Skip to content

মাতৃভাষাৰ সংকট কেৱল অসমতে কিয় ?

Dr Netraranjan
November 20, 20249 second read
Assamese Language is in danger

ব্ৰিটিছ প্ৰশাসনত প্ৰাধান্য পোৱা এচাম উচ্চ বংশজাত মধ্যবিত্ত অভিজাত সকলে থলুৱা ভাষাটোক প্ৰশাসনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল বুলি ড° প্ৰফুল্ল মহন্তই “আধুনিক অসমীয়া সাহিত্য, সামাজিক, বৌদ্ধিক পটভূমি আৰু অন্যান্য” নামৰ গ্ৰন্থত লিখিছে। এচাম অসমীয়াই অসমীয়া ভাষা ব্যৱহাৰ কৰাটো আত্ম মৰ্য্যদা হানিকৰ বুলি বিবেচনা কৰিছিল; ব্ৰিটিছ সকল যোৱা ৭৭ বছৰ হল যদিও মধ্যবিত্ত অসমীয়াৰ মানসিকতা সলনি নহল। আদৰ্শগত জীৱন শৈলীৰ পৰা আঁতৰি বিলাসীতা প্ৰদৰ্শনক গুৰুত্ব দিয়া এইসকলে নিজৰ স্থানীয় সংস্কৃতিক অৱজ্ঞা কৰা, কিছুমানে পৰম্পৰাগত অসমীয়াৰ শিপাৰ পৰা আঁতৰি থকা বুলি ভাবি গৌৰৱবোধ কৰে।

অসমীয়া ভাষাৰ ইতিহাসলৈ চকু ফুৰালে দেখা পাম অসমীয়া ভাষাই মাতৃভাষাৰ স্বীকৃতি লাভ কৰিবলৈ কিমান উত্থান পতনৰ মাজেৰে গতি কৰিছিল। ইংৰাজে অসম অধিকাৰ ১০ বছৰৰ পিছত ১৮৩৬ ত প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ স্কুল কলেজ সকলোতে অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষাৰ প্ৰচলন কৰে। ১৮৩৬-১৮৭২ চনৰ ‘অন্ধকাৰ যুগ’ ৰ সুদীর্ঘ সময়ছোৱাত বাংলা ভাষাই অসমীয়াক গ্রাস কৰি ভাষাটো সংকটাপন্ন কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনকে প্ৰমুখ্যে তেতিয়াৰ বহু শিক্ষিত অসমীয়াৰ আপ্রাণ চেষ্টাত ১৮৭৩ ৰ ৯এপ্ৰিলৰ পৰা অসমীয়া ভাষাই পুনৰ প্ৰতিষ্ঠা লাভ কৰে। দেশে স্বাধীনতা লাভ কৰাৰ পিছত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষণৰ মাধ্যম হিচাপে অসমীয়া ভাষাৰ ব্যৱহাৰৰ বাবে প্ৰবল আন্দোলনৰ সূচনা হৈছিল। ১৯৬০ চনৰ চাৰি জুলাইত পুলিচৰ গুলীত শ্বহীদ হোৱা ৰঞ্জিত বৰপূজাৰী আছিল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। অসম চৰকাৰী ভাষা আইন ১৯৬০ ৰ জৰিয়তে অসমীয়াৰ লগতে ইংৰাজী ভাষাকো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে। এই সিদ্ধান্ত বহুতে আদৰি লোৱাৰ পিছতো কিন্তু বৰাকত ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ হৈছিল। অসম চৰকাৰী ভাষা আইন, ১৯৯০খন সংশোধন কৰি ভাষিক সংখ্যালঘূসকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰি বৰাক উপত্যকাত  অতিৰিক্তভাৱে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্রদান কৰে।

