আইনী ব্যৱস্থা সমাজৰ নৈতিক খুঁটি। নাগৰিকৰ ন্যায় বিচাৰৰ আশা, অপৰাধৰ প্ৰতি শাস্তিৰ ভয় আৰু সামূহিক ন্যায়বোধ—এই সকলোবোৰেই নিৰ্ভৰ কৰে সেই আইনী ব্যৱস্থাৰ ওপৰত। কিন্তু যেতিয়া সেই ব্যৱস্থাটোৱে যেতিয়া নিজৰ স্থিতিত অটল হব নোৱাৰে, তেতিয়া সমাজ বিপথে পৰিচালিত হয়। আইন, ন্যায় ব্যৱস্থাত থকা আশ্বাস নাইকীয়া হয়।
বহু কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত চুমী, বিশাল আৰু তাৰ্কিক আজি আইনৰ চকুৰ সন্মুখত মুক্ত। যিসকলে এই চক্ৰান্তৰ বলি হৈছিল, তেওঁলোকে ঘূৰাই পালে নে নিজৰ প্ৰাপ্য। চুমী, বিশাল আৰু তাৰ্কিক—এই নামবোৰ বহুদিন ধৰি সংবাদ মাধ্যমত বহুচৰ্চিত হৈ আছিল। কোটি কোটি টকাৰ জালিয়তি, অসাধু চক্ৰ চলাই আনৰ টকা মৰাৰ বাবে। আদালতলৈ অভিযোগ গ’ল, তদন্ত হ’ল মিডিয়াত আলোচনা- সমালোচনা চলিল কিন্তু আজি সেই অপৰাধী মুক্ত আকাশৰ তলত স্বাধীনভাৱে ঘূৰি ফুৰিছে। এইয়া কেনে আইনী ব্যৱস্থা ? অথচ যিসকলৰ কষ্টেৰে উপাৰ্জিত ধন হৰলুকি হৈছিল সেই ভুক্তভোগীসকলৰ ন্যায় এতিয়াও কোৰ্টৰ চক্ৰত ঘূৰি আছে। এই একমাত্ৰ উদাহৰণ নহয়। এনেধৰণৰ শত-সহস্ৰ কেছত অভিযুক্ত অপৰাধী বিচাৰৰ আগতেই জামিনত মুক্ত হৈ যায় , কেতিয়াবা অপৰাধীক প্ৰমাণ কৰিবলৈ দশক পাৰ হয় আকৌ কেতিয়াবা ভুক্তভোগী ন্যায় বিচাৰ হাৰ মানিবলৈ বাধ্য হয়।
বলিউডৰ ‘Damini’ ছবিখনৰ অভিনেতা সানি দেউলৰ এটি সংলাপ, “তাৰিখ পে তাৰিখ”। এই সংলাপ আজি কেৱল নাটকীয় সংলাপ নহয়, ভাৰতৰ আদালত ব্যৱস্থাৰ এটি কঠোৰ বাস্তৱ। যিকোনো এজন সাধাৰণ নাগৰিকে আইনী ব্যৱস্থাক ভৰসা কৰে, কাৰণ তেওঁৰ দৃঢ় বিশ্বাস প্ৰকৃত অপৰাধীক আদালতে কঠোৰ শাস্তি বিহিব। সেয়ে আদালতৰ পৰা ন্যায় আশা কৰে। আদালতে বিচাৰ দিব, দোষীয়ে সাজা পাব—এইটো বিশ্বাসতে সমাজ আগবাঢ়ে। কিন্তু যেতিয়া “ন্যায়” নামৰ আশাৰ বাটত কেৱল “তাৰিখ পে তাৰিখ” হয় , তেতিয়া সকলো আস্থা নাইকীয়া হয়। আইনৰ মুখত যে ‘অন্ধ কাপোৰ’ থাকে, সেয়া ন্যায়ৰ নিৰপেক্ষতাৰ প্ৰতীক। কিন্তু যেতিয়া সেই অন্ধত্ব উপেক্ষা হয়, তেতিয়া সেয়া অন্যায়ৰ সহায়ক হৈ পৰে। আইনী ব্যৱস্থাৰ ওপৰত জনতাৰ বিশ্বাস সমাজিক স্থিতি আৰু নৈতিকতাৰ আধাৰ। যদি সেই বিশ্বাস কমে, তেন্তে সমাজত অপৰাধৰ গতি নিৰ্বিচাৰে বৃদ্ধি পাব। ন্যায় বিলম্ব নহয় ন্যায় দ্ৰুত হ’ব লাগিব , নহ’লে সেইটো ন্যায় নহয়। ভাৰতৰ আদালত প্ৰক্ৰিয়া বৰ্তমান যেন “তাৰিখৰ মেলা”লৈ পৰিণত হৈছে। কেছ পেণ্ডিং, জামিনৰ অপব্যৱহাৰ, দোষী প্ৰমাণ কৰিবলৈ দীৰ্ঘ সময় আৰু বিচাৰৰ ধীৰ গতি—এই সকলোয়ে মিলি আইনক সমাজৰ চকুত নিৰ্ভৰযোগ্যৰ পৰিৱৰ্তে অনিশ্চয়তাৰ প্ৰতীক হিচাপে প্ৰতিস্থাপন কৰিছে। পলম হোৱা ন্যায়ৰ যথেষ্ট অৰ্থনৈতিক প্ৰভাৱ পৰে। দীঘলীয়া আইনী প্ৰক্ৰিয়াই ৰাজ্যকে ধৰি জড়িত সকলো পক্ষৰ বাবে খৰচ বৃদ্ধি কৰে। ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলো অভাৱনীয় আইনী পৰিৱেশৰ বাবে বিৰত থাকে, যিয়ে অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়নত বাধাৰ সৃষ্টি কৰিব পাৰে। অসমৰ প্ৰেক্ষাপটত চাব গলে এনেকুৱা বহুত ঘটনা ওলাব যি ঘটনাৰ ভুক্তভূগী আজিও ন্যায় নোপোৱাকৈয়ে আছে , অসমৰ জোনমনি ৰাভা তেনে এক উদাহৰণ।
