জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

সংবিধান সংশোধন অবিহনে, খিলঞ্জীয়াৰ ৰক্ষা কৱচ অসম্ভৱ

by Dr Netraranjan
1 minutes read

নিজৰ ৰাজনৈতিক পৰিক্ৰমাৰ সুদীৰ্ঘ কালৰ পিছত হঠাৎ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত সক্ৰিয় হোৱা দেখি আচৰিত হৈছোঁ তথা ধন্যবাদ জনাইছোঁ।

অৱশ্যে এসময়ত কেৱল 12 জন মানুহে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰা বুলি মন্তব্য কৰাৰ পিছতেই কেনেকৈ তেন্তে সংজ্ঞায়িত কৰিলে অসমীয়াৰ সংজ্ঞা, সেয়া এক নিৰ্বাচনৰ ৰণনীতি হোৱাৰে সংকেত যেন লাগিছে । মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এয়া এক ৰাইজক মূৰ্খ বনোৱা উদ্দেশ্যে ২০২৬ চনৰ নিৰ্বাচনৰ এজেণ্ডা যেন সন্দেহ হয়।

এটা কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া লোক সকলক মাটি আৰু সম্পদৰ অধিকাৰ লাগে আৰু সেই অধিকাৰ মাথোঁ দেশৰ সংবিধানৰ ৩৭১(ক) অনুচ্ছেদে দিব পাৰে। ৬ নং দফাত আছে নেকি অসমীয়া সকলেই অসমৰ মাটি আৰু সম্পদৰ অধিকাৰী হ’ব বুলি ?

  • ৩৭১ (এ) অনুচ্ছেদ নিদিলে খিলঞ্জীয়াই নাপায় মাটি, সম্পদৰ অধিকাৰ
  • ৩৭১ (এফ) অনুচ্ছেদত অন্তৰ্ভুক্তি অবিহনে নহয় আসন সংৰক্ষণ
  • ৩৭১ (জে) অবিহনে চাকৰি সংৰক্ষণ অসম্ভৱ অসমীয়াৰ বাবে।

মূলতঃ সংবিধান সংশোধন কৰিলেহে অসমীয়াই পাব প্ৰকৃত সুৰক্ষাকৱচ।

স্বাভাৱিকতে প্ৰশ্ন হয়, পাৰিবনে কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্য চৰকাৰে এই দিশত দেশৰ সংবিধান সংশোধন কৰিবলৈ ? নে এইয়া মাথোঁ ২০২৬ ৰ নিৰ্বাচনৰ বাবে আগতীয়াকৈ দিয়া ঝুমলা ?

মনত ৰাখিব ৰাইজে সকলো বুজি পায়, এবাৰ টেঙা আম খাইছে, পুনৰ নোৱাৰিব !

আমি সূক্ষ্ম ভাবে পৰ্য্যবেক্ষণ কৰি আছোঁ।

Was this article helpful?
Yes0No0

You may also like