গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ প্ৰকৃত অৰ্থত ৰাম ৰাজ্য হয়নে ? গান্ধীজীয়ে তাহানিতে যুক্তি দিছিল যে ৰাম ৰাজ্য এক শক্তিশালী নৈতিক শক্তি। যেতিয়া জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলোৱে সমান অধিকাৰ ভোগ কৰিব পৰিব, দুৰ্নীতি, ধৰ্ষণ, লুণ্ঠন যেতিয়া সমাজৰ পৰা সম্পুৰ্ণৰূপে নাইকীয়া হব তেতিয়া সৃষ্টি হব ৰাম ৰাজ্য। ৰাম মন্দিৰ অযোধ্যাত প্ৰতিষ্ঠা হল ঠিকেই কিন্তু ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ সপোনৰ ৰাম ৰাজ্য গঢ় লৈ নুঠিল। উন্নতি, প্ৰগতিৰ ফঁটা ঢোল কোবোৱা এচাম নিঃকৃষ্ট ৰাজনৈতিক নেতা গাদী দখলৰ অঘোষিত প্ৰতিযোগিতাই দেশৰ গণতন্ত্ৰক ভৰিৰে মোহাৰি পেলাইছে। দেশত অভাৱ নাই ভোকাতুৰৰ, দৰিদ্ৰতাই এক প্ৰকাৰে কোঙা কৰিছে দেশবাসীক। উদাৰ গণতন্ত্ৰ , বাক স্বাধীনতা ,নাৰী সুৰক্ষা নথকা দুৰ্নীতিৰ কৱলত ককবকাই থকা দেশখন কেতিয়াও ৰাম ৰাজ্য হব নোৱাৰে। ধৰ্মনিৰপেক্ষ এই খন দেশতে ধৰ্মক লৈ আৰম্ভ হয় ধৰ্ম ৰাজনীতি। ধর্মীয় আবেগ অনুভূতিৰে সৃষ্টিৰে দখল কৰা হ’ল আসন,বৃদ্ধি কৰিলে নিৰ্বাচনত জয়ী হোৱাৰ ভোটৰ সংখ্যা। নিৰ্বাচনী বৈতৰণীৰ শ্লোগান হল অযোধ্যাৰ ৰাম মন্দিৰ। হাতৰ আঙুলিত গণিব পৰা এমুঠি লোকৰ হাতত দেশৰ সম্পদৰাজি পুঞ্জীভূত। ক্ষমতাৰ ভাৱে অপৰাধী মুক্ত আকাশৰ তলত বিচৰণ কৰে , ন্যায় ব্যৱস্থাও ভুক্তভুগীক ন্যায় প্ৰদানত ব্যৰ্থ।পুঁজিপতি, ক্ষমতালোভীৰ গ্ৰাসত দেশৰ গণতন্ত্ৰ। দেশত অভাৱনীয় হাৰত বৃদ্ধি পোৱা চুৰি, হত্যা, লুণ্ঠন, ধৰ্ষণ, দুৰ্নীতি ,ভ্রষ্টাচাৰ, প্ৰতাৰণা, অন্যায়, দমনমূলক নীতি, কাৰু কাৰ্য্যই ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে ভাৰতবৰ্ষক নীতি আদৰ্শহীন কৰি তোলাৰ লগতে গণতন্ত্ৰৰ ভেটি দুৰ্বল কৰিছে। বিশ্বৰ ১১৭ খন দেশক লৈ প্রস্তুত কৰা ক্ষুধা সূচকাংক তালিকাত ভাৰতৰ স্থান ১০২ নম্বৰত, ১৩৭ খন দেশৰ ভিতৰত লৈ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১২৬ নম্বৰত। বিশ্বৰ ১৮০ খন দেশৰ ভিতৰতে দুর্নীতিগ্রস্ত দেশত তালিকাত ৮৫ নম্বৰ স্থানত ভাৰতবৰ্ষ। এক বছৰতে ভাৰতবৰ্ষত ৩০,০০০ ৰো অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হয়। ২০২৪ চনত আধাতে বিদ্যাল়য় এৰা শিক্ষাৰ্থী ১২.৬ % ।CMIE ৰ ৰিপৰ্ট অনুসৰি ২০১৮ ৰ পৰা ২০২৪ লৈ দেশত ৭.৮ % নিবনুৱা ।ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত মুঠ ১.৮৯ লাখ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে, যত ১.৯১ লাখ ভুক্তভোগী জড়িত হৈ আছে। কমেও ১.৭৯ লাখ গোচৰত ধৰ্ষণকাৰীজন চিনাকি ব্যক্তি হোৱাৰ বিপৰীতে ৯৬৭০টা গোচৰত ভুক্তভোগীয়ে চিনি নোপোৱা ব্যক্তি আছিল।ৱৰ্ল্ড ডাটা লেবৰ দ্বাৰা প্ৰস্তুত কৰা World poverty Clock ৰ দ্বাৰা দেখুওৱা তথ্য অনুসৰি, ভাৰতত ৩৪,৪৫৮,৯৪১গৰাকী লোকে অত্যধিক দৰিদ্ৰতাত বাস কৰি আছে, যি ইয়াৰ জনসংখ্যাৰ ২ শতাংশ। এই সংখ্যা আছিল ২০২৩ চনত ৪০,৪৮৫,৬৭৯ আৰু ২০২২ চনত ৪৬,৯০৯,৩৬৫ গৰাকী। ২ শতাংশৰ ভিতৰত ৩২,৫১৭,৫৭৯গৰাকী গ্রাম্য অঞ্চলত (৯৪ শতাংশ) আৰু ১,৯৪১,৩৬২গৰাকী নগৰাঞ্চলৰ (৬ শতাংশ)।
১৯৩৪ চনত গান্ধীয়ে লিখিছিল- “মোৰ সপোনৰ ৰাম ৰাজ্যই ৰাজপুত্ৰ আৰু দৰিদ্ৰৰ মাজত সমান অধিকাৰ নিশ্চিত কৰে” গান্ধীজীয়ে নিজৰ অহিংসাৰ ধাৰণাৰ সৈতেও ৰাম ৰাজ্যৰ ধাৰণাটিক যুক্ত কৰিছিল। গতিকে নিশ্চিতভাৱেই গান্ধীৰ সপোনৰ ৰামৰাজ্য প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজন হ’ব মানৱীয় আৰু নৈতিক মূল্যবোধ সম্পন্ন এক নিখুঁত আৰু স্পষ্ট ধাৰণা। ভাৰততো ‘ৰাম ৰাজ্য’ প্রতিষ্ঠা হওক। এনে এখন ‘ৰাম ৰাজ্য’ প্রতিষ্ঠা হওক, য’ত জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলোৱে ন্যায় পাওক। যত থাকিব সাম্যবাদ। সকলো শ্ৰেণীৰ লোকে সমমৰ্য্যদা আৰু সমঅধিকাৰ লাভ কৰিব।