NCRB ৰ ২০২৩ বৰ্ষৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ৪.৭ কোটিতকৈ অধিক কেছ চলি আছে। ইয়াৰ ভিতৰত ফৌজদাৰী আৰু দেওয়ানী উভয় ধৰণৰ কেছেই আছে, যাৰ অধিকাংশ চলি আছে ৫ বছৰৰো অধিক সময় ধৰি। বহুদিন ধৰি চলি থকা কেছসমূহত বহু অভিযুক্ত উপযুক্ত শাস্তি পোৱাৰ আগতেই সমাজত “নির্দোষী” হিচাপে বিবেচিত হয়। এই দীৰ্ঘসূত্ৰতা কেৱল বিচাৰৰ বিলম্ব নহয়; ই এক প্ৰকাৰৰ “ন্যায় অস্বীকাৰ”। কাৰণ, য’ত বিচাৰ বিলম্ব হয়, তাত ভুক্তভোগীৰ জীৱন স্থবিৰ হৈ পৰে আৰু অপৰাধীৰ মনত আইনৰ ভয় কমে।
অপৰাধ-বৃদ্ধিৰ আন এটা মূল কাৰণ আইনী শিথিলতা। অপৰাধীৰ মনত এতিয়া ভয় নাই। সমাজত অপৰাধৰ বৃদ্ধি আৰু আইনৰ নমনীয়তা যেতিয়া অপৰাধীক আইনে তৎক্ষণাত শাস্তি নিদিয়ে, তেতিয়া সমাজত এটা স্পষ্ট বাৰ্তা প্ৰেৰণ হয়—“আইনক ভয় নকৰিলেও চলে”। এই মনোভাৱেই অপৰাধী চিন্তাধাৰাৰ জন্ম দিয়ে। হত্যা, লুট, ধর্ষণ, বেংক জালিয়তি—এই সকলো অপৰাধী জ্ঞাত যে এই প্ৰক্ৰিয়া ধীৰগতিৰ আকৌ জামিনৰ বাট খোলা আছে গতিকে ভয়ৰ কাৰণ নাই। ফলত, অপৰাধীৰ সংখ্যা বৃদ্ধি পায়। আজিৰ সমাজত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে—“মাৰিম বুলিলেই মানুহ মাৰিব পাৰে, কাতিম বুলিলেই মানুহ কাটিব পাৰে।” এই মনোভাৱ সমাজত ভয়ানক দুৰ্যোগৰ সূচনা কৰে। কোৰ্টক চূড়ান্ত শাস্তি বিহিবলৈ দশক লাগে আৰু জেলৰ পৰা অপৰাধী দুদিনৰ ভিতৰতে জামিন পায় তেতিয়া সমাজত আইনৰ ভয় বেছি হোৱাৰ সলনি কমি যায়। ইয়াৰ ফলত নতুন অপৰাধীও আইনৰ ভয় নকৰা এক সংস্কৃতি গঢ়ে।
ব্ৰিটিছৰ কৱলৰ পৰা মুক্ত স্বাধীন ভাৰতৰ আইন ব্যৱস্থা সলনি হল ঠিকেই কিন্তু আইনী সুৰুঙা একে থাকিল। ২০২৩ চনত সংসদে অনুমোদন মৰ্মে আইপিচি (IPC), চিআৰপিচি (CRPC) আৰু সাক্ষ্য আইনৰ (Evidence Act) স্থানত নতুন ন্যায় সংহিতা (Bharatiya Nyaya Sanhita, Bharatiya Nagarik Suraksha Sanhita আৰু Bharatiya Sakshya Sanhita অনা হল। কিন্তু বাস্তৱত ? স্বাধীন ভাৰতত IPC , CRpC আঁতৰাই নতুন “ন্যায় সংহিতা” অনা হ’ল, যাৰ উদ্দেশ্য আছিল ন্যায়ৰ অধিক দ্ৰুত আৰু জনগণমুখী প্ৰবাহ। অমিত শ্বাহে সংবিধানৰ আত্মাৰ সৈতে তুলনা কৰা ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা-২০২৩ বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা-২০২৩ বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়)-২০২৩ বিধেয়কে জনসাধাৰণক কিমান উপকৃত কৰিব পাৰিছে ?
