কেতিয়াবা কিছুমান চিনেমা কেৱল মনোঞ্জনৰ মাধ্যম হৈ নাথাকে; সি হৈ পৰে একো একোটা জ্বলন্ত দলিল। শেহতীয়াকৈ মুক্তি পোৱা (আৰু লগে লগে নিষিদ্ধ হোৱা) পৰিচালক হনী ত্ৰেহানৰ ছবি Sutluj ঠিক তেনে এক শ্ৰেণীৰ চিনেমা।
পূৰ্বতে ‘ঘল্লুঘৰা’ (Ghallughara) আৰু তাৰ পিছত ‘পঞ্জাৱ ৯৫’ (Punjab ’95) নামেৰে নামকৰণ কৰা এই ছবিখন দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (CBFC) সৈতে সংঘাতত আৱদ্ধ হৈ আছিল। অৱশেষত কোনো ধৰণৰ প্ৰচাৰ অবিহনেই ২০২৬ চনত অ’টিটি প্লেটফৰ্ম Zee5-ত ই মুক্তি লাভ কৰে যদিও মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰত চৰকাৰৰ হস্তক্ষেপত ইয়াক সমগ্ৰ দেশতে নিষিদ্ধ তথা আঁতৰাই দিয়া হয়। আহক জানো, ইয়াৰ আঁৰৰ বিতৰ্কিত আৰু অপ্ৰিয় সত্যবোৰ।
চিনেমাখনৰ মূল কাহিনী (Plot Summary)
Sutluj মূলত পঞ্জাৱৰ বিখ্যাত মানৱ অধিকাৰ কৰ্মী যশৱন্ত সিং খালৰা (Jaswant Singh Khalra)-ৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এক জীৱনভিত্তিক সংগ্ৰামৰ কাহিনী। ছবিত এই কেন্দ্ৰীয় চৰিত্ৰটোত অনবদ্য অভিনয় কৰিছে তাৰকা অভিনেতা-গায়ক দিলজিৎ দোছাঞ্জে (Diljit Dosanjh)।
মূল পটভূমি: আশী আৰু নব্বৈৰ দশকত পঞ্জাৱত যেতিয়া উগ্ৰপন্থী বিৰোধী অভিযান চলিছিল, সেই সময়ছোৱাত বহুতো সাধাৰণ নাগৰিক নিৰুদ্দেশ হৈছিল। এজন সাধাৰণ বেংক কৰ্মচাৰী যশৱন্ত সিং খালৰাই অমৃতসৰৰ পৌৰ নিগমৰ শ্মশানৰ নথি-পত্ৰ অনুসন্ধান কৰি এক ভয়ংকৰ তথ্য আৱিষ্কাৰ কৰে।
- তেওঁ তথ্যসহ প্ৰমাণ কৰিছিল যে পঞ্জাৱ আৰক্ষীয়ে প্ৰায় ২৫,০০০ ‘অজ্ঞাত পৰিচয়’ মৃতদেহ পৰিয়ালক নোসোধাকৈয়ে অবৈধভাৱে সৎকাৰ কৰিছিল।
- এই নিৰীহ লোকসকলক ভুৱা এনকাউণ্টাৰ বা অতিৰিক্ত ন্যায়িক হত্যা (Extra-judicial killings)-ৰ জৰিয়তে হত্যা কৰা হৈছিল বুলি তেওঁ অভিযোগ তুলিছিল।
- ছবিত দেখুওৱা হৈছে কেনেকৈ তেওঁ এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যায়। কিন্তু অৱশেষত ১৯৯৫ চনত পঞ্জাৱ আৰক্ষীৰ এটা দলে তেওঁক নিজ ঘৰৰ সমুখৰ পৰা অপহৰণ কৰে আৰু জিম্মাত থকা অৱস্থাতে তেওঁক নিৰ্মমভাৱে হত্যা কৰি মৃতদেহ বিলীন কৰি দিয়া হয়।
কিয় সৃষ্টি হ’ল ইমান ডাঙৰ বিতৰ্ক?
এই ছবিখন নিষিদ্ধ হোৱাৰ আঁৰত থকা মূল বিতৰ্কসমূহ তলত দিয়া ধৰণৰ:
১/ পঞ্জাৱ আৰক্ষী আৰু প্ৰশাসনৰ ক’লা অধ্যায়: ছবিত নব্বৈৰ দশকৰ পঞ্জাৱ আৰক্ষীৰ বৰ্বৰতা আৰু তৎকালীন ডিজিটেল ব্যৱস্থাক অতি স্পষ্ট ৰূপত দেখুওৱা হৈছে। প্ৰশাসনক ইমান নেতিবাচক ৰূপত দেখুওৱাৰ বাবেই চেন্সৰ ব’ৰ্ডে প্ৰথমতে ছবিখনত ১২৭ টা কাট (Cuts) কৰিবলৈ নিৰ্দেশ দিছিল।
২/ বাস্তৱ তথ্যৰ বিকৃতকৰণৰ অভিযোগ: হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সমালোচক আৰু কিছুসংখ্যক গোটে অভিযোগ কৰিছে যে ছবিখনত কিছুমান চৰিত্ৰৰ নাম সলনি কৰিলেও (যেনে প্ৰাক্তন আৰক্ষী প্ৰধান কে.পি.এছ. গিলৰ নাম ‘আই.পি.এছ. বিট্টা’ কৰা হৈছে) ই দেশৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এক প্ৰশ্নবোধক চিহ্ন আঁকি দিয়ে।
৩/ আগন্তুক নিৰ্বাচন আৰু ৰাজনৈতিক প্ৰভাৱ: বহু চিনেমা বিশ্লেষকৰ মতে, পঞ্জাৱৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইধৰণৰ স্পৰ্শকাতৰ বিষয়ৰ ছবিয়ে ৰাজ্যখনত আইন-শৃংখলা বা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলি ধাৰণা কৰিয়েই এই জৰুৰীকালীন নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
চলচ্চিত্ৰ সমালোচকৰ দৃষ্টিৰে Sutluj
এজন কলা-সমালোচক হিচাপে মঈ ভাবো যে চিনেমাখনৰ চেন্সৰশ্বিপ নিজেই এক বৃহৎ ট্ৰেজেডী। দিলজিৎ দোছাঞ্জৰ কেৰিয়াৰৰ এইখন শ্ৰেষ্ঠ অভিনয় বুলি ক’ব পাৰি। তেওঁৰ চকুৰ ভাষাত যি ক্লান্তি আৰু দৃঢ়তা প্ৰকাশ পাইছে, সেয়া অপূৰ্ব। কে. ইউ. মোহননৰ চিনেমাটোগ্ৰাফীয়ে নব্বৈৰ দশকৰ পঞ্জাৱৰ সেই ভয়াবহ, নিস্তব্ধ আৰু ক’লা পৰিৱেশটোক জীৱন্ত কৰি তুলিছে। ছবিখনে কোনো ৰাজনৈতিক পক্ষপাতিত্ব কৰা নাই, বৰঞ্চ ই ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰ মূল্যবোধক সুৰক্ষা দিয়াৰহে পোষকতা কৰিছে।