অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে অনা হ’ব নতুন আইন। ইয়াৰ দ্বাৰা নিৰ্বাচিত ৰাজহ চক্ৰত ১৯৫১ৰ ভোটাৰ তালিকাত নাম থকা লোক বা তেওঁৰ পৰিয়ালেহে ভূমি ক্ৰয় বা বিক্ৰী কৰিব পাৰিব। এই আইনখনে প্ৰশংসা লাভ কৰাতকৈ অধিক চিন্তাৰ কাৰণ হ’ল ইয়াৰ সামাজিক আৰু সাংবিধানিক প্ৰভাৱ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে প্ৰণয়ন কৰা আইনখন প্ৰকৃততে ভূমি নীতি নে নতুন বৈষম্যৰ দুৱাৰ ? কিয় সলনি কৰিব খুজিছে ১৩৯ বছৰীয়া ভূমি আইন ?
অসম চৰকাৰে নতুন ভূমি নীতি বা আইন প্ৰণয়ন কৰিবলৈ আগ্ৰহী হোৱাৰ বহুস্তৰীয় কাৰণ আছে যাৰ ভিতৰত আছে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা, ভূমি-ভিত্তিক জনসংখ্যাগত পৰিৱৰ্তনৰ ভয়, আৰু ৰাজনৈতিক স্বাৰ্থ। অসমত বহু দশকৰ পৰা স্থানীয় বা খিলঞ্জীয়াৰ ভূমি অন্য ৰাজ্য বা বিদেশী অনুপ্ৰবেশকাৰীয়ে দখল কৰি থকাৰ অভিযোগ আহি আছে। বিশেষকৈ অসমীয়া জনগোষ্ঠীৰ সংখ্যা হ্ৰাস আৰু ভূমিহীনতাৰ আশংকাৰ প্ৰেক্ষাপটত এই আইন প্ৰযোজ্য। ইয়াৰ দ্বাৰা স্থানীয় বংশধৰসকলৰ জাতিগত, ভাষিক আৰু সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিব বুলি চৰকাৰৰ যুক্তি। চৰকাৰে দাবী কৰে যে বহু ৰাজহ চক্ৰত ভূমি মাফিয়াই ৰাজনৈতিক অথবা বেআইনী উপায়ে বহুত মাটি ক্ৰয়-বিক্ৰয় কৰিছে । গতিকে এই ক্ষেত্ৰত নতুন আইনৰে সেই বেআইনী লেনদেন বন্ধ কৰাৰ প্ৰচেষ্টা কৰা হব। এয়া এক বলিষ্ঠ আৰু সাহসী আইন হ’ব পাৰিব নে ? কোৱা হৈছে এইয়া এক সাংস্কৃতিক আৰু ধৰ্মীয় দুয়োটা দিশৰে পৰা ধৰ্ম নিৰপেক্ষ পদক্ষেপ৷ কিন্তু হয় জানো ?
এই আইনযোগে ১৯৫১ চনৰ পৰা অসমৰ বাসিন্দা হৈ থকা লোকৰ মাজতহে কেতবোৰ নিৰ্বাচিত ৰাজহ চক্ৰত মাটিৰ লেনদেনৰ অনুমতি দিব ৰাজহ বিভাগে৷ যিবোৰ পৰিয়ালৰ নাম ১৯৫১ চনৰ অসমৰ ভোটাৰ তালিকাত বা এন আৰ চিত থাকিব সেই সকলেহে নিজৰ মাজত মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব। এই আইনযোগে ‘আইকনিক ষ্ট্ৰাকচাৰ’ৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কেৱল ১৯৫১ চনৰ বা তাৰ পূৰ্বৰে পৰা তাত বাস কৰা লোকৰ মাজতহে মাটি ক্ৰয় আৰু বিক্ৰয় কৰাৰ অনুমতি দিয়া হৈছে । প্ৰশ্ন হৈছে ১৯৫১ৰ দলিল – ন্যায় নে বিভেদ? ভূমি অধিকাৰ এক মৌলিক অধিকাৰ, কিন্তু ইয়াক ৭০ বছৰৰ পুৰণা নথিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত কৰাৰ মানে হৈছে সাধাৰণ নাগৰিকৰ ওপৰত অনৈতিক শাস্তি আৰোপ। ১৯৫১ৰ তালিকাৰ ওপৰত যিহেতু আইনখন নিৰ্ভৰশীল তেন্তে সেইসকল লোকৰ ক্ষেত্ৰত কি হব যিসকল লোকৰ দলিল/নথি বিভিন্ন কাৰনত নষ্ট হৈছে। অধিকাংশ লোকৰ বাবে প্ৰমাণ দিয়াটো অসম্ভৱ হ’ব পাৰে। অসমৰ বহু দৰিদ্ৰ, খিলঞ্জীয়া, আদিবাসী, নদীকাষৰীয়া গাঁওবাসীৰ হাতত ১৯৫১ৰ ভোটাৰ তালিকা বা প্ৰমাণ নথি নাথাকিব পাৰে। বংশগত, ভৌগোলিক আৰু প্ৰাকৃতিক কাৰণত বহু পৰিয়ালে দলিল পোৱা নাই বা নষ্ট হব পাৰে। এনে পৰিয়ালক অধিকাৰৰ পৰা বঞ্চিত কৰা আত্মঘাতী সিদ্ধান্ত হব পাৰে। গতিকে এই আইনৰ ফলত আইনী অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা। প্ৰমাণ দিব নোৱাৰা মানে এই যুক্তি সংবিধানত প্রতিষ্ঠিত সমতাৰ অধিকাৰৰ (Article 14) পৰিপন্থী।
ভোটাৰ তালিকা আৰু ভূমি অধিকাৰ দুয়ো ভিন্ন ক্ষেত্র, সংমিশ্ৰণ সংবিধানবিৰোধী। নাগৰিকতাৰ বা ভোটাধিকাৰৰ মাপকাঠি (১৯৫১ৰ তালিকা)ক ভূমি অধিকাৰৰ সৈতে সংযুক্ত কৰাটো সংবিধানৰ দৃষ্টিৰে অযৌক্তিক।
NRC আৰু ভূমি অধিকাৰৰ সংযোগে NRC সম্পৰ্কীয় বিতৰ্কক পুনৰ জীয়াই তুলিব পাৰে। নতুন ভূমি নীতি অনুসৰি যিসকল লোক NRC তালিকাত নাই , তেওঁলোক ভূমি কিনিব/বিক্ৰী কৰিব নোৱাৰিব। এনে বিধানৰ জৰিয়তে “সাংবিধানিক স্বীকৃতি” পোৱা মানুহৰ মাজতহে ভূমি লেনদেন সীমাবদ্ধ কৰাৰ চেষ্টা কৰা হৈছে । সংবিধানৰ অনুচ্ছেদ ১৪ (সমতা) আৰু ১৯ (চলাচলৰ স্বাধীনতা)ৰ অধীনত এই আইনে প্ৰশ্নৰ সম্মুখীন হব পাৰে। ভাৰতীয় সংবিধানৰ ধাৰা ১৯ (ডি) আৰু (ই) অনুযায়ী, যিকোনো ভাৰতীয় নাগৰিকে ভাৰতৰ যিকোনো স্থানত থাকি ভূমি ক্ৰয়-বিক্ৰয় কৰিবলৈ অধিকাৰ আছে । ভাৰতীয় সংবিধানৰ ধাৰা ১৪ আৰু ১৯ অনুসৰি সকলো নাগৰিকে সম অধিকাৰ আৰু যিকোনো ঠাইত চলাফৰা, বাস কৰা আৰু সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ স্বাধীনতা আছে। এই নতুন ভূমি নীতিয়ে সেই অধিকাৰ প্ৰত্যক্ষভাৱে সীমিত কৰি তুলিছে।
এই নতুন আইন খনে বৈষম্য সৃষ্টি কৰিব বুলি আশংকা আছে কিয়নো যিসকলৰ নাম ভোটাৰ তালিকাত আছে, তেওঁলোকে নিজৰ ভিতৰত ভূমি গোটাই ‘নতুন ভূমি অভিজাত’ ৰূপে আত্মপ্রকাশ কৰিব পাৰে। যিসকলক বাদ দিয়া হ’ব, তেওঁলোকে অধিকাৰ হেৰুৱাই শ্ৰেণীভেদমূলক সমাজ গঠন কৰিব পাৰে।