কিন্তু এই প্ৰশ্ন আজিও প্ৰাসঙ্গিক “আইনে যদি দোষীকেই বচাই, তেন্তে সেই আইন কাৰ বাবে ?” কোৱা হল ডিজিটেল সাক্ষ্য গ্ৰহণ কৰা হব, ভিডিঅ’ কনফাৰেন্সিং আৰু ইলেকট্ৰনিক প্ৰমাণ অধিক মান্যতা পাব। FIR ৰ ডিজিটেল ৰেকৰ্ড আৰু সময়সীমা-যুক্ত চার্জশ্বীট প্ৰক্ৰিয়া। সাম্প্ৰদায়িক হিংসা, ধৰ্ষণ, ছাইক’লজিকেল টৰ্চাৰ আদি নতুন অপৰাধ সংজ্ঞা। অধিক Fast Track আদালতৰ আশ্বাস। আইন সলনি হ’লেই নহয়, আইনৰ প্ৰয়োগকাৰী মানসিকতাই সলনি হ’ব লাগিব। নহ’লে, ‘অন্ধা কানুন’ চলচ্চিত্ৰৰ প্ৰতিচ্ছবি যেন বাস্তৱ জীৱনত পুনৰ উদয় হব।
৮০ৰ দশকৰ অমিতাভ বচ্চন অভিনীত ‘অন্ধা কানুন’ত প্ৰদৰ্শিত হৈছিল ভাৰতীয় আইনী ব্যৱস্থাৰ অন্ধত্বৰ প্ৰতিচ্ছবি। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ‘অন্ধা কানুন’ (Andha Kanoon) হিন্দী ছবিখন কেৱল এখন ৰাজহ-উৎসাহী বোলছবি নহয়—ই আছিল ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত এটা গভীৰ প্ৰতিবাদী কণ্ঠ । অমিতাভ বচ্চন, ৰাজনিকান্ত, হেমা মালিনী আৰু পৃথ্বিৰাজ কাপুৰ আদি অভিনীত এই ছবিখনে উদঙাই দিছিল তেতিয়াৰ সমাজত চলি থকা আইনৰ অন্ধ প্ৰয়োগ, বিচাৰ ব্যৱস্থাৰ ধীৰগতি, আৰু ক্ষমতাশালী অপৰাধীক আইনে কেনেকৈ আশ্ৰয় প্ৰদান কৰে। এই ছবিখনে স্পষ্টকৈ এটা প্ৰশ্ন তোলে “যেতিয়া আইনে দোষীক শাস্তি দিব নোৱাৰে, তেতিয়া ভুক্তভোগীয়ে নিজৰ হাতে ন্যায় লোৱা কি অন্যায়?”