সংকটৰ গৰাহত আইৰ মুখৰ মাত – ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৫৭.৮১% লোকে অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে আদৰি লৈছিল। ২০০১ চনৰ লোকপিয়ল অনুসৰি এই হাৰ কিছু কমি গৈ ৪৮.৮০% হ’ল। তেনেকৈ ২০১১ৰ লোকপিয়ল অনুসৰি এই হাৰ কমি গৈ ৪৮.৩৮% হ’ল। এই দুটা লোকপিয়লৰ ভিতৰতেই অসমত অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে চিনাকি দিয়া লোকৰ সংখ্যা প্রায় ১০% কমি গ’ল। অর্থাৎ এতিয়া অসমত অসমীয়া ভাষাটোক নিজৰ মাতৃভাষাৰূপে গ্রহণ কৰা ব্যক্তিৰ সংখ্যা ৰাজ্যৰ মুঠ জনসংখ্যাৰ আধাতকৈও কিছু কম। যিটো নেকি জাতিটোৰ বাবে সঁচাকৈয়ে এটা ডাঙৰ সংকট। কিন্তু এই ক্ষেত্রত আকৌ দক্ষিশ ভাৰতৰ
আন ৰাজ্যবোৰৰ বৈশিষ্ট্য সম্পূর্ণ সুকীয়া। অস্ত্রপ্রদেশৰ ৰাজ্যিক ভাষা হ’ল তেলেগু। ২০১১ৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হ’ল ৮.৪৬ কোটি। ইয়াৰ ভিতৰত প্রায় ৮৩.৫৫% (৭০,৬৬৭,৭৮০) ব্যক্তিয়ে তেলেগুক নিজৰ মাতৃভাষাৰূপে এই স্বীকৃতি প্রদান কৰিছে।কর্ণাটকৰ মূল ভাষা কানাড়া। ২০১১ৰ লোকপিয়ল অনুসৰি কর্ণাটকৰ মুঠ জনসংখ্যা হ’ল ৬১,০৯৫,২৯৭। তাৰ ভিতৰত ৫৬.৯ মিলিয়ন জনসাধাৰণে অৰ্থাৎ ৰাজ্যখনৰ ৯৩% লোকেই কানাড়াক মাতৃভাষাৰ স্বীকৃতি প্রদান কৰি আহিছে। তামিলনাডুত তামিল হৈছে স্থানীয় জনপ্রিয় ৰাজ্যিক ভাষা। ২০১১চনৰ লোকপিয়ল অনুসৰি তামিলনাডুৰ মুঠ জনসংখ্যাৰ ৮৯.৪৩% লোকেই তামিল ভাষাটোক নিজৰ মাতৃভাষা হিচাপে স্বীকৃতি প্রদান কৰিছে। ঠিক সেইদৰে দক্ষিণ ভাৰতৰ অন্য জাকত জিলিকা ৰাজ্য কেৰালাৰ ৰাজ্যিক ভাষা  মালায়ালাম। ১৯৮১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ৯৫.৯৯% লোকে মালায়ালম ভাষাটেকে নিজৰ মাতৃভাষাৰূপে গ্রহণ কৰি আহিছে। ১৯৯১ৰ লোকপিয়ল অনুসৰি এই হাৰ বাঢ়ি গৈ ৯৬.৫৬% হ’ল। ২০০১ৰ লোকপিয়ল অনুসৰি এই হাৰ ১৬.৭৫% ,২০১১ৰ লোকপিয়ল অনুসৰি এই হাৰ পুনৰ বাঢ়ি গৈ ৯৭.০৩% হ’ল।  ঠিক সেইদৰে দেশৰ অন্য এখন ৰাষ্ট্ৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক ভাষা মাৰাঠী।২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৬৯.৯৩% লোকে মাতৃভাষা ৰূপে স্বীকৃতি দিছে।

ভাৰতৰ অন্যান্য ৰাজ্যসমূহে নিজ নিজ ভাষাৰ প্ৰতি অত্যন্ত গুৰুত্ব দিয়াৰ লগতে নিজা সাহিত্য কলা – সংস্কৃতি আদিক আঁকোৱালি লৈ বিশ্ব দৰবাৰত উজ্বলাই ৰাখিবলৈ চেষ্টা কৰে অনুষ্ঠান-প্রতিষ্ঠানসমূহৰ নাম ফলকৰ ক্ষেত্ৰতো অধিকাংশই নিজৰ ভাষাতে ফলক ব্যৱহাৰত প্ৰাধান্য দিয়ে। তেওঁলোকে জাতীয়তাবাদী ভাৱধাৰাবে আদর্শিত হৈ নিজৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্রত অলপো অৱহেলা নকৰাকৈ সকলো ক্ষেত্ৰ যেনে শিক্ষা-সংস্কৃতি, অর্থনীতি, স্বাস্থ্য সেৱা, নিবনুৱা সংস্থাপন, শিল্প-উদ্যোগ, বেপাৰ- বাণিজ্য, প্রযুক্তি-বিজ্ঞান আদিত আগবাঢ়ি সুকীয়া পৰিচয় ডাঙি ধৰিছে।

