জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

by Janagana Desk
1 minutes read

বহুজাতীয় সংস্থা E&Y নামৰ কোম্পানীত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ চাকৰিৰ কামৰ হেঁচাত মৃত্যু বৰণ কৰিব লগা ঘটনাই সকলোকে জোঁকাৰি গৈছে। এইয়া যেন বৰ্তমান যুগৰ দাসত্ব প্ৰথা।

স্বাভাৱিকতে জনসংখ্যা বৃদ্ধি আৰু চৰকাৰী চাকৰিৰ নাটনিৰ ফলত জীৱিকাৰ বাবে ব্যক্তিগত খণ্ডৰ অনুষ্ঠান সমূহত আজিৰ যুৱ প্ৰজন্মই কৰ্মৰত হব লগা হৈছে। পেট প্ৰৱৰ্তনৰ নামত গোলামত পৰিণত হৈছে কৰ্মচাৰী। সেইয়া কৰ্প’ৰেট গোষ্ঠীয়েই হওঁক বা ব্যক্তিখণ্ডৰ প্ৰতিষ্ঠান অথবা MNC কোম্পানীয়েই হওঁক।

কৰ্ম ব্যস্ততাৰ বাবেই সময়ৰ নাটনি হৈছে যাৰ ফলত সময় দিব পৰা নাই নিজক, পৰিয়ালক। অত্যধিক কামৰ বোজা বৰ্তমান সময়ত এটা গুৰুত্বৰ বৰ্দ্ধিত সমস্যা যাৰ ফলত কৰ্মচাৰীসকলৰ বাবে গুৰুতৰ মানসিক সমস্যা যেনে উদ্বেগ, হতাশা , ভয়, বিৰক্তি,নিঃসঙ্গতা আদি পৰিলক্ষিত হয় আকৌ শাৰীৰিক ক্ষেত্ৰত মূৰৰ বিষ, টোপনি কম হোৱা, বদহজম, খিংখিঙীয়া স্বভাৱ, হৃদযন্ত্ৰৰ সমস্যা আদিৰ দৰে সমস্যাই দেখা দিয়ে, যি শাৰীৰিক অৱনতিৰ লগতে মানসিক মনোবল দুৰ্বল কৰি বিপদাশংকাৰ কাৰক হৈ পৰিছে। যাৰ ফলত ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ উপক্ৰম হৈছে। অত্যাধিক বোজাৰ ফলত স্বাভাবিক মৃত্যু নাইবা আত্মহননৰ জৰিয়তে বহু ব্যক্তিৰ মৃত্যু হোৱা ঘটনা নিত্য নৈমিত্তিক হৈ পৰিছে। ই মানসিক সুস্থতাৰ লগতে শাৰীৰিক স্বাস্থ্যটো নেতিবাচক প্ৰভাৱ পেলায় আহিছে।

ব্যক্তিগত খণ্ডৰ নিয়োজিত কৰ্মচাৰী সকলৰ স্বাৰ্থৰ বাবে চৰকাৰৰ কোনো নিয়ন্ত্ৰণ অথবা তেনে কোনো পৰিকল্পনা বা Trade Union আদিও দেখা নাযায়। ফলত ব্যক্তিগত খণ্ডত কোনো কৰ্মচাৰী শোষিত হলেও তাৰ প্ৰতিকাৰ দেখা নাযায়।

এই বিষয়ে সংশ্লিষ্ট সকলোৱে গভীৰ ভাবে চিন্তা কৰা উচিত তথা চৰকাৰেও ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বিভিন্ন অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে আৱশ্যকীয় পদক্ষেপ লোৱা উচিত।

Was this article helpful?
Yes0No0

You may also like