ক্ষমতা আৰু বিচাৰৰ অসমতা এক বাস্তৱ চিত্ৰ। ভাৰতবৰ্ষৰ সংবিধানে প্ৰতিজন নাগৰিকক আইনৰ দৃষ্টিত সমান বুলি স্বীকৃতি দিয়ে। কিন্তু যেতিয়া সেই আইনী ব্যৱস্থাই দোষীক সুৰক্ষা দিয়ে আৰু ভুক্তভোগীৰ ন্যায় বিচাৰ নকৰে, তেতিয়া সমাজত জন্ম হয় আইনৰ ওপৰত অবিশ্বাস আৰু অপৰাধৰ প্ৰতি উদাসীনতা। বাস্তৱত, যাৰ অধিক ধন, অধিক সংযোগ, আৰু অধিক ষড়যন্ত্ৰৰ ক্ষমতা, তেওঁ আইনৰ বন্দিত্বৰ পৰা মুক্ত হোৱাৰ সুযোগ পায়। আৰু সেই ক্ষমতা যাৰ নাই — তেওঁ হয়তো অপৰাধ নকৰিলেও জেলতে কাৰাৰুদ্ধ জীৱন নিৰ্বাহ কৰিব লাগে। উদাহৰণস্বৰূপে ইণ্ড্ৰাণী মুখাৰ্জী , এগৰাকী প্ৰভাৱশালী সংবাদ সংস্থাৰ (INX Media) প্ৰাক্তন কৰ্তা। তেওঁৰ জীয়ৰী শ্বীনা বৰাক হত্যা কৰাৰ অভিযুক্ত আছিল কিন্তু ২০১২ চনত সংঘটিত হত্যাকাণ্ড , ২০১৫ চনলৈকে গোপন থাকে। পিছত কেচ চলিল আৰু ইণ্ড্ৰাণীক 2023 চনত কাৰাগাৰৰ পিছত জামিন দিয়া হয়। এই কেচত বহুজনৰ অভিযোগ অনুসৰি তদন্ত প্ৰক্ৰিয়া ধীৰগতি, প্ৰমাণ ধ্বংসৰ প্ৰয়াস, আৰু প্ৰভাৱশালীৰ ক্ষেত্ৰত আইনী সজাৰ বাবেই জামিন লাভ কৰে আৰু ন্যায় ব্যৱস্থাত সন্দেহৰ সৃষ্টি কৰে। আকৌ শেহতীয়াকৈ বহু কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত চুমী, বিশাল, তাৰ্কিকৰ জমিন এইবাৰো ইয়াৰ উদাহৰণ নহয়নে ?
আৰক্ষী আৰু অনুসন্ধানকাৰী সংস্থাসমূহৰ যথাযথ প্ৰশিক্ষণ আৰু স্বতন্ত্ৰতা নথকাৰ ফলত বহু কেছত দোষীক সঠিকভাৱে বিচাৰ কৰাৰ আগতে মুক্ত কৰি দিব লগা হয় । এজন ভুক্তভোগীয়ে যদি বিচাৰৰ বাবে বছৰৰ পিছত বছৰ সময় খৰচ কৰিব লাগে, তেন্তে অপৰাধীক শাস্তি দিবলৈ আইন কিমান সক্ষম?
“Hit and Run” বা পথত মানুহ মাৰি পলাই যোৱা ঘটনাক চলচিত্ৰ জগতত বহুবাৰ দেখুওৱা হৈছে। য’ত বাস্তৱ-প্ৰভাৱশালীভাৱে আৰু মনোভাৱগত দৃষ্টিৰে উপস্থাপন কৰা হৈছে। শ্যাম বেনেগালৰ ছবি ‘Accident’ (Hindi, 1985) – দ্বাৰা দেখুওৱা হৈছিল এটা ৰাজনৈতিক পটভূমিত সংঘটিত পথ দুৰ্ঘটনা হয়, য’ত দায়ী ব্যক্তি ঘটনাৰ পৰা বাচি যাবলৈ সামাজিক প্ৰভাৱ আৰু ক্ষমতা ব্যৱহাৰ কৰে। আন এখন ছবি ‘No One Killed Jessica’ (2011) যদিও সম্পূৰ্ণ “Hit and Run” কেন্দিক ঘটনা নহয়, কিন্তু এজন নাগৰিকৰ মৃত্যুক লৈ প্ৰভাৱশালীৰ অপৰাধ ঢাকি ৰখাৰ প্ৰচেষ্টা আৰু তাৰ পিছত অহা জনচেতনা এই চিনেমাত অতি শক্তিশালীভাৱে দেখুৱোৱা হৈছে। ‘Jolly LLB’ (2013) নামৰ হিন্দী চিনেমাখনত এজন ধনাঢ্য ব্যক্তিৰ দ্ৰুত গাড়ীয়ে মানুহ মাৰি পলাই যোৱাৰ ঘটনা বিচাৰ আদালতলৈ অনা হয় । য’ত দেখুওৱা হয় ধনৰ জৰিয়তে আইনী ব্যৱস্থাৰ অপব্যৱহাৰ। যদিও ‘Run’ (Tamil, 2002) চিনেমাটোত