অসমৰ ক্ষেত্ৰত এখন ব্যতিক্ৰম দৃশ্য হে প্ৰতীয়মান হৈছে। বিশ্বৰ এক কোটি পঞ্চাছ লাখৰ মাতৃভাষা অসমীয়া। কিন্তু ৰাজ্যত মানুহৰ ভাষা ব্যৱহাৰকাৰী মানুহৰ সংখ্যা তেনেই নগণ্য, ভাষাৰ প্ৰতি সচেতন মানুহৰ সংখ্যা উদ্বেগজনক ভাৱে হ্ৰাস পাইছে। ৰাজ্যৰ বাবে ই এক চিন্তনীয় বিষয়। অসমীয়া ভাষা ব্যৱহাৰৰ নিম্নগামী গ্ৰাফ ডালে বুজাইছে অসমত অসমীয়া ভাষাৰ দুৰৱস্থা। এই খন অসমতে বাংলা ভাষাই ২৮.৯১ % আৰু হিন্দী ভাষাই ৬.৭ % ঠাই লৈছে। ৰাজ্যত অসমীয়া ভাষা ব্যৱহাৰ তথা চৰ্চা কৰা লোকপিয়লত ক্ৰমে বৃদ্ধি পাইছে এই পৰিসংখ্যা।

অসমৰ লগতে ভাষা-সংকটত ভুগি থকা উত্তৰ পূর্বাঞ্চলত সৃষ্টি হোৱা এই সমস্যাত যথোচিত সমাধানৰ পথ উলিয়াব নোৱাৰিলে ভৱিষ্যতে ইয়াৰ বাসিন্দাসকল মৰমৰ ভাষাটোক বিসর্জন দিবলৈ সাজু থাকিব লাগিব। ২০১১ চনৰ লোকপিয়ল মতে, উত্তৰ-পূবৰ ভাষা ব্যৱহাৰকাৰীৰ শতকৰা হাৰ তেনেই নিম্ন। অসমীয়া ৪৮ শতাংশ, বাংলা ২৮.৯২ শতাংশ,হিন্দী ৬.৭৩ শতাংশ, বড়ো ৪.৫৪ শতাংশ, চাহ বাগানীয়া ২.৯২ শতাংশ,মিচিং ১.৯৮ শতাংশ, নেপালী ১.৯১ শতাংশ, কাৰ্বি ১.৬৪ শতাংশ, ওড়িয়া ০.৭০ শতাংশ, চাওতালী ০.৬৮ শতাংশ, মণিপুৰী ০.৫৪ শতাংশ, গাড়ো ০.৫২ শতাংশ আৰু অন্যান্য ১.১৭ শতাংশ। এসময়ত মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেও অসমৰ এ অন্তর্ভুক্ত হৈ থাকি বৰ অসম গঠিত হৈছিল। সৰহভাগ লোকে কোরা অসমীয়া ভাষাই সংযোগ-সূত্র স্থাপন কৰিছিল। ভাষাগত দৃষ্টিকোণৰ পৰা চাৰিটা বিভিন্ন ভাষা-গোষ্ঠী বা ভাষা-পৰিয়ালৰ ভাষা প অসমত প্রচলিত হৈ আছে। সেই ভাষা গোষ্ঠীকেইটা হ’ল-অস্ট্রিক ভাষা গোষ্ঠী, দ্রাবিড় ভাষা-গোষ্ঠী, তিব্বত চিনীয় এ বা চীন তিব্বতীয় আৰু ইণ্ডো-ইউৰোপীয়। নানা গোষ্ঠীয় এই মিলনভূমিত মুখ নিসৃত ভাষাও চলি আছিল কিন্তু কালক্রমত এই ভাষাবোৰলৈ বিভিন্ন কাৰণত সংকট নামি আহিল। ইতিমধ্যে উত্তৰ-পূর্বাঞ্চলৰ কমেও ১২টাকৈ ভাষা বিলুপ্তিৰ গর্ভত লীন যোৱাৰ উপক্রম হৈছে। ভাৰত চৰকাৰৰ লোকপিয়লৰ তথ্য মতে সংকটাপন্ন ভাষাৰ তালিকাত আছে মেঘালয়ৰ এটা, অসমৰ দুটা, অৰুণাচল প্রদেশ আৰু আৰু মণিপুৰৰ সাতটা। টাই ভাষা-গোষ্ঠীৰ অন্তৰ্গত আহোম, খামটি, ফাকে, টুৰুং,আইতন আৰু খামায়াঙ কোৱা মানুহৰ সংখ্যা কমি যোৱাত প্রত্যাহবানৰ সম্মুখীন হৈছে।তদুপৰি তিৱা , কাৰ্বি , গাৰো, থাৰো, দেউৰী, নাগামিজ, নিচি, নেপালী, পাইতে, মণিপুৰী , মৰাণ ,মটক, মাৰ, মিচিং, মুণ্ডাৰী, মৈতৈই, ৰাজবংশী, ৰাভা, ৰেংমা, লিম্বু, লোথা, সোণোৱাল কছাৰী, হাজং, হো আদি ভাষাৰ ব্যৱহাৰকাৰীৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পাইছে।

