বর্তমান যুগত বিশ্বৰ মানৱকুল পানীৰ অনাটনৰ বাবে শংকিত হৈ পৰিছে। দেশৰ লগতে ৰাজ্যত প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে ৰাজ্যৰ নদ–নদীকে ধৰি জলাশয় সমূহ। ভাৰতীয় কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ভাৰতে প্ৰতিদিনে 26,000 টন প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰ কৰে আৰু ইয়াৰ কেৱল 7,800 টন হে পুনৰ ব্যৱহাৰ কৰা হয় ৷ বাকী থকা 18,200 টন সামগ্ৰী নদ,নদী আৰু সাগৰত পেলাই দিয়া হয়৷ এই সামগ্ৰীসমূহে চাৰিওকাষৰ ভূমিত বিষাক্ত পদাৰ্থ মুকলি কৰে আৰু এই পদাৰ্থসমূহ মাটিৰ তলৰ পানীতো প্ৰভাৱ পেলায় যি অদূৰ ভৱিষ্যতে পৰিস্থিতি তন্ত্ৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব৷ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ৰাজ্যৰ ৪৪ খন নদী এতিয়া ভয়ংকৰ প্ৰদূষণৰ কবলত। যোৱা ২০১৭ চনৰ ডিচেম্বৰ মাহলৈকে অসমৰ প্ৰদূষিত নদীৰ সংখ্যা আছিল ২৭ খন, কিন্তু ডেৰ বছৰৰ ভিতৰতে নতুনকৈ আৰু ১৮খন নদী প্ৰদূষণৰ কৱলত পৰা বিষয়টোৱে সমগ্ৰ মানৱ জাতিকে চিন্তিত কৰিছে। এটা সময়ত পৃথিৱীত নদীৰ পাৰতেই সকলো সভ্যতা, যেনে সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা, নীল নদীৰ পাৰত মিচৰীয়া সভ্যতা, হোৱাংহো নদীৰ পাৰত চীন সভ্যতা, ইউফ্রেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা গঢ়ি উঠিছিল। অৱশ্যে আধুনিক যুগত যোগাযোগৰ সুবিধা থকা প্ৰধান পথসমূহৰ কাষত জনবসতি গঢ়ি উঠিছে। মানৱ সমাজৰ ভেটি গঢ়ি উঠিছিল নৈৰ পাৰত, এই ভেটিৰ আলমতেই ঠন ধৰি উঠিছিল বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন সংস্কৃতি। প্ৰকৃততে পৃথিৱী নামৰ আমাৰ গ্ৰহটোৰ নদীসমূহ হৈছে ধমনীস্বৰূপ, প্রতিটো জাতিৰেই আয়ুসৰেখা।
অসম এখন নদী-প্রধান ৰাজ্য। দুই মূল নদী বৰাক আৰু ব্ৰহ্মপুত্ৰৰ লগতে ইহঁতৰ উপনৈসমূহ সুঁতি, জান-জুৰি আদিৰে এখন মকৰাজালৰ দৰেই সমগ্ৰ অসমত বিস্তাৰিত হৈ আছে। ভাৰতৰ গড় বৰষুণ বছৰি ১২০০ মিলিমিটাৰৰ বিপৰীতে অসমৰ গড় বৰষুণ বছৰি ২৫০০ মিঃমিঃ। তদুপৰি অশ্বখুড়া আকৃতিত অসমৰ তিনিওফালে পাহাৰীয়া অঞ্চল আছে, য’ত বছৰি গড়ে ৬০০০ মিঃমিঃৰ অধিক বৰষুণ হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ সমতল ভূমিলৈ এই সমগ্র জলৰাশি বৈ আহে। ইমান