স্পষ্ট “Hit and Run” নহয়, কিন্তু তাতে পথ দুৰ্ঘটনাৰ পৰিণাম, সামাজিক প্ৰতিক্ৰিয়া আৰু আইনী ব্যৱস্থাৰ ওঅন্যায় চিত্রণ দেখুওৱা হৈছে। আকৌ Reality-based documentaries বা crime documentary অথবা true crime series–তে (যেনে “Crime Patrol”, “Savdhaan India”) ত এনেধৰণৰ “Hit and Run” ঘটনাৰ আধাৰত সত্য ঘটনা পৰিচালিত কৰা হৈছে । “Hit and Run” প্ৰসংগত এই চিনেমাবোৰে এই ধৰণৰ ঘটনা কেৱল “দুৰ্ঘটনা” নহয়, এক অপৰাধ বুলি দৰ্শকক অনুভৱ কৰোৱাইছে। ‘Article 15’ (2019) ছবিখনত জাতিভেদ আৰু দলিতৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে আৰক্ষীৰ আৰু আইন ব্যৱস্থাৰ অন্যায় আৰু পক্ষপাত দেখুওৱা হৈছে।
“Hit and Run” হৈছে ভাৰতত আৰু বিশ্বজুৰিও এক গুৰুত্বপূর্ণ আৰু উদ্বেগজনক আইনী-সামাজিক সমস্যা। Hit and Run য়েই কেৱল পথৰ মানুহকে হত্যা কৰা নাই, ই হত্যা কৰিছে ন্যায় ব্যৱস্থাকো। গাড়ী-দুৰ্ঘটনাত কোনো ব্যক্তি আহত বা নিহত হোৱাৰ পিছত দায়ী ব্যক্তি স্থান পৰিত্যাগ কৰা ঘটনা কেৱল এটা অপৰাধ নহয়, ই হৈছে এটা নৈতিক প্ৰত্যাহ্বান। আমাৰ নীতি, আইনী বোধ আৰু নাগৰিক কৰ্তব্য পুনৰভাৱে পৰীক্ষা কৰাৰ সময় আহি গৈছে।
আইন আৰু ন্যায় ব্যৱস্থাৰ নিছিদ্ৰতা বা তাৰ অভাৱ সমাজত কিদৰে অপৰাধ বৃদ্ধি কৰে, সেই বিষয়ে চলচ্চিত্ৰজগতেও দেখুৱাইছে। কিদৰে আইনৰ অপব্যৱহাৰ, বিচাৰৰ বিলম্ব, প্ৰভাৱশালীৰ দমননীতি, গৰিবৰ ন্যায় বঞ্চনা সমাজত অপৰাধীক উৎসাহিত কৰি তোলে আৰু সাধাৰণ ৰাইজক ভয়ানক ন্যায়হীনতাৰ দিছে গতি কৰাই।
গতিকে আইনী ব্যৱস্থা পুনৰ গঠন কৰিব লাগিব, বিশেষকৈ বেছিভাগ ফৌজদাৰী কেছত “Fast Track Court” প্ৰয়োগ বাধ্যতামূলক কৰি। ভুক্তভোগীৰ বাবে “Victim Compensation Scheme” অধিক ফলপ্ৰসূ কৰিব লাগিব। গম্ভীৰ অপৰাধমূলক কেছসমূহৰ বাবে বাধ্যতামূলকভাৱে “Fast Track Court” গঠন কৰা হ’ব লাগিব, য’ত ন্যায্য সময় সীমাৰ ভিতৰত বিচাৰ সম্পন্ন হ’ব। Time-bound Justice , আদালতত কেছ নিবন্ধিত হোৱাৰ পৰা ২ বছৰৰ ভিতৰত চূড়ান্ত ৰায় দিবলৈ সময়সীমা নিৰ্ধাৰণ কৰা উচিত। Victim Compensation and Protection , ভুক্তভোগীসকলৰ বাবে প্ৰত্যক্ষ সহায়তা, ক্ষতিপূৰণ আৰু সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। Judicial Accountability , বিচাৰ প্ৰক্ৰিয়াত গাফিলতি হোৱা ক্ষেত্ৰত দায়বদ্ধতা স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত। Technology Integration, আদালত প্ৰক্ৰিয়া ডিজিটাইজ কৰি, শুনানি, দলিল দাখিল, সাক্ষ্য সংগ্রহ আদি প্ৰক্ৰিয়া অধিক দ্ৰুত কৰা যাব।