আমি জানো যে জাতি এটাৰ পৰিচয়ৰ মূল আধাৰ হ’ল মাতৃভাষা। এই ভাষাটোক জীয়াই ৰখাৰ দায়িত্ব আমাৰ। আমাৰ মাতৃভাষা আমাৰ প্ৰাণ, স্বভিমান আৰু আমাৰ গৌৰৱ।গতিকে আমি প্রতিজন অসমীয়াই ভাষাটোৰ চিৰকাল, চিৰদিন জীয়াই ৰাখিব লাগিব। এনেকৈ চলি থাকিলে দুটামান দশকৰ পিছতে অসমীয়াৰ ঠাই আন ভাষাই কাঢ়ি লব। অস্তিত্বহীন হৈ পৰিব অসমীয়া ভাষা। সময় থাকোঁতেই উচিত ব্যৱস্থা লোৱা উচিত। উঠি অহা প্ৰজন্ম তথা ভৱিষ্যতৰ বাবে জাতিৰ ভেঁটি মজবুত কৰাৰ বাবে ভাষাটো জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মই নিজা ভাষা, সংস্কৃতিৰ জ্ঞান লব পৰাকৈ পদক্ষেপ হাতত লোৱা উচিত। জুইয়ে পুৰি হাত পোৱাৰ আগতেই উচিত সিদ্ধান্ত লব লাগিব। অসমত অসমীয়াৰ দপদপনি চলিব লাগিব। বিশ্বৰ এশটা শীর্ষ স্থানীয় ভাষাৰ ভিতৰত  অসমীয়া ভাষাটোৰ স্থান পষষ্ঠি নম্বৰত। আধুনিকতাৰ যুগত অসমীয়া নাজানে বুলি গৌৰৱ মানসিকতা সলনি কৰি নিজৰ মাতৃভাষা শিকনৰ লগতে স্পষ্টকৈ মাতৃভাষা জানো বুলি বুকু ফিন্দাই কব পৰাটোহে প্ৰকৃত গৌৰৱৰ কথা। মাতৃভাষাৰ প্ৰসংগত আনন্দৰাম ঢেকিয়াল ফুকন দেৱে কৈছিল “অসমীয়া ভাষা আমাৰ মাতৃভাষা, মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানৰ পক্ষে অনুচিত। ইয়াকে জানি অসমীয়া মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰা উচিত“।

আমি প্ৰতিজ্ঞাৱদ্ধ হব লাগিব আইৰ মুখৰ মাত হেৰাই নিদিবলৈ। আমি জীয়াই ৰাখিবই লাগিব অসমীয়া ভাষা, অসমীয়া ভাষাৰ সুনাম হেৰাই যাবলৈ দিয়া নহব।

জয় আই অসম !

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top