বৃহৎ পৰিমাণৰ বৰষুণৰ বাবেই অসমকে ধৰি উত্তৰ- পূৰ্বাঞ্চল পৃথিৱীৰ সৰ্বাধিক বৰষুণপ্রাপ্ত অঞ্চলৰ অন্যতম। এনে জলবায়ু আৰু ভৌগোলিক অৱস্থিতিৰ বাবেই অসমত নদীৰ সংখ্যা অন্য ৰাজ্যৰ তুলনাত অধিক আৰু অৱধাৰিতভাৱেই নদীভিত্তিক সমস্যাও অধিক। লুইতৰ পাৰতেই অসমীয়াৰ জাতিসত্তা, সাহিত্য, সংস্কৃতি, ইতিহাস,ব্যৱসায়-বাণিজ্য গঢ়ি উঠিছে আৰু ভাৰতীয় সমাজৰ বিশাল ভিন্নতাৰ মাজত আজিও স্বকীয়তা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। লুইতৰ বুকুৰ শৰাইঘাটত আমাৰ ইতিহাসৰ বীৰত্বৰ বীৰগাথা প্রতি অসমীয়াৰ হৃদয়ত খোদিত হৈ আছে। জাতিসত্তাৰ লগতে নদীৰ লগত মানুহৰ পাৰিপাৰ্শ্বিকতা কেন্দ্রিক বিষয় জড়িত হৈ আছে। নদীসমূহে জৈৱ বৈচিত্র্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জলজ উদ্ভিদ, জলজ প্রাণীৰ বসতি স্থান, নৈপৰীয়া বাসিন্দাৰ আৰ্থিক সম্বল, খোৱাপানীৰ উৎস আদিৰ বিভিন্ন ৰূপত নদীয়ে অনাদিকালৰ পৰা মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। খৰালি কালতো নৈত থকা পানীৰ বাবে নৈৰ পাৰৰ অঞ্চলসমূহতো ভূ- গৰ্ভৰ পানীৰ জলস্তৰ (Water Table) মাটিৰ তলত সামান্য গভীৰতাতেই পোৱা যায়, যাৰ ফলত মানুহে কুঁৱা, নলীনাদ আদিৰ দ্বাৰা সহজেই পানী লাভ কৰে। কিন্তু আধুনিক যুগৰ দ্রুত নগৰীকৰণ, ঔদ্যোগীকৰণ, জন-বিস্ফোৰণ আদিৰ বাবে নদীসমূহৰ প্ৰায় সকলো ধ্বংসৰ গৰাহত পৰিছে। বিশেষকৈ সকলো স্থানতে নদীসমূহক জাবৰ নিক্ষেপণৰ স্থানৰূপে গণ্য কৰা দেখা গৈছে। উদ্যোগৰ অশোধিত আৱৰ্জনা নিক্ষেপণে সমস্যা অধিক গম্ভীৰ কৰিছে। পৱিত্ৰ গংগাৰ পানী ঔদ্যোগিক আৱৰ্জনাই ব্যৱহাৰৰ অনুপযোগী কৰিছে। এনে পৰিস্থিতিত প্ৰদূষণ বৃদ্ধি হোৱাত মাছ, কাছ আদি উদ্বেগজনকভাৱে হ্রাস পাইছে। মাছৰ প্ৰজনন ক্ষমতা অত্যধিক হোৱা সত্ত্বেও বহু প্ৰজাতিৰ মাছ, জলজ প্রাণী আদি অসমত বিলুপ্তি ঘটিছে।দূষিত পানীৰ বাবে বহুতো ৰোগ বিয়পি পৰে। যাৰ ভিতৰত ডায়েৰিয়া, কলেৰা, টাইফয়েড, মেলেৰিয়া আদি অন্তৰ্ভুক্ত। এই ৰোগবোৰৰ বাবে সকলো শ্ৰেণীৰ শিশু, বয়োজ্যেষ্ঠ আৰু বয়স্ক লোকে পেটৰ বিষ, ডায়েৰিয়া, বমি, মূৰৰ বিষ, জ্বৰ আদি সমস্যাত ভুগিবলগীয়া হয়। কেন্দ্রীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অসমৰ প্ৰদূষণৰ কবলত পৰা নৈকেইখন হ’ল মঙলদৈৰ নিকটৱৰ্তী