জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা আছে নে ?

by Janagana Desk
1 minutes read
Rastra Bhasa

হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হয়নে ? উত্তৰটো হব হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয় , ই চৰকাৰী ভাষাৰ ভিতৰত অন্যতম এক ভাষা হে। ভাৰতৰ সংবিধানে কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা দিয়া নাই। হিন্দী আৰু ইংৰাজী চৰকাৰী উদ্দেশ্য যেনে আইন প্ৰণয়ন, ন্যায়পালিকা, কেন্দ্ৰীয় চৰকাৰ আৰু এখন ৰাজ্য চৰকাৰৰ মাজত যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হয়। ভাৰত চৰকাৰে চৰকাৰী কাম কাজ চলাবলৈ হিন্দী আৰু ইংৰাজী দুয়োটা ব্যৱহাৰ কৰে।

সংবিধানত ২২টা আঞ্চলিক ভাষাকো স্বীকৃতি দিয়া হৈছে, যিবোৰক অনুসূচীত ভাষা বুলি কোৱা হয়। সংসদে ভাৰতৰ চৰকাৰী ভাষাসমূহ আইন প্ৰণয়নৰ জৰিয়তে নিৰ্ধাৰণ কৰে। সংবিধানে ৩৫১ নং অনুচ্ছেদৰ জৰিয়তে হিন্দীক বিশেষ মৰ্যাদা প্ৰদান কৰিছে । এই অনুচ্ছেদত উল্লেখ আছে যে সংঘই হিন্দী ভাষাৰ প্ৰসাৰক প্ৰসাৰিত কৰিব যাতে ই ভাৰতৰ সংমিশ্ৰিত সংস্কৃতিৰ সকলো উপাদানৰ প্ৰকাশৰ মাধ্যম হিচাপে কাম কৰিব পাৰে।

সংবিধান প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা জাতীয় ভাষাক লৈ বহু আলোচনা চলি আহিছে। ১৯৫০ চনত সংবিধান গৃহীত হয়। দেৱনাগৰীত লিখা হিন্দীক ভাৰতীয় সংবিধানে ১৯৫০ চনত সংঘৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিল ।সংবিধানৰ প্ৰথম খণ্ডত ইংৰাজী ভাষা ১৫ বছৰৰ বাবেহে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল, যি ১৯৬৫ চনৰ ২৬ জানুৱাৰীলৈকে চলিছিল। কিন্তু ১৯৬৩ চনত চৰকাৰী ভাষা আইন গৃহীত হোৱাৰ পিছত ১৯৬৫ চনৰ পিছতো হিন্দী আৰু ইংৰাজী দুয়োটা ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছিল।

সঁচাকৈয়ে ভাৰতত ভাষাৰ বৈচিত্ৰ্যও হৈছে: প্ৰতিখন ৰাজ্যৰ নিজৰ চৰকাৰী ভাষাও থাকে। উদাহৰণস্বৰূপে, অসমত অসমীয়া, মহাৰাষ্ট্ৰত মাৰাঠী, তামিলনাডুত তামিল, আদিকে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলত ভাষাৰ বিস্তৃত পৰিসৰ আছে , যিবোৰ কেইশ কিলোমিটাৰৰ পিছত ভিন্ন হয়।  

Was this article helpful?
Yes0No0

You may also like