জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, August 18, 2026

‘মোৰো এটা সপোন আছে’ – গ্ৰন্থ বিশ্লেষণ

by Janagana Desk
1 minutes read
Book Review: My Dream

ড° ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ শীর্ষক কিতাপখন এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ।শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে। ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম। দৰিদ্ৰতা আৰু অনেক প্রতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱা ড° মাউতে তেখেতৰ আত্মজীৱনী “মোৰো এটি সপোন আছে”-ত তেওঁৰ জীৱন সংগ্ৰামৰ কাঁইটীয়া যাত্ৰা বৰ্ণনা কৰিছে। সহজ সৰল কথাৰে বাস্তৱৰ সেই ছবিখন ধৰা দিব প্ৰতিজন দৰ্শকৰ চকুৰ আগত। কিতাপখনত বর্ণিত প্রতিটো শব্দই অন্তৰ চুই যাব। দৰিদ্ৰতা যে হেঙাৰ নহয় তাৰ এক অন্যতম উদাহৰণ এই কিতাপখন। অত্যন্ত দৰিদ্ৰ অৱস্থাৰপৰা নিজ চেষ্টা, অধ্যবসায়, আৰু একাগ্ৰতাৰ বলত ওলাই আহি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰা ড° ৰুবুল মাউত আন দহ জনৰ বাবে আদৰ্শ। ইমান কষ্ট মানুহে কেনেকৈ কৰিব পাৰে? তেখেতৰ পৰিয়ালৰ সকলোৱেই যেন অসীম ত্যাগ, কষ্ট আৰু ধৈৰ্যৰ প্রতীক। উজনি অসমৰ তিনিচুকীয়া জিলাৰ অৰুণাচল প্রদেশৰ সীমান্তবর্তী এটা অঞ্চল কাকপথাৰ। য’ত এটা সময়ত উগ্রপন্থীৰ সমস্যাই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু এই পৰিস্থিতিৰ লেখকে চাক্ষুষ বর্ণনা কিতাপখনত দিছে। সেই কম বয়সৰ লেখকে তেতিয়াই ওচৰৰপৰা বন্দুক, বাৰুদ, পুলিছ, মিলিটেবি, উগ্রপন্থীৰ দৰে ভয়াবহ শব্দবোৰ শুনিবলৈ পাইছিল।  কিন্তু কেতিয়াও পঢ়াৰ পৰা বিচলিত হোৱা নাছিল। তেনে এটা অৱস্থাৰপৰা, এটা ভিতৰুৱা অঞ্চলৰপৰা গৈ তেখেত পৃথিৱীৰ ভিতৰতে নাম থকা আমেৰিকাৰ মাছাছুচেটছ বিশ্ববিদ্যালয়ত খোজ দিবলৈ সক্ষম হৈছিল।

ইমান আর্থিক অনাটনৰ মাজত পৰিও তেখেতে পঢ়া বাদ দিয়াৰ কথা এবাৰো মনলৈ অনা নাছিল। পঢ়াৰ প্রতি যি উদ্যম আৰু আগ্রহ তাৰ বাবেই তেখেতে সফলতা লাভ কৰিলে। আজিৰ যুগত এনে উদাহৰণ বিৰল। এই গ্ৰন্থখন মূলত আত্মজীৱনীমূলক গ্ৰন্থ যদিও একোখন উপন্যাসৰ দৰেই ইয়াৰ কাহিনীভাগ ৰসাল। প্ৰতিজন অসমীয়াই এই খন কিতাপ পঢ়া উচিত।

You may also like