শিল্প, বাসগৃহ আৰু বেআইনী চহৰায়ণৰ বাবে কৃষিভূমি হ্ৰাস পাইছে। চৰকাৰে কয় যে মূল কৃষিভূমি যাতে ৰক্ষা পায় আৰু ধান-উৎপাদক এলেকা খুজি নতুন আইন কৰা হ’ব। কিন্তু বাস্তৱত মাত্ৰ ১৯৫১ৰ নাম থকা মানুহৰ মাজতে ভূমি ক্ৰয়-বিক্ৰয় সীমিত কৰিলে ভূমি ব্যৱসায় ধ্বংস হ’ব লগতে লগত চহৰায়ণ, কৃষি উন্নয়ন, শিল্পায়ন বাধাগ্রস্ত হ’ব , উদ্যোগ আৰু বাসগৃহৰ বাবে ভূমি লাভ কঠিন হব । গতিকে নতুন আইনৰ ফলত ভূমি মন্দা বৃদ্ধি হোৱাৰ আশংকা আছে। যদি কেৱল কিছু বংশধৰেই ভূমি ক্ৰয়-বিক্ৰয় কৰিব পাৰে তেন্তে ভূমি বজাৰৰ ওপৰত স্থবিৰতা আহিব পাৰে।
আদিবাসী আৰু সংখ্যালঘু জনগোষ্ঠীৰ আশংকা যে এই আইনে কিছু এলেকাত ধেমেলীয়া বা বিভেদমূলক ব্যৱস্থা হ’ব বুলি অভিযোগ উঠিব পাৰে। কিছু ৰাজহ চক্ৰত বহু শতাধিক বছৰৰ পৰা বসতি কৰি থকা লোকৰ নাম ১৯৫১ত তালিকাত নাথাকিব পাৰে — বিশেষকৈ যিসকল অঞ্চলত আধাৰ, ভোটাৰ তালিকা পিছলৈ আহিছিল। এনে অঞ্চলত এই আইন অসংখ্য খিলঞ্জীয়াকো “অবৈধ” কৰি তুলিব পাৰে।
ভূমি আৰু জাতীয়তা অসমীয়া জনচেতনাত অত্যন্ত স্পর্শকাতৰ বিষয়। বিজেপি চৰকাৰে এই বিষয়ত “ৰাষ্ট্ৰবাদী আৰু ভূমি সংৰক্ষক” হিচাপে নিজৰ চিত্ৰ গঢ়িবলৈ ভূমি নীতিৰ ব্যৱহাৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে ভূমি অধিকাৰৰ বিষয়ে দৃঢ় নীতি ঘোষণা কৰি জনজাতি আৰু খিলঞ্জীয়া ভেটি মজবুত কৰাৰ উদ্দেশ্য যিয়ে নিৰ্বাচনত জয়ী হোৱাত সহায়ক হব বুলি আশাবাদী।
এনেবোৰ ক্ষেত্ৰত চাব গলে এইয়া মানৱাধিকাৰ উলংঘন আৰু মানসিক নিৰ্যাতনৰ এক নতুন মাধ্যম হিচাপে বৰ্ণনা কৰা হৈছে। এই ভূমি আইনৰ খচৰা খন অসমীয়া পৰিচয়, ভূমি অধিকাৰ আৰু গৰখীয়া এলেকাৰ খিলঞ্জীয়াৰ স্বত্ব সুৰক্ষাৰ এক প্ৰচেষ্টা হিচাপে দেখা গৈছে। যদিও এই আইনে এক সজাগ আৰু শক্তিশালী ভূমিকাৰ প্ৰতিফলন কৰে, তথাপিও এই আইনৰ সামাজিক, ৰাজনৈতিক, আৰু আইনী প্ৰতিক্ৰিয়া বহুধৰণৰ হ’ব – যাৰ সদ্ব্যৱহাৰ আৰু ভুল ব্যৱহাৰ দুয়ো সম্ভৱ।
ভূমি আইন এনে এটি বিষয় যাৰ লগত সামাজিক বিশ্বাস, পৰিচয়, উন্নয়ন আৰু ন্যায় সম্পৰ্কিত হৈ থাকে। সেইক্ষেত্ৰত এই আইনে যিমানেই উদ্দেশ্য শুভ বুলি দাবী কৰা হওক, ইয়াৰ ফলাফল বহু দিশে বিপদজনক হ’ব পাৰে। এই ক্ষেত্ৰত চৰকাৰ জনগণৰ মাজত অধিক আলোচনাৰ আয়োজন যেনে বিকল্প প্ৰমাণৰ ব্যৱস্থা, আৰু সংবিধানসন্মত পৰিসীমাৰ ভিতৰত থকাৰ বিষয়ে চিন্তা কৰা উচিত। নতুন নীতিৰে অসম যেন বিভাজনৰ পথত নহয় , ন্যায় আৰু গণতান্ত্ৰিক অধিকাৰৰ পথত আগুৱাই যাওক।