জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 12, 2026

প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ কেৱল আকস্মিক দুৰ্যোগ সাহাৰ্য নহয়, বাজেটীয় আবণ্টন আৰু বিত্তীয় ফেডাৰেলিজমৰ এক আমূল ৰূপান্তৰৰ প্ৰয়োজন

by Janagana Desk
2 minutes read
Budget allocation needed for natural calamity

সমগ্ৰ দেশজুৰি বৰ্ষাকালত অতিবৃষ্টি, ভূমিস্খলন আৰু অসম সহ উত্তৰ-পূৰ্বাঞ্চলত বানপানীৰ বিভীষিকা পুনৰ তীব্ৰ হৈ পৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা নিধিৰ (SDRF আৰু NDRF) ধন আবণ্টন আৰু বিভিন্ন ৰাজ্যৰ বিত্তীয় সক্ষমতাক লৈ কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কত নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ভাৰতীয় বিত্তীয় ফেডাৰেলিজমৰ প্রেক্ষাপটত জলবায়ু দুৰ্যোগ মোকাবিলা কৰিবলৈ ৰাজ্যসমূহক পৰ্যাপ্ত ধন প্ৰদান কৰাৰ দাবী জোৰদাৰ হৈ পৰিছে।

সম্পাদকীয় বিশ্লেষণ

ভাৰতবৰ্ষৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় কাঠামো অনুসৰি দুৰ্যোগ প্ৰশমন আৰু সাহাৰ্য বিতৰণৰ প্ৰাথমিক দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ। কিন্তু বিগত কেবাটাও বছৰৰ জলবায়ু ডাটালৈ মন কৰিলে দেখা যায় যে, জলবায়ু পৰিৱৰ্তন কোনো একক ৰাজ্যিক স্থানীয় সমস্যা হৈ থকা নাই। ই এক বিশ্বব্যাপী আৰু ৰাষ্ট্ৰীয় সংকট। ১৫ শত বিত্ত আয়োগে দুৰ্যোগ বিত্তীয় ব্যৱস্থাত কেতবোৰ সংশোধন আনিছিল যদিও ৰাজ্যসমূহ বিশেষকৈ অসমৰ দৰে পাহাৰ আৰু নদীৰে আবৃত ৰাজ্যসমূহে লাভ কৰা সাহায্য অতি অপৰ্যাপ্ত।

অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ বিশেষ প্ৰেক্ষিত অসমৰ ভৌগোলিক অৱস্থান আৰু জলবায়ুগত সংবেদনশীলতা সমতলৰ অন্যান্য ৰাজ্যতকৈ সম্পূৰ্ণ পৃথক। প্ৰতি বছৰে ৰাজ্যখনৰ বাজেটে বান আৰু খহনীয়াৰ বোজা বহিব লাগে, যাৰ ফলত ৰাজ্যৰ বিকাশমূলক মূলধনী ব্যয় (Capital Expenditure) কৰ্তন কৰিবলৈ বাধ্য হয়। ৰাজ্যিক দুৰ্যোগ সাহাৰ্য নিধিৰ (SDRF) সিংহভাগ ধন জৰুৰীকালীন সাহায্য আৰু চাউল-দাল বিতৰণতে শেষ হয়, কিন্তু স্থায়ী দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজিয়েই নাথাকে।

সংবিধানৰ ২৭৫ নং অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহক প্ৰদান কৰা বিশেষ অনুদান আৰু বাজেটীয় সাহাৰ্যৰ ক্ষেত্ৰত ‘জলবায়ু বিপন্নতা সূচক’ (Climate Vulnerability Index) ক মুখ্য মাপকাঠি হিচাপে গ্ৰহণ কৰাৰ সময় আহি পৰিছে। একেদৰে, অৰ্থনৈতিক বিশ্লেষণত দেখা গৈছে যে, জলবায়ু দুৰ্যোগৰ ফলত দেশৰ জিডিপি (GDP) ৰ অভূতপূৰ্ব ক্ষতি হয়। অতিবৃষ্টি, অনাবৃষ্টি, বা আনপানী আৰু সাগৰীয় ধুমুহাৰ পৰা কৃষি খণ্ড আৰু গ্ৰাম্য অৰ্থনীতি ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰ-ৰাজ্যৰ বিত্তীয় সহযোগিতা অত্যন্ত জৰুৰী।

আগুৱাই যোৱাৰ বাট

১. জলবায়ু অভিযোজন নিধি (Climate Adaptation Fund) গঠন: বিত্ত আয়োগৰ জৰিয়তে ৰাজ্যসমূহৰ বাবে স্বতন্ত্ৰ জলবায়ু অভিযোজন পুঁজি গঠন কৰিব লাগে, যাৰ জৰিয়তে প্ৰকৃতি-অনুকূল স্থায়ী আন্তঃগাঁথনি সাজিব পৰা যায়।

২. বিত্তীয় আৱণ্টনৰ পুনৰ্নিৰ্ধাৰণ: দুৰ্যোগ সাহায্য আবণ্টনত কেৱল জনসংখ্যা আৰু মাটিকালি নহয়, ৰাজ্যখনৰ জলবায়ুগত বিপদাপন্নতা আৰু গৰাখহনীয়াৰ ক্ষতি মূল্যায়ন কৰি পুঁজি আৱণ্টন দিয়া।

৩. স্থানীয় নিকায়ৰ সবলীকৰণ: সংবিধানৰ ৭৩ আৰু ৭৪ তম সংশোধন অনুসৰি পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সুকীয়া বাজেট আৰু প্ৰশিক্ষণ সুনিশ্চিত কৰা।

জলবায়ু সংকটৰ সন্মুখীন হ’বলৈ আমাক লাগে এক শক্তিশালী যুক্তৰাষ্ট্ৰীয় দৃষ্টিভংগী। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যেতিয়ালৈকে দুৰ্যোগ ব্যৱস্থাপক এক ‘বিকাশমূলক বাজেটীয় বিনিয়োগ’ হিচাপে গ্ৰহণ নকৰে, তেতিয়ালৈকে প্ৰাকৃতিক দুৰ্যোগে আমাৰ আৰ্থ-সামাজিক অগ্রগতিক এনেদৰেই পিছলৈ ঠেলি থাকিব।

Was this article helpful?
Yes0No0

You may also like