বেগা, গুৱাহাটী সংলঙ্গ ভৰলু, মাৰ্ঘেৰিটা সংলগ্ন বুঢ়ীদিহিং, গোলাঘাট জিলা তথা কাৰ্বি আংলং সীমা সংলগ্ন ধনশিৰি নদী (বোকাজান, নুমলীগড় সংলগ্ন), খাৰচাং নদী, চয়গাঁও সংলগ্ন কুলচি নদী, মৰাভৰলী তথা নলবাৰী সংলগ্ন পাগলাদিয়া নদী, যোৰহাটৰ মাজেৰে বৈ যোৱা টোকোলাই নদী অন্যতম প্ৰদূষণৰ কবলত পৰিছে। গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা ভৰলুৰ বায়’লজিকেল অক্সিজেন ডিমাণ্ডৰ হাৰ ৭৬ এমজি, নদীখনত ফ্ল’ৰাইডৰ হাৰ প্ৰতিলিটাৰত ৩.৭৩ এমজি, পিএইচ ৬৫ আৰু ডিজলভড অক্সিজেন ০.৫ এমজি প্রতিলিটাৰত। অথচ বিআইএছ ষ্টেণ্ডার্ড অনুসৰি নৈৰ পানীভাগত বি’ডিৰ হাৰ ৩ এমজি, ফ্ল’ৰাইড ১ এমজি, পিএইচ ৭-৮.৫ আৰু ডি’ ৬ এমজি হ’ব লাগে।প্ৰদূষণ পৰিষদে প্ৰকাশ কৰা অনুসৰি, অসমৰ দহখন প্ৰদূষিত নদীৰে এখনৰ বাবে বাকী ৯খনৰ প্ৰদূষণৰ মাত্ৰা পঞ্চম পর্যায় ৰূপে চিহ্নিত হৈছে। অৱশ্যে অসমৰ অন্যান্য ভালেসংখ্যক নদী যেনে- ভোগদৈ, বেঁকী, জীয়াভৰলী, কলং, কপিলী, জাঁজী, পুঠিমাৰী, ৰঙানদী আদি নদীৰ পানীভাগো সম্প্রতি ব্যাপক প্ৰদূষণৰ কবলত পৰিছে। মূল নদ- নদীসমূহৰ কাষত থকা নগৰ-চহৰসমূহৰ পেলনীয়া আৱৰ্জনাসমূহ নদীসমূহত এৰি দিয়া তথা উদ্যোগৰ বর্জিত পদার্থসমূহ পানীভাগত মিহল হোৱাৰ কাৰণেই প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু তথা যোৰহাটৰ মাজেৰে বৈ যোৱা ভোগগৈ, টোকোলাই নদীৰ পানীভাগ, নদীখনৰ কাষত বসতি বৃদ্ধি বা পেলনীয়া আৱৰ্জনাই প্ৰদূষণ বৃদ্ধি কৰাৰ অন্যতম নিদর্শন। এগৰাকী টোকোলাই নদীৰ কাষৰ বাসিন্দাই এই নিবন্ধ লেখকক প্রকাশ কৰা অনুসৰি, আজিৰ পৰা চল্লিশ-পঞ্চাশ বছৰৰ আগতে টোকোলাই নদীৰ পানীভাগ ব্যৱহাৰৰ উপযোগী আছিল। অথচ সম্প্রতি ভোগদৈ বা টোকোলাই নদীৰ পানীভাগ বিভিন্ন দূষিত পদার্থ তথা আৱৰ্জনাৰ কাৰণে ব্যাপক হাৰত দূষিত হৈছে।২০২১ বর্ষত প্রকাশিত তথ্য অনুসৰি, নদীখনত কেতবোৰ ধাতৱ পদার্থ যেনে- লো, ক্রমিয়াম, লিড, কপাৰ আদিৰ মাত্রা বৃদ্ধি পাইছে। তেজপুৰত পানীৰ পৰীক্ষণ কৰোঁতে ধৰাপৰা জলৰাশিত বিভিন্ন ধাতৱ পদাৰ্থৰ অৱস্থান হ’ল- অনুমোদিত লোৰ পৰিমাণ ০.৩ৰ বিপৰীতে উপলব্ধ হৈছিল ৯.৮৭২ এমজি/১। কপাৰ অনুমোদিত হাৰ ৫০ৰবিপৰীতে ৫৪.০০ মাইক্র’গ্রাম প্রতি লিটাৰত (৫৪/১)। গুৱাহাটীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰ জলভাগত অনুমোদিত লিডৰ পৰিমাণ ১০/১ৰ বিপৰীতে পোৱা গৈছে ২১.৪৮০ মাইক্র’গ্রাম/১, ক্রমিয়ামৰ অনুমোদিত হাৰ ৫০/১ৰ বিপৰীতে আছে ৫৩.১ মাইক্র’গ্রাম/১।
