰ পূৰ্বলৈকে অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুজঁ দি গ’ল সাহসী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাই।

গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা অঞ্চল ঠাকুৰবিলা গাঁওৰ বিৰুবালা ৰাভাই ডাইনী, অন্ধ-বিশ্বাস, কু-সংস্কাৰক সমাজৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰত গোটেই জীৱেনজুৰি সংগ্ৰাম কৰি সমাজৰ পৰা এনে কুপ্ৰথা নাশ কৰিবলৈ ৰাইজক সদায় সচেতন কৰিবলৈ সফল হৈছিল। কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২৪ৰ ১৩ মে’ তাৰিখে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top