জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 9, 2026

সৎ পথেৰেও জীৱনত ধনী হব পাৰি..

by Janagana Desk
2 minutes read

সচৰাচৰ আমাৰ মাজত এনে এটা ধাৰণা আছে যে কোনো ব্যক্তি ধনী হবলৈ হলে দুৰ্নীতি, প্ৰবঞ্চনা, নিষিদ্ধ ব্যৱসায়, অপৰাধ অথবা জন্ম সূত্ৰে ধনী হব লাগিব। এনে চমু পন্থাৰ প্ৰায় ভাগৰে শেষ পৰিণতি হয় জেল (অৱশ্যে কিছুমানে আকৌ দেশ ত্যাগ কৰি বাহিৰত লুকাই থকা শেহতীয়া ভাবে দেখা গৈছে)। জন্ম সূত্ৰে ধনী হোৱা ব্যক্তিৰ পথ সুগম হয় সঁচা পিছে নিজৰ কুস্বভাৱৰ ফলত আৰু ভুল সিদ্ধান্তৰ ফলত তেনে ব্যক্তিও সৰ্বহাৰা হোৱা বহু উদাহৰণ আছে। কিছুমানে আকৌ ভাগ্যক ধিয়াই জীৱন অতিবাহিত কৰে আৰু লটাৰিৰ ওপৰত আশা পালি ৰৈ থাকে, সেয়েহে ভাগ্যৰ ৰেখাৰ ওপৰত মন্তব্য দিবলৈ নাজাও।

এতিয়া আহো মূল কথা লৈ: এজন সৎ পথেৰে ধনী হোৱা ব্যক্তিৰ সফলতাৰ চাবি কাঠি কি ?

(১) যি ব্যক্তিয়ে সঞ্চয় আৰু বিনিয়োগক অগ্ৰাধিকাৰ দিয়ে তেনে ব্যক্তিয়ে সাধাৰণতে জীৱনত অৰ্থ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। তেওঁলোকে বিবেচনামূলক ব্যয়ৰ পূৰ্বে উপাৰ্জনৰ এটা অংশ ধাৰাবাহিকভাৱে বিনিয়োগ কৰি সম্পদ সৃষ্টি কৰে।

(২) ধনী ব্যক্তিয়ে বিলাসীতা আৰু আৱশ্যকীয়তাৰ মাজৰ সূক্ষ্ম পাৰ্থক্য ভালদৰে বুজি পায় আৰু কেতিয়াও অবাবত ধন খৰচ নকৰে, তেনে ব্যক্তিয়ে নিজৰ আয়ৰ এক নিৰ্দিষ্ট শতাংশহে বিলাসীতাত খৰচ কৰে।

(৩) এনে ব্যক্তিয়ে কেতিয়াও অবাবত সময় নষ্ট নকৰে আৰু সদায় গঠন মূলক কামত হে ব্যস্ত থাকে আৰু ইয়াৰ ফলত তেওঁলোকে এটা উপাৰ্জনৰ পথৰ উপৰত নিৰ্ভৰ নকৰি বিত্তীয় স্থিৰতাৰ বাবে একাধিক উপাৰ্জনৰ উপাই গঢ়ি তোলে। চমুকৈ কবলৈ গলে আমাৰ প্ৰতিজনৰে কিবা এটা ভাল লগা কাম আছে যদি আমি সেই কামটোতে মন দি কিবা এটা নতুন চিন্তা কৰোঁ, তেতিয়া উপাৰ্জনৰ এটা নতুন পথ খোল খাই যাব পাৰে। It’s never too late ! হৰলেণ্ড সন্দাৰে জীৱনৰ ৬৫ বছৰত KFC ব্যৱসায় আৰম্ভ কৰিছিল !

(৪) এওঁলোকে সদায় নতুন কলা বা জ্ঞান আহৰণ কৰি নিজকে পৰিবৰ্তিত সময়ৰ লগত মিলাই ৰাখে আৰু নিজৰ কলা/ জ্ঞানৰ মাধ্যমেৰে এওঁলোকে অধিক উপাৰ্জন কৰিবলৈ সমৰ্থ হয় তথা উচিত সিদ্ধান্ত লবলৈ সক্ষম হয়।

(৫) ধনী ব্যক্তিসকলে ভাল আৰু বেয়া ঋণৰ মাজৰ পাৰ্থক্য বুজি পায় । ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা নিশ্চিত কৰি তথা তাৰ পৰা আৰু অধিক উপাৰ্জন সৃষ্টি কৰিব পৰা কাৰ্য্যতহে তেওঁলোকে ঋণ লয়। যি লোকে বিলাসীতা আৰু সমাজত মিছা অহংকাৰ দেখুৱাবলৈ ঋণ লয়, তেওঁলোক ভবিষ্যতৰ বাবে আৰ্থিক পুঁজি তৈয়াৰ কৰিবলৈ সমৰ্থ নহয় কিয়নো তেওঁলোকৰ জীৱন EMI দি থাকোঁতে পাৰ হৈ যায়।

(৬) সৎ পথেৰে ধনী হোৱা ব্যক্তিৰ বিত্তীয় সম্বন্ধে সম্যক জ্ঞান থাকে আৰু তাৰ ফলত তেওঁলোকে কম সময়ত দুগুণ হোৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা হাত সাৰিব পাৰে। এনে ব্যক্তিয়ে ভালদৰে বুজি পায় যে বেংকত পইছা জমা থৈ কোনেও ধনী হব নোৱাৰে বৰং মুদ্ৰা স্ফিতিৰ ফলত জমা ধনৰ মূল্য লাহে লাহে সময়ত কমিহে যায়।

(৭) বৰ্ধিত চিকিৎসা সেৱাৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে এনে ব্যক্তিৰ পৰ্য্যাপ্ত চিকিৎসা বীমা থাকে। কিয়নো বীমা নাথাকিলে আজিকালি বহু ব্যক্তি চিকিৎসাৰ বাবেও সৰ্বহাৰা হোৱা দেখা যায়। অৱশ্যে বেছি ভাগ বীমা এজেণ্ট নিজৰ মুনাফাৰ বাবে Tax, Investment আৰু Insurance সানমিহলি কৰি এক প্ৰকাৰ গ্ৰাহকক বিপথে পৰিচালিত কৰে।

পৰবৰ্তী লিখনি বোৰত আমি ৰাইজক বিতং ভাবে বুজাম এজন মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিয়ে বিনিয়োগৰ ক্ষেত্ৰত কি কি উপাই অৱলম্বন কৰিব পাৰে। জীৱন উপভোগ নিশ্চয় কৰক, পিছে ধোঁৱাখুলীয়া হৈ ভৱিষ্যত জীৱনৰ কোনো চিন্তা নকৰাকৈ বিপদত নপৰিব !

Was this article helpful?
Yes0No0

You may also like