জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

by Dr Netraranjan
1 minutes read

বিশ্বৰ এখন আগশাৰীৰ কাকত, ৱাছিংটন পোষ্টৰ এক বাতৰি মৰ্মে লৰেন্স বিষ্ণোৰ গেং কানাডাত কেইবাটাও হত্যাকাণ্ড সংঘটিত কৰাত হাত আছে, বিশেষকৈ খালিষ্ঠান সমৰ্থক কেইবাজনো নেতাৰ হত্যাৰ লগত এই গেংৰ নাম সাঙোৰ খাইছে। যোৱা সপ্তাহত কানাডাৰ শীৰ্ষ বিষয়াৰ লগত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেশ দাতা অজিত দোভালৰ মাজত ছিংগাপুৰত হোৱা আলোচনাত লৰেন্স বিষ্ণো গেঙৰ গতি বিধি আৰু ভাৰতৰ লগত তাৰ সংযোগৰ বিষয়ে আলোচনা হোৱা বুলি ৱাছিংটন পোষ্টৰ বাতৰিটোত প্ৰকাশ পাইছে। গতিকে বিষয়টো স্বাভাৱিকতে স্পৰ্শকাতৰ আৰু ইতিমধ্যে এই কাৰণে ভাৰত আৰু কানাডাৰ বৈদেশিক সম্বন্ধ অৱনতি হৈছে।

আমি কানাডাৰ অভিযোগ সঁচা বুলি কব যোৱা নাই, আৰু খালিষ্টান সমৰ্থকলৈও আমাৰ কোনো সহানুভূতি নাই, কিন্তু গোটেই ঘটনাটোত কিছুমান প্ৰশ্ন উদয় হৈছে:

(১) গুজৰাট কাৰাগাৰত থকা স্বত্তেও লৰেন্স বিষ্ণোই ইমান শক্তিশালী কেনেকৈ আৰু কিদৰে কাৰাগাৰৰ পৰাই পৰিচালনা কৰিছে গেঙ ?

(২) লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে থকা আন গোচৰ বোৰৰ বাবে বাৰে বাৰে অনুৰোধ কৰা স্বত্ত্বেও কিয় লৰেন্স বিষ্ণোইক গুজৰাট কাৰাগাৰৰ পৰা আন স্থানলৈ নিয়াত বাধা দিয়া হৈছে ?

(৩) লৰেন্স বিষ্ণোইক প্ৰকৃততে কোনে ৰক্ষণাবেক্ষণ দি আছে আৰু কাৰ নিৰ্দেশত তেওঁ এই অপৰাধ বোৰ সংঘটিত কৰি আছে ?

(৪) লৰেন্স বিষ্ণোই এজন কুখ্যাত অপৰাধী হিচাপে কাৰাগাৰত আছে নে কিবা গোপন অভিযানত এই গেঙক ব্যৱহাৰ কৰা হৈছে ?

মন কৰিবলগীয়া যে এই লৰেন্স বিষ্ণোই গেঙৰ দ্বাৰাই পাঞ্জাৱী গায়ক সিদ্ধু মূচিৱলা, মহাৰাষ্ট্ৰৰ নেতা বাবা চিদিক্কি, দিল্লীৰ এজন জিম মালিক আৰু এনে কেইবাটাও হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ আছে।

এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ বিৰুদ্ধে কানাডা চৰকাৰে অনা অভিযোগ গম্ভীৰ ভাবে লোৱা উচিত আৰু মোদী চৰকাৰে এই বিষয়ে ভাৰতৰ স্থিতি স্পষ্ট কৰা উচিত।

Was this article helpful?
Yes0No0

You may also like