অসমৰ নদীৰ পৰা মানুহে সম্মুখীন হোৱা দুটা প্রধান সমস্যা হৈছে- বানপানী আৰু খহনীয়া। এখন নৈয়ে বহন কৰিব পৰা পানীতকৈ অধিক পানী হ’লেই নৈৰ পানী কাষৰীয়া অঞ্চললৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। ই এক স্বাভাৱিক প্রক্রিয়া আৰু সেয়ে নদ-নদী থকা অঞ্চলত বানপানী এক স্বাভাৱিক ঘটনা। আনহাতে, অসমৰ মাটি প্রধানকৈ বালিচহীয়া আৰু সেয়ে খহনীয়াও অধিক। বর্তমান ‘আমাৰ হাতত থকা কাৰিকৰী কৌশল আৰু প্রযুক্তিৰে ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়া সম্যসাৰ সমাধান সম্ভৱ নহয়। মাথোঁ কিছু পৰিমাণে নিয়ন্ত্ৰণহে সম্ভৱ। নৈৰ বানপানী কাষৰ অঞ্চললৈ বৈ যোৱা অঞ্চলটোক প্লাৱন অঞ্চল (Flood Plains) বোলা হয়। নদীবোৰত মথাউৰি নিৰ্মাণ কৰাত প্লাৱন অঞ্চললৈ পানী আহিব নোৱৰা হ’ল। মথাউৰি নিৰ্মাণৰ ফলত গেদ জমা হৈ নদীপৃষ্ঠ ওখ হৈ গৈছে। উল্লেখ্য যে অসমৰ প্ৰায় বোৰ নদীৰ কাষতে শ্মশান আৰু শৌচালয় থকা দেখা যায় যাৰ ফলত শ্মশানথলীৰ আৱৰ্জনা, অঙঠা, মলমূত্ৰ নদীলৈ যায়। আনহাতে পানীত লেতেৰা জাবৰ, প্লাষ্টিক আদি পেলাই দিয়াত নদীৰ স্বাভাৱিক গতিত বাধা আহে লগতে পানী প্ৰদূষিত হয়।
মানুহৰ কাৰ্যকলাপৰ বাবে মাটিৰ তলৰ পানী, হ্ৰদ, পুখুৰী, নদী আদিৰ পানী যথেষ্ট প্ৰদূষিত হৈ পৰিছে৷ ইতিমধ্য 60 শতাংশ পানী দূষিত হৈ পৰিছে৷ যদি পৰৱৰ্তী সময়ত ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰা নহয় তেন্তে 2050 চনৰ ভিতৰত বিশ্ববাসীয়ে পৰিস্কাৰ পানীৰ অভাৱত ভূগিব বুলি এক সমীক্ষাত প্ৰকাশ পাইছে৷ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে নৈ এখনক সংৰক্ষণ কৰাটো আজিৰ দিনত এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। চৰকাৰৰ লগতে স্থানীয় মানৱ সমাজ নদ-নদীসমূহৰ সংৰক্ষণৰ বাবে দায়বদ্ধ। জল প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে ব্যাপক জনসচেতনতা বা সৰ্বসাধাৰণে এই সমস্যা অনুধাৱন কৰিব পাৰিব লাগিব। প্রয়োজন সাপেক্ষে এইক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহৰ যোগেৰে ব্যৱস্থা গ্রহণ কৰাৰো নিতান্তই প